ফটাঢোল

বুধনী মূল: বনফুল (বলাইচাঁদ মুখোপাধ্যায় ) অনুবাদ: কৰবী দত্ত

চাকি এটাৰ সৈতে যদি জীৱনক তুলনা কৰা হয় তেন্তে বিলটুৰ জীৱন বন্তিৰ তেল শেষ হৈ আহিছে বুলি কোনোমতেই ক’ব নোৱাৰি। কাৰণ বিলটুৰ জীৱন বন্তিৰ তেল -শলিতা পুৰামাত্ৰাই আছে, শিখাটিও উজ্বল হৈ জ্বলি আছে। কিন্তু জীৱন বন্তিৰ সেই শিখা নিৰ্বাপিত হ’ব। জোৰকৈ ফুৱাই তাক নিৰ্বাপিত কৰা হব। কাইলৈ বিলটুৰ ফাঁচী। সি দোষী নে নিৰ্দোষী সেই কথা আলোচনা কৰাৰ অধিকাৰ আমাৰ নাই। আইনৰ চকুত সি দোষী প্ৰমাণিত হৈছে আৰু সমাজৰ মংগলৰ বাবে তাক শাস্তি দিয়া হৈছে।  সিদিনাখন কাৰাগাৰলৈ ফুৰিবলৈ গৈ তাৰ আৰ্ত-কৰুণ

Read more

এটা মধ্যবৰ্গীয় কুকুৰ মূল: হৰিশংকৰ পৰসাইৰ “এক মধ্যমবৰ্গীয় কুত্তা” অনুবাদ: মিতালী নাৰায়ণি

বন্ধুজনৰ গাড়ীখন বাংলোটোৰ চৌহদত সোমোৱাত গাড়ীৰ পৰা নামিয়েই মই সুধিলোঁ, : এওঁলোকৰ ঘৰততো কুকুৰ নাই? বন্ধুৱে ক’লে, : তুমি কুকুৰলৈ বৰ ভয় কৰাহে! মই ক’লোঁ, : মানুহৰূপী কুকুৰবোৰক ভয় নকৰোঁ৷ সিহঁতক চম্ভালিব পাৰোঁ৷ কিন্তু আচল কুকুৰলৈহে খুব ভয় কৰোঁ৷ মই কুকুৰ থকা ঘৰ ভাল নাপাওঁ৷ তেনে ঘৰলৈ গ’লে গৃহস্থতকৈয়ো আগতে কুকুৰেহে ভুকি ভুকি স্বাগতম জনায়৷ গিৰিহঁতৰ লগত নমস্কাৰৰ আদান-প্ৰদান হ’ল কি নহ’ল কুকুৰটোৱে যেন গালিহে দিবলৈ লয়, “ইয়ালৈ কিয় আহিছ বে? তোৰ বাপেৰৰ ঘৰ নেকি? গুচি যা ইয়াৰ পৰা৷” আকৌ

Read more

ষ্টেটাচ চিম্বল – অনুবাদ: পূৰবী কটকী (মূল : গুদবিন মচিহ্)

চিকমিকাই থকা ৰঙা গাড়ীখন আহি পাৰ্কিংৰ ঠাইত ৰ’লহি,গাড়ীৰ দৰজা খোল খালে। এটা শকত, স্বাস্থ্যৱান নেগুৰ নথকা কুকুৰ গাড়ীখনৰ পৰা নামিল। ইফালে-সিফালে চালে তাৰ পাছত নিজৰ গাটো জোৰকৈ জোকাৰি নিজৰ এলাহ ভাবটো আঁতৰ কৰিলে আৰু নিজৰ চাকৰটোৰ লগত ৰজাৰ দৰে পাৰ্কত ফুৰিবলৈ ধৰিলে। সি যিফালে যায় তাৰ চাকৰটোও তাৰ পাছে পাছে সেইফালে যায় থিক সেইদৰে, যিদৰে আৰ্মীৰ কোনোবা ডাঙৰ অফিচাৰ নিজৰ কৰ্তব্যলৈ আহোঁতে চিপাহীবোৰে তেওঁৰ আগে-পাছে ঘূৰি তেওঁৰ লগত ব্যস্ত হৈ যায়। সেই নেজকটা কুকুৰটোৰ আৰাম আৰু ঐশ্বৰ্য্য দেখি তাত থকা

Read more

কবি – অনুবাদ : মুনমুন সৰকাৰ শইকীয়া (মূল : হুমায়ুন আহমেদ)

টাউন প্ৰেছৰ অধিকাৰী সিৰাজুল ইচলাম ডাঙৰীয়াই খঙতে মুখখন ফুলাই বহি আছিল। তেওঁৰ খঙৰ বহুকেইটা কাৰণ আছিল। প্ৰুফ ৰীডাৰ জোবেদ আলী এতিয়াও আহি পোৱাহি নাই। মেচিন চলোৱাজনে একো কাম নথকাত এনেই বহি আছে। ইয়াৰ উপৰিও বতৰৰ অৱস্থা ভাল নহয়। ধুমুহা, বৰষুণ অহাৰ সম্ভাৱনাই দেখা দিছে। ধুমুহা আহিলে সিৰাজুল ইচলাম ডাঙৰীয়া ঘৰলৈ ঘূৰি যাব লাগিব। আজিৰ নিশাটো তেওঁ বিন্তি নামৰ ছোৱালীজনীৰ লগত কটাব বুলি ভাবি থৈছিল। মাহত এবাৰ হ’লেও তেওঁ বিন্তিৰ লগত এটি নিশা কটায়। এই ছোৱালীজনী ভাল, একো জঞ্জাল নাই। জঞ্জালবোৰ

Read more

মৃত্যু দূত (Death Speaks) – অনুবাদ : হেমন্ত কাকতি (মূল : জেফৰী আৰ্চাৰ)

ইৰাকৰ বাগদাদ চহৰত এজন সদাগৰ আছিল৷ এদিন তেওঁৰ কৰ্মচাৰী এজনক বজাৰলৈ পঠিয়াইছিল কিবাকিবি কিনি আনিবৰ বাবে৷ যোৱাৰ কিছু সময়ৰ পিছতে কৰ্মচাৰীজন ভয়তে কঁপি কঁপি ফোপাই জোপাই ঘূৰি আহিল৷ সদাগৰজনে তেনে অৱস্থাত কৰ্মচাৰীজনক দেখি আচৰিত হৈ সুধিলে- কি হ’ল? কিয় ঘূৰি আহিলি? কৰ্মচাৰীজনে অলপ ৰৈ ক’লে- : নক’ব ছাৰ, মই বজাৰস্থলী পোৱাৰ পিছতে দেখিলোঁ এজনী মাইকী মানুহে মোৰ ফালে এক আচৰিত ভংগীমাত চাই আছিল৷ সেই দৃষ্টি মোৰ সহ্যৰ বাহিৰত হৈ পৰিল৷ সেইজনী মোৰ মৃত্যুদূত যেন লাগিল৷ যেন তাই মোক এই মুহূৰ্ততে

Read more

এই চহৰৰ বৰষুণ – বাপুকণ চৌধুৰী (মূল বাংলা : “এই শহরের বৃষ্টি” কবি : মৃন্ময় চক্ৰবৰ্তী (দাদা)

এই চহৰত আগেয়ে ইমান বাতানুকুল এ.চি.বোৰ নাছিল, আজিকালি চহৰৰ বৰ চাহাববোৰে গৰমত বৰ ধৰফৰায়৷ হৰেণ দাসে কাচাৰীৰ অফিচ সময়ত কচুৰী, চিংৰাবোৰ ভাজে, বৰ চাহাববোৰে যে মিঠা খাবলৈ ভয় কৰে বৰ! কাষৰ প্ৰকাণ্ড অফিচটোৰপৰা এ.চি.ৰ গৰম বতাহবোৰ আহে, কাষেৰে চলি থকা গাড়ীবোৰেও বতাহবোৰ গৰম কৰি তোলে, কচুৰী, চিংৰা খাই বৰ চাহাববোৰে অভিযোগ কৰে, “এইবাৰ গৰমত আৰু নোৱাৰিছো দেউ, গাড়ীখনতো এ.চি. লগালো নোৱাৰাত পৰি…” হৰেণ দাসে কচুৰী, চিংৰা ভাজি আপোন মনে শুনে, কাণৰ কাষেৰে বৈ আহে অবাধ্য ঘামৰ ঢল, তাৰ মাজতেই উৰি

Read more

খাৱন-দাৱন – অনুবাদ : অভিজিত দত্ত (মূল বাংলা : জ্যোতিৰ্ময় সেনগুপ্ত)

‘জন্মিলে মৰিতে হবে, অমৰ কে কোথা কবে’- কবিয়ে কৈ গৈছিল, পিছে মৰাৰ ভয় কাৰ নাই! ‘মৰিম’ বুলি কোৱা সহজ, মৰি দেখুওৱাটো সহজ নহ’য়। হাৰ্ট বন্ধ হৈ গ’লেই সকলো শেষ! সেইবুলি নোখোৱাকৈ – উহু, নৈব নৈব চ। নাখাই মৰাতকৈ খাই মৰা ভাল। সকলোৱেইতো হাৰ্টৰ ৰোগী, কিয়নো হাৰ্ট বন্ধ হ’লেই সকলো মৰে। ক’লেষ্টৰেল বাঢ়িলে হাৰ্ট বন্ধ হোৱাৰ সম্ভাৱনা। সেইবুলি ক্ৰীম খোৱা এৰিম? কদাপি নহয়। এইটো খাবলৈ নাপালে জীৱনটোৱেই বৃথা। ইয়াত কোনো ভাগ-বটোৱাৰা নচলিব – কৈ থ’লো।’ – জীৱনবাবুৱে ‘ব্ল্যাক ফৰেষ্ট’ৰ ওপৰত লাগি

Read more

চমৎকাৰ (Miracle) – অনুবাদ : ভাস্কৰজ্যোতি দাস (মূল : কাৰ্টাৰ সিং ডুগ্গল)

: তাৰ পাছতেই গুৰু এখন মুকলি জনশূন্য ঠাই পালেগৈ৷ প্ৰচণ্ড ৰ’দ আৰু গৰমে সকলোকে দহি গৈছিল৷ শিল-বালিবোৰ তপত হোৱাৰ লগতে সকলো গছৰে পাতবোৰ মৰহি গৈছিল৷ দূৰ-দূৰণিলৈকে ক’তো জীৱৰ চিন নাই৷ চৌদিশে মৰুভূমি হেন শূন্যতা৷ : মা, তাৰ পাছত? গভীৰ উৎকণ্ঠাৰে মই সুধিলোঁ৷ : ভাবত বিভোৰ হৈ গুৰু গৈ থাকিল৷ তেওঁৰ শিষ্যজনৰ পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গৈছিল আৰু পানী খাবলৈ বিচাৰিছিল৷ কিন্তু তেনে ঠাইত পানী ক’ত পাব! গুৰুৱে কৈছিল, “ধৈৰ্য ধৰা৷ আমি গাঁও এখন পালেই পানী খাবলৈ পাম৷” কিন্তু শিষ্যজনেও যেন বুজনি

Read more

চন্দ্ৰধৰ শৰ্মা গুলেৰীৰ দুটি চুটি গল্প – অনুবাদ: মিতালী নাৰায়ণি

“গালি” এখন গাঁৱত বৰযাত্ৰীসকল ভোজন কৰিবলৈ বহিল। সেইসময়ত সাধাৰণতে কইনা পক্ষৰ মহিলাসকলে বৰযাত্ৰীক গালি পাৰি গীত গায়। কিন্তু গালিৰ গীত গোৱা নুশুনি বৰযাত্ৰী সুধাকৰে বৰ সন্তোষ পালে। তেওঁ গাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ মানুহক ক’লে, “ইয়াত ইমান উন্নতি হোৱা দেখি বৰ সুখ পালোঁ।” বুঢ়া মানুহজনে ক’লে, “হয় চাহাব, উন্নতি হৈয়ে আছে। আগতে অমুকক তমুকৰ লগত সাঙুৰি, তমুকক ভুচুকৰ লগত সাঙুৰি গালিৰ গীত গোৱা হৈছিল। তাকে মতা-তিৰোতাই শুনিছিল আৰু হাঁহিছিল। এতিয়া ঘৰে ঘৰে সেইবোৰ কথায়ে সঁচা হৈ পৰিছে। এতিয়া গালিৰ গীত গোৱা মানে

Read more

দেবী – অনুবাদ : নিৰ্মালী বৰমূদৈ (মূল : মুন্সী প্ৰেমচন্দ)

ৰাতি বহুত হৈছিল। মই বাৰাণ্ডাত থিয় হৈ আছিলোঁঁ। সন্মুখৰ অমিনুহোলা পাৰ্কখনো শুই পৰিছিল। মাত্ৰ মহিলা এগৰাকী পাৰ্কৰ বেঞ্চখনত বহি আছিল। পাৰ্কৰ বাহিৰৰ ৰাস্তাটোৰ কাষত থকা ফকীৰ বাবাজনে পথাচাৰীসকলক উদ্দেশ্যি আৰ্শীবাদ দি আছিল- আল্লাৰ নামত, ভগবানৰ শপত, এই অন্ধক দয়া কৰক৷ কেইজনমান পথাচাৰীৰ বাদে ৰাস্তাত ইতিমধ্যে গাড়ী মটৰৰ চলাচল বন্ধ হৈছিল। ফকীৰৰ মাতটো নিৰ্জনতাত অলপ ডাঙৰকৈ শুনা গৈছিল। ঠিক তেনেকুৱাতে পাৰ্কৰ বেঞ্চত মহিলাগৰাকী থিয় হ’ল আৰু ইফালে সিফালে চাই কোনোবাই লক্ষ্য কৰিছে নেকি নজৰ দি ফকীৰজনক হাতত বস্তু এটা গুজি কাণত

Read more
1 10 11 12 13 14 22