ফটাঢোল

ইয়াতকৈ বেদনা লাগেনে অ’ জানমণি – খনীন্দ্ৰ ভূষণ মহন্ত

যোৰহাটত থকা দিনৰ কথা। নতুনকৈ ‘চিনিয়ৰ’ হৈছোঁ তেতিয়া। গতিকে ‘ফটা-লেবেল’ এটা দি ফুৰাৰ বদ-অভ্যাসটো মোৰো গাতো লম্ভিছিল। সম্ভৱতঃ ক্লাচ আৰম্ভ হোৱাৰ সেইটো দ্বিতীয় দিন আছিল। আমি ৮-১০ জনীয়া দল এটা গঠন কৰি কেণ্টিনখনৰ সন্মুখৰ দেৱদাৰুজোপাৰ তলত ‘জুনিয়ৰ’বোৰৰ তথাকথিত পৰিচয় সোধাত ব্যস্ত আছিলোঁ (পৰিচয়ৰ গইনা লৈ কোনে কি প্রশ্ন সোধে সেইটো কিজানি কাকো নতুনকৈ বর্ণোৱাৰ প্রয়োজন নাই!)। সন্মুখেৰে পাৰ হৈ যোৱা ছোৱালীৰ জুমটোক উদেশ্যি লগৰ এজনৰ কঠোৰ বাক্যবাণ-“ঐ জুনিয়ৰ, এইফালে আহা।” গালে-মুখে ভয় আৰু কৌতুহলৰ আবিৰ সানি আমাৰ ফালে আহি থকা

Read more

ফাৰ্ষ্ট ইম্প্ৰেছন ইজ দ্যা লাষ্ট ইম্প্ৰেছন – ডাঃ পাৰ্থ সাৰথি ভূঞা

বহুদিনৰ পাছত সি এইখন চহৰলৈ আহিছে। গাঁৱৰ ল’ৰা ৰক্তিম। কলেজত পঢ়িবলৈকে আহিছিল ইয়ালৈ। যৌৱনৰ মাদকতা ভৰা সময়খিনি এই চহৰতে কটোৱাৰ বাবে তাৰ এটা মোহ আছে ঠাইখনৰ প্ৰতি। অফিচৰ যিটো কামত সি আহিছিল সেই কামটো হোৱাৰ পাছত গাড়ীখনলৈ লাহে লাহে চহৰৰ পৰা সিহঁতৰ কলেজৰ ফাললৈ যোৱা ৰাস্তাটোৰে আগবাঢ়ি গ’ল। কিছুদূৰ যোৱাৰ পাছত সেই নিৰ্দিষ্ট পার্কখনত চকু পৰাত তাৰ বুকুখন বিষাই যোৱা যেন লাগিল। সলনি হ’ল যথেষ্ট। আগতকৈ বহু ধুনীয়া হ’ল। সি মনতে ভাবিলে। কলেজৰ ৰেগিঙৰ সময়খিনি পাৰ হোৱাৰ পাছৰ পৰাই ৰক্তিম

Read more

বিড়িয়েই প্ৰেমৰ ধ্বংসৰ মূল – চবিনা ইয়াচমিন

দেউতা আছিল প্ৰতিৰক্ষা বাহিনীৰ কৰ্মকৰ্তা৷ সাংঘাতিক অনুশাসন আৰু পৰিপাটিকৈ আমি থাকিব লগা হৈছিল৷ কোনো কথাৰ অনুমতি বিচাৰিবলৈ আমি পোনে-পোনেই দেউতাৰ কাষ চাপি কোনো দিনেই নাপালোঁ৷ মায়েহে পাৰ্‌মিচন লয় আমাৰ হৈ৷ ঠিক একেই স্বভাৱৰে আছিল দেউতাৰ সহকৰ্মী গোস্বামী খুৰা৷ খুৰাৰ ছোৱালী নিৰ্মালী আছিল মোৰ সমনীয়া৷ দেউতাহঁতৰ প্ৰশিক্ষণ শিবিৰত প্ৰতি বছৰেই আকৌ উৎসৱ উদযাপনৰ দিশটোত বিশেষ গুৰুত্ব দিয়া হয়৷ তাৰ ভিতৰত দুৰ্গোৎসৱ মোৰ অতি প্ৰিয়৷ কাৰণ বছৰটোৰ এটা সময়তে নিৰ্মালীক মই আটাইতকৈ বেছি সময় লগ পাওঁ৷ সেই সময়কণেই আছিল দুৰ্গোৎসৱৰ সময়ছোৱা৷ এই

Read more

ডাবল্ ধামাকা – সঞ্জীৱ মজুমদাৰ

দেওবৰীয়া পুৱা, হেপাঁহ পলুৱাই আৰু অকণ শোৱাৰ আমেজ লওঁ বুলি ভাবি থাকোঁতেই বন্ধু নৱনীলে আহি মোৰ কোঠাৰ দুৱাৰত টুকুৰিয়ালেহি। “মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ পুৱা” আপ্ত বাক্যষাৰক সি যেন চ্যালেঞ্জহে দিবলৈ আহিল। “ইমান দেৰিলৈকে শুই আছ?”, বুলি কৈ বিচনাৰ কাষৰ চকীখনত বহি আগদিনাৰ বাতৰি কাকতখনকে মেলি ল’লে। “তইনো ইমান ৰাতিপুৱা  কি বুলি ওলালিহি আজি?” আঠুৱাৰ সন্মুখৰ মূৰ দুটা খুলি গাৰুটো কোলাত থৈ ৰামদেৱ আসনত বহি লৈ সুধিলোঁ‌। সি কিছুসময় মনে মনে থাকিল। তাৰ মুখলৈ চাই গম পালোঁ, নিশ্চয় নতুন কোনো

Read more

ফটাপ্ৰেম – পৰীস্মিতা দাস

চতুৰ্থ শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা৷ তেতিয়া আমাৰ চৰকাৰী বিদ্যালয়খনত ল’ৰা-ছোৱালীৰ মাজত কোনো ভেদভাৱ নাছিল৷ ৰোল নম্বৰ অনুযায়ী ল’ৰা-ছোৱালী সকলোৱে একেলগে বহে৷ সেয়েহে ল’ৰা-ছোৱালীৰ মাজত মিলাপ্ৰীতিও বহুত৷  কিন্তু এটা ক্ষেত্ৰত ল’ৰাবোৰ বৰ বদমাচ৷ সিহতে ওচৰৰ অমৃত খুৰাহঁ‌তৰ খেজুৰজোপাৰ পৰা বেগ ভৰ্তি কৰি কৰি খেজুৰ আনে, কৰুণাহঁ‌তৰ বেতবাৰীৰ পৰা বেতগুটি আনে, বিদ্যালয়ৰ চৌহদৰ ভিতৰৰ কদম গছজোপাৰ পৰা কদম ফুল পাৰি পাৰি আনি আমাক দেখুৱায়, কিন্তু আমি বিচাৰিলেই জিভা উলিয়াই সিয়াঁৰি দিয়ে৷ কিন্তু বদমাচ ল’ৰাবোৰৰ মাজত এজন ল’ৰা কিছু ব্যতিক্ৰম৷ সি পাৰি

Read more

প্ৰেমপত্ৰ – মৃদুলা গগৈ

মই তেতিয়া নৱম শ্ৰেণীত। গাত কৈশোৰৰ বতাহ লাগিছে। দেউতা মই পঢ়া বিদ্যালয়খনৰে শিক্ষক গতিকে বৰকৈ বতাহত উৰি ফুৰিবও নোৱাৰোঁ। তথাপিটো চাবমেৰিন টাইপত গৈ আছোঁ। “প্ৰথমে প্ৰথমে ধৰিলোঁ কলম তোমালৈ বুলি পঠালোঁ মৰম” বুলি লিখা দিনৰেই কথা। কোনে কালৈ চিঠি লিখে খুব খবৰ ৰাখোঁ তেতিয়া। মাজে মাজে লোকৰ চিঠিবোৰো পঢ়োঁ। মনতে বৰ দুখ, মোলৈহে কোনেও চিঠি এখন নিদিয়ে। দিবনো কেনেকৈ দেউতাৰ নাম শুনিলেই স্কুলৰ ল’ৰা – ছোৱালী কঁ‌পি থাকে। দেউতাই ইংৰাজী পঢ়ায়। গ্ৰামাৰৰ ক্লাচৰ পিটন কোনেও নাপাহৰে; তেনেস্থলত তেখেতৰ জীয়েকলৈ চিঠি

Read more

ফটাপ্ৰেমৰ প্ৰতিশোধ – পৰী পাৰবীন

কলেজত ভৰি দিছো মাত্ৰ৷ ৰেগিং পিৰিয়ড চলি আছে৷ প্ৰতিজনীকে থপিয়াই থপিয়াই লগৰ ল’ৰাকেইটাৰ লগত এটা এটাকৈ জোৰা দিয়াৰ পাছত বাকী ৰৈছোগৈ মই৷ কণাৰ বাবেও হেনো কাণী থাকে৷ মোৰ বাবেনো নাথাকিবনে? পিছে মোৰ সেই গহীন মুখখন যে, সতকাই ওচৰ আহিবলৈ হেনো সৱে ভয় খায়৷ সিদিনা নবাগতা সভা৷ আমি নবাগতসকল সিদিনাৰে পৰা জ্যেষ্ঠসকলৰ শাসনৰ পৰা মুকলি হ’ম বুলি ফূৰ্তিত তত নাই৷ লচপচকৈ সাজি-কাচি কলেজলৈ গৈছো, কোনোবাই গান গাইছে, নাচিছে, হাঁহিছে, ফূৰ্তি কৰিছে৷ সন্ধ্যা সময়ত জাকৰ মাজত খিলখিলকৈ হাঁহি হাঁহি ৰাস্তা আৱৰি কলেজৰ

Read more

সেয়াও এক প্ৰেম – দিগন্ত কুমাৰ ভট্টাচাৰ্য

মেনকা হাতীবৰুৱা আমাৰ কলেজতে পঢ়িছিল৷ সহপাঠী আমাৰ৷ ফে’চবুক জগতৰ বহুতেই মেনকা হাতীবৰুৱাক চিনি পায়৷ ৰঙা চিফনৰ শাৰী আৰু ক’লা শ্লিভলেছ ব্লাউজ পিন্ধি উঠা তাইৰ প্ৰ’ফাইল ফ’টোখন দেখাৰ লগে লগে সকলোৰে এবাৰ হ’লেও ‘এড ফ্ৰেণ্ড’ত ক্লিক কৰিবলৈ মন যায়েই৷ তাই ‘এক্সেপ্ট’ কৰা নকৰাটো পাছৰ কথা, কিন্তু মন যায়৷ ‘ফ্ৰেইণ্ড’ হোৱাৰ পাছত মেছেজ এটা দি ‘আপুনি ইমান ধুনীয়া’ বুলি লিখিবও মন যাবই৷ ‘ৰিপ্লাই’ পোৱা-নোপোৱা পাছৰ কথা, কিন্তু মন নোযোৱাটোহে হয়তো অস্বাভাৱিক৷ ইমান ধুনীয়াকৈ হাঁহিব পাৰে মেনকাই! সেই হাঁহিতে তপস্যা ভংগ হোৱা আমাৰ

Read more

ফটা প্ৰেম – চবিনা ইয়াছমিন

“মনৰ কথা হৃদয়ৰ ভাষাৰে কিঞ্চিত হাঁহি বিৰিঙোৱাৰ এক প্ৰচেষ্টা…..” মই সপ্তম শ্ৰেণীত পঢ়ি থকা দিনৰে কাহিনী৷ দেউতা আছিল ডিফেন্সৰ চাকৰিয়াল৷ অত্যন্ত খং আৰু নিয়মত চলা মানুহ৷ আমি মন গ’লেই পেংলাই কৰিব নোৱাৰিছিলোঁ৷ পিচে দেউতাৰ খং যিমান সোনকালে উঠে সিমান সোনকালে নোহোৱাও হয়৷ বাইদেউ তেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ি আছে আৰু মই তৃতীয়মানত৷ আমাৰ ঘৰৰ পৰা অলপ আঁতৰত থকা বাৰ বন্ধু এজন প্ৰায়ে আবেলি আমাৰ লগত খেলিবলৈ আহে৷ তেওঁৰ নাম আছিল প্ৰশান্ত৷  আমি তেতিয়া খুব বেছিকৈ খেলা খেলটো হৈছে “টিপি টিপি দাচ৷”

Read more

মোৰ ফটা প্ৰেম – পঞ্চী প্ৰিয়া দাস

ছোৱালী কালত মই বহুত আকৰি আছিলোঁ, কিছুমান ক্ষেত্ৰত, সবতে নহয় আৰু৷ তেতিয়া মই নতুনকৈ ষষ্ঠ শ্ৰেণী পাইছোঁ, মুঠেই বাৰ বছৰ হৈছে মোৰ৷ চৰকাৰী স্কুল ওচৰতে, আৰু তাতে মাহঁতেও তাতেই পঢ়া কাৰণে মোকো তাতেই নাম লগাই দিলে৷ আৰু চৰকাৰী স্কুল কাৰণে তাত একেটা ক্লাছ তে দুই-তিনি বছৰ বহা ছোৱালীও লগ পালোঁ, তালৈকে ঠিকে আছিল৷ কিন্তু প্ৰেমৰ “প“ টোও বুজি নোপোৱা মই জনীৰ কি বিলৈ হৈছিল তাকেই আজি লিখিব লৈছোঁ৷ তেতিয়া মই অলপ সৰুফুটীয়া আছিলোঁ আৰু চুলিখিনিও ল’ৰাৰ দৰে আছিল৷ তাতে বাকী

Read more
1 23 24 25 26 27 31