ঠিকনাহীন বাৰ্তা – তুলিকা সোণোৱাল
ল’ৰাটোক ভাল লাগিছিল মোৰ৷ মিঠা বৰণৰ অল্পভাষী, অলপ ওখকৈ লৰাটোক প্ৰথম দেখোতেই একেবাৰেই প্ৰেমত পৰিলো। মানে লাভ ইন ফাৰ্ষ্ট ছাইট। তেতিয়া মই স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী। হোষ্টেলত থাকিয়েই কলেজলৈ অহা-যোৱা কৰিছিলো। মায়ে ফোন কৰি জনালে পেহীদেউৰ ল’ৰাজন মানে আমাৰ বিতুদা আহিছে বন্ধু এজনৰ লগত। বন্ধুজন বোলে আমাৰ চাৰিওকাষে থকা বিলবোৰৰ কিবা পৰ্যবেক্ষণৰ কামত আহিছে, কেইদিনমান থাকিব আমাৰ ঘৰত। মই বিশেষ গুৰুত্ব নিদিলোঁ। ঘৰলৈ খুউব মনত পৰাৰ বাবে শনিবাৰ এটাত ঘৰলৈ আহিছিলোঁ সেইকেইদিনতে। কিতাপৰ বেগটো টেবুলত থ’ব খুজিও ৰৈ গ’লো। মোৰ
Read more