প্ৰেমপত্ৰ – মৃদুলা গগৈ
মই তেতিয়া নৱম শ্ৰেণীত। গাত কৈশোৰৰ বতাহ লাগিছে। দেউতা মই পঢ়া বিদ্যালয়খনৰে শিক্ষক গতিকে বৰকৈ বতাহত উৰি ফুৰিবও নোৱাৰোঁ। তথাপিটো চাবমেৰিন টাইপত গৈ আছোঁ। “প্ৰথমে প্ৰথমে ধৰিলোঁ কলম তোমালৈ বুলি পঠালোঁ মৰম” বুলি লিখা দিনৰেই কথা। কোনে কালৈ চিঠি লিখে খুব খবৰ ৰাখোঁ তেতিয়া। মাজে মাজে লোকৰ চিঠিবোৰো পঢ়োঁ।
মনতে বৰ দুখ, মোলৈহে কোনেও চিঠি এখন নিদিয়ে। দিবনো কেনেকৈ দেউতাৰ নাম শুনিলেই স্কুলৰ ল’ৰা – ছোৱালী কঁপি থাকে। দেউতাই ইংৰাজী পঢ়ায়। গ্ৰামাৰৰ ক্লাচৰ পিটন কোনেও নাপাহৰে; তেনেস্থলত তেখেতৰ জীয়েকলৈ চিঠি দিবলৈ কোনে মৰসাহ কৰিব!
তেনেকুৱা সময়তে ক্লাচ টেনৰ ল’ৰা এটা মোৰ বৰ ভাল লাগিল। ভাল লাগিবৰে কথা ইমান ধুনীয়া ল’ৰা! সুবিধা পালেই ক্লাছ টেনৰ ৰুমটোৰ আগেৰেই অহা যোৱা কৰিবলৈ ল’লোঁ। গাৰ্লচ টয়লেটলৈ যাবলৈ হ’লেও টেনৰ ৰুমৰ সন্মুখেদিয়ে যাব লাগে। এনেকুৱা “গাখীৰতে ম’হৰ খুটি”ৰ দৰে সুবিধাকণ কেনেকৈনো এৰোঁ। গতিকে, প্ৰতিটো পিৰিয়ডৰ পিছতে টয়লেটলৈ যাবলৈ ধৰিলোঁ। কথাটো মোৰ লগৰ কেইজনীৰ চকুত ধৰা নপৰাকৈ নাথাকিল। মই সদায় প্ৰথম বেঞ্চত বহা ছোৱালীজনী গৈ শেষৰ বেঞ্চত বহিবলৈ ল’লোঁ। আচলতে শেষৰ ফালে বহা কেইজনীয়েহে চিঠি-পত্ৰ লিখাত পাকৈত। অৱশ্যে মই শেষৰ বেঞ্চত বহাৰ কথাটো দুজনমান ছাৰে অলপ মন কৰি মাজে মাজে কয় “তই শেষৰ ফালে বহিবলৈ ধৰিছ যে।” প্ৰেমৰ নিচাত ছাৰহঁতৰ উৎসুকতাক উফৰাই পেলালোঁ।
এদিন খবৰ পালোঁ ল’ৰাজন আমাৰ ঘৰৰ সন্মুখেদিয়ে টিউচনলৈ যায়। অনুসন্ধান কৰি সময়টোও জানি ল’লোঁ। সেইখিনি সময়তে আকৌ ওচৰৰ মানুহ এঘৰৰ পৰা আমি গাখীৰ আনিবলৈ যাওঁ। সিহঁতি যোৱাৰ সময়তে মই সদায় হাতত মগটো লৈ গাখীৰ আনিবলৈ দৌৰ মাৰোঁ। গাখীৰ অনাৰ চলেৰে তাৰ মুখখন চাওঁ, মন শাঁত পৰি যায়।
লাহে লাহে মোৰ কথাটো ক্লাছ টেনৰ কেইজনমান ল’ৰাই গম পালে। এদিন টেনৰ ৰুমৰ পৰা খিৰিকিৰে এটুকুৰা কাগজ উফৰি আহি মোৰ ভৰিতে পৰিলহি। লগৰজনীয়ে থাউকতে বুটলি ল’লে। ৰুমলৈ আহি পঢ়ি চালোঁ। সেইখন দেখোন মোৰ ভাল লগা ল’ৰাটোৱে মোলৈ দিয়া চিঠি। চিঠি পাই উলাহে নধৰে হিয়া। লগৰ কেইজনীৰ লগ হৈ চিঠিৰ উত্তৰ লিখাত লাগি গ’লোঁ। চিঠি লিখিছোঁ আৰু ফালিছোঁ। মনঃপুত হোৱাগৈ নাই। সম্পূৰ্ণ এটা দিন তেনেকৈয়ে গ’ল। পিছদিনা বিৰতিৰ সময়ত চিঠিখন নি মোৰ লগৰজনীয়ে মোৰ ভাল লগা ল’ৰাজনৰ বেগত ভৰাই থৈ আহিল।
গধূলি পঢ়াৰ টেবুলত বহি আছোঁ। চকু কিতাপত কিন্তু মন ক্লাছ টেনৰ ৰূমৰ সেই নিৰ্দিষ্ট মুখখনতহে। তেনেতে আলহী এজনৰ মাত শুনিলোঁ। দেউতা আৰু মায়ে আলহীৰ লগত কথা পাতি আছে। হঠাৎ হুৰমূৰকৈ মা মোৰ কোঠালৈ আহি কথা নাই বতৰা নাই বিচনীৰ নালটোৰে উধাই মুধাই কোবাই থৈ গ’লহি। কেলৈ মাৰিলে একো বুজি নাপালোঁ। ৰাতি ভাত খোৱাৰ টেবুলত দেখিলোঁ মা তেতিয়াও খঙত আছে। দেউতালৈ চালোঁ তেওঁ সাধাৰণভাবেই আছে। ভয়ে ভয়ে ভাত খাই শুবলৈ গ’লোঁ। মা আৰু দেউতাই মই নুশুনাকৈ কিবা এটা পাতি থকা যেন পালোঁ। কিন্তু মই গ’লে দেউতা গহীন হৈ দিয়ে। এনেও দেউতা গহীনেই। মাহে অলপ খঙত থকাৰ দৰে আছে। কি হৈছে একো বুজি পোৱা নাই।
পিছদিনা স্কুলত প্ৰথম পিৰিয়দ যোৱাৰ পিছতে মোক অফিচলৈ মাতি পঠিয়ালে। অফিচ পাই দেখিলোঁ মোৰ ভাল লগা টেনৰ ল’ৰাজনো আছে। দেউতা অলপ আঁতৰত আৰু বাকী গোটেই ছাৰ বাইদেউবোৰ আমাৰ সন্মুখত। ছাৰ এজনে লাহেকৈ কাগজৰ টুকুৰা এটা উলিয়াই ডাঙৰ ডাঙৰকৈ মাতি গৈছে। মানে মই তালৈ দিয়া চিঠিখনকে গাই গৈছে। লাজে ভয়ে মই কঁপিছোহে কঁপিছো। চিঠি খন পঢ়িলেই বুজিব পাৰি যে সিও আগতে এখন চিঠি দিছিল। সি মূৰ জোকাৰি জোকাৰি বিৰবিৰাই আছে যে সি কেতিয়াও চিঠি দিয়া নাই। মই সাজোৰে কৈছোঁ দিছে। মনত পৰিল, মোৰ লগৰজনীক সি দিয়া চিঠিখন থ’বলৈ দিছিলোঁ। তাইকো মাতি পঠিয়ালে। মুঠতে এখন সাংঘাতিক বিচাৰ। সি স্বীকাৰ নকৰে যে সেইখন সি দিয়া চিঠি। উপায়ন্তৰ হৈ ছাৰহঁতে ক্লাছ টেনৰ ৰুমৰ পৰা এটা এটাকৈ তাৰ লগৰবোৰক মাতি নিবলৈ ধৰিল। শেষত গৈ আখৰ মিলালে। তাৰ আখৰৰ লগততো নিমিলেই আৰু বেচেৰাই চিঠিৰ বিষয়েও একো নাজানে। লগৰ দুটামানেহে বদমাচী কৰি চিঠিখন দিছিল।
আগদিনা ৰাতিৰ আলহী আৰু মাৰ বিচনী কোবৰ ওৰ ওলাল। সন্ধিয়াতে বোলে দেউতাকে মই দিয়া চিঠিখন পাই তাক ঘৰতে পিটন দিলে আৰু মোৰ মা দেউতাকো লগাই থৈ আহিল। লগতে মই দিয়া চিঠিখনো দেউতাক দি থৈ আহিল। সেয়েহে ৰাতি মাৰ হাতৰ বিচনীৰ কোব খালোঁ। দেউতাই মোক ঘৰত একো নকৰি স্কুলত ছাৰ বাইদেউৰ হতুৱাই বিচাৰ কৰোৱালে। মই লাজে অপমানে কান্দিয়ে থাকিলোঁ গোটেই দিনটো। তাৰ পিছৰ পৰা আৰু স্কুলত ল’ৰাৰ নামেই নোলোৱা হ’লোঁ।
☆★☆★☆
12:14 am
বৰ ভাল লাগিল, আকৌ পঢ়িলোঁ
9:39 am
বাইদেউ,বেলেগ মজা লাগিল
3:50 pm
বৰ সুখ পালো পঢ়ি।