ফটাঢোল

সাহিত্যৰ ৰাজনীতি আৰু দ্বিধাগ্ৰস্ত পাঠক– কমলজিত মেধি

এজন বিশিষ্ট অসমীয়া লেখকৰ মুখত এবাৰ এষাৰ কথা শুনিছিলো, যিষাৰ কথা আজিও মোৰ কাণত বাজি আছে “তেওঁক যদি মাতাই তেনেহলে তেনে সভালৈ মোক নামাতিবা৷” মোৰ প্ৰিয় সেই লেখকজনৰ মুখত এনে ধৰণৰ কথা এষাৰ শুনাৰ বাবে মই কেতিয়াও প্ৰস্তুত নাছিলো৷ এজন লেখকৰ লিখনি পঢ়ি এজন সচেতন পাঠক ৰোমাঞ্চিত হৈ পৰাৰ লগে লগে লেখকজনৰ প্ৰতিও অনুভৱ কৰে অকৃত্ৰিম শ্ৰদ্ধা আৰু আন্তৰিকতা৷ পাঠকজনৰ কল্পনাত তেওঁ হৈ পৰে এজন আদৰ্শ ব্যক্তি৷ যদিও কোনো ব্যক্তিৰে ব্যক্তিগত জীৱনৰ প্ৰতি অনুসন্ধিৎসু হোৱা গ্ৰহণযোগ্য নহয়, তথাপিও এজন লেখকৰ

Read more

শংকৰী যুগৰ সাহিত্য – চাহিন জাফ্ৰি

শংকৰী যুগৰ অসমীয়া সাহিত্য বুলি ক’লে খ্ৰীঃ পঞ্চদশ শতিকাৰ শেষ ভাগৰ পৰা সপ্তদশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত ৰচিত সাহিত্যৰাজিৰ কথাই বুজা যায়।  এই সময়ছোৱা আছিল অসমীয়া সাহিত্যৰ বাবে আটাইতকৈ সমৃদ্ধিশালী যুগ। শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে শিষ্য মাধৱদেৱৰ সৈতে লগ লাগি গীত-মাত, কাব্য, নাট, ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ, অনুবাদমূলক গ্ৰন্থ আদি সাহিত্যৰ বিভিন্ন ধাৰা সৃষ্টি কৰিলে। শংকৰদেৱে আৰম্ভ কৰা নৱবৈষ্ণৱ আন্দোলন খ্ৰীঃ পঞ্চদশ শতিকাৰ আৰম্ভণিৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটত আলোড়িত হোৱা ভক্তি আন্দোলনৰেই ফল। অসমত শংকৰদেৱে ভক্তি আন্দোলনৰ গুৰি বঠা পাত ধৰিছিল

Read more

কেইখনমান ইংৰাজী ব্যংগ গ্ৰন্থৰ চমু আলোচনা- মৌচুমী বৰুৱা

ব্যংগ সাহিত্যত অতি চহকী ইংৰাজী সাহিত্যৰ দুখনমান বিখ্যাত আৰু কালজয়ী গ্ৰন্থৰ বিষয়ে সাহিত্যৰ সাধাৰণ পাঠক হিচাপে এই প্ৰবন্ধটিত চমুকৈ আলোচনা কৰিবলৈ বিচৰা হৈছে৷ ব্যংগৰ ব্যৱহাৰ সাহিত্যত ঘাইকৈ হাস্যৰসৰ চলেৰে লেখকে প্ৰচলিত সামাজিক, ৰাজনৈতিক ভণ্ডামী , দুৰ্নীতি, গোড়ামী আদিবোৰ উদঙাবৰ বাবে কৰে৷ কেৱল পাঠকক হহুঁৱাটোৱেই ব্যংগ লেখকৰ উদ্দেশ্য নহয়৷ বুদ্ধিদীপ্ত হাস্যৰস (Irony), বিদ্ৰোপাত্মক হাস্যৰস (humour), বক্ৰ হাস্যৰস (irony ), শব্দৰ কৌশলপূৰ্ণ প্ৰয়োগ আদিৰে লেখকে পাঠকক সমাজৰ দোষ ক্ৰুতিবোৰৰ বিষয়ে সজাগ কৰে আৰু সমাজৰ সকাৰাত্মক পৰিৱৰ্তনত অৰিহণাও যোগায়৷ তেনেদুখনমান ব্যংগ গ্ৰন্থৰ বিষয়েই

Read more

হাঁহি-ধেমালি – কুল শইকীয়া

এতিয়া অৱশ্যে হাঁহিকো থেৰাপী হিচাপে ল’ব লগা হৈছে। চিকিৎসাৰ অন্তর্ভুক্ত এক শৈলী হোৱাৰ লগে-লগে এনেকুৱা ভাব হৈছে যে কোনোবা স্বাস্থ্য নীতিৰ পণ্ডিতে চুপাৰিশ কৰা বাবেহে, দৰবৰ লিষ্টত লিখি দিয়া দৰবৰ দৰে, বা পথ্যবিদে পৰামর্শ দিয়া খাদ্যপ্রাণ সংপৃক্ত খাদ্য তালিকাৰ দৰে, যিটো হয়তো আমি সাধাৰণতে খাই বৰ সন্তোষ নাপাবও পাৰো– ধৰক, চৰিতা তিতা, নিমপাতৰ ভাজি– ঠিক আমাৰ সুস্বাস্থ্যৰ বাবে বা হৃত যৌৱনৰ গৌৰৱ ফিৰাই অনাৰ বাবেহে আমি হঁহাৰ কছৰৎ কৰিবলগীয়া হৈছো। ডাঙৰ-ডাঙৰ মহানগৰীত এনেকুৱা ধৰণৰ কায়দাৰ হেতু লাফিং ক্লাবৰ ব্যৱস্থা কৰা

Read more

বেজবৰুৱাৰ প্ৰবন্ধাৱলীত হাঁহিৰ ফল্গুধাৰা – জীমণি গগৈ

  সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বহুমুখী সাহিত্যিক প্ৰতিভা অসমীয়া সাহিত্যৰ পৰম সম্পদ। বেজবৰুৱাৰ প্ৰতিভাই আধুনিক অসমীয়া সাহিত্যৰ সকলো বিভাগতেই বিকাশ লাভ কৰিছে। তেওঁ একেধাৰে কবি, নাট্যকাৰ, সমালোচক, হাস্যৰসিক, গদ্যশিল্পী আৰু সম্পাদক। দৰাচলতে বেজবৰুৱাৰ প্ৰতিভাক আমি তেওঁৰ সৃষ্টিৰাজিৰ সংখ্যাৰে বিচাৰ কৰিবলৈ যোৱাতকৈ গুণগত মানদণ্ডেৰে বিচাৰ কৰাহে সমীচিন হ’ব। অধ্যয়নশীল লোকৰ মনৰ জোখাৰে ভিন ভিন সমলেৰে তেওঁৰ ৰচনাৰাজি পুষ্ট। অসমীয়া সাহিত্যৰ কেওটি দিশতে বেজবৰুৱাৰ অনুপম অৱদানৰ কথা স্বীকাৰ কৰিও এটা কথা বিশেষভাৱে উল্লেখযোগ্য যে বেজবৰুৱা বুলিলেই প্ৰতিজন অসমীয়াৰ পোনছাটেই হাস্যৰসিক বেজবৰুৱাজনৰ কথাহে মনলৈ

Read more

দণ্ডিনাথ কলিতাৰ ব্যংগাত্মক গদ্য ৰচনাৰ ওপৰত চমু আলোকপাত – চবিনা ইয়াচমিন

অসমীয়া ভাষা সাহিত্যৰ উন্নতি আৰু সমৃদ্ধিৰ পথত একাগ্ৰভাবে জড়িত থকা এজন প্ৰখ্যাত সাহিত্যিক হ’ল দণ্ডিনাথ কলিতা৷ তেওঁৰ জন্ম হৈছিল ১৮৯০ চনৰ ৩০ জুনত তেজপুৰ নগৰৰ কেতেকীবাৰী গাৱঁত৷ তেওঁৰ পিতৃ আছিল মঙ্গলৰাম কলিতা আৰু মাতৃ আছিল জোনাকী কলিতা৷ তেওঁলোকৰ সৰ্বমুঠ পাঁচোটা সন্তানৰ ভিতৰত দণ্ডিনাথ কলিতা আছিল দ্বিতীয়৷ কলিতাদেৱৰ দেউতাক আছিল এজন দুখীয়া খেতিয়ক৷ পাঁচোটি সন্তানক স্কুলত পঢ়োৱাতকৈ খেতিপথাৰত মনোযোগেৰে কাম কৰাটোতহে দেউতাকে অধিক গুৰুত্ব দিছিল৷ কিন্তু দণ্ডিনাথ কলিতাৰ আছিল শিক্ষাৰ প্ৰতি অসীম ধাউতি আৰু বুদ্ধিমত্তা অত্যন্ত প্ৰখৰ৷ আৰ্থিক অনাটন আৰু পাৰিবাৰিক

Read more

অসমীয়া হাস্য-ব্যংগ সাহিত্যৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কীয় এটি চমু পৰিচয় – চবিনা ইয়াচমিন

ছন্দোবদ্ধ কাব্য কাহিনীকেই প্ৰাচীন অসমীয়া সাহিত্যৰ আৰম্ভণি বুলি ক’ব পাৰি৷ গদ্যৰ ৰচনা অসমীয়া সাহিত্যত বহুকাল পিছতহে হৈছিল৷ এই ছন্দোবদ্ধ সাহিত্যৰ প্ৰচলন অসমত চৰ্যাপদৰ দিনৰ পৰা বৈষ্ণৱ যুগলৈকে অবিৰত ভাৱে চলি আছিল৷ ষোড়শ শতিকাত শংকৰদেৱৰ হাতত সৃষ্টি হোৱা অসমীয়া গদ্যই ভট্টদেৱৰ হাতত ঠন ধৰি উঠে৷ তাৰ পিছৰ পৰাই ক্ৰমে অসমীয়া গদ্য সাহিত্যই বৰ্তমানলৈকে বিকাশ লাভ কৰি আহিছে৷ আজি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে অসমীয়া সাহিত্যৰ এক বিশেষ ভাগ যাক আমি হাস্য-ব্যংগ সাহিত্য নামেৰে নামকৰণ কৰোঁ৷ হাস্য আৰু ব্যংগ সাহিত্য প্ৰকৃততে একে

Read more

ইংৰাজী ব্যংগ সাহিত্য: এক চমু অৱলোকন – মৌচুমী বৰুৱা

ব্যংগ সাহিত্য(Satire) সাহিত্যৰে এক ধাৰা৷ ব্যংগ সাহিত্যই সাহিত্যৰ জগতখনত এক বিশেষ স্থান অতীজৰে পৰা অধিকাৰ কৰি আহিছে৷ ব্যংগ সাহিত্য মানেই স্থূল হাস্যৰস নহয়৷ এনে সাহিত্য সৃষ্টিৰ অন্তৰালত থাকে পাঠকক হাঁহিৰ চলেৰে কিছুমান কথা ভাবিবলৈ বাধ্য কৰা৷ ওপৰুৱাকৈ চালে এনে ব্যংগৰচনা বোৰ কেৱল পাঠকক হহুৱাবলৈকে ৰচনা কৰা যেন লাগিব৷ কিন্তু গভীৰভাৱে ভাবি চালেহে তাৰ অন্তৰালত থকা মূল কথাখিনি বুজিব পাৰি৷ বুদ্ধিদীপ্ত হাস্যৰস(wit), ব্যংগ, শব্দৰ কৌশলপূৰ্ণ প্ৰয়োগ আদিৰে এজন ব্যংগ লেখকে পাঠকক হাস্যৰসৰ লগতে চিন্তাৰ খোৰাকো যোগায়৷ প্ৰচলিত সামাজিক ভণ্ডামি, শোষণ, দুৰ্নীতি,

Read more

অসমীয়া হাস্য-ব্যংগ সাহিত্য – চমু আলোকপাত – জীমণি গগৈ

অসমীয়া ভাষা-সাহিত্যই  লাভ কৰা কালৰে পৰা দৰাচলতে অসমীয়া হাস্য-ব্যংগ সাহিত্যই নিজৰ বিকাশ যাত্ৰা অব্যাহত ৰাখিছে৷ কিন্তু সেয়ে হ’লেও সাহিত্যৰ অনান্য বিভাগতকৈ (কবিতা, গল্প, উপন্যাস আদি) অসমীয়া হাস্য ব্যংগ সাহিত্যৰ বিকাশৰ যি গতিধাৰা সেয়া কিন্তু লক্ষণীয়ভাৱে মন্থৰ৷ মন কৰিব লগীয়া কথাটো হ’ল হাস্যৰসাত্মক সাহিত্য আৰু ব্যংগ সাহিত্য ইটো সিটোৰ পৰিপূৰক যদিও দুয়োটা কিন্তু পৃথক ৰচনা৷ হাস্য ৰসাত্মক সাহিত্যত যদিহে ব্যংগ নাথাকে তেনে ৰচনা লঘু কৌতুকধৰ্মী ৰচনালৈ পৰ্যবসিত হ’ব পাৰে৷ আনহাতে হাস্য নথকা কেৱল ব্যংগবোৰ বহুসময়ত গালিৰ শাৰীলৈ নামি যোৱাৰ সম্ভাৱনীয়তা থাকে৷

Read more
1 25 26 27