ফটাঢোল

ফটা প্ৰেম – হিতেশ বি বৰুৱা

মই তেতিয়া নৱম শ্ৰেণীত পঢ়ি আছোঁ। আমাৰ গাঁৱৰে ছোৱালী এজনী তেতিয়া সপ্তম শ্ৰেণীত পঢ়ি আছিলে। তেতিয়া তাইৰ লগত মোৰ অলপ লিলিমাই চলি আছে, প্ৰেম নামৰ নাটকখনৰ৷‌ তাইৰ ঘৰৰ মানুহৰ লগত মোৰ মাত-বোল নাই। কাৰণ এবাৰ উৰুকাৰ দিনা মোৰ বন্ধু এজনে সিহঁতৰ ঘৰৰ পদূলিত দিয়া বেৰখন ডাঙি আনি জুইত জাঁপি দিছিল। তেতিয়া তাইৰ খুৰাক আহি মোৰ লগতে দুজন বন্ধুক দম দিলে যে আমি হেনো আনিছোঁ বেৰকেইখন। আচলতে মই বেৰ অনাৰ সময়ত নাছিলোঁ, জুই জ্বলোৱা সময়ত জুইত দেখি আহিছিলোঁ। কিন্তু কোনে আনিছে

Read more

ফটা প্ৰেম – জীতা ফুকন

ফটা বুলি নকৈনো কি বুলি ক’ম আৰু। যোৰা নালাগোতেই ফাটি থাকিল। তেতিয়া ক্লাচ চেভেনমানত পঢ়িছিলোঁ। দেখাই শুনাই অপেস্বৰী নহ’লেও বেয়াও নাছিলোঁ ইমান। তেনেকুৱাতে চকু পৰিল এজনৰ ওপৰত। আই ঐ, ইমান ধুনীয়া ল’ৰাটো। চকুৱেই চাবানে, মুখেই চাবা, হাঁহিটোৰ কথা নক’লোৱেইবা। সি মোতকৈ দুবছৰ মানৰ ডাঙৰ আছিল, গীটাৰ বজাইছিল। আমি দেওবাৰে সদায় মইনা পাৰিজাতলৈ গৈছিলোঁ। তাতে সকলো লগ হওঁ। নাচ, গান, নাটক, তৰ্ক, আকস্মিক বক্তৃতা, কবিতা পাঠ সকলো হৈছিল। এইবোৰৰ মাজতে আমি ইটোৱে সিটোক পিৰিক্ পাৰাক্ চাই থাকোঁ সুবিধা মিলাই মিলাই। উহ্!

Read more

সেই নিৰ্বাচনী কোঠালিটোত – পৰিস্মিতা দাস

প্ৰেম এটা আলফুল শব্দ ফুলৰ দৰে সুবাসিত জোনাকৰ দৰে স্নিগ্ধ লালন কৰোঁ হৃদয়ত প্ৰতিনিয়ত৷ সঁচাকৈয়ে প্ৰেম মোৰ প্ৰতি উশাহৰ অপূৰ্ণ হেঁপাহ৷ প্ৰতিটো পুৱাই মই যেন হৈ পৰোঁ প্ৰেমৰ পৰশ বিচাৰি উৰি ফুৰা এটি পৰিভ্ৰমী চৰাই আৰু প্ৰতিনিশা টোপনি যাওঁ এটি প্ৰেমময় সপোনৰ অপেক্ষাত৷ ৰ’ব, আপোনালোকে নাভাবিব যে মোৰ জীৱনলৈ প্ৰেম কেতিয়াও অহাই নাছিল৷ আহিছে৷ ময়ো পাইছোঁ প্ৰেমৰ আলফুল সুকোমল পৰশ৷ এবাৰ নহয় বহুবাৰ মোৰ হৃদয়ৰ পদূলি গৰকিছে প্ৰেমে৷ কিন্তু প্ৰতিবাৰেই মলয়া বতাহৰ দৰে আহি বৰদৈচিলাৰ দৰে গুচি গৈছে প্ৰেম মোৰ

Read more

ফটাপ্ৰেম – ৰাজশ্ৰী শৰ্মা

তেতিয়া মানে নতুন নতুনকৈ ল’ৰা চাবলৈ শিকিছোঁ আৰু দেই। বৰ বঢ়িয়া বঢ়িয়া ৰোমাণ্টিক চিনেমাবোৰ চাই ভাল লগা বয়স আৰু। পিছে আমাৰ ঘৰততো কেবোল নাই, ডি ডি ওৱান আৰু ডি ডি টুত যি দিয়ে ধৰ্মেন্দ্ৰ, মিঠুন বা শত্ৰুঘ্ন সিনহাৰ চিনেমা তাকেই চাওঁ আৰু ভগৱানৰ প্ৰসাদ বুলি। স্কুলৰ পৰা কিছুমান লগৰ ছোৱালীৰ প্ৰেম কাহিনীও শুনি আহোঁ, Archies ৰ কাৰ্ড পায়। কি ধুনীয়া ধুনীয়া কাৰ্ডবোৰ। কোনোবাই দিলেই যেন প্ৰেমত পৰি দিম, তেনেকুৱা ফিলিংচ আৰু দিয়কচোন। পিছে আমুকীৰ ঘৰত দুটা ৰুক্মবীৰ যে, গতিকে ভয়ো

Read more

কাউ ৰাইডিং – অৰবিন্দ গোস্বামী

সুন্দৰ-সুঠাম ভাস্কৰ বৰডেকাই তেতিয়া কলেজীয়া জীৱন শেষ কৰিছে। ফাইনেল পৰীক্ষাৰ ৰিজাল্টো দিয়া নাই। কলেজলৈ যোৱা সময়কণত সেয়েহে ঘৰত মন নবহে। নিবিড় বন্ধু সৌৰভ শৰ্মাৰ লগত কলেজ চাৰিআলিলৈ এনেই ওলাই যায়। দুই এগৰাকী সুন্দৰীৰ ৰূপসুধা পান কৰি নয়ন সাৰ্থক কৰে। কলেজীয়া প্ৰেমৰ কেৰিয়াৰ দুয়োৰে একে নহয়। সৌৰভৰ প্ৰেয়সী তেতিয়াও কলেজীয়া ছাত্ৰী। কিন্তু ভাস্কৰ প্ৰেম নামৰ কিতাপখনৰ সূচীপত্ৰতে থাকিল। গতিকে কলেজ ৰ’ডলৈ ওলাই গ’লে সৌৰভৰ লাভ বেছি হয়। অকণমান সময় হ’লেও প্ৰেয়সীৰ সৈতে কথা পাতি মন জুৰায়। ভাস্কৰে আগৰ দৰেই চালে-বেৰে কোবাই

Read more

ফটা প্ৰেম – জ্ঞানদীপ খনিকৰ

বহু দিনৰ আগৰ কথা, খ্ৰীষ্টাব্দ ২০০৫। হাতীঘূলী নামৰ এখন গাঁৱত মোৰ নামেৰে এজন দশম শ্ৰেণীত পঢ়ি থকা ল’ৰা আছিল। তেতিয়া বৈপ্লৱিক মন, ব্যক্তি স্বাধীনতাৰ সংগ্ৰাম, সন্মুখত মেট্ৰিক আৰু ডেকা বয়সৰ আৰম্ভণিৰ গলগলীয়া হোৱা মাতটোৰ অকণমান মিহি হোৱাৰ সময় আছিল। তেনে এটা দিনতেই হৈ গৈছিল কাৰোবাৰ বাবে এক অদ্ভূত আকৰ্ষণ। পিছতহে গম পালোঁ সেইয়াই প্ৰেম, সেইবোৰেই ভালপোৱা…। সেইদিনা আছিল…দিনটো পাহৰিলোঁ। স্কুলৰ বাৰ্ষিক খেল-ধেমালি সপ্তাহ হৈ আছিল। খেল বিভাগৰ সম্পাদক মই। আবেলি সেইদিনা স্কুলৰ ল’ৰা-ছোৱালী গৈ প্ৰায় শেষ। মইও হেড্ ছাৰৰ ৰূমৰ

Read more

ফটাপ্ৰেম – পূৰ্ণময়ী মেধি

ক্লাছ নাইন মানৰ কথা। তেতিয়া মই অজয় জাদেজাৰ সাংঘাতিক প্ৰেমিকা। তেওঁৰ ফটো বিচৰাই মোৰ কাম। যিয়ে ফটো দিয়ে, তাক যি লাগে তাকে দিওঁ। চেণ্টাৰ ফ্ৰেচৰ লগত তেতিয়া ভাৰতীয় ক্ৰিকেটাৰসকলৰ কেৰিয়াৰ ৰেকৰ্ডসহ ফটোৰে সৈতে কাৰ্ড দিছিল। তেনেকৈও জাদেজাৰ ফটো বহুত গোটাওঁ। মোৰ ভাইটিৰ লগত কেৰম খেলিবলৈ অহা মেট্ৰিক দিবলগীয়া ল’ৰা এটাই প্ৰায়ে মোলৈ অজয়ৰ কাৰ্ড লৈ আহে। সি আহিলে মই খুব ভালপাওঁ। সি আকৌ সুবিধা লৈ মোৰ বাহিৰা বহীত কবিতাৰ দৰে কিবা কিবি লিখি থৈ যায়। মই পঢ়োঁ, কিন্তু বুজি নাপাওঁ।

Read more

ফটা প্ৰেম – মাধুৰীমা ঘৰফলিয়া

ফাগুনৰ বতাহজাকে যেতিয়াই তেতিয়াই মন ৰিঙা ৰিঙা কৰিব পৰা বয়স সেয়া। প্ৰেম বুলিলে ভাললগাৰ পৰা ভালপোৱা হোৱাই নাছিল। হ’বই বা কেনেকৈ, কোনোবা এজনক ভাললগাৰ পাছত, এটা দুটা প্ৰেমৰ বাৰ্তা আদান প্ৰদান হোৱাৰ পাছতে আনকোনোবা এজনক তাতোতকৈ বেছি ভাল লাগি যায়! লগা লগ আগৰজনৰ সৈতে ভালপোৱা-ভাললগাৰ কথা বন্ধ কৰি সিজনৰ সৈতে আদান প্ৰদান চলে! লাগিলে বহুজনৰ সৈতে সেয়া একপক্ষীয় হৈ থাকক! আমাৰ সেই সময়ৰ পৰা নীতি আছিল আমাৰ ভাল লাগিছে যেতিয়া সমুখৰজনৰ আমাক ভাল লাগক বা নালাগক তাত কি আহে যায়।

Read more

সোঁৱৰণিৰ কুঁৱলীয়ে – জিতু শৰ্মা

সোঁৱৰণিৰ কুঁৱলীয়ে চিঞৰি চিঞৰি কয় অতীতৰ সীমা ৰেখা নাই ….. নগাঁৱৰ ফটাঢোল মীটলৈ নগ’লোঁ যদিও ঘৰতে বহি কাকতি দাৰ গান লাইভ চাই আছোঁ। জয়ন্ত হাজৰিকাই গোৱা মোৰ এটা অতি প্ৰিয় গান। সঁচাই সোঁৱৰণিও কাৰোবাৰ বাবে মধুৰ হ’ব পাৰে, মোৰ বাবে কিন্তু বৰ গধুৰ। গান শুনি শুনি সোৱঁৰণিৰ কুৱঁলীত অতীতলৈ ফ্লেচবেক, ডিগ্ৰী ফাইনেল ইয়েৰ …. পুৱাৰ সুৰুযে ঢাকিলে মুখৰ ছবি দুৰৰ আকাশ জুৰি ….. বাইদেৱে লগাই দিয়া ৰেডিঅ’ত গীতাঞ্জলী শুনি লৰালৰিকৈ কিতাপ সামৰি মাক চিঞৰিলোঁ, : মা ভাত হ’লনে? কলেজ যাবৰ

Read more

টিকটক আৰু মোৰ ফটাপ্ৰেম – ধৃতিস্মিতা বৈশ্য

নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰাৰ দৰেই মই দিষ্টিংচন মাৰ্ক লৈ মেট্ৰিক পাছ কৰাৰ পিছত দেউতাই মোক এখন বাইক কিনি দিলে আৰু সেইখন লৈ মই পাঁচ কি:মি: দূৰৰ কলেজলৈ নিতৌ অহা-যোৱা কৰোঁ।মেট্ৰিকত মই ভাল ৰিজাল্ট আশা কৰা নাছিলোঁ যদিও মাৰ ‘চকীদাৰী’ আৰু দেউতাৰ প্ৰতিশ্ৰুতিৰ ফলত আশা কৰাতকৈ বহুত ভাল ৰিজাল্ট হ’ল আৰু বন্ধুমহলত মোৰ প্ৰেছটিজ ও বাঢ়িল।কলেজত লগৰবোৰে মোক ইমান পাত্তা দিয়া দেখি মোৰ নিজৰে ‘প্ৰিন্স’ টাইপৰ ফিলিং এটা আহি গ’ল আৰু নতুনকৈ যৌৱনৰ ‘বলিয়া বতাহত’ মোৰো উটি- ভাঁহি ফুৰিবলৈ মন গ’ল।

Read more
1 16 17 18 19 20 31