ফটাঢোল

মূকাভিনেতা মইনুল হকৰ সৈতে এক অন্তৰঙ্গ আলাপ

(মইনুল হক ডাঙৰীয়াৰ মূকাভিনয়ৰ এটা ভিডিঅ’৷ উৎস- ইউটিউব) যোৱা তিনিটা দশকৰ পূৰ্বলৈকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত মূকাভিনয়ৰ কোনো ধৰণৰ চৰ্চাই নাছিল৷ তেনে এক সময়তে অসমত মূকাভিনয়ৰ বীজ সিঁচি এক সাংস্কৃতিক জাগৰণৰ সূচনা কৰা অন্যতম ব্যক্তি আছিল মূকাভিনেতা মইনুল হক৷ সত্তৰৰ দশকত তেখেত আছিল অসমৰ মঞ্চৰ এজন সফল কৌতুক অভিনেতা আৰু পিছলৈ নিজস্ব আশাসুধীয়া প্ৰচেষ্টা তথা সাধনাৰ বলত মইনুল হকে অসমৰ সাংস্কৃতিক জগতত এখন আছুতীয়া আসনেৰে মূকাভিনেতাৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল৷ ঐকান্তিক মনোবল আৰু ধৈৰ্যৰে আৰম্ভ কৰা সাধনাৰ বলতেই তেওঁ বৰ্তমান অসমৰেই নহয়,

Read more

অভিনেতা জয়ন্ত দাসৰ সৈতে এটি সন্ধিয়া

অসমৰ অভিনয় জগতৰ এক চিনাকী আৰু জনপ্ৰিয় নাম, কৰ্মই যাৰ পৰিচয় তেঁৱেই হৈছে অভিনেতা জয়ন্ত দাস৷ অভিনয় জগতত তেওঁৰ কৰ্মৰাজিয়ে তেওঁৰ ব্যক্তিত্বৰ সুন্দৰ ব্যাখ্যা দাঙি ধৰিছে৷ কৰ্মনিষ্ঠা আৰু প্ৰচেষ্টাৰ ওপৰত বিশ্বাস ৰাখি জীৱনৰ বাটত অগ্ৰসৰ হোৱা জয়ন্ত দাস কেৱল এজন অভিনেতাই নহয়, তেওঁ এজন ৰঙিয়াল আৰু অমায়িক ব্যক্তি৷ “মুকুতা” চলচিত্ৰত শিশু অভিনেতা হিচাপে অভিনয় জীৱনৰ পাতনি মেলা এইজনা ব্যক্তিয়ে তেওঁৰ অভিনয়ৰ যাত্ৰা পূৰ্ণ ৰূপত আৰম্ভ কৰে কলেজীয়া জীৱনতহে। তেওঁৰ কৰ্মজীৱনৰ বিষয়ে পাঠকক কিছু কথা জনোৱাৰ উদ্দেশ্যৰে ই-আলোচনী “ফটাঢোলৰ” তৰফৰ পৰা

Read more

সাক্ষাৎকাৰ – কেনী বসুমতাৰী

কেনী বসুমতাৰীৰ বিষয়ে ~~~~~~~~~~~~~~~~~~~  কেনী দেউৰী বসুমতাৰী আজি অসমীয়া বোলছবি জগতৰ এক পৰিচিত নাম। বলিউডৰ কেইবাখনো কথাছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰি পৰ্দাত ভুমুকি মৰা কেনী বসুমতাৰীয়ে জনমানসত প্ৰতিস্থা লাভ কৰিবলৈ সক্ষম হয় তেওঁৰ ২০১৩ চনত মুক্তি প্ৰাপ্ত অসমীয়া চলচিত্ৰ “লোকেল কুংফু”ৰ জৰিয়তে। অসমৰ বোলছবি জগতৰ মৃতপ্ৰায় অৱস্থাত “লোকেল কুংফু”য়ে দৰ্শকলৈ এক আশাৰ ৰেঙণি কঢ়িয়াই আনে। অতি কম বাজেটৰ এই চলচিত্ৰখনৰ সুন্দৰ পৰিচালনা তথা সুন্দৰ অভিনয়েৰে ৰাষ্ট্ৰীয় পৰ্য্যায়তো সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ কেনী সক্ষম হয়। কেনী দেউৰী বসুমতাৰীৰ জন্ম গুৱাহাটীত।

Read more

বিকাশ মামাৰ (ডাঃ বিকাশ বৰুৱা) সৈতে কিছু অন্তৰংগ আলাপ – চবিনা ইয়াচমিন

নব্বৈৰ দশকৰ পৰা আজি লৈকে অসমীয়া ব্যংগ সাহিত্য জগতত তোলপাৰ লগোৱা বিশিষ্ট ব্যংগ লেখক ডা° বিকাশ বৰুৱাক চিনি নোপোৱা মানুহ হয়তো নোলাব ৷ সাহিত্য জগতত তেওঁ “বিকাশ মামা” নামেৰে জনাজাত৷ সেইদিনা দহ জুলাই ৷ দিনৰ এঘাৰ বাজি দহ মিনিট পাৰ হৈছে ৷ বাহিৰত চিপ্ চিপ্ বৰষুণ ৷ মই মামাক লগ ধৰিম বুলি মনতে বহু দিনৰ পৰা ভাবি আছিলো৷ এইবাৰ সুযোগ এটা পালো ৷ ই-আলোচনী “ফটাঢোলৰ” চলিত মাহৰ সম্পাদক ভাতৃ অভিজিৎ মেধিৰ সৈতে কথা পাতি আলোচনীখনৰ বাবে লেখা এটা বিচাৰি তেওঁৰ

Read more

সাক্ষাৎকাৰ

পোনপ্ৰথমে অসমৰ এগৰাকী শীৰ্ষস্থানীয় ব্যঙ্গলেখক, সমালোচক, গল্পকাৰ, ঔপন্যাসিক তথা প্ৰকাশক শ্ৰীযুত সৌমিত্ৰ যোগী দেৱৰ বিষয়ে দুআষাৰ জনাব বিচাৰিছোঁ৷ প্ৰবন্ধকাৰ হিচাপে ১৯৯৬ চনত লেখক জীৱনৰ আৰম্ভণি কৰা সৌমিত্ৰ যোগী ডাঙৰীয়া পাছলৈ প্ৰত্যক্ষ সাংবাদিকতাৰ সৈতে জড়িত হৈ পৰে৷ তেখেতৰ পৰিচিতি মূলতঃ এজন ব্যংগ লেখক হিচাপে৷ ২০০২ চনত তেওঁ ব্যংগ লিখিবলৈ আৰম্ভ কৰিছিল অজিত কুমাৰ ভূঞা সম্পাদিত “আজি” কাকতৰ “হাটে বাটে” শিতানত৷ তাৰ পিছত ‘সাপ্তাহিক জনমত’ কাকতত “দিছপুৰ ছংবাদ” শিৰোনামৰ এখন ব্যংগ জাৰ্ণেল লিখিবলৈ লয়৷ পৰৱৰ্তী সময়ত অসমীয়া প্ৰতিদিনৰ ব্যংগ শিতান “তৌবা তৌবা”

Read more
1 5 6 7