ফটাঢোল

অসমীয়া হাস্য-ব্যংগ সাহিত্য – চমু আলোকপাত – জীমণি গগৈ

অসমীয়া ভাষা-সাহিত্যই  লাভ কৰা কালৰে পৰা দৰাচলতে অসমীয়া হাস্য-ব্যংগ সাহিত্যই নিজৰ বিকাশ যাত্ৰা অব্যাহত ৰাখিছে৷ কিন্তু সেয়ে হ’লেও সাহিত্যৰ অনান্য বিভাগতকৈ (কবিতা, গল্প, উপন্যাস আদি) অসমীয়া হাস্য ব্যংগ সাহিত্যৰ বিকাশৰ যি গতিধাৰা সেয়া কিন্তু লক্ষণীয়ভাৱে মন্থৰ৷ মন কৰিব লগীয়া কথাটো হ’ল হাস্যৰসাত্মক সাহিত্য আৰু ব্যংগ সাহিত্য ইটো সিটোৰ পৰিপূৰক যদিও দুয়োটা কিন্তু পৃথক ৰচনা৷ হাস্য ৰসাত্মক সাহিত্যত যদিহে ব্যংগ নাথাকে তেনে ৰচনা লঘু কৌতুকধৰ্মী ৰচনালৈ পৰ্যবসিত হ’ব পাৰে৷ আনহাতে হাস্য নথকা কেৱল ব্যংগবোৰ বহুসময়ত গালিৰ শাৰীলৈ নামি যোৱাৰ সম্ভাৱনীয়তা থাকে৷

হাস্যৰসক আমি সৰল হাস্যৰস, বুদ্ধিদীপ্ত হাস্যৰস, কৌতুক, পৰিহাস, ব্যংগ, বিদ্ৰূপ আদি ভাগত ভাগ কৰিব পাৰো৷ উদ্ভত কল্পনাৰ লগত জীৱনবোধৰ সংমিশ্ৰণ, পাঠকৰ লগতে নিজকো হাঁহিয়াতৰ পাত্ৰ কৰি তোলাৰ কৌশল, আপাত দৃষ্টিত সংযোগ নথকা বস্তু বা ঘটনাৰ মাজত আশ্চৰ্যজনক সংযোগ স্থাপন আদি কিছু বৈশিষ্ট্যই হাস্য-ব্যংগ সাহিত্যক উচ্চ মানদণ্ড প্ৰদান কৰে৷

প্ৰাচীন অসমীয়া সাহিত্য, অসমীয়া লোকসাহিত্য, প্ৰবাদ প্ৰবচন আদিতো হাস্যৰসৰ প্ৰকাশ দেখা যায় যদিও সেয়া বুদ্ধিনিষ্ঠ আৰু ব্যংগাত্মক নাছিল৷  অসমীয়া হাস্য-ব্যংগ সাহিত্য বুলি ক’লেই পোনছাতেই মনলৈ অহা নামটোৱেই  লক্ষ্মীনাথ বেজবৰুৱা যদিওঁ অসমীয়া হাস্য-ব্যংগ সাহিত্যৰ বীজ ৰোপণ কৰিছিল হেমচ্ন্দ্ৰ  বৰুৱাইহে৷ বেজবৰুৱাৰ লালন-পালনত সেই বীজ পত্ৰে-পুষ্পে বিকশিত হৈ পৰে৷ বৰুৱাৰ “কানীয়া-কীৰ্তন“ ত কানিখোলাৰ হাস্যাস্পদ ব্যংগচিত্ৰ  আৰু “ বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী“ত অসমীয়া সমাজৰ বাহ্যিক নৈষ্ঠিকতা আৰু আচাৰ-ব্যৱহাৰৰ অন্তৰালত থকা ব্যভিচাৰ, ভণ্ডামি, দুৰ্নীতিৰ বিকট ৰূপটো প্ৰকাশ পাইছে৷ বেজবৰুৱাই কৃপাবৰ বৰৱা ছদ্মনামত ৰচনা কৰা “ কৃপাবৰ বৰবৰুৱাৰ কাকাতৰ টোপোলা“, “কৃপাবৰ বৰুৱাৰ ওভটনি“, “কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি“, “বৰুৱাৰ বুলনি“ -এইকেইটি প্ৰবন্ধ সংকলনত ব্যংগ আৰু বক্ৰোক্তিযুক্ত নিভাঁজ হাস্যৰস দুয়োবিধ ৰচনাই ঠাই পাইছে৷ সমকালীন সমাজৰ অধঃপতিত স্বৰূপ, মধ্যবিত্ত সমাজৰ ভণ্ডামীক উদঙাই দিয়াৰ ক্ষেত্ৰত বেজবৰুৱা আজিও অপ্ৰতিদ্বন্দ্ব্বী৷  বেজবৰুৱাৰ উত্তৰসুৰী সকলৰ ভিতৰত   গুণাভিৰাম বৰুৱাৰ নিভাঁজ হাস্যৰস আৰু কৌতুকপূৰ্ণ “কঠিন শব্দৰ ৰহস্য“ পুথিখনিৰ কথা উল্লেখ কৰিব পাৰি৷  বলিনাৰায়ণ বৰাৰ“বাবু“আৰু“ডাঙৰীয়া“কবিতাকেইটি এইক্ষেত্ৰত উল্লেখযোগ্য৷ চন্দ্ৰধৰ বৰুৱাৰ “ৰঞ্জন“ কবিতাপুথিত সন্নিবিষ্ট হাস্যব্যংগাত্মককবিতাকেইটিত সুবিধাবাদী দেশকৰ্মী, নকল চাহাব, ফোপজহী নব্যশিক্ষিত, মহন্ত গোসাঁইৰ ভণ্ডামিৰ চিত্ৰণ লক্ষ্য কৰা যায়৷ দন্দিনাথ কলিতাৰ “ৰহঘৰা“, “বহুৰূপী“ আৰু “ৰগৰ“ৰ কবিতাসমূহত তীব্ৰ ব্যংগৰ প্ৰকাশ ঘটিছে৷ সত্যনাথ বৰাৰ “সভ্যতাৰ মথাউৰি“ এইশাৰীৰ কবিতাৰ অন্যতম নিদৰ্শন৷

অসমীয়া হাস্য-ব্যংগ সাহিত্যৰ  ৰচক সকলৰ ভিতৰত পীতাম্বৰ ৰাজমেধি, প্ৰেমনাৰায়ণ দত্ত, কুমাৰ মধুসূদন আদি নামো অন্যতম৷ এইসকলৰ ৰচনাত সামাজিক ক্ৰুতি-বিচ্যুতিৰ হাস্যাস্পদ দিশটোৰ লগতে সমসাময়িক সামাজিক, ৰাজনৈতিক, প্ৰশাসনিক, দলীয় কদাচাৰ, দুৰ্নীতি, আদিৰ প্ৰকাশ দেখা যায়৷  লীলা গগৈৰ “কপলিং চিগা ৰেল“, “বৃকোদৰ বৰুৱাৰ বিয়া“ নামৰ নিভাঁজ হাস্যৰসৰ পুথিদুখনিৰ নাম এইক্ষেত্ৰত উল্লেখযোগ্য৷  হেম বৰুৱাৰ  “চপনীয়া“, “মোৰ ঘৰখন“ “ নৱগ্ৰহ“ আদি ব্যক্তিমুখী ৰচনাত হাস্যৰসৰ সমাহাৰ দেখা যায়৷ এই ধাৰাটিক প্ৰৱহমানতা প্ৰদান কৰাৰ ক্ষেত্ৰত ভদ্ৰ বৰাৰ নাম নল’লে এই আলোচনা আধৰুৱা হৈ ৰ’ব৷   বৰাৰ “মধুৰেণ“, “অৰ্দ্ধং ত্যজাতি পণ্ডিতঃ“, “বহাগতে পাতি যাওঁ বিয়া“ আদিত প্ৰকাশিত আক্ৰোশহীন ব্যংগ আৰু হাস্যৰসে পুথিকেইখনিক বিশিষ্টতা প্ৰদান কৰিছে৷

এনেদৰে দেখা যায় বেজবৰুৱাৰ সময়ৰ পৰা চলিত সময়লৈকে অসমীয়া হাস্য-ব্যংগ সাহিত্যই মন্হৰতাৰে হ’লেও গতিধাৰা অব্যাহত ৰাখিছে৷ সাম্প্ৰতিক সময়ছোৱাত বিকাশ বৰুৱা, ভৃংগেশ্বৰ শৰ্মা, ধ্ৰুৱজ্যোতি শৰ্মা, দীপক মহন্ত, দীপাংক বৰা আদি লেখকসকলে অসমীয়া হাস্য ব্যংগ সাহিত্যৰ ক্ষেত্ৰখনত আন্তৰিকতাৰে চৰ্চা অব্যাহত ৰাখিছে৷ এইসকল লেখকে সাম্প্ৰতিক সময়ৰ সমাজ ব্যৱস্থাৰ ফোপোলা স্বৰূপ, আধুনিক প্ৰযুক্তিৰ গৰাহত পৰা অসমীয়া সমাজৰ ক্ষয়িষ্ণু প্ৰমূল্যবোধ, যান্ত্ৰিকতা আদি বহুসময়ত হাস্যৰ চলেৰে ব্যংগাত্মক ৰূপত দাঙি ধৰিছে৷ ভাল লগা কথা এয়ে যে বৰ্তমান নতুন চাম লেখকৰ বহুসংখ্যকে হাস্য-ব্যংগ সাহিত্য চৰ্চাত মনোনিবেশ কৰিছে৷ অৱশ্যে প্ৰকৃত হাস্য-ব্যংগ লিখাটো সহজ কথা নহয়৷ সেয়ে হ’লেও  বিশেষকৈ ইণ্টাৰনেটত তেনে বহু লেখকে উচ্চমানৰ হাস্য-ব্যংগ সাহিত্য সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷   অসমীয়া হাস্য-ব্যংগ সাহিত্যৰ দীনতাৰ কালত তেখেতসকলৰ এই পদক্ষেপ নিঃসন্দেহে প্ৰশংসনীয়া৷ বিশেষভাবে নাম উল্লেখ নকৰাকৈ সেইসকল লেখকক অনুৰোধ জনাও – যান্ত্ৰিকতাৰ পৰা আঁতৰি এখন্তেক নিজেওঁ হাঁহক আনকো হহুৱাওক৷ অসমীয়া জাতি বেৰসিক বুলি যাতে কোনেও আৰু হাঁহিবলৈ সুযোগ নাপায়৷ এই আপাহতে উল্লেখ কৰিব বিচাৰিছো যে ইণ্টাৰনেটত উপলব্ধ অনান্য বহুকেইটি গোটৰ লগতে হাস্য-ব্যংগৰ অন্যতম গোট “ফটাঢোল“ ত তেনে বহুকেইজন সদস্যই নিৰ্মল হাস্যৰসৰ লগতে উচ্চমানৰ ব্যংগ সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত বিচক্ষণতা প্ৰমাণ কৰিছে৷ অসমীয়া হাস্য-ব্যংগ সাহিত্যক ই এক বিশেষ মাত্ৰা প্ৰদান কৰিব বুলি নিশ্চয় আশা কৰিব পাৰি৷ ৷

9 Comments

  • ভাল লাগিল। ভৱিষ্যতে আৰু দীঘলীয়াকৈ পঢ়িবলৈ পাম বুলি আশা কৰিলো।

    Reply
  • ভাল লাগিল৷

    Reply
  • সুন্দৰ হৈছে জী মনি! অহা বাৰ আৰু কিবা এটা পাম বুলি আশা ৰাখিলো!

    Reply
  • Anamika

    প্ৰথম শাৰীটোত অলপ খোকজা লাগিছে, ” অসমীয়া সাহিত্য কি লাভ কৰা( ?), চপা মাধ্যমৰ অসাবধনাতাৰ কাৰণে হয়তো দুই এটা বানান ভুল হৈছে, বাকী আৰু প্ৰৱন্ধটোৰ বিষয়ে সমালোচনা কৰিব লগা নাই, সঁচাই খুব ভাল লিখা দেই মাধুৰিমা , আগলৈ আৰু ভাল ভাল প্ৰৱন্ধ আশা কৰিলোঁ তোমাৰ পৰা |

    Reply
    • Anamika

      ক্ষমা কৰিব দেই জীমনি গগৈ , আপোনাৰ নামটো ভুলতে মই মাধুৰিমা বুলি লিখিলো |

      Reply
  • Nupur Borpatra

    Good writings …expecting another one in the next time ..

    Reply
  • সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ।

    Reply
  • Chinu gogoi

    বহুত ভাল লাগিল । আশা কৰো আগলৈ আৰু পঢ়িবলৈ পাম ।

    Reply
  • Dimple kuli

    ভাল লাগিল ৷ আশা কৰো আগলৈ এনেদেৰ পঢ়িবলৈ পাম

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *