ফটাঢোল

সাক্ষাৎকাৰ – কেনী বসুমতাৰী

কেনী বসুমতাৰীৰ বিষয়ে
~~~~~~~~~~~~~~~~~~~ 

কেনী দেউৰী বসুমতাৰী আজি অসমীয়া বোলছবি জগতৰ এক পৰিচিত নাম। বলিউডৰ কেইবাখনো কথাছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰি পৰ্দাত ভুমুকি মৰা কেনী বসুমতাৰীয়ে জনমানসত প্ৰতিস্থা লাভ কৰিবলৈ সক্ষম হয় তেওঁৰ ২০১৩ চনত মুক্তি প্ৰাপ্ত অসমীয়া চলচিত্ৰ “লোকেল কুংফু”ৰ জৰিয়তে। অসমৰ বোলছবি জগতৰ মৃতপ্ৰায় অৱস্থাত “লোকেল কুংফু”য়ে দৰ্শকলৈ এক আশাৰ ৰেঙণি কঢ়িয়াই আনে। অতি কম বাজেটৰ এই চলচিত্ৰখনৰ সুন্দৰ পৰিচালনা তথা সুন্দৰ অভিনয়েৰে ৰাষ্ট্ৰীয় পৰ্য্যায়তো সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ কেনী সক্ষম হয়।

কেনী দেউৰী বসুমতাৰীৰ জন্ম গুৱাহাটীত। সৰুৰে পৰা সমৰকলাৰ প্ৰশিক্ষণ লোৱা কেনীয়ে লখিমপুৰ, তেজপুৰ তথা গুৱাহাটীৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰি উঠি দিল্লীত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত (IIT) কাৰিকৰী শিক্ষাৰ বাবে ভৰি দিয়ে। কিন্তু নিয়তিয়ে কেনীক আন দিশে হাত বাউল দি মাতি আছিল।

সৰুতেই কুংফুৰ প্ৰশিক্ষণ লোৱা কেনীয়ে লখিমপুৰ, তেজপুৰ তথা গুৱাহাটীৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিস্থান, দিল্লীত ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমত যোগদান কৰে যদিও সেই শিক্ষা আধাতে সামৰি তেওঁ গুৱাহাটীৰ এটা আঞ্চলিক টেলিভিছন চেনেলত তিনিবছৰ ধৰি বাতৰি পৰিবেশক হিচাপে কাম কৰে৷ তাৰপিছত তেওঁ সেই কাম ত্যাগ কৰি অভিনয় কৰাৰ হাবিয়াসেৰে মুম্বাইলৈ যায়। 2009 চনত মুম্বাইত মহিন্দ্রা গ্ৰুপে আয়োজন কৰা এক স্ক্ৰীপ্ট ৰাইটিং কৰ্মশালাত ভাগ লয়। তাতে তেওঁ অঞ্জুম ৰাজাবলি, অনুৰাগ কাশ্যপ আৰু শ্ৰীৰাম ৰাঘৱনৰ দৰে লোকৰ পৰা বহু কথা শিকাৰ সুযোগ পায়। সেই কৰ্মশালাৰ এক প্ৰতিযোগিতাত তেওঁৰ চিত্ৰনাট্য “এক প্লেট কুংফু” প্ৰথম ছটাস্থানলৈ নিৰ্বাচিত হয় যদিও শেষ ৰাউণ্ডত প্ৰথম তিনিটা স্থানৰ বাবে বিবেচিত নহল। প্ৰথম তিনিটা স্থানৰ বাবে বিবেচিত হ’লে হিন্দী বোলছবিত তেওঁৰ কাহিনীয়ে সুযোগ লাভ কৰা সুবিধা পালেহেঁতেন৷

তাৰ পাছত মুম্বাইত ‘ছটা এডভাৰটাইজ’ আৰু ‘চেনেল ভি’ৰ হাস্য-ব্যংগ অনুষ্ঠান বলিউড ননচেনচেক্স (Bollywood Nonsensex) তথা স্কেচ্ছ কমেডি শ্ব’ জয় হিন্দত কাম কৰাৰ সুযোগ লাভ কৰে। এই সময়তে তেওঁ কেইবাখনো হিন্দী বোলছবি অভিনয় কৰিবলৈ সুবিধা পায়। চাহিদ কাপুৰ আৰু ইলিয়ানা দিক্ৰুজ অভিনীত “ফটা পোষ্টাৰ নিকলা হিৰো” বোলছবি খনত কেনীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰে। “মেৰী কম” বোলছবি খনত জিমি নামৰ চৰিত্ৰটোত অভিনয় কৰাৰ সুযোগ পায়। ছবিখনৰ পৰিচালক ৰজনী বসুমতাৰীয়ে “মেৰীকম” বোলছবিখনৰ প্ৰিয়ংকা চোপ্ৰাৰ মাকৰ চৰিত্ৰত অভিনয় কৰিছিল। তাৰোপৰি ৰাগ (২০১৪) নামৰ চুপাৰহিট অসমীয়া চিনেমাখনৰো এটি বিশেষ চৰিত্ৰত অভিনয় কৰি কেনীয়ে ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।  দিবাকৰ বেনাৰ্জীৰ ‘ছাংঘাই'(Shanghai) নামৰ হিন্দী চলচ্চিত্ৰত পুলিচ অফিচাৰৰ ভুমিকাত (২০১৩) কেনীয়ে অভিনয় কৰিছিল।

কেনী দেউৰী বসুমতাৰীয়ে ‘75 Crazy People’ নামৰ ৪৯ মিনিটৰ এখন তথ্যচিত্ৰত সহযোগী সম্পাদনাৰ সুযোগ পায়৷ ভাতৃ ট’নী বসুমতাৰীৰ সৈতে মিলি তেওঁ ব্ৰহ্মপুত্ৰ নামৰ অসমীয়া আৰু হিন্দী গীতৰ এটা মৃদু ৰ’ক (soft rock) এলবামৰ বাবে গীতৰ ৰচনা আৰু সুৰাৰোপ কৰে।

তাৰ মাজতে ২০১১ চনত তেওঁৰ প্ৰথমখন ইংৰাজী উপন্যাস চকলেট গীটাৰ ম’ম’জ (Chocolate Guitar Momos)ৰ উন্মোচন হৈ যায়৷

ইমান খিনিৰ পাছত তেওঁ নিজে কিবা কৰাৰ মানসেৰে পুনৰ অসমলৈ ঘূৰি আহে। ২০১৩ চনত কেনীয়ে নুন্যতম বাজেটেৰে লোকেল কুংফু নামৰ এখন সমৰ কলা (মাৰ্চিয়েল আৰ্ট) সন্নিবিষ্ট হাস্যমধুৰ অসমীয়া-হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰে৷ এই চলচ্চিত্ৰখনে ২০১৩ চনৰ ২৭ চেপ্টেম্বৰত মুক্তি লাভ কৰে৷ মাত্ৰ ৯৫,০০০ টকাৰ বাজেটত কেনন ৫৫০ডি কেমেৰাৰে নিৰ্মাণ কৰা এই চলচ্চিত্ৰখনে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰাৰ লগতে দৰ্শকৰো ভাল সঁহাৰি লাভ কৰে। অতি কম টকাৰে আৰম্ভ কৰা এই চিনেমাখন বাণিজ্যিকভাবে সফল হোৱাৰ লগতে ২০১৩ চনত ‘ফিল্ম ফেয়াৰ এৱাৰ্ড’ত ‘বেষ্ট ফিচাৰ ফিল্ম ফৰ ইষ্টাৰ্ণ ৰেজিয়ন’ ( Best feature film in Filmfare Awards for the Eastern Region in 2013) হিচাপে নিৰ্বাচিত হয়।

মুম্বাইৰ স্ক্ৰীপ্ট লিখা কৰ্মশালাত “এক প্লেট কুংফু”য়ে বিশেষ সমাদৰ লাভ কৰিবলৈ অপাৰগ হোৱাৰ সময়তে কেনীয়ে বুজি পাইছিল যে কোনোবাই তেওঁক সোণালী সুযোগ হাতত তুলি দিব বুলি ৰৈ থকা ভুল হব। সমৰ কলাৰ ওপৰত চলচিত্ৰ বনাবলৈ ঠিক কৰি কেনী পুনৰ অসমলৈ ঘূৰি আহে। মাকে হাতত তুলি দিয়া এক লাখ টকা লৈ তেওঁ ভাবিছিল নূন্যতম খৰচত চিনেমাখন নিৰ্মান কৰাৰ কথা চিন্তা কৰিছিল৷ সেইখিনি সময়ত তেওঁৰ হাতত সম্বল হিচাপে আছিল সমৰকলা শিকা তেওঁৰ বন্ধুবৰ্গ। কেনীয়ে বুজি উঠিছিল যে সমৰকলায়েই এটা বিষয় যি সঠিক ৰূপত আজিলৈকে চলচ্চিত্ৰত ব্যৱহাৰ হোৱা নাই। কিন্তু ভাৰতত কেৱল সমৰ কলাৰ ভিত্তিত বনোৱা বোলছবি এখন চলাটো অসম্ভৱ। গতিকে তাত কেনীয়ে অলপ কমেডী যোগ দিয়াৰ যত্ন কৰিলে। মুম্বাইত থকা সময়খিনিত ‘চেনেল ভি’ত কৰা ‘বলিউড ননচেনচেক্স’ আৰু ‘অনলাইন কমেডী শ্ব’ জয়-হিন্দ ত কৰা অভিনয়ৰ অভিজ্ঞতাই চলচিত্ৰখনত কমেডীখিনি সঠিক ভাবে ফুটাই তোলাত সহায় কৰে। প্ৰথমতে তেওঁলোকে অনুমান কৰিছিল লোকেল কুংফুয়ে জনপ্ৰিয়তা লাভ কৰিব, কিন্তু ইমান জনপ্ৰিয় হ’ব বুলিও অনুমান কৰিব পৰা নাছিল। যদিও প্ৰথমে বোলছবিখন কেৱল ইণ্টাৰনেটত মুক্তি দিয়াৰ কথা আছিল, কিন্তু বন্ধুবৰ্গ আৰু শুভাকাংক্ষীৰ সহায়ত পাছত চিনেমা ঘৰতো মুক্তিৰ সিদ্ধান্ত লোৱা হয়।

দেশৰ আটাইতকৈ বৃহৎ চিনেমা শৃংখল “পিভিআৰ চিনেমা”ৰ স্বাধীন উদ্যম “পিভিআৰ ডাইৰেক্টৰচ ৰেয়াৰ” শিতানত দেশৰ নিৰ্বাচিত চহৰত প্ৰদৰ্শিত হয় লোকেল কুংফু৷ উল্লেখযোগ্য যে জাহ্নু বৰুৱাৰ ছবি “বান্ধোন”য়েই এইদৰে অসমৰ বাহিৰত মুক্তি পোৱা প্ৰথমখন অসমীয়া ছবি৷ তাৰ পাছতে প্ৰতিভাশালী যুৱ পৰিচালক কেনীৰ এই ছবিখনে ‘পিভিআৰ ৰেয়াৰ’ যোগে অসমৰ বাহিৰত দেশৰ বিভিন্ন মহানগৰত মুক্তি লাভ কৰে ৷ অতি কম বাজেটত নিৰ্মিত কেনীৰ এই ছবিখন অসমীয়া ছবি উদ্যোগৰ বাবেই এক আদৰ্শ বা অনুকৰণীয় হৈ থাকিব।

ছবিখনৰ কাহিনী সহজ সৰল তথা ঘৰুৱা। প্ৰতিটো চৰিত্ৰই কাহিনীটো ইমান সুন্দৰকৈ উত্থাপন কৰিছে যেন সকলোবোৰ সন্মুখত ঘটি আছে। ছবিখনত অতিৰঞ্জিত বুলিব পৰা একোৱেই নাই। সচৰাচৰ ঘৰৰ চাৰিওফালে ঘটি থকা ঘটনা কিছুমানকে ইয়াত দেখুওৱা হৈছে। আনবোৰ চলচ্চিত্ৰৰ দৰে লিখিত ভাষাত সংলাপ দিবলৈ যত্ন কৰা নাই। ছবিখনৰ প্ৰায়বোৰ দৃশ্যই দৰ্শকক হাঁহিৰ খোৰাক দিয়াত সফল হৈছে। লগতে শেষৰ ‘একচন ছিকুৱেঞ্চ’কেইটাই ছবিখনক আৰু উচ্চ স্তৰলৈ আগবঢ়াই নিছে বুলি ক’লে নিশ্চয়কৈ বঢ়াই কোৱা নহয়।

ইয়াৰ পাছত প্ৰায় চাৰি বছৰৰ বিৰতিৰ অন্তত যোৱা ১৯ এপ্ৰিলত মুক্তি পায় অসমীয়া আৰু হিন্দী দুয়োটা ভাষাত চিত্ৰায়িত হোৱা লোকেল কুংফুৰ ছিকুৱেল ‘লোকেল কুংফু-২৷ কেনী বসুমতাৰী পৰিচালিত এই চলচিত্ৰখন যুগান্তকাৰী নাট্যকাৰ শ্বেক্সপীয়েৰৰ “দ্যা কমেডী অব ইৰ’ৰছ” নাটকৰ আধাৰত নিৰ্মাণ কৰা হৈছে৷ লোকেল কুংফুৰ সাফল্যৰ পিছতেই দৰ্শকে ছিকুৱেলৰ বাবে অপেক্ষা কৰি আছিল। আজিকালি অসমত ক্ৰাউড ফাণ্ডিঙৰ চলচিত্ৰসমুহে যথেষ্ট গুৰত্ব লাভ কৰিছে৷ ইয়াৰে এক জলন্ত উদাহৰণ “লোকেল কংফু 2″। ছ’চিয়েল মিডিয়াযোগে পোষ্ট প্ৰডাকচনৰ সহায় বিচৰাৰ পিছতেই অতি কম দিনতে প্ৰায় ৮ লক্ষাধিক টকা ক্ৰাউড ফাণ্ডিঙৰ জৰিয়তে চলচিত্ৰখনে পাবলৈ সমৰ্থ হৈছিল৷ পূৰ্বৰ লোকেল কংফুৰ দৰে এই চিকুৱেল খনেও অসমৰ লগতে সমগ্ৰ ভাৰততে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

কেনী বসুমতাৰীৰ পৰা অসমৰ ৰাইজে আগলৈও এনেধৰণৰ সৰ্বাংগসুন্দৰ, হাস্য-ব্যংগ তথা ব্যতিক্ৰমী চলচিত্ৰ পাব বুলি আশা কৰিব পাৰি। অসমীয়া বোলছবি জগতক সমগ্ৰ ভাৰত তথা বিশ্ব দৰবাৰত চিনাকি কৰাব পৰাকৈ উচ্চ মানদণ্ডৰ বোলছবি উপহাৰ দিবলৈ অসমৰ চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ পৰা উৎসাহ তথা সহযোগ কামনা কৰা হল। শেষত সমূহ অসমবাসী ৰাইজৰ হৈ ফটাঢোল গোটৰ পৰা আমি কেনী দেউৰী বসুমতাৰীৰ এক সুন্দৰ ভৱিষ্যত কামনা কৰিলোঁ।

কেনী বসুমতাৰীৰ সৈতে সাক্ষাৎকাৰ

~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~

ফটাঢোল – কিশোৰ কেনীৰ বিষয়ে আমাৰ পঢ়ুৱৈক অলপ জানিবলৈ দিব নেকি?

কেনীঃ– কিশোৰ কাললৈ মনত পৰিলে একেবাৰে নষ্টালজিক হৈ যাওঁ‌৷ অলপ দুখো লাগে। সেই দিনবোৰত আমাৰ ওপৰত এটাই দ্বায়িত্ব আছিল – পৰীক্ষাত ভাল নম্বৰ পাব লাগে। মই গুৱাহাটী, তেজপুৰ আৰু লক্ষীমপুৰত ডাঙৰ দীঘল হৈছো। সৰুতে বেছি ভাগ সময় কিতাপ আৰু কমিকছ পঢ়িয়েই কটালো। তেজপুৰ আৰু লক্ষীমপুৰত থকা সময়চোৱাত প্ৰায় প্ৰতিটো আবেলি ফুটবল আৰু ক্ৰিকেট খেলো। সেই সময়ত অৱশ্যে এটা কাম মোৰ বৰ প্ৰিয় আছিল৷ খুব চাইকেল চলাও৷ যলৈকে নহওক চাইকেলতেই অহা-যোৱা কৰো।

সৰু কালতেই টিংকল, টিনটিন, এষ্টাৰিক্স, পি জি উডহাউচ পঢ়ি মোৰ মনত সম্ভৱ তেতিয়াই এটা ‘কমিক’ অনুভৱৰ ভেটি এটা তৈয়াৰ হৈছিল। এসময়ত হাইস্কুল পালোগৈ৷ সেই সময়ত আনৰ দৰেই মোকো ৰোমান্তিক বতাহে চুইছিল৷ ক্লাছ নাইনত মোৰ ক্লাছৰেই ছোৱালী এজনীৰ প্ৰেমত পৰিলো। প্ৰেমত পৰিলেই নহ’ব, প্ৰেম চলাই যাবলৈ টকাৰো দৰকাৰ৷ পিছে সেই সময়তে কম বাজেটৰ, ম’বাইল-বিহীন ৰোমান্স এটা চলাবলৈ বহুত চেষ্টা কৰিলো, কিন্তু মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছত তাই মোক নাকচ কৰিলে।

কটন কলেজত হায়াৰ চেকেণ্ডেৰীৰ এডমিচন ল’লো, ভাগ্যক্ৰমে তাত প্ৰেমিকা এজনী পালো। সেইখিনি সময়তে প্ৰেমৰ আন এটা ৰূপত চিনেমাৰ পোক এটাও মুৰত সোমাইছিল৷ প্ৰত্যেক শুক্ৰবাৰে ৰাতিপুৱাৰ প্ৰথম ক্লাছটো কৰিয়েই চিনেমা হ’ললৈ দৌৰো। পিছে পঢ়া-শুনাও মোটামুটিকৈ চলাই নিছিলো৷ পঢ়া-শুনাক অৱহেলা কৰা নাছিলো বাবেই হয়তো মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰী দুইটাতে একেবাৰে সমান মাৰ্কচ পালো – ৮০.4%। থুলমুলকৈ এয়াই মোৰ শৈশৱ আৰু কৈশোৰৰ কথা।

ফটাঢোল– এখন আগশাৰীৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা শিক্ষা আধাতে সামৰি ওলাই অহাৰ সময়ত আপোনাৰ মনত ভবিষ্যতক লৈ কেনেকুৱা পৰিকল্পনা আছিল ?

কেনী– শিক্ষা আধাতেই সামৰিলো বুলি ক’ব নোৱাৰি, কাৰণ বেকলগ ইমানেই বাঢ়ি গৈছিল যে হয়তো আৰু শিক্ষা শেষ কৰিবলৈ আৰু চাৰিবছৰ মানেই লাগিলহেঁতেন। ইমানেই মানসিক ভাবে ভাগি পৰিছিলো যে চতুৰ্থ বছৰত মই এটাও ক্লাছ নকৰিলো৷ মোৰ ওপৰত একাডেমিক প্ৰেচাৰ দিনে দিনে বাঢ়ি গৈছিল আৰু ইমান কষ্ট কৰি তিনি-চাৰি বছৰ লোকচান কৰিবলৈ মোৰ তিলমাত্ৰও মন নাছিল ৷ নিজৰ মনোকষ্ট আৰু বেছিকৈ বঢ়াই লোৱাতকৈ মই ভাবিলো “Cut your losses and run”। সেই সময়ত বিশেষ পৰিকল্পনা একো নাছিল, কিন্তু ভাগ্যক্ৰমে NE TV’ত ইংৰাজী নিউজ ৰিডাৰৰ চাকৰি এটা পালো আৰু পিছৰ তিনি বছৰ সেয়াই কৰিলো।

ফটাঢোলঃ– অসমীয়া চিনেমাৰ সাম্প্ৰতিক দুৰৱস্থাৰ সময়তো আপুনি “লোকেল কুংফু”ৰ যোগেদি এখন সম্পূৰ্ণৰূপে ব্যতিক্ৰমী আৰু কম বাজেটৰ কথাছবি দৰ্শকক আগবঢ়োৱাৰ সাহসী পদক্ষেপ হাতত ল’লে। কথাছবিখনৰ মুক্তিৰ আগেয়ে ইয়াৰ সফলতা-বিফলতাক লৈ আপোনাৰ মনত কেনেকুৱা ধাৰণা আছিল, অলপ বিশদভাৱে ক’ব নেকি?

কেনীঃ– কম বাজেটৰ কথাটোৱেই আমাৰ বাবে বাধা আছিল৷ টকা পইছাৰ অসুবিধা হোৱাৰেই কথা, কিয়নো মোৰ মা-দেউতাৰ কোনো গুটখা ফেক্টৰী নাছিল! (হাঁহি) পিছে ৰিলিজ দিয়াৰ সময়ত আমি আশাবাদী আছিলো যে মানুহে কথাছবিখন আকোঁ‌ৱালি ল’বই। কিন্তু ৰিলিজ দিয়াৰ লগে লগে আমাৰ সন্মুখত দুটা ডাঙৰ বাধা আহি পৰিল। প্ৰথমটো হ’ল, আমাৰ মানুহৰ সাধাৰণ ধাৰণা যে অসমীয়া চিনেমাৰ গুণগত মানদণ্ড উন্নত নহয়, যাৰ বাবে “লোকেল কুংফু”ৰ প্ৰথম কেইদিনমান চিনেমা হ’লত মানুহৰ সংখ্যা খুব কম আছিল। অৱশ্যে লাহে লাহে দৰ্শকৰ সংখ্যা বাঢ়িল আৰু এটা দেওবাৰে আমি গুৱাহাটীৰ গ’ল্ড চিনেমাত এটা হাউচফুল শ্ব’ পালো। কিন্তু সমান্তৰাল ভাবে দ্বিতীয় বাধাটো আহি গ’ল, বুধবাৰে – ৰণবীৰ কাপুৰৰ বেচৰম। নিৰ্দ্ধাৰিত দিনতকৈ দুদিন আগতে, বুধবাৰে ৰিলিজ দিয়া হ’ল ৰণবীৰ কাপুৰৰ চিনেমা বেচৰম আৰু লগে লগে আমাৰ চিনেমা প্ৰেক্ষাগৃহৰ পৰা আতঁ‌ৰাই দিয়া হ’ল। কিন্তু আমাৰ চিনেমাখনৰ পাইৰেটেড ভাৰ্চন বজাৰত আহি যোৱাৰ লগে লগে সেইখনে ইমান জনপ্ৰিয়তা আৰ্জন কৰিলে, সেইটো আমি কেতিয়াও কল্পনাও কৰা নাছিলো।

ফটাঢোলঃ– অসমীয়া চিনেমাৰ সাম্প্ৰতিক দুৰৱস্থাৰ মূলতঃ কাৰণ সমূহ কি বুলি ভাবে? ইয়াৰ উন্নয়নৰ বাবে চৰকাৰে কেনেধৰণৰ হস্তক্ষেপ কৰাটো বাঞ্চনীয় বুলি ভাবে?

কেনীঃ– মূলতঃ কাৰণ তিনিটা বুলি ভাবো।

১) অসমীয়া চিনেমাৰ সামগ্ৰিকভাৱে গুণগত মানদণ্ড হ্ৰাস পাইছে।
২) অসমত চিনেমা হ’লৰ সংখ্যা অতি কম, যাৰ ফলত চিনেমা এখন হাউচফুল হ’লেও মুঠ ৰাজহ বেছি নাহে। বলিউডৰ চিনেমা এখনে ১০০০-৩০০০ স্ক্ৰীনৰ পৰা আয় কৰে, য’ত অসমীয়া চিনেমাৰ আয় মাত্ৰ ১৫-২০ টামান হ’লৰ পৰাহে আহে।
৩) উন্নত মানদণ্ডৰ চিনেমাৰ প্ৰতি ৰাইজৰ সচেতনতা।

কেৰেলা আৰু তামিলনাডুৰ উদাহৰণৰ পৰা আমি শিকিব পাৰো। সেইফালে বহুতো মিনিপ্লেক্স আৰম্ভ হৈছে আৰু সেই মিনিপ্লেক্সবোৰত টিকটৰ মুল্যৰ ওপৰত “কেপ” এটা থাকে, সৰ্বোচ্চ ১০০-১২০ টকা। ফলস্বৰূপে সাধাৰণ মানুহেও পৰিয়ালৰ সৈতে সঘনাই চিনেমা চাব পাৰে। সেয়ে প্ৰায়ে ৭০-৮০% দৰ্শকেৰে চিনেমাহল ভৰ্তি থাকে। পুৰণি চিনেমা হলবোৰৰ মেৰামতি আৰু নতুনকৈ চিনেমা-হল খোলাৰ বাবে অসম চৰকাৰেও নতুন আঁ‌চনি লৈছে৷ নিশ্চয়কৈ এয়া এক ধনাত্মক কথা। মোৰ অনুৰোধ, সৰু ডাঙৰ সকলো জিলাতে মিনিপ্লেক্স খোলাৰ প্ৰচেষ্টা হ’ব লাগে আৰু যদি কোনো অসমীয়া চিনেমাই ভাল দৰ্শক পায় (যেনে ধৰক প্ৰথম সপ্তাহত ৫০% হাউচফুল), তেন্তে বলিউডৰ চিনেমাৰ প্ৰেচাৰত অসমীয়া চিনেমা এখন আতঁ‌ৰাই দিব নোৱাৰাকৈ কঠোৰ নিয়ম-কানুন হ’ব লাগে।

ফটাঢোলঃ– অভিনয় আৰু পৰিচালনাৰ লগতে আপুনি “চক’লেট,গীটাৰ মম’জ” কিতাপখনৰ যোগেদি এজন লেখক হিচাপেও আত্মপ্ৰকাশ কৰিছে। কিতাপখনৰ বিষয়ে আৰু লেখক কেনীৰ বিষয়ে আমাৰ পঢ়ুৱৈক দুআষাৰ জনাব নেকি?

কেনীঃ– “চক’লেট গীটাৰ মম’জ” এখন মিউজিকেল ৰোমাণ্টিক কমেডী, প্ৰথমে মই এখন ল’ বাজেট চিনেমা স্ক্ৰীপ্ট হিচাপে লিখিছিলো। কিন্তু মুম্বাইত স্ক্ৰীপ্ট লিখাটো কোনো ডাঙৰ কথা নহয়- হাজাৰ হাজাৰ স্ক্ৰীপ্ট পৰি আছে। সেইয়ে মই ভাবিলো উপন্যাস আকাৰত লিখিলে বেছি ভাল হ’ব। সেইখন উপন্যাস হিচাপতে প্ৰকাশ কৰিলো, প্ৰথম প্ৰকাশৰ ৫০০০ কপি বিক্ৰীও হ’ল।

পৰৱৰ্তী উপন্যাস লিখাও আৰম্ভ কৰিছিলো। কিন্তু যদিহে আপোনাৰ PR বাজেট নাথাকে, তেন্তে কিতাপ এখন বেষ্ট-চেলাৰ হোৱাৰ আশা খুব কম। খুব ভাল কিতাপ কেইখনমান, যেনে সিদ্ধাৰ্থ শৰ্মাৰ “The Grasshopper’s run”, কৌশিক বৰুৱাৰ “Windhorse”-আদিয়ে সমালোচকৰ খুব ভাল সঁ‌হাৰি পালে, কিন্তু বজাৰত আশানুৰূপ সঁ‌হাৰি নাপালে। কিন্তু বহু মধ্যমীয়া শৈলীৰ লেখক, যাৰ কিতাপৰ মাৰ্কেটিঙৰ নামত খৰচ কৰিবলৈ যথেষ্ট পইছা থাকে, সেইবোৰ বেষ্ট-চেলাৰ হৈ যায়।

ফটাঢোলঃ– আপোনাৰ বৰ্তমান চলি থকা কামবোৰৰ বিষয়ে আমাক অলপ আভাস দিব নেকি?

কেনীঃ– এই ইণ্টাৰভিউটো প্ৰকাশ হোৱালৈ “ৰাগ-দেশ” নামৰ হিন্দী চিনেমাখন থিয়েটাৰত ৰিলিজ হ’ব। “ৰাগ-দেশ” চিনেমাখন “পান সিং তোমৰ”, “গেংচ অৱ ৱাছিপুৰ” খ্যাত পৰিচালক টিমাংশু ঢুলিয়াৰ দ্বাৰা নিৰ্দেশিত চিনেমা৷ এই চিনেমাখন নেতাজী সুভাষ চন্দ্ৰ বসুৰ ইণ্ডিয়ান নেচনেল আৰ্মিৰ তিনিজন অফিচাৰৰ ৰেড ফ’ৰ্টত হোৱা বিচাৰৰ ভিত্তিত নিৰ্মিত। চিনেমাখনত মই নেতাজীৰ চৰিত্ৰত অভিনয় কৰিছো। কেইটামান বিশেষ ফ্লেছ-বেকত মোক দেখা পাব। মুখ্য অভিনেতা কেইজন হৈছে- কুণাল কাপুৰ, অমিত চাঢ, মোহিত মাৰৱাহ আৰু মৃদুলা মুৰাৰী।

টিমাংশু ঢুলীয়াৰ পৰৱৰ্তী চিনেমা “য়াৰা”ত এটা মুখ্য ভূমিকাত বিদ্যুত জমৱাল, অমিত চাঢ আৰু বিজয় বাৰ্মাৰ সৈতেও মই আছো। “য়াৰা” চিনেমাখন এই বছৰৰে ছয় অক্টোবৰত ছবিগৃহলৈ আহিব।

ইয়াৰ বাদে ‘ৱেব চিৰিজ’ এখন বনাবলৈ মুম্বাইত আলোচনা চলাই আছো, কিন্তু এতিয়ালৈকে বিশেষ একো ফাইনেল হোৱা নাই। অসমীয়া চিনেমা এখন বনোৱাৰো তীব্ৰ এটা ইচ্ছা আছে, কিন্তু লোকেল কুংফু-১ আৰু লোকেল কুংফু-২ দুয়োখনৰে বাজেট এতিয়ালৈ ৰিক’ভাৰী হোৱা নাই। এই দুখনত ক্ৰাউড ফাণ্ডিং আৰু স্পনচ’ৰৰ ফাণ্ডিং নোপোৱা হ’লে বহুত ডাঙৰ লোকচান হ’লহেঁতেন।

ফটাঢোলঃ– আপোনাৰ এই বহুমুলীয়া সময়খিনি আমাক দিয়া বাবে আমি নথৈ আনন্দিত আৰু কৃতজ্ঞ। শেষত আমাৰ ফেচবুকীয়া ব্যংগ গোট ফটা-ঢোল আৰু ই-আলোচনীখনৰ পঢ়ুৱৈসকলক উদ্দেশ্যি কিবা বাৰ্তা দিব বিচাৰে নেকি?

কেনীঃ– আপোনালোক সকলোলৈ অশেষ ধন্যবাদ, পঢ়া-শুনাৰ স্পিৰিটটো জীয়াই ৰখাৰ বাবে। যি সমাজৰ মানুহে –লেখা-পঢ়া নকৰে, সেই সমাজৰ পতন নিশ্চিত। ধন্যবাদ৷

 

4 Comments

  • মোৰ অন্যতম প্ৰিয় লোকসকলৰ এজন কেনী বসুমতাৰী। তেওৰ বিষয়ে জানিব পাৰি বৰ ভাল লাগিল। কেনী আৰু ফটাঢোল দুয়োলৈকে অভিনন্দন আৰু শুভকামনা থাকিল!

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

    মোৰ ভাললগা মানুহবোৰৰ অন্যতম।ভাল লাগিল।

    Reply
  • Biswajit Borah

    We proud of you keni sir

    Reply
  • কুসুমাঞ্জলি শৰ্মা

    প্ৰিয় মানুহগৰাকীৰ মুখেৰে বহুকথাই জানিলোঁ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *