বুলেটৱালা – পল্লৱী ভূঞা
বৰ্তমান সময়ত ৰ’য়েল এনফিল্ড বা বুলেট নামৰ বাহনখনে যি ‘ক্ৰেজ’ৰ সৃষ্টি কৰিছে সেয়া কেৱল পুৰুষ সমাজৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই; বৰং মহিলাসকলৰ মাজতো সমানেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কি ফটাঢোলৰ বিয়নী-মেল, কিটি পাৰ্টি, কলেজৰ কেণ্টিন সকলোতে মাত্ৰ বুলেটৰ ক্ৰেজ। কলেজৰ লগৰজনীয়ে আনখন কলেজৰ অমুকৰ লগত যি ষ্টাইলত ৰঙীণ চছমা পিন্ধি মহাৰাণীৰ দৰে বুলেটত উঠি যায় দেখিলে লগৰ কেইজনীৰ গাতো কিবা বিছাই ডকা দি ডাকে৷ তাতে আকৌ আমাৰ শ্ৰদ্ধা-আলিয়াহঁতে বলিউডী চিনেমাত যিবোৰহে কৰি দেখাইছে, সেইবোৰ দেখি-শুনি ময়ো যে কিমানবাৰ সপোনতে বুলেট এখন চলাইছো তাৰ হিচাপ নাইকিয়া।
বাৰু, এতিয়া আহোঁ আচল কথালৈ। যোৱা বছৰৰ কথা। কামৰ ঠাইলৈ যাওঁতে ৰাস্তাত প্ৰায়ে এজন বুলেট আৰোহীক লগ পাওঁ। মোক পাছ পেলাই থৈ যায়৷ এখন ক’লা বুলেটত এজন হেনচু বুলেটৱালা। হেলমেট পিন্ধি যায় বাবে মুখখন নেদেখো। তেওঁৰ সোঁফালৰ গ্লাছখনত এখন গামোচা বান্ধি থোৱা আছে। বচ্, মই চিন ৰাখি থ’লো। তেনেতে এদিন জানিব পাৰিলোঁ তেওঁ ৰাস্তাতে পোৱা বেংকটোৰ কৰ্মচাৰী। হ’ব, কিবা কামত আহিবলগীয়া হ’লে দেখিম। তেনেতে মোৰ কপাল ফুলিল। যোৱা বছৰৰ নবেম্বৰ মাহত নতুন মুদ্ৰানীতি আৰম্ভ হোৱাৰ সময়তে কামৰ সংক্ৰান্তত বেংকটোলৈ যাবলগীয়া হ’ল। সেইকেইদিন মানুহৰ ভিৰ বহুত। গাঁৱলীয়া বেংক, টকাৰ পৰিমাণ কম। সেয়ে আনদিনাতকৈ সোনকালে গৈ ফৰ্মখন পুৰাই পাছবেলা আহিম বুলি( ৰৈ থাকিলে মোৰ পলম হ’ব)কৈ স্কুটিখনৰ ওচৰতে ৰৈ চুন্নীখনেৰে মুখখন ঢাকি হেলমেটতো পিন্ধো বুলি লওঁতেই, হৰ্থাৎ এজনে আহি দিলে নহয় সন্মুখতে ফেৰেক্-কৈ এসোপামান পিকাই! চিটিকি আহি মোৰ ভৰিতো দুটামান বিন্দু পৰিল। খঙত চকু-মুখ কোচাই ওপৰলৈ চাই দেখো, ই কি? এয়াচোন বুলেটৱালা। হেলমেটটো খুলি পিকাই থৈ মই কিবা কোৱাৰ আগতে ভিতৰ পালেগৈ। বেগৰ পৰা পানীৰ বটলটো উলিয়াই ভৰি ধুই নিজকে ধিক্কাৰ দিলো, দেহি ঐ, এইজন মহাপুৰুষক চাবলৈকে তুমি ইমান দিনে হামৰাও কাঢ়ি আছিলি…এতিয়া চা!
মাত্ৰ কেইটামান টকা উলিয়াবলৈকে বেংকটোলৈ পাঁচদিন যাবলগীয়া হৈছিল। যেতিয়াই যাওঁ বুলেটৱালাক খিৰিকীৰে, ফেঞ্চিঙৰ ফাঁকেৰে অকল পিকাই থকাই দেখো।
তেতিয়াৰ পৰা বুলেটৱালাৰ পিছা কৰা বাদ দিলো।
■■
1:19 am
বুলেট দেখি নপৰিবা প্ৰেমত হে মাজনী,
বুলেট গতিৰ পানৰ পিকে ৰাঙলী কৰিব ধৰণী!
3:56 pm
খুব ভাল লাগিল পঢ়ি, বুলেটৱালাৰ পৰা সাবধান হ’ব লাগিব দেই