খাৱন-দাৱন – অনুবাদ : অভিজিত দত্ত (মূল বাংলা : জ্যোতিৰ্ময় সেনগুপ্ত)
‘জন্মিলে মৰিতে হবে, অমৰ কে কোথা কবে’- কবিয়ে কৈ গৈছিল, পিছে মৰাৰ ভয় কাৰ নাই! ‘মৰিম’ বুলি কোৱা সহজ, মৰি দেখুওৱাটো সহজ নহ’য়। হাৰ্ট বন্ধ হৈ গ’লেই সকলো শেষ! সেইবুলি নোখোৱাকৈ – উহু, নৈব নৈব চ। নাখাই মৰাতকৈ খাই মৰা ভাল। সকলোৱেইতো হাৰ্টৰ ৰোগী, কিয়নো হাৰ্ট বন্ধ হ’লেই সকলো মৰে। ক’লেষ্টৰেল বাঢ়িলে হাৰ্ট বন্ধ হোৱাৰ সম্ভাৱনা। সেইবুলি ক্ৰীম খোৱা এৰিম? কদাপি নহয়। এইটো খাবলৈ নাপালে জীৱনটোৱেই বৃথা। ইয়াত কোনো ভাগ-বটোৱাৰা নচলিব – কৈ থ’লো।’
– জীৱনবাবুৱে ‘ব্ল্যাক ফৰেষ্ট’ৰ ওপৰত লাগি থকা ‘টপিঙ’ৰ অংশৰপৰা যিমান পাৰি তৰ্জনী আঙুলিৰ সাহাৰ্যত মুখত ভৰাই ললে।
জীৱন বাবুৰ মুখলৈ লোলুপ দৃষ্টিৰে চাই থকা পোৱালিকেইটাই ভাবিবলৈ আৰম্ভ কৰিলে,
কেতিয়া এই বুঢ়া পণ্ডিতটোৱে কেকটো এৰি যাব আৰু কেকটোৰ অৱশিষ্ট অংশৰপৰা সকলোতকৈ ভাল টুকুৰাটো কোনে প্ৰথমতে কাঢ়ি লৈ জিভাৰে চেলেকি মুখত সোমোৱাই ল’ব পাৰিব।
☆★☆★☆
1:36 pm
অভিজিৎ , তোমাৰ অনুবাদ ভাল লাগিছে ।মোৰো এতিয়া লোভ লাগিছে নহয় ব্লেকফৰেষ্টটোৰ এটুকুৰা উদৰস্থ কৰিবলৈ ।চাই আছো কেতিয়ানো বুঢ়াই এৰি থৈ যায় ।
2:01 pm
তামাম লাগিল এইটো অভিজিত