অসমীয়া কবিতাৰ বৰ্তমান আৰু উত্তৰ আধুনিকতাবাদ — পৰশমণি কাশ্যপ
সাহিত্যৰ অন্যান্য বিভাগৰ দৰে মানুহৰ এই লোকসমাজেই হ’ল কবিতাৰ স্ৰষ্টা। ই পৃথিবীৰ সকলোবোৰ ভাষা-সাহিত্যৰ ক্ষেত্ৰতেই সমানে প্ৰযোজ্য। আদিম কালত মানবীয় সকলোবোৰ আবেগ-অনুভূতিৰ উপৰিও সেই আদিম পিতৃ-মাতৃ সকলৰ সংঘাতময় জীৱনৰ সকলো প্ৰকাৰৰ বাস্তৱৰ অভিজ্ঞতাই আছিল সেই কবিতাৰ প্ৰধান উপজীব্য। কিন্তু সেই কবিতাসমূহ কোনে¸ কেতিয়া ৰচনা কৰিছিল তাক জনাৰ কোনো উপায় নাই। সেই কবিতাসমূহ পোনতে কোনো ব্যক্তি বিশেষৰ মুখৰ পৰাই ওলাইছিল আৰু মানুহৰ সম্পদত পৰিণত হৈছিল। এই একেদৰে অসমীয়া কবিতাও মানুহৰ মুখে-মুখে বাগৰি প্ৰবাহিত হৈ এসময়ত অসমীয়া কবিতাৰ সৃষ্টি হৈছিল। সমাজ জীৱন
Read more