আপদীয়া প্ৰেমপত্ৰ – বিজয় মহন্ত
মৰমৰ,
এইয়া ফেনখন চলাই লৈছো, আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি। ফেনৰ অবাধ্য বতাহজাকে কাগজখিলা উৰুৱাই নিছে। চাও, ফেনখন অফ কৰি দিওঁ।
সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? সিদিনা আছিল জোনাকেৰে জিলমিলাই থকা এক সন্ধিয়া৷ ফৰিং ফুটা জোনাকত তোমাৰ জিলমিলাই থকা মুখখনে বৰকৈ আমনি কৰাত বাইক উলিয়াই ঢাপলি মেলিছিলো তোমালোকৰ ঘৰৰ আগলৈ। ভাবিছিলো কিজানি তোমাক দেখা পাওঁ। নাই চোতালত কোনো নাছিল। আছিল মাথো তোমাৰ মৰমৰ ফাপৰে ধৰা কুকুৰটো। ফাপৰে ধৰিলে যদিও সি বৰ ধুনীয়া। কিয়নো সি যে তোমাৰো মৰমৰ।
জানা সোণ, তুমি ভবাৰ দৰেই আজিকালি ময়ো ভাবো কথাবোৰ৷ তুমি কোৱাৰ দৰেই তোমাৰ ঘৰৰ প্ৰতিজন মানুহক মই মৰম কৰিম। কথা দিলো, বিয়াৰ পিছত তোমাৰ ভনীয়েৰক তোমাতকৈও বেছি মৰম দিম। প্ৰতিশ্ৰুতি দিলো তোমাক।
জানানে সোণ, আমাৰ মেকুৰীজনীয়ে চাৰিটা পোৱালি দিলে৷ গৰুৱেও দিনটোত ছয় লিটাৰ মান গাখীৰ দিয়ে। বাৰীত ছাগলী সোমাই তিতাকেৰেলাৰ পাতবোৰো খাই পেলালে।
আৰুনো কি লিখিম! অহ্, পাহৰিছিলোৱেই! কালি ৰাতি বৰ ধুনীয়া সপোন এটা দেখিছিলো। সপোনত বগা কাপোৰ পিন্ধা বুঢ়ী এজনীয়ে ইয়াতে কৰ্ ইয়াতে কৰ্ কৰি দিয়াত মই বাহিৰৰ কলগছ জোপাৰ তলত চুচু কৰি দিছিলো। ৰাতিপুৱালৈ বিছনাখন তিতি আছিল৷ তুলিবোৰ দিনটো ৰ’দত দি থোৱাত বৰ গৰম হৈ আছে। সেয়ে বৰ কষ্ট পাইছো। বেছি নিলিখো দেই। মৰম ল’বা।
তোমাৰ
বিজয়
■■
9:35 am
বাপ্পা অই কি পেৰেমপত্ৰ….
9:44 am
বাহ, বিজয়! প্ৰেমৰ নামত তাতেই সৰুপানী চুই আহিলা ৷ প্যাৰ কে লিয়ে কুছ ভী কৰেগা ক্যা ৷ কি যে হব নহয়!
পঢ়ি ভাল লাগিল দেই! লিখি থাকিবা ৷
12:29 pm
বিয়াৰ পিছত তোমাৰ ভনীয়েৰাক তোমাতকৈও বেছি মৰম দিম।
বাপৰে, বিজয়। তুমি তলে পুতল দেখোন।
যি কি নহওক, ভাল লাগিল পঢ়ি
12:45 pm
ধন্যবাদ
12:32 pm
কি সাংঘাতিক প্ৰেমপত্ৰ। সেইগৰাকী আপোনাৰ লগত বিয়া নহ’ল বুলি মনে মনে ধাৰণা এটা কৰিছো
6:39 pm
সাংঘাতিক পেৰেম
12:44 am
বিজয়— এইখন প্ৰেম পত্ৰ পঢ়ি প্ৰেমিকা বাগৰি পৰিব—হাঁহিত
4:26 pm
আজ্জৌ কি সাংঘাতিক প্ৰেম
6:05 pm
তামাম