ফটাঢোল

ধাঁধা (বাংলা মূল : মাধৱী ভট্টাচাৰ্য) ভাবানুবাদ – নীলাক্ষি দেৱী ডেকা

পাকঘৰত ভাত ৰান্ধি থাকোঁতে তৃষাৰ খিৰিকীৰ জালনাৰ ফাঁকেদি দেখা পোৱা আকাশখনলৈ চকু গ’ল। আকাশত এটুকুৰা কজলা আলসুৱা মেঘ। আবেলিলৈ হয়তো বৰষুণ এজাক আহিব পাৰে। কথাটো ভাবিয়েই তৃষাৰ মন আনন্দত নাচি উঠিল। অমল দুদিনৰ মূৰত ঘৰলৈ উভটিব। দুয়ো একেলগে খিৰিকীমুখত বহি ৰিমঝিম বৰষুণৰ আমেজ ল’ব। বৰষুণৰ এচাৰকণিয়ে হয়তো দুয়োৰে গাল মুখ তিয়াই পেলাব। সেই সময়তেই হয়তো তাই হৃদয়ৰ সমগ্ৰ আকুলতাৰে সাৱটি ধৰিব তাইৰ মৰমৰ মানুহজনক আৰু ওঁঠৰ উমাল স্পৰ্শৰে শুহি ল’ব তেওঁৰ দুয়োগালত লাগি ৰোৱা কণ কণ বৰষুণৰ টোপাল! ভাবটো মনলৈ

Read more

মামা-ভাগিন (যিছকে হম মামা থে – মূল : শাৰদ যোশী) অনুবাদ – আৰাধনা বৰুৱা

বাৰানসীৰ ব্যস্ত ৰেল ষ্টেচনত ট্ৰেইনখন ৰ’ল৷ ভদ্ৰলোকজন লাহেকৈ নামি ইফালে সিফালে চালে৷ নতুন ঠাই প্ৰথমবাৰৰ বাবে আহিছে৷ তেনেকুৱাতে এজন ল’ৰা তেওঁৰ পিনে দৌৰি আহি তেওঁৰ ভৰি চুই সেৱা কৰি মাত লগালে : আৰে মামা দেখোন? কি খবৰ? ক’ৰপৰা আহি ওলাল হঠাৎ? ভদ্ৰলোকজনে থতমত খাই ভাৱিলে এওঁ আকৌ কোন? চেহ মনতেই নাই পৰাচোন৷ : হৌৰা, কোনহে তুমি? : আৰে মামা মই মুন্না আকৌ৷ আপুনি মোক চিনি পোৱা নাই? : মুন্না? ভদ্ৰলোকে আকৌ মনত পেলাবলৈ চেষ্টা কৰিলে, : মামা মোকনো এনেকৈ বাৰু

Read more

ডাক্তৰৰ মুখৰ শব্দ (মূল : আৰ কে নাৰায়ণন) অনুবাদ – অনুৰূপ মহন্ত

ডাক্তৰ ৰমণৰ ওচৰলৈ বেমাৰীবিলাক একেবাৰে শেষৰ সময়তহে আহিছিল। তেওঁক প্ৰায়েই চিঞৰি ৰোগীক কোৱা শুনা গৈছিল: “তুমি অলপ দিন আগতে কিয় মোৰ ওচৰলৈ নাহিলা?” ইয়াৰো পিচে দুটা কাৰণ আছে, প্ৰথমতে ডাক্তৰৰ মোটা অংকৰ ফিজ আৰু দ্বিতীয়তে কোনেও মানিবলৈকে নিবিবিচাৰে যে তেওঁৰ অন্তিম সময় আহি পালে আৰু এতিয়া ডাক্তৰ ৰমণৰ ওচৰলৈ যাবই লাগিব। “অন্তিম সময় আৰু ডাক্তৰ ৰমণ” -এই দুইটা মানুহৰ মনত এনেকৈ সোমাই গৈছিল যে, তেওঁলোকে ড° ৰমণৰ নাম শুনিলেই ভয় কৰা হৈ গৈছিল। এইদৰে যেতিয়ালৈ ৰোগীজন মহাপুৰুষজনৰ ওচৰ পায়হি, তেওঁ

Read more

ডাৰ্টি ফ্লাওৱাৰ – (অভিজিৎ দত্ত)

মূল : বৰুণ কুমাৰ সাহা অনুবাদ : অভিজিৎ দত্ত ১) মন্দিৰৰ বাৰাণ্ডাত ঘণ্টা বাজিছে। হালিজালি থকা ঘন্টাৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে ফটফটীয়া মজিয়াত। দানপাত্ৰটিও শ্বেতপাথৰৰ। মন্দিৰৰ সন্মুখৰ বাগিচাখন টিপটপ, ফিটফাট। গছবোৰ সাজিকাচি বহি থাকে। ডাল পাতবোৰ অলপ ইফাল সিফাল হোৱাও এই বাগিচাত অসম্ভৱ। যমদূত মালী অস্ত্ৰ হাতত লৈ সদা প্ৰস্তুত। বাগিচাৰ এটা বগা গোলাপে তাৰ কাষৰ গোলাপটিক ক’লে, “চা ভাই, আমাৰ জীৱনটো কেনে একঘেয়ামী আৰু বিৰক্তিকৰ। সৌ মন্দিৰৰ বাৰাণ্ডালৈ চা। মহিলাৰ খোপাত গোলাপী গোলাপ।” “হয়, ঠিক, ঠিক। সেই গোলাপী ৰঙ ধাৰ

Read more

এজন ভূতপূৰ্ব মন্ত্ৰীৰে সাক্ষাৎকাৰ (আৰাধনা বৰুৱা)

মূললেখাঃ পদ্মশ্ৰী শাৰদ যোশী (‘এক ভুতপূৰ্ব মন্ত্ৰী চে মুলাকাত’) অনুবাদঃ আৰাধনা বৰুৱা “আজিকালিৰ ল’ৰাছোৱালীয়ে গাখীৰকণ খীৰাবও নাজানে অ’৷ কি যে হ’ব ইহঁতৰ।” মই যেতিয়া তেওঁৰ ঘৰগৈ পাইছিলোঁ তেওঁ তেতিয়া পুত্ৰধনক গাখীৰ খিৰাবলৈ শিকোৱাত লাগিছিল৷ মন্ত্ৰীত্ব থকাৰ সময়ত ঘৰৰ পদূলিমুখত গাড়ী ৰখাই থোৱা স্হানত আজিকালি ম’হ বন্ধা থাকে৷ মোক দেখি তেওঁ ক’লে- “গেলা ঘাঁত নিমখ ছটিয়াবলৈ আহিলা নেকিহে?” “নিমখ ইমানো সস্তা নহয় আৰু দিয়ক যে এনেকৈ নষ্ট কৰিম৷ আপোনালোকৰ দিনতে নিমখৰ দামো বাঢ়িল নহয়৷” “আৰে আমাৰ পাৰ্টিক কিয় দোষ দিছা হে?

Read more

মিথ্যে – নীলাক্ষি দেৱী ডেকা

মূল: মাধৱী ভট্টাচাৰ্য্য (বাংলা) অনুবাদ: নীলাক্ষি দেৱী ডেকা   ঘৰ আহি কিবাকৈ সোমাইছিলোঁহে মাত্ৰ, সাথীয়ে উধাতু খাই কাষলৈ আহিল। “হেৰা, তোমাৰ মায়েৰাই কিন্তু আকৌ লুকাই লুকাই মিঠাই খাইছে। ইয়াৰ পাছত স্বাস্থ্যৰ কিবা অঘটন ঘটিলে মোক দোষ দিবলৈ নাযাবা কিন্তু। এতিয়াই কৈ থলোঁ!” মোৰ মা অসুখীয়া অলপ। যোৱা কেইবছৰমানৰ পৰা তেজত চুগাৰ বাঢ়িছে। চুগাৰৰ পৰিমাণ ইমানেই বেছি যে বহু সময়ত ইনচুলিন দিয়ো নিয়ন্ত্ৰণত ৰখা কঠিন হৈ পৰেগৈ। শেষৰবাৰ পৰীক্ষা কৰাৰ সময়ত ডাক্তৰ সেনে মোক বাৰে বাৰে সাৱধানবাণী শুনাইছিল যে ইতিমধ্যে মাৰ

Read more

সাধুবাবাৰ ভোগ – মিতালী নাৰায়ণি

মূল প্ৰেমচন্দৰ “বাবাজী কা ভোগ” অনুবাদ: মিতালী নাৰায়ণি   ৰামধন গৰখীয়াৰ দুৱাৰমুখত এজন সাধুবাবা উপস্থিত হৈ ক’লে, “বাচা, তোৰ কল্যাণ হওক! সাধু-সন্যাসীক কিবা অলপ দক্ষিণা দে৷” ৰামধনে গৈ ঘৈণীয়েকক ক’লে, “দুৱাৰমুখত এজন সাধুবাবা ৰৈ আছে, তেওঁক কিবা অলপ দি দে গৈ৷” ৰামধনৰ ঘৈণীয়েকে বাচন মাজি মাজি “আজিৰ সাজত কি ৰান্ধিব, ঘৰত এটা খুদ-কণো নাই” – সেই চিন্তাতে বিভোৰ হৈ আছিল৷ চ’তৰ মাহ আছিল যদিও ইয়াত দিন-দুপৰতে চৌদিশ অন্ধকাৰময় হৈ গৈছিল৷ হিচাপৰ মূৰত আটাইখিনি উৎপাদন শেষ হৈ থাকিল৷ আধা মহাজনে নিলে

Read more

উলূখেৰৰ বিপদ – নয়নমণি হালৈ

মূল – ৰবীন্দ্ৰনাথ ঠাকুৰ অনুবাদ – নয়নমণি হালৈ   জমিদাৰৰ মহৰী গিৰিশ বসুৰ গৃহ অন্তেঃপুৰত কাম-বন কৰাকৈ প্যাৰী নামৰ ছোৱালী এজনী নতুনকৈ নিযুক্ত হ’ল। তাইৰ বয়স কম, চৰিত্ৰও ভাল। দূৰ বিদেশৰ পৰা আহি কেইদিনমান কাম। কৰাৰ পিচতে তাই অনুভব কৰিলে যে বৃদ্ধ মহৰী চাহাবৰ তাইৰ প্ৰতি মাত্ৰাধিক আকৰ্ষণ। মহৰীৰ লুভীয়া চাৱনিৰ পৰা হাত সাৰিবলৈ তাই এদিন ঘৰৰ গিৰিহঁতনীৰ ওচৰত কান্দি-কাটি উপস্থিত হ’ল। গৃহিনীয়ে “বাচা, তই কোনোবা ভাল মানুহৰ ছোৱালী। ইয়াত থাকিলে তোৰ বহুত অসুবিধা হ’ব” বুলি গোপনে অলপ পা-পইছা দি

Read more

নাদান দোস্ত – ৰাজশ্ৰী শৰ্মা

মূল হিন্দী: মুন্সী প্ৰেমচন্দ অসমীয়া ভাবানুবাদ: ৰাজশ্ৰী শৰ্মা   কেশৱহঁতৰ ঘৰৰ মূধৰ পিনে থকা কাৰ্নিছত এজনী চৰায়ে কণী পাৰিছিল। কেশৱ আৰু তাৰ ভনীয়েক শ্যামাই বৰ মনোযোগেৰে চৰাই হালৰ অহা যোৱা লক্ষ্য কৰি থাকে।পুৱা দুয়ো চকু মোহাৰিয়েই কাৰ্নিছৰ তল পায় আৰু তাতে চৰাইটো বা চৰাইজনী কোনোবা এটাক বহি থকা দেখে। সিঁহতক দেখিলেই ল’ৰা ছোৱালী দুটাৰ যে কি ফূৰ্তি! দুয়ো জিলাপী -গাখীৰৰ সোৱাদো পাহৰে। কিমান যে প্ৰশ্ন সিহঁতৰ মনত! কণীবোৰ কিমান ডাঙৰ হ’ব, কি ৰঙৰ হ’ব, কেইটা হ’ব, পোৱালি কেইটায়ে বা খাব

Read more

ইলিচ ( মূল: বাংলা) – গল্পকাৰ: জ্যোতিৰ্ময় সেনগুপ্ত – অনুবাদ: অভিজিত দত্ত

দেওবাৰৰ ৰাতিপুৱাটোত বিছনাৰ পৰা অলপ এলাহ এলাহকৈ উঠিলেও একো মহাভাৰতখন অশুদ্ধ নহয়। মানসীয়ে যে একো নকয়, সেয়া জনা কথা। তাই নাইটিটো এৰি শাৰীখন গাত মেৰিয়াই লৈ চকু-মুখত অলপ পানী মাৰি ঘৰটোত ঝাড়ু মাৰি গেছটো জ্বলাই ল’ৰা-ছোৱালীহালক দিবলৈ গাখীৰ গৰম কৰি নিজৰ বাবে একাপ ফিকা চাহ বনাই ভাত বহায়। তাৰপিছত মানসী বহি যায় ফ্ৰিজৰ তৰকাৰী ভৰি থকা বাস্কেটটো লৈ। অথচ কাষৰ ঘৰৰ সুন্দৰ দিদিৰ দৰে তাই এই সময়ত নাক বজাই শুই থাকিব পাৰে। সুন্দৰ দিদি যোৱা বাৰ বছৰ এখন মহাবিদ্যালয়ত চাকৰি

Read more
1 12 13 14 15 16 22