ফটাঢোল

বেজবৰুৱাৰ প্ৰবন্ধাৱলীত হাঁহিৰ ফল্গুধাৰা – জীমণি গগৈ

 

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বহুমুখী সাহিত্যিক প্ৰতিভা অসমীয়া সাহিত্যৰ পৰম সম্পদ। বেজবৰুৱাৰ প্ৰতিভাই আধুনিক অসমীয়া সাহিত্যৰ সকলো বিভাগতেই বিকাশ লাভ কৰিছে। তেওঁ একেধাৰে কবি, নাট্যকাৰ, সমালোচক, হাস্যৰসিক, গদ্যশিল্পী আৰু সম্পাদক। দৰাচলতে বেজবৰুৱাৰ প্ৰতিভাক আমি তেওঁৰ সৃষ্টিৰাজিৰ সংখ্যাৰে বিচাৰ কৰিবলৈ যোৱাতকৈ গুণগত মানদণ্ডেৰে বিচাৰ কৰাহে সমীচিন হ’ব। অধ্যয়নশীল লোকৰ মনৰ জোখাৰে ভিন ভিন সমলেৰে তেওঁৰ ৰচনাৰাজি পুষ্ট। অসমীয়া সাহিত্যৰ কেওটি দিশতে বেজবৰুৱাৰ অনুপম অৱদানৰ কথা স্বীকাৰ কৰিও এটা কথা বিশেষভাৱে উল্লেখযোগ্য যে বেজবৰুৱা বুলিলেই প্ৰতিজন অসমীয়াৰ পোনছাটেই হাস্যৰসিক বেজবৰুৱাজনৰ কথাহে মনলৈ আহে। অসমীয়া সাহিত্যৰ সাৰুৱা পথাৰখন বহু লেখকৰ বহু উচ্চ খাপৰ কবিতা, উপন্যাস, নাটক, গল্প, তত্বকথা আদি ভিন্ন-ভিন্ন ফচলেৰে নদন-বদন। কিন্তু হাস্যৰসৰ যি বিমল ধাৰাৰে বেজবৰুৱাই অসমীয়া সাহিত্যৰ এই বিশেষ ক্ষেত্ৰখন চিৰসেউজ কৰিলে তাৰ লগত ফেৰ মাৰিব পৰা লেখক আজিকোপতি অসমীয়া সাহিত্যত দৰাচলতে নোলাল বুলি ক’লেও বঢ়াই কোৱা নহয়।

বেজবৰুৱাৰ হাস্যৰসিক প্ৰবন্ধাৱলীৰ আলোচনালৈ যোৱাৰ আগেয়ে হাস্যৰস সম্পর্কে দুষাৰ কৈ লোৱাটো সমীচিন হ’ব। নৱৰসৰ অন্তৰ্গত হাস্যৰস নামৰ আত্মপ্ৰসাদি ৰসবিধৰ এটি ধাৰা প্ৰাচীন অসমীয়া সাহিত্যতো পৰিবাহিত হৈ থকা দেখা যায়। বিশেষকৈ বৈষ্ণৱ সাহিত্যৰাজিৰ যোগেদি সমকালীন জনসমাজক বৈষ্ণৱ আদৰ্শৰ প্ৰতি আকৃষ্ট কৰিবলৈ, মানুহক আনন্দ প্ৰদান কৰিবলৈ লেখক সকলে সৰল হাস্যৰসৰ অৱতাৰণা কৰিছিল। বৈষ্ণৱ যুগত ৰচিত অথচ বৈষ্ণৱ আদৰ্শৰ পৰা কিছু পৃথক পাঁচালী সাহিত্য বা সেই সময়ছোৱাত ৰচিত নাটসমূহ, বধকাব্য শ্ৰেণীৰ লগতে অন্যান্য কাব্যাখ্যানত বিমল হাস্যৰসৰ ধাৰা এটি প্ৰবাহিত দেখা যায়। সেয়া হ’লেও ধৰ্মৰ প্ৰতি আনুগত্য , শৃংগাৰ, বীৰ, কৰুণ আদি ৰসৰ আধিক্যই সেই শ্ৰেণীৰ সাহিত্যত বিমল হাস্যৰসৰ উচ্ছলতাক তল পেলাই ৰাখিছে।

প্ৰাচীন লোককথা, ফকৰা যোজনা, ডাকৰ বচনকে আদি কৰি প্ৰাচীন সাহিত্যৰাজিত ফল্গুৰ দৰে বৈ থকা বিমল হাস্যৰসৰ বিপৰীতে আধুনিক অসমীয়া সাহিত্যত হাস্যৰসে উচ্ছল, উদাত্ত তথা প্ৰসাৰিত ৰূপত প্ৰকাশ লাভ কৰিলে। আধুনিক যুগৰ অন্যান্য হাস্যৰসাত্মক সাহিত্যৰ দৰেই অসমীয়া হাস্যৰসিক সাহিত্যৰ পটভূমিৰ ক্ষেত্ৰতো প্রায় একেবোৰ কথাই পৰিলক্ষিত হয়। দেশৰ অধোমুখী গতি, জাতিৰ নৈতিক অধঃপতন, সমাজচেতনা বিলোপ, ধৰ্মনৈতিক ব্যভিচাৰ, ৰাজনৈতিক অবিচাৰ, শাসনতন্ত্ৰৰ শিথিলতা, স্বকীয় সংহতিৰ প্ৰতি বিতৰাগ, আধুনিকতাৰ ভ্ৰান্ত চৰ্চা আদি লক্ষণ সমূহেই প্ৰায় সকলোবোৰ হাস্যৰসাত্মক সাহিত্যত দেখা যায়।

অসমীয়াত ব্যৱহাৰ হোৱা “হাস্যৰস” শব্দটিয়ে ব্যাপক অৰ্থত বাকচাতুৰ্য্যপূৰ্ণ বুধিনিষ্ঠ হাস্যৰস( wit), সহানুভূতিপূৰ্ণ কৰুণামিশ্ৰিত হাস্যৰস (Humour), বিদ্রোপাত্মক হাস্যৰস (satire) , বক্র হাস্যৰস (Irony) এই সকলো শ্ৰেণীৰ হাস্যৰসকে সামৰি লয়।

এইখিনিতে বিভিন্ন পণ্ডিতে হাস্যৰসৰ উপাদান, লক্ষণ সম্পৰ্কে দিয়া দুটিমান মন্তব্য উল্লেখ কৰিব বিচাৰিছো। ভল্টেয়াৰৰ মতে– “Laughter always arises from a gaiety of disposition; absolutely incompatible. With contempt and indignation” এৰিষ্টটলৰ মতে হাঁহিৰ উপকৰণ হৈছে – “some defect or ugliness which doesn’t pain” ষ্টিফেন লিককে কৈছে- ” Humour may be defined as the kindly contemplation of life and the artistic expression thereof “৷ এনেদৰে দেখা যায় যে বিভিন্ন সূত্ৰকাৰৰ বাখ্যা অনুসৰি প্ৰয়োজন-সম্পৰ্কবিহীন আৰু ভাৱ-প্ৰকৃতিৰ সৈতে সম্বন্ধ নথকা আকস্মিকতা, অসম্ভৱৰ সম্ভাব্যতা, ইচ্ছাৰ লগত পৰিণতিৰ অসংগতি, উদেশ্যৰ লগত উপায়ৰ বিসংগতি, গৰ্ব আৰু আত্মপ্ৰসাদ ইত্যাদিয়ে হৈছে হাস্যৰসৰ মূল কথা।

এতিয়া চাওঁ বেজবৰুৱাৰ হাস্যৰসাত্মক ৰচনাৱলীৰ ওপৰত আলোচ্য হাস্যৰসৰ লক্ষণ, উপাদান সমূহে কিদৰে প্ৰকাশ লাভ কৰিছে। বেজবৰুৱাৰ প্ৰায় সকলো ৰচনাতে হাস্যৰসিক বেজবৰুৱাৰ উমান পোৱা যায় যদিও লিটিকাই, নোমল, পাঁচনি আৰু চিকৰপতি-নিকৰপতি এই চাৰিখন নাট আৰু হাস্যৰসাত্মক প্ৰবন্ধ সংকলন – কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি, কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি আৰু বৰুৱাৰ বুলনি নামৰ প্ৰবন্ধ সংকলন কেইটিত প্ৰকাশিত যি হাস্যৰস সিয়ে অসমীয়া হাস্যৰসাত্মক সাহিত্যিৰ বৰভেটি নিৰ্মাণ কৰিলে।

অসমীয়া মানুহক প্ৰকৃতাৰ্থত আধুনিক সাহিত্যৰ ভিন্ন স্বাদৰ আনন্দ প্ৰদান কৰা কলিকতাৰ পৰা ওলোৱা “জোনাকী” কাকতত প্ৰকাশিত বেজবৰুৱাৰ হাস্যৰসাত্মক প্ৰবন্ধৰ সমষ্টিয়ে হল “কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা” । পৰৱৰ্তী সময়ত গুৱাহাটীৰ পৰা ওলোৱা “জোনাকী”ত প্ৰকাশিত প্ৰবন্ধলানি আৰু “উষা”ত প্ৰকাশিত প্ৰবন্ধৰ সমষ্টিয়ে হৈছে “কৃপাবৰ বৰুৱাৰ ওভতনি” । “বাঁহী” কাকতত প্ৰকাশ হোৱা প্ৰবন্ধসমূহৰে পুথিৰূপ -” কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি” আৰু “বৰবৰুৱাৰ বুলনি” । বেজবৰুৱাৰ এই চাৰিওটি প্ৰবন্ধ সংগ্ৰহ বাকচাতুৰ্য্যপূৰ্ণ বুদ্ধিনিষ্ঠ হাস্যৰস, সহানুভূতি তথা কৰুণামিশ্ৰিত হাস্যৰস, বিদ্রুপাত্মক হাস্যৰসেৰে পৰিপুষ্ট। এই প্ৰবন্ধকেইটিৰ সম্পৰ্কে পৰীক্ষিত হাজৰিকাদেৱে কৈছে -“চিন্তামূলক গভীৰ লিখনিৰ দৰে হাস্যৰসৰ প্ৰবন্ধাৱলীতো বেজবৰুৱাৰ সাহিত্য সেৱাৰ আনুগত্য, দেশপ্ৰেমৰ আতিশয্য, অসমীয়া তথা ভাৰতীয়ক পৰোক্ষ উক্তিৰে পথ নিৰ্দেশ, আৰু স্বাধীনচেতিয়া মনোবলৰ চমৎকাৰিত্ব প্ৰতিভাত হৈছে।”

অসমীয়া সমাজ জীৱনৰ চাৰি চুকৰ সূক্ষ্ম অধ্যয়ন কৰি বেজবৰুৱা সৰ্বদ্ৰষ্টা লেখক হৈ পৰিছিল। সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে – “..তেওঁৰ গদ্যশৈলীত অসমীয়া জীৱনটোৱে মূৰ্তিমান হৈ ধৰা দিছে। জীৱনৰ বিচিত্ৰ অভিজ্ঞতাৰ ৰসময় প্ৰকাশ, উদ্ভট কল্পনাৰ লগত জীৱনবোধৰ সংমিশ্ৰণ, পাঠকৰ লগতে নিজকে হাঁহিয়াতৰ পাত্ৰ কৰি তোলা কৌশলৰ কাৰণে আৰু হাস্য ভাৱজড়িত মনোভাব, ব্যংগৰ লগত পৰিহাস, পৌৰাণিক কাহিনীৰ লগত বৰ্তমান ঘটনাৰ অদ্ভুত সংযোগ স্থাপন, কৃত্ৰিম গাম্ভীৰ্যৰ লগত লঘু কল্পনাৰ আশ্চৰ্যজনক সমন্বয়, আপাতদৃষ্টিত সংযোগ নথকা বস্তু বা ঘটনাৰ মাজত বিস্ময়াবহ সংযোগ স্থাপন, সামাজিক দুৰ্নীতি আৰু কুসংস্কাৰৰ ব্যংগাত্মক চিত্ৰ, নক্সা, গল্প, নাট্যৰূপৰ সংমিশ্ৰণত সৃষ্টি কৰা আমোদজনক ৰসায়ন, হাঁহিৰ ছিটিকনিৰ উজ্জ্বল ভাষা – এই সকলোবোৰে বেজবৰুৱাৰ ৰচনাৱলীক অসাধাৰণ বৈশিষ্ট প্ৰদান কৰিছে।”
বেজবৰুৱাৰ হাস্যৰসাত্মক সাহিত্যৰাজিয়ে এনে উচ্চ স্তৰত অৱতৰণ কৰিবলৈ সক্ষম হোৱাৰ কাৰণবোৰ ফঁহিয়াই চালে দেখা যায় যে অস্বাভাৱিক, পাতল আৰু বিদেশী শব্দৰ কৌতুকপূৰ্ণ ব্যৱহাৰ, অসংলগ্ন খণ্ডবাক্য, ঘৰুৱা ফকৰা-যোজনা আৰু নিজস্ব সৃষ্ট শব্দৰ মায়াজালেই হৈছে বেজবৰুৱাৰ হাস্যৰসৰ মূলমন্ত্ৰ। আনন্দৰাম বৰুৱাৰ চমু জীৱনচৰিত, ছয় ঋতুৰ ডাক, জগন্নাথ বৰুৱা, বাৰজন বিখ্যাত লোকৰ চমু জীৱনচৰিত, ভাদৈৰ বিলাপ, কঁকালৰ বিষ ভাল কৰিবৰ উপায়, বুঢ়া-বুঢ়ীৰ খৰছ, মহাপ্ৰলয়ৰ লক্ষণ, কৃপাবৰ বৰুৱাৰ উইল আদি ৰচনা বোৰত বিমল হাস্যৰসেৰে উপচি আছে। “ভাৰতবৰ্ষীয় জাতীয় সংগীত” নামৰ পদ্যটিত বিভিন্ন ভাষাৰ শব্দৰ ব্যৱহাৰ কৰি হাস্যৰসৰ সৃষ্টি কৰিছে । “বৰবৰুৱাৰ বৰ বক্তৃতা” নামৰ প্ৰবন্ধত বেজবৰুৱাদেৱে তেখেতৰ ইংৰাজী ভাষণৰ যি অসমীয়া ভাঙনি কৰিছে তাতো হাস্যৰসে ভৰপূৰ — ” চকীৰ মানুহ মহাশয়, ভাল মানুহৰ ঘৰৰ তিৰোতা আৰু মতাসকল, শ্ৰীবিষ্টু , তিৰোতা মানুহ ইয়াত নাই দেখিছো, মোৰ ভুল হৈছে, আছলে-পিছলে হাতীৰো পাও পিছলে….” ইত্যাদি। ঠিক সেইদৰে অসমীয়া জাতি ডাঙৰ জাতি, বৰবৰুৱাৰ বিয়া, যুগধৰ্ম, সত্যৰ আৰু অসত্য, বিহু আদি ৰচনাসমূহ বুদ্ধিনিষ্ঠ হাস্যৰসে মহিমামণ্ডিত কৰি তুলিছে। উক্ত ৰচনাসমূহৰ জৰিয়তে বেজবৰুৱাদেৱে অসমীয়া জাতিক প্ৰশংসাৰ চলেৰে নিন্দা কৰিছে। চৰিত্ৰ সংশোধন কৰি, ভুল পথ এৰি আচল পথ গ্ৰহণ কৰিবলৈ শিক্ষা প্ৰদান কৰিছে।

বেজবৰুৱা আছিল যথাৰ্থতে দেশপ্ৰেমিক-জাতিপ্ৰেমিক। অসমীয়া জাতিৰ লাঞ্চনা অপমানত তেওঁ স্বাভাৱিকতে ব্যথিত হৈছিল। অসমীয়া জাতিৰ নানা দুৰ্বলতা, সামাজিক ত্ৰুটি, অন্ধ অনুকৰণ স্পৃহাৰ চিত্ৰ হাস্যৰসৰ জৰিয়তে উদঙাই তেওঁ এইবোৰৰ সংস্কাৰ কৰিব বিচাৰিছিল। ” বিহু” আদি প্ৰবন্ধত তাৰেই প্ৰকাশ দেখা যায়। বন্দে মাতৰং, এখন মুকলি চিঠি, অসমীয়া ডেকাৰ প্ৰতি উপদেশ, ঘৈণী সকলৰ প্ৰতি বৰবৰুৱাৰ উপদেশ, ভাৰত উদ্ধাৰ আদি লিখনিত ব্যঙ্গ বিদ্রোপাত্মক হাস্যৰসৰ জৰিয়তে সমাজৰ সংস্কাৰ সাধনৰ মহৎ প্রচেষ্টা পৰিলক্ষিত হয়।

এনেদৰে দেখা যায় সৰল আৰু বুদ্ধিনিষ্ঠ ভৰপূৰ সম্ভাৰেৰে বেজবৰুৱাৰ হাস্যৰসাত্মক সাহিত্যৰাজিয়ে অসমীয়া হাস্যৰসাত্মক সাহিত্যিক বিশ্ববন্দিত কৰাৰ লগতে এই সাহিত্যৰাজিৰ বাবেই সমগ্ৰ অসমীয়াৰ হৃদয়তো বেজবৰুৱাদেৱ এখন সুকীয়া আসনত অধিষ্ঠিত হৈ ৰ’ব।

■■

28 Comments

  • ভাল লাগিল পঢ়ি৷

    Reply
  • বৰ ধুনীয়াকে লিখিলা জীমনি ৷ ফটাঢোলত এইটো উপহাৰ দিয়াৰ বাবে ধন্যবাদ ৷ ফটাঢোলৰ যাত্ৰাত সদায় লগত থাকিবা বুলি আশা কৰিলো ৷

    Reply
  • Manisha Kakati

    জীমণি বা, সুন্দৰ প্ৰৱন্ধ। আগলৈও এনে উৎকৃষ্ট মানৰ লিখনি পঢ়িব পাম বুলি আশা ৰাখিলো..

    Reply
  • ভাল লাগিল পঢ়ি ।

    Reply
  • ভাল লাগিল পঢ়ি বা।

    Reply
  • এনে প্ৰৱন্ধই আলোচনীৰ মান বঢ়াই। বৰ ভাল লাগিল!

    Reply
  • Manabendra Kr Sarma.

    ভাল পালোঁ৷ এনে লেখাই আলোচনীখনৰ গুণগত মান নিসন্দেহে ওপৰলৈ নিছে৷

    Reply
  • গীতালি

    তথ্যসমৃদ্ধ প্ৰবন্ধ। ভাল লাগিল পঢ়ি

    Reply
  • ৰাজজ্যোতি

    এনে লেখাই নিশ্চিতভাবে আলোচনী এখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে। খুব ভাল পালো পঢ়ি

    Reply
  • ৰিণ্টু

    সুন্দৰ প্ৰবন্ধ। এনেধৰণৰ লেখনীয়ে ই-আলোচনীখনৰ গুণগত মান নিসন্দেহে ওপৰলৈ নিছে। পৰৱৰ্তী সংখ্যাবোৰতো আপোনাৰ পৰা এনেধৰণৰ তথ্যসমৃদ্ধ লেখা আশা কৰিম

    Reply
  • Diganta K Bhattacharya

    সুন্দৰ প্ৰবন্ধ! ই-মেগাজিনত সাধাৰণতে খুব কমেই পোৱা যায় এনে লেখা৷৷

    Reply
  • ঈশান

    উপকৃত হ’লোঁ আপোনাৰ লেখাটি পঢ়ি। অশেষ ধন্যবাদ আপোনাক। আশা কৰিছোঁ অনাগত সময়তো আপোনাৰ পৰা এনেজাতীয় লেখা পঢ়িবলৈ পাম।

    Reply
  • Rajib gogoi

    অপূৰ্ব লিখনি বা , অভিনন্দন

    Reply
  • অনুৰূপ মহন্ত

    বৰ সুন্দৰ লিখনি। ভাল লাগিল।

    Reply
  • বাইদেউ তথ্যসমৃদ্ধ প্ৰবন্ধটি পঢ়ি উপকৃত হ’লো ৷ অনাগত দিনত আৰু অধিক লেখাৰ বাবে বাট চাই ৰ’লো ৷

    Reply
  • বলেন বৰ্মন

    যোৱাকালি বোৱাৰী পুৱাতে এবাৰ পঢ়িলো।আজি আকৌ এবাৰ পঢ়িলো।
    বেজবৰুৱাক ৰসৰাজ বুলি কোনে নাজানে? জানো ।কিন্তু হাস্য- ব্যংগ ধাৰাত বেজবৰুৱা ডাঙৰীয়াৰ প্ৰভাব সম্পৰ্কত খুউৱ বেছি জ্ঞান
    নাছিল।
    আপোনাৰ লেখনি এখন দলিল হ’ ল,।
    সুন্দৰ । ই যোগাত্মক প্ৰভাৱ পেলাব।

    Reply
  • সুন্দৰ মানবিশিষ্ট প্ৰবন্ধ। আলোচনীখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে প্ৰবন্ধটিয়ে।

    Reply
  • ৰামানুজ

    সহজ কথা নহয় এইগৰাকী পুৰোধা ব্যক্তিৰ কাম-কাজক বিশ্লেষণাত্মক দ্ৃষ্টিৰে আলোচনা কৰাৰ…..আপুনি এক দুঃসাধ্য কাম সাহসেৰে কৰিছে… বহুত অভিনন্দন |

    বাঁহীত তেওঁৰ পুৰণি গল্প এটা সিদিনা বিচাৰি প্ঢ়িলো.. . তেওঁৰ কিছু হাস্যৰস মন দি নপ্ঢ়িলে বুজাও টান..

    Reply
  • সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

    Reply
  • বিকাশ শইকীয়া

    আপ্লুট হ’লো। সুন্দৰ লেখা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *