প্ৰেমপত্র – বৰ্ণালী মুদৈ
ক্লাচলৈ মেডাম আহিয়ে সুধিলে, “বৰ্ণালী তুমি বোলে মলয়ক প্রেমপত্র দিছিলা! মলয় তোমাৰ প্রেমপত্র পঢ়ি অজ্ঞান হৈ গ’ল।” মেডামৰ কথা শুনি মোৰ কলিজা শুকাই গ’ল। মলয় মেডামৰ একমাত্র ল’ৰা। ৰাক্ষসী মাকৰ একমাত্র মৰমৰ সন্তান। মেডামে আকৌ ক’লে় “কি হ’ল তুমি উত্তৰ নিদিয়া কিয়”? ভয়তে মই গোটেইজনী কঁপিবলৈ ধৰিলোঁ। যিকোনো সময়তে কাপোৰে কানিৰে যাওঁ যাওঁ অৱস্থা। জীৱনত কেতিয়াবা মেডামৰ ক্লাচত প্ৰশ্নৰ উত্তৰ দিছোঁ বুলি মনত নাই!… মেডামে এনেই মোক দেখিবই নোৱাৰে কথা বেছি কওঁ বুলি। তাতে আকৌ তেওঁৰ পুতেককেই প্রেমপত্র দিলোঁ, তাকো
Read more