ফটাঢোল

ফটা প্ৰেম – মিৰাজুল ৰাছিদ

স্কুলৰ দিনতে প্ৰেম কৰিম বুলি সাজু হৈছিলোঁ যদিও দেহা মানে শৰীৰ বোলা বস্তুটোৱে বেয়াকৈ ঠগিলে বাবে নোৱাৰিলোঁ। পলিটেকনিকত সোমোৱাৰ পিছত ব্যায়াম জাতীয় কিবাকিবিবোৰ কৰি কিবাকৈ ৫ ফুট উচ্চতাৰ ঘৰটো পাৰ কৰিলোঁ। মেট্ৰিকত ডিচটিংচন পালে যি সুখ পোৱা যায়, সেই সুখ মই ৫ ফুট ৫ ইঞ্চি দীঘল হওঁতে পাইছিলোঁ। যি কি নহওক, ছোৱালী এজনী পতাব পাৰিম বুলি বিশ্বাসটো মনলৈ আহিছিল তেতিয়া।

২০১০ চন। ইঞ্জিনিয়াৰিং ড্ৰয়িঙৰ টিউচন কৰিবলৈ আলী চাৰৰ ঘৰলৈ পুৱাই যাওঁ। ভাগ্য ক্ৰমে মোৰ লগত টিউচন গ্ৰুপত আমাৰ মেকানিকেল ব্ৰাঞ্চৰ ৱান এন অনলি ছোৱালীজনী পৰিছিল। আচলতে এখেত য়াৰ লচ হৈহে আমাৰ সংগী হৈছিল। নাম আছিল জুতিকা।

জুতিকাৰ বিষয়ে দুশাৰী বাক্য,
১/গছ নাইকিয়া ঠাইত এৰা গছে বৰগছ।
২/ নাই মোমাইতকৈ কণা মোমাই ভাল।

বাৰু, মেইন পইণ্টলৈ আহোঁ। ড্ৰয়িঙৰ ক্লাচত আলী চাৰে মুখহাত ধুই অহালৈ আমি দুয়ো টিউচন ৰূমত বহি ‘চকুত চকু থোৱা’ খেল খেলি সময় কটাওঁ। মানে এইবিধ খেলত আপোনাৰ চকুলৈ তেওঁ আৰু তেওঁৰ চকুলৈ আপুনি চাব লাগিব। যিজনৰ আগতে চকুপানী ওলাব তেওঁ হাৰিব। এসপ্তাহ এইবিধ খেল খেলাৰ পিছত আমি গাৰ্লফ্ৰেণ্ড-বয়ফ্ৰেণ্ড হৈ পৰিলোঁ। ইয়াৰ পিছত আমি চাৰে মুখ হাত ধুই অহালৈ চকুত চকু থোৱা খেলৰ সলনি প্ৰেমৰ ক-খ পঢ়া আৰম্ভ কৰিলোঁ। টিউচনতে প্ৰেমৰ ‘ক-খ’ পঢ়ি পঢ়ি পণ্ডিত হৈ পৰিলোঁ। তাৰ পাছতে আমাৰ প্ৰেমৰ ফুল ‘মিণ্ট-লিফ’, ‘শ্যামচ ৰেষ্টুৰেণ্ট’ আৰু কৃষ্ণা চিনেমাত ফুলিবলৈ আৰম্ভ কৰিলে।

উফ কি যে সুখৰ সময়। দিনটো ক্লাচত বাং মাৰি প্ৰেম আৰু নিশা ৰূমত লগৰবোৰৰ আগত হিন্দী চিৰিয়েলৰ দৰে মোৰ প্ৰেম কাহিনীৰ বৰ্ণনা। এয়াই আছিল আচল সুখৰ সময়। দুমাহমান পিছত হোষ্টেলৰ এজনৰ পৰা খবৰ এটা পালোঁ।

: মিৰাজ তই দিনৰ দিনটো যিজনীৰ লগত পেনপেনাই ঘূৰি ফুৰিছা, এইজনীৰ তোৰ দৰে আৰু চাৰিটা মান বয়ফ্ৰেণ্ড আছে। অলপ সাৱধানে চলিবি।

মোৰ অলপ বেয়া লাগিল যদিও, ভাই প্ৰেমত সব জায়েজ। থাকিব পাৰে বয়ফ্ৰেণ্ড, কি ডাঙৰ কথা? মোৰ দৰে কেলচিয়ামৰ অভাৱ থকা ল’ৰা এটাৰো যে গাৰ্লফ্ৰেণ্ড এজনী আছে, সেয়াই আটাইতকৈ ডাঙৰ কথা। সব কথা নিগেটিভলি লোৱাটো বেয়া, নিজকে বুজাওঁ; বি পজিটিভ মিৰাজ, এইবোৰ কথালৈ মন নিদিবি, ভালকৈ মনোযোগ দি জুতিকাৰ লগত প্ৰেম কৰ, যাতে তাই তোক এৰি নাযায়।

লগৰকেইটাৰ সকলো বাধা নেওচি মোৰ প্ৰেম চলি গ’ল। জুতিকা আৰু মিৰাজ বুলিলে ইঞ্জিনিয়াৰিং ড্ৰয়িঙৰ ড্ৰাফটাৰ কেইডালেও বিহু নাচিবলৈ আৰম্ভ কৰে। আফটাৰঅল, টিউচনত আমাৰ দুয়োৰে প্ৰেমৰ একমাত্ৰ সাক্ষী এই ড্ৰাফটাৰ কেইডালই আছিল ন’।

সময়ৰ লগে লগে এটা বছৰ পাৰ হ’ল। দূৰ্ভাগ্যক্ৰমে তাইৰ আকৌ বেক লাগিল। আমাৰ দুয়োৰে টিউচনৰ সেই যোঁত বন্ধন সিমানতে সামৰণি পৰিল। টিউচন নাই যেতিয়া তায়ো লগ কৰা কমাই দিলে। এনেও নতুন জুনিয়ৰবোৰৰ লগতহে তাইক দেখা হ’লোঁ। ৰূমমেটহঁতেও সদায় ক’বলৈ ধৰিলে, জুতিকাৰ লগত প্ৰেমত মৰি থাকোঁতে তোৰ জীৱনৰ জুতি নোহোৱা হ’ব ৰ বেট্টা। আচল জনীকে পাইছা তই। সকলোৰে পৰা এইবোৰ শুনি শুনি এদিন তাইক লগ ধৰি সুধিয়েই দিলোঁ,

: অ জান, তুমি দেখোন মোৰ লগত সময়ে নিদিয়া হ’লা? লগৰবোৰেও কিবাকিবিবোৰ কৈ থাকে৷

তাই বোলে,

: তুমিহে চিনিয়ৰ হৈ পাত্তা নিদিয়া হ’লা। মোৰ হৃদয়ত এতিয়াও তোমাৰে ছবি আছে মিৰাজ।

শুনি বৰ সুখ পালোঁ সেইদিনা। হাঁহি মুখে ৰূম পালোঁ।
তাৰ দুদিন পাছতে মৰতি পলাই গ’ল। পলিটেকনিকৰ চাৰিজনমানৰ লগত লিলিমাই কৰি থকা জুতিকাই অৱশেষত পলিটেকনিকৰ সন্মুখৰে বাবা দাৰ পুতেকলৈ পলাই গ’ল। মোৰ জীৱনৰ প্ৰথম প্ৰেম এনেকৈ অকালতে মৰহি গ’ল। নিষ্পাপ মইজন সেই তেতিয়াৰ পৰা আজিলৈ চিংগল হৈয়ে থাকিলোঁ আৰু সিফালে জুতিকা দুটা ল’ৰাৰ মাক হ’ল।

হায় মোৰ কপাল।

☆★☆★☆

4 Comments

  • মোৰ দৰে কেলচিয়ামৰ অভাৱ থকা এজনৰো যে গাৰ্ল ফ্ৰেণ্ড আছে, সেইটোৱেই ডাঙৰ কথা।

    আলটিমেট।

    Reply
  • অনামিকা

    ভাল লাগিল

    Reply
  • Mridula Gogoi

    বঢ়িয়া । বি পজিটিভ

    Reply
  • Ayub Ali

    মজা লাগিল৷ফটা প্ৰেমৰ মাজৰে সচ৺া কাহিনী যিন অনুমান হৈছে৷আগলৈ আৰু পঢ়িবলৈ পাম বুলি আশাৰেে

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *