ফটাঢোল

কপ্‌লিং ছিগা ৰেল”ৰ কেইটিমান ৰচনা – ড°লীলা গগৈ

“ইঞ্জিনৰ গতি”

এইখন ‘স্পুটনিক’ৰ যুগৰ গাড়ী৷ ঘণ্টাত ১৩০০ মাইল যাব পৰা যান-বাহন ওলোৱাৰ দিনত আমাৰ গাড়ী ঘণ্টাত ওঠৰ মাইল যায়৷ এইটো চৰকাৰে বান্ধি দিয়া নিৰিখ৷ কিন্তু ঘণ্টাত ওঠৰ মাইল চলিলেই গাড়ী বেয়া হ’ব নোৱাৰে৷ কাছ আৰু শহাৰ প্ৰতিযোগিতাৰ কথাটো মনত পৰা নাই নে? পিচে এটা কথা, – ঘণ্টাত ওঠৰ মাইল যোৱাৰ এটা কাহিনী আছে৷ এইখন গাড়ীত চলা ইঞ্জিন কেইটা হেনো ‘বৰতি’ চাহাবৰ দিনৰে৷ কোনো কোনোৱে কয় – ‘ইঞ্জিন কেইটাই হেনো মহাৰাণীৰ দিনতো একঠা চাউল খাবলৈ পাইছিল৷ তেতিয়াৰ দিনত হেনো ইঞ্জিন দেখিলেই মানুহে তাৰ দৌৰৰ কোব দেখি ছিটিকি পলাইছিল আৰু এতিয়া ইঞ্জিনৰ গতি দেখি আটায়ে মুখেপতি একাষাৰ কয়৷’ ভালেহে কয়- ‘ আগতে আছিলোঁ দুৱেনী-মোৱেনী আটায়ে বুলিছিল গাই, এতিয়া হলোঁ নেজ-গুবৰী পালতো নিদিয়ে ঠাই৷” পিচে কথাটো সঁচা -ইঞ্জিন কেইটাত স্বয়ং বিশ্বকৰ্ম্মা থিত হৈ নথকা হলে কাহানিবাই জগা-কাঠ পৰাদি পৰি থাকিব লাগিলহেঁতেন৷

 

“গাৰ্ডবাবু হেৰাল”

সেইদিনা ৰাতি মহখুটি ষ্টেশ্যনত প্ৰায় ন বাজিছে৷ গাড়ীখন প্ৰায় এঘণ্টা পলম৷ তাত গাড়ী দুই মিনিট ৰ’ব লাগে৷ মহখুটি ষ্টেশ্যনটো এটা কেঁকুৰিত অৱস্থিত৷ ভাটীমুৱা গাড়ীখনৰ পৰা সোঁ- হাতে গাৰ্ড নামিব লাগে৷ চেপ্‌চেপীয়া বৰষুণ দিছিল৷ গাড়ীৰ পৰা গাৰ্ড নামি গ’ল৷ ষ্টেশ্যন-মাষ্টৰৰ লগত কিবা কথা কটাকটি আৰম্ভ হ’ল৷ ড্ৰাইভাৰৰ চিন্তা কেনেকৈ খৰধৰকৈ গৈ এঘণ্টা পলমৰ কিছু সময় অন্ততঃ আগুৱাব পাৰি৷ গাৰ্ডৰ পৰা চিগ্‌নেল নোপোৱাকৈয়ে ড্ৰাইভাৰে গাড়ী এৰি দিলে৷ গাড়ীৰ ‘স্পিড্‌’ দিবৰ সময়ত গাৰ্ডে ‘অলৰাইট চিগ্‌নেল’ দিব লাগে৷ ড্ৰাইভাৰে সেই চিগ্‌নেল পালেনে নেপালে ক’ব নোৱাৰোঁ ; খৰগতিৰে গাড়ী চলি গ’ল৷ কুৰি মিনিটমানৰ পিছত আহি গাড়ী খৰাহাট ষ্টেশ্যন পালেহি৷ ইঞ্জিনে পানী খালে৷ তাতে গাড়ীয়ে চান্‌টিং কৰিব৷ পানী খাই ইঞ্জিন আজৰি হ’ল৷ তেতিয়াও ব্ৰেক্‌ভানৰ পৰা গাৰ্ড নামি নহা দেখি ষ্টেশ্যনমাষ্টৰ নিজেই আগবাঢ়ি গ’ল৷ গাৰ্ডৰ কোঠা দেখি ষ্টেশ্যন-মাষ্টৰ অবাক৷ গাৰ্ডো নাই, লাইটো নাই৷ এটা হুৱা-দুৱা লাগি গ’ল৷ তাৰ পিছত এবা সিদ্ধান্তলৈ অহা হ’ল যে গাৰ্ড নিশ্চয় মহখুটি ষ্টেশ্যনত থাকি আহিল৷ উপায় কি? গাৰ্ডৰ বাতৰি পোৱাৰ বা অনাৰ উপায় কি? মহখুটিৰ লগত টেলিগ্ৰাম সংযোগো নাই৷ অৱশেষত গাড়ীখন এৰি ইঞ্জিনটো পিছ হুহঁকি গ’ল৷ গৈ দেখে মহখুটি ষ্টেশ্যনত বোন্দাপৰ দি গাৰ্ড ৰৈ আছে৷ এইটো পুৰণি কাহিনী নহয়, ৰুচিয়াৰ তৃতীয় স্পুট্‌নিকটো আকাশত উৰাৰ কেইদিনমানৰ পিছৰ কথাহে৷ ঘণ্টাত ওঠৰ মাইল গতিত চলা এই গাড়ীখনক আপুনি এলাপেচা বুলি নেভাবিব, ই গাৰ্ডকো পিছ পেলাই থৈ আহিব পাৰে৷

“পানীহে ওলাল”

চেইন টনাৰ কথা৷ এজন বাগিছাৰ বৰমহৰী বছেৰেকীয়া দিঘলীয়া ছুটীত ফুৰিবলৈ ওলাইছিল৷ তেওঁ গাড়ীত উঠিল৷ গাড়ী এৰিলে৷ বৰমহৰীয়ে দুৱাৰ মুখত থিয়হৈ, হাতৰ ঘড়ীটো খুলি, এৰি থৈ অহা নিজৰ বাগিছাখনলৈ চাই আহোঁতে হঠাতে ঘড়ীটো হাতৰ পৰা মাটিত পৰি গ’ল৷ তেওঁ একো উপায় নেপাই ইস্‌ আস্‌ কৰোতে মনত পৰিল- চেইন্‌ টানিলে ৰেল ৰয়৷ ততাতয়াকৈ গৈ চেইন্‌ টানিবলৈ ধৰিলে৷ চেইন্‌ টানিলে হয়, গাড়ী কিন্তু নৰ’ল৷ আশাৰ মূৰত চাঁচা পানী লৈ ওলাই আহিল৷ ইস্‌ আস্‌ কৰি পিছৰ ষ্টেশ্যনত গাড়ী ৰ’লত চিনাকি মানুহ এজনক তেওঁ ক’লে- ‘ বুজিছেনে মোৰ ঘড়ীটো হাতৰ পৰা পৰি গ’ল৷’ সিজনে ক’লে- ‘আপুনি চেইন্‌ টানি গাড়ী নৰখালে কিয়?’ বৰমহৰীয়ে উত্তৰ দিলে, ‘চেইন্‌ টানিছিলো, গাড়ী ৰওক চাৰি পানীহে ওলাল৷’ সিজনে পায়খানাৰহে চেইন্‌ টানিলে বুলি মুখখন ঘূৰাই হাঁহিলে আমাৰ এই গাড়ীখনত আকৌ চেইন্‌ টানিলে- পানীও নুলায়, গাড়ীও নৰয়৷ কাৰণ সৰহভাগ গাড়ীতে ‘ভেকুৱাম্‌’ নেথাকে৷

 

“কোৰে কাটি গ্ৰহণী”

আমাৰ এই গাড়ীখনত এমখা মানুহে নিয়মীয়াকৈ অহা যোৱা কৰে কিন্তু অনিয়মীয়াকৈও টিকট নলয়৷ বোপা-ককাকৰ দিনৰ বটুৱা ঘোঁৰাটোত লাফ মাৰি উঠিহে যেনিবা চেকুৰ মেলিছে৷ গেটৰ মুখত টিকট বাবুৱে টিকট বিচাৰোঁতে এদিন এজন যাত্ৰীয়ে উত্তৰ দিছে- ‘ঘৰৰ পৰা ঘূৰি আহি টিকট দিম, চাওঁ বাটটো এৰি দিয়কচোন৷’ দিনচেৰেক আগৰ কথা৷ তেতিয়া কুজিবালিত এটা চাইডিং আছিল৷ তাত বুকিং অফিছ নাই৷ গাড়ী ৰখাই গাৰ্ড বাবুৱে টিকট দিয়ে আৰু লয়৷ এদিন আবেলি শিমলুগুৰিমুৱা গাড়ীখনত এজাক স্কুলীয়া ল’ৰা আৰু পি-ডব্লিউ-ডিৰ আলিত কামকৰা জনচেৰেক মানুহ কোৰে-কটাৰিয়ে উঠিছিল৷ কুজিবালিত গাড়ী ৰ’ল৷ স্কুলীয়া ল’ৰাবোৰ গাড়ীৰ পৰা নামি ৰিঙিয়াই ৰিঙিয়াই দিহা-দিহি দৌৰ দিলে৷ কোৰ-কটাৰি লৈ বাকী কেইজন লোকেও নিজৰ বাট ল’লে৷ এনেতে গাৰ্ডবাবু আহি টিকট বিচাৰিলেহি৷ গাৰ্ডক টিকট দিয়া দূৰৰ কথা, কথাহে কটাকটি হ’ল৷ কথা উষ্মা বেছি হ’লত এজনে কোৰখন ডাঙি গাৰ্ডলৈ খেদি আহিল৷ গাৰ্ডেও সেও হৈ মনে মনে আঁতৰি আহি নিজৰ ডবাত উঠিলেহি৷ মাটিৰ মোহত পৰি কেতিয়াবা দ্বন্দ্ব লাগিলেও সাধাৰণতে পথাৰৰ মাজত কোৰেৰেই পৰাচিত কৰাটো নিয়ম৷ গাৰ্ডবাবুৱে টিকট বিচাৰি বে-দখল নকৰিলেও অনধিকাৰ চৰ্চা কৰিছিল, সেই বাবেহে টিকটবিহীন যাত্ৰীয়ে কোৰ দাঙি খেদি আহিছিল৷ সেইদিন ধৰি কুজিবালিত চাইডিং উঠি গ’ল, কোৰে কাটি গ্ৰহণী চপাই ল’বলৈ কোনেও ইচ্ছা নকৰিলে৷

 

“দাঢ়ি বনাম গাড়ী”

পঞ্জাৱী মানুহবোৰ দাঢ়িয়ে পাগুৰীয়ে দেখিবলৈ আটাইবোৰ একে৷ শিমলুগুৰিৰ পৰা শিৱসাগৰলৈ যোৱা এজন পঞ্জাৱী যাত্ৰীয়ে এদিন ৰাতি শিমলুগুৰি জংশ্যনত গাৰ্ডক ক’লে, মই অলপ শোওঁ৷ এই টকা দহোটা দিছোঁ৷ মোক অনুগ্ৰহ কৰি শিৱসাগৰ ষ্টেশ্যনত জগাই নমাই দিব৷ মই বৰ টোপনিগধুৰ মানুহ৷ টোপনিৰ উখামুখাত নামিব নুখুজিলে জোৰকৈ নমাই দিব৷ মোৰ বহুত জৰুৰী কাম আছে৷ গাৰ্ডে টকা দহোটা লৈ সন্মতি জনালে৷ ৰাতি পুৱাল৷ গাড়ী গৈ চেপন পালেগৈ৷ চেপনত পাঞ্জাৱী যাত্ৰীজনে গাড়ীৰপৰা নামি গৈ গাৰ্ডক গালি পাৰি পাৰি কৈছে, “টকা দহোটাও খালা৷ শিৱসাগৰত নমাই দিম বুলি নমায়ো নিদিলা৷ তুমি জগাই দিম বুলি গাত নোলোৱাহ’লে, মই নোশোৱাকৈ বহি থাকিলোঁহেঁতেন৷ মোৰ কিমান লোকচান হ’ল জানানে?” কোৱা কথাকে কৈ ইংৰাজী-হিন্দী মিহলি গালি পাৰি পাৰি মানুহজনে গাৰ্ডক আগচি ধৰি আছে৷ ৰেল এৰাৰ সময় পাৰ হৈ গ’ল৷ ইঞ্জিনে উকিয়াই আছে কিন্তু গাৰ্ডে ছিগনেল নিদিয়ে৷ গাৰ্ড আৰু মানুহজনক বেৰি লৈ কুৰিজনমান মানুহ থিয় দি আছে৷

গাড়ী এৰাৰ লক্ষণ-পাক্ষণ নেদেখি ময়ো ওচৰ চাপি গৈ ঘটনাটোৰ বুজ ল’লোঁ৷ তাৰ পিছত এটা পৰামৰ্শ আগবঢ়াই গাৰ্ডক ক’লোঁ, ” কি ভাবিছে? তেওঁক টকা দহোটা ঘূৰাই দিয়ক আৰু শিৱসাগৰত নমাই দিব নোৱাৰাৰ বাবে ক্ষমা খোজক৷ আৰু কি কৰিব?” মোৰ কথা শুনি গাৰ্ডজনে দাৰ্শনিক গহীনালীৰে ক’লে, “মই সেইবোৰ একো ভবা নাই৷ আন এটা কথাহে ভাবিছোঁ৷” তেতিয়া মই ক’লো, “কি ভাবিছে?” গাৰ্ডে ক’লে, “যিটোক নমাই থৈ আহিলোঁ, সেইটোৰ বা কি হৈছে!” মই তেতিয়াহে বুজিলোঁ দাঢ়ীৰ জঞ্জালে গাড়ীৰ গতিও ৰোধ কৰিব পাৰে৷

(ড°লীলা গগৈ দেৱৰ ৰম্য ৰচনা পুথি “কপ্‌লিং ছিগা ৰেল”ৰ দুটি ৰচনা অসমীয়া ইউনিকড কৰি ফটাঢোল ই-আলোচনীৰ বাবে আগবঢ়োৱা হ’ল৷ — চাবিনা য়াচমিন)

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *