ফটাঢোল

জানু কুমাৰৰ প্ৰেম – ডলী তালুকদাৰ

মেট্ৰিক পাছ কৰাৰ সময়ৰ কথা৷ কলেজ যাবলৈ আৰম্ভ কৰিছোঁ৷ মন উগুল থুগুল লগতে ৰোমাঞ্চিত৷ ব’ৰিং ইউনিফৰ্ম এৰি এতিয়া ধুনীয়া ধুনীয়া ৰং বিৰঙৰ কাপোৰ পিন্ধিম৷ চকুত কাজল, ওঁঠত লিপষ্টিক বোলাম আৰু তাতোকৈ ডাঙৰ কথাটো হ’ল হাইহিল চেণ্ডেল পিন্ধি কলেজলৈ যাম, কিয়নো আগতে বন্দোবস্ত কৰা আছিল যে যদিহে ভালকৈ পাছ কৰোঁ তেতিয়া বেলেগ কিবা উপহাৰ দিয়ক বা নিদিয়ক মোক ওখ চেণ্ডেল এযোৰ লাগিবই৷ আৰু সময়ত কথাষাৰ আমি দুয়ো পিতা পুত্ৰীয়ে ৰাখিছিলোঁ৷ কলেজ যোৱা দুমাহমান হৈছিল, কলা বিভাগত এডমিছন লৈছিলোঁ৷ অংকৰ টেনচন নাই

Read more

এক্সট্ৰা ক্লাচৰ আঁৰে আঁৰে – শ্ৰী খনিন্দ্ৰ ভূষণ মহন্ত

অৱচেতনভাবে কল্পনা বিলাসী মন এটা গঢ় লৈ উঠাৰ বাবেই নেকি, ষষ্ঠ শ্ৰেণীৰ পৰাই উপন্যাস পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ৷ ভালকৈ একো বুজি পোৱা নাছিলোঁ যদিও, পঢ়ি কিবা এটা ভাল লাগিছিল৷ বিশেষকৈ নায়ক-নায়িকাৰ মাজৰ সেই বিশেষ কথোপকথন তথা বৰ্ণনাবোৰে মোক বেলেগ এটা সোৱাদ দিছিল৷ এই যে দুডলীয়া বেণী গুঠি নায়িকা স্কুলৰ পৰা আহি থাকে, পিন্ধনত চাদৰ-মেখেলা৷ আদ-বাটতে চাইকেলত আহি থকা নায়কৰ সৈতে ভেটা-ভেটি৷ তাৰ পাছত দুয়ো ওচৰা-ওচৰিকৈ খোজ কাঢ়ি গৈ থাকে৷ নায়কে এহাতে চাইকেল ঠেলে, আনটো হাতেৰে চোলাটো এনেই ঠিক কৰি লয়৷ ইফালে

Read more

ফটাপ্ৰেম – নীলাক্ষী দেবী ডেকা

সঁচা প্ৰেম ভূতৰ দৰে, সকলোৱে শুনিছে কিন্তু অতিশয় ভাগ্যবানজনেহে দেখা পায় আৰু যি নাপায় তেওঁ তাৰ অস্তিত্বত বিশ্বাস নকৰে। কিন্তু ফটাপ্ৰেম? সেইবিধ বস্তু সাধাৰণতে কোনেও নিবিচাৰে তথাপিও নিবিচৰাকৈয়ে এভেলভেল। ময়ো বিচৰা নাছিলোঁ তাতে সেই কুমলীয়া বয়সত যি বয়সত হৃদয়ে গুণগুণাই, “মোৰ বুকুত এজোপা গোলাপ কোনে ৰুলে.. তেজত এটোপা আঁতৰ ঢালি হৃদয় কোনে চুলে..” আচলতে গোলাপ ৰুবলৈ বা দিবলৈ উপায় নাছিল আৰু তেজত আঁতৰ ঢালিবলৈ আৰু কঠিন আছিল। যৌথ পৰিয়ালত বসবাসৰ হেতু ছয় সাতযোৰা চিচিটিভি কেমেৰাই সততে সকলো কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ

Read more

মোৰ প্ৰথম ফটাপ্ৰেম – গিতাশ্ৰী ফুকন

ক্লাছ ছিক্সত থাকোঁতে আমাৰ ক্লাছলৈ নতুন ল’ৰা এটা আহিল। বৰ ধুনীয়া। আমাৰ এটা গেং আছিল, গুণ্ডা গেং, ঠিকেই ধৰিছে, মই সেইটো গেংৰ সভাপতি। ক্লাছৰ পৰা শিক্ষক ওলাবলৈ পায়হে, আৰম্ভ হৈ যায় আমাৰ উৎপাত। বহুত বেছি উৎপাত কৰিছিলোঁ। গোটেই বেট্‌চটো একেই। কিন্তু গোটেইবোৰ মানে বেছি উৎপতীয়াকেইটা পঢ়াত ভাল আছিলোঁ বাবে অলপমান ৰেহাই পাইছিলোঁ শাস্তিৰ পৰা, তথাপিও কেতিয়াবা ভাল দৰে ধুলাই পৰিছিল। এই যিটো নতুন মক্কেল আহিল, একদম ঠাণ্ডা। মানে আমাৰ গেং জইন নকৰিলে আৰু ৰোল নাম্বাৰো এক কৰি দিলে নহয়। মোৰ

Read more

জলফাই আৰু মোৰ ফটাপ্ৰেম – পাপৰি হাজৰিকা

তেতিয়া মই ক্লাচ এইট নে নাইনত আছিলো, সঠিককৈ মনত নাই। মুঠতে যিটো বয়সত সাধাৰণতে ল’ৰা ছোৱালীবোৰ অলপ চঞ্চল হয়, সেই সময়ৰ কথা৷ সেই সময়ত সকলোৱে নিজকে সজাই পৰাই ভাল পায়৷ মইও তেনেকুৱাই আছিলো যদিও সেই সময়ত অলপ লাজকুৰীয়া আছিলো৷ তেতিয়া আমি দহটামান ল’ৰা ছোৱালীৰ গ্ৰুপ এটাই ওচৰৰে চাৰ এজনৰ ওচৰত অংক আৰু বিজ্ঞান বিষয়ৰ টিউচন কৰিছিলো৷ যদিও ল’ৰা ছোৱালীয়ে একেলগে টিউচন কৰিছিলো, আমি কিন্তু সকলো বেলেগ বেলেগ স্কুলৰ আছিলো৷ যিকি নহওক টিউচন কৰি থাকোতেই হেনো লগৰে এটাই মোক ভাল পাইছিল,

Read more

বন্ধুৰ ফটাপ্ৰেম – ঊষামণি কাকতি

নৱম শ্ৰেণীত থাকোঁতে আমাৰ লগত একেলগে টিউচন কৰা বন্ধু এজন আছিল৷ চাৰিজনী বান্ধৱী আৰু এজন বন্ধুৰে আমাৰ টিউচনৰ গ্ৰুপ৷ একে স্কুলতে পঢ়া, তাতে সি অংকত তামাম চোকা৷ আমি চাৰিওজনী আছিলোঁ অংকত বৌম গাধী। বন্ধুৰ সহায় নল’লে আমাৰ অংক নিসিজে৷ তেনেকুৱা দিনতে আমাৰ ক্লাছলৈ অন্য এখন স্কুলৰ পৰা এগৰাকী অংকত চোকা ছাত্ৰীয়ে নাম লগালে৷ আমাৰ চেকচনতে তায়ো সোমাল। আমাৰ বন্ধুৱে আকৌ সেই চোকা ছাত্ৰীগৰাকীৰ প্ৰেমত ডুবিবলৈ ধৰিলে৷ যেনেকৈ হ’লেও প্ৰ’পজ কৰিব৷ কিন্তু ইমান গহীন ছাত্ৰী, তাতে চোকা। তাৰ সাহস নহ’ল৷ শেষ

Read more

ফটা প্ৰেম – কমলা দাস

মই তেতিয়া হাইস্কুলত পঢ়ো। সেই তেতিয়াৰ স্কুলীয়া দিনবোৰৰ কথা মনত পৰিলে এতিয়াও মনটো কিবা এটা ভাল লাগি যায়। সেই দিনত অকল হাঁহি-ধেমালিহে বুজিছিলোঁ কিজানি। পঢ়িব লাগে আৰু লগ সমনীয়াৰ লগত ফূৰ্তি-তামাচা কৰিব লাগে এয়াই আছিল দৈনন্দিন ৰুটিন। মাছ মৰা, ভুঁই ৰোৱা, চিলাই কৰা, তাঁত বোৱা, এই বিলাকো কৰিছিলোঁ বাৰু স্কুলৰ বন্ধৰ দিনত। ইয়াৰ উপৰিও আমি আৰু এটা বদমাচি কাম কৰিছিলোঁ। সেইটো আছিল কোনোবা ল’ৰাই যদি আমাৰ ক্লাছৰ কোনোবা ছোৱালীক চিঠি দিয়ে, গোটেইমখা লগৰ ছোৱালীয়ে চিঠিখন কাঢ়ি নি হ’লেও চিঞৰি চিঞৰি

Read more

ফটা প্ৰেম – মিৰাজুল ৰাছিদ

স্কুলৰ দিনতে প্ৰেম কৰিম বুলি সাজু হৈছিলোঁ যদিও দেহা মানে শৰীৰ বোলা বস্তুটোৱে বেয়াকৈ ঠগিলে বাবে নোৱাৰিলোঁ। পলিটেকনিকত সোমোৱাৰ পিছত ব্যায়াম জাতীয় কিবাকিবিবোৰ কৰি কিবাকৈ ৫ ফুট উচ্চতাৰ ঘৰটো পাৰ কৰিলোঁ। মেট্ৰিকত ডিচটিংচন পালে যি সুখ পোৱা যায়, সেই সুখ মই ৫ ফুট ৫ ইঞ্চি দীঘল হওঁতে পাইছিলোঁ। যি কি নহওক, ছোৱালী এজনী পতাব পাৰিম বুলি বিশ্বাসটো মনলৈ আহিছিল তেতিয়া। ২০১০ চন। ইঞ্জিনিয়াৰিং ড্ৰয়িঙৰ টিউচন কৰিবলৈ আলী চাৰৰ ঘৰলৈ পুৱাই যাওঁ। ভাগ্য ক্ৰমে মোৰ লগত টিউচন গ্ৰুপত আমাৰ মেকানিকেল ব্ৰাঞ্চৰ

Read more

ফেচবুকীয়া প্ৰেম – জ্যোতিৰ্ময় কলিতা

হাই হেল্লোৰে শুভ উদ্বোধন হৈ ফেচবুক মেচেঞ্জাৰৰ জৰিয়তে হোৱা প্ৰেমত ময়ো পৰিছিলোঁ। প্ৰথমে ক’ত ঘৰ, কি পঢ়ি আছে, ঘৰত কোন কোন আছে এইবোৰ কথাৰেই তিনি চাৰিদিনমান গ’ল। তাইয়ো মোৰ প্ৰতিটো বাৰ্তাৰ সঁহাৰি জনাই আহিছিল। নানা কথা বতৰাৰ মাজেৰেই বন্ধুত্বৰ সম্পৰ্কটো লাহে লাহে মজবুত হৈ পৰিছিল। এদিন নিশা প্ৰায় ১২:৩০ বজাত তাই মোক ক’লে, “শুনাচোন তোমাৰ লগত কথা এটা আছে।” কি কথা নজনাকৈয়ে মনত সৰু সৰুকৈ কেইবাটাও লাড়ু বান্ধি পেলাইছিলোঁ, যেন মই ক’ম বুলি ভাবি থকা কথাটোৱেই হ’ব! মই ঘপকৈ সঁহাৰি

Read more

জুনিয়ৰ ইঞ্জিনীয়াৰ – মিৰাজুল ৰছিদ

কলেজৰ প্ৰথম বছৰতে জানিছিলোঁ, কলেজত মই গাৰ্লফ্ৰেণ্ড নাপাম। লগৰ ঘটিৰাম দুটামানৰ লগত বেলেগৰ প্ৰেয়সীক চাওঁতে মোৰ জীৱনে হাফচেঞ্চুৰীৰ আধা পাৰ কৰিলে। মোৰ চেহৰাটোৰ ওপৰত সম্পূৰ্ণ ভৰষা আছিল মোৰ। এই চেহেৰাৰে ছোৱালী পটোৱা ‘মুচকিল হি নেহী নামুমকিন হে’। মোৰ হাতখনত ধৰিয়ে লগৰ কেইজনীয়ে কৈ দিয়ে, আৰে মিৰাজ তই ইমান ক্ষীণ?ক্ষীণটো ক্ষীণেই, তাৰ ওপৰত এই ক’লা ৰঙটো, ইয়াক কেনেকৈ বগা কৰিম? বিদ্যা শপত ২৪ ঘণ্টা চৌকাৰ ওপৰত বহি থকা কেৰাহীটোৰ তলিখনতকৈও ক’লা মোৰ চেহেৰা। সৰুতে মোক ভালকৈ দেখা নাপায় বাবে দেউতাই ঘৰত

Read more
1 17 18 19 20 21 31