ফটাঢোল

ধাঁধা (বাংলা মূল : মাধৱী ভট্টাচাৰ্য) ভাবানুবাদ – নীলাক্ষি দেৱী ডেকা

পাকঘৰত ভাত ৰান্ধি থাকোঁতে তৃষাৰ খিৰিকীৰ জালনাৰ ফাঁকেদি দেখা পোৱা আকাশখনলৈ চকু গ’ল। আকাশত এটুকুৰা কজলা আলসুৱা মেঘ। আবেলিলৈ হয়তো বৰষুণ এজাক আহিব পাৰে। কথাটো ভাবিয়েই তৃষাৰ মন আনন্দত নাচি উঠিল। অমল দুদিনৰ মূৰত ঘৰলৈ উভটিব। দুয়ো একেলগে খিৰিকীমুখত বহি ৰিমঝিম বৰষুণৰ আমেজ ল’ব। বৰষুণৰ এচাৰকণিয়ে হয়তো দুয়োৰে গাল মুখ তিয়াই পেলাব। সেই সময়তেই হয়তো তাই হৃদয়ৰ সমগ্ৰ আকুলতাৰে সাৱটি ধৰিব তাইৰ মৰমৰ মানুহজনক আৰু ওঁঠৰ উমাল স্পৰ্শৰে শুহি ল’ব তেওঁৰ দুয়োগালত লাগি ৰোৱা কণ কণ বৰষুণৰ টোপাল!

ভাবটো মনলৈ অহাৰ লগে লগেই তৃষাৰ নিজলৈকে লাজ লাগিল। মধুৰ আবেশত গাল মুখ ৰঙচুৱা হ’ল। সপোন ৰাজ্যত ভ্ৰমি থকা তৃষাৰ ভাৱনাত যতি পৰিল এটা কৰ্কশ মাতত।

: ঐ আপী এতিয়ালৈকে তোমাৰ ৰন্ধা বঢ়া শেষ হ’বৰ হোৱাই নাই ন? দুপৰীয়া ভাতমুঠি খাই শান্তিত এঘুমতি মাৰিম; আজিকালি তাৰো উপায় নাইকিয়া হৈছে। পাকঘৰৰ ঘটং মটং শব্দত শুব পাৰিলেহে কিবা! অলপ খৰকৈ হাত চলোৱা বুজিছা, এনেকৈ লেহেম গতিত নচলিব তোমাৰ।

: এই হ’লেই আৰু জেঠাই। অকণমান কামহে বাকী আছে মাত্ৰ!

: এই নাওমান ৰান্ধোতেই দিনৰ এবেলা যায়! পৃথিৱীৰ গোটেই জঞ্জাল আহি পৰেহি মোৰহে মূৰৰ ওপৰত। কিহেযে পাইছিল মোক অমলক বিয়াৰ পাছতো ইয়াত থাকিবলৈ দিবলৈ! গাত নাই চাল বাকলি, মদ খায় তিনি টেকেলী। তাৰ নিজৰে দুইমুঠি যোগাৰ কৰাৰ হাঁহাকাৰ তাতে বিয়া পতাৰ চখ লাগিল! নাকত যদি অলপো লাজ চৰম থাকিল হয়!

লেথাৰি নিচিগাকৈ বকি বকি বীথিকা চিড়িয়েদি ওপৰতলালৈ উঠি গ’ল। বীথিকা অমলৰ নিজৰ জেঠায়েকো নহয়, অলপ দূৰ সম্পৰ্কীয়হে। মুখখনো একেবাৰে লাওপাত কচুপাত। আনক বিনাদোষত জগৰীয়া কৰি নিজৰ বাক্যবানেৰে ধৰাশায়ী কৰাত তেওঁ সিদ্ধহস্ত। নিজৰ কেওকিছু নোহোৱা অমলে জেঠায়েকৰ ঘৰতেই অতদিন ধৰি আছে। তৃষাক বিয়া কৰোৱাৰ পাছতো ঘৈণীয়েকক লৈ ইয়াতেই আছে সেইটোৱেই চাগে জেঠায়েকৰ অশান্তিৰ মূল। আৰু উৰহৰ খঙ ভগাঢাৰিত নিয়মকে সাৰোগত কৰি সকলো দায় আহি পৰে ন-বোৱাৰী তৃষাৰ ওপৰতেই। তৃষাই সকলো বুজি পায়ো জেঠায়েকৰ সকলো অপমান চকু মুদি সহ্য কৰে। সহ্য কৰি চলি যোৱাৰ বাহিৰেনো উপায় আছে কি! তেখেতে যে দয়া কৰি তৃষা আৰু অমলক তেওঁৰ ঘৰৰ এটা কোণত থাকিবলৈ দিছে সেয়াও বহুত। এইখিনি নথকা হ’লে এই চহৰত দুয়োৰে মূৰ গুজিবলৈকোতো সামান্য ঠাই নাছিল।

খৰধৰকৈ সকলোখিনি অঁতাই পিতাই তৃষা লৰালৰিকৈ পাকঘৰৰ পৰা ওলাল। ভাত আৰু তৰকাৰী আগতেই নি নিজৰ ঘৰত থৈ আহিছেগৈ। ঘৰ বুলি ক’বলৈ
তৃষাহঁতৰ ভাগত এটাই মাত্ৰ কোঠা। খোৱা, শোৱা সকলোবোৰ তাতেই। তলৰ মহলাত আৰু বহুতো কোঠা খালী হৈ পৰি আছে যদিও জেঠায়েকে ব্যৱহাৰৰ অনুমতি দিয়া নাই। গোটেইবোৰ তলাবন্ধ হৈ পৰি থাকে। এটা সৰু কোঠা, বাথৰূম আৰু ৰান্ধনিঘৰৰ এফাল অমলক ব্যৱহাৰ কৰাৰ অনুমতি দিছে জেঠায়েকে। গোটেই ওপৰ মহলাটোত জেঠায়েক আৰু জেঠায়েকৰ আদৰৰ লাড়ুৱা গোপালৰ ৰাজত্ব। পাৰ্ট টাইম কাম কৰা বাই এজনীও আছে। অৱশ্যে তাই এইটো ঘৰত নাথাকে। এটা সময়ত আহি ঘৰৰ অন্য কামৰ লগতে দুবেলাৰ ৰন্ধা বঢ়াখিনিও কৰি দি থৈ যায়। ৰন্ধাটোনো কি, খাৱৰীয়া বুলিবলৈয়ো কেৱল এগৰাকী মানুহ মাত্ৰ। জেঠায়েকে হাত ধুই ভাতকেইটা খালেই হ’ল কেৱল।

বিয়াৰ পাছত যোৱা ছমাহ ধৰি তৃষা অমলৰ লগত এইটো ঘৰতেই আছে। অমলৰ জেঠায়েকক তাই মুঠেও সহ্য কৰিব নোৱাৰে। ঐশ্বৰ্য আৰু আভিজাত্যৰ অহংকাৰে আৱৰি ৰখা বীথিকাই সাধাৰণ মানুহক ভৰিৰ ধূলিহেন গণ্য কৰে। তেখেতৰ গিৰিয়েক আছিল উচ্চপদস্থ ইঞ্জিনীয়াৰ। দুয়োটা ল’ৰাই থাকে বিদেশত। কোন ঠাইত থাকে তৃষাই ভালকৈ নাজানে। টৰণ্টো, নিউ জাৰ্চি তেনেহেন কিবা ঠাইতেই। বিদেশৰ পৰা মাকৰ নামত প্ৰতিমাহে মোটা অংকৰ টকা পঠিয়ায়। অভাৱৰ অ টোও নাই জেঠায়েকৰ সংসাৰত। তথাপিও তাকে লৈ ইমান অহংকাৰ কৰিবলগীয়া কি থাকিব পাৰে তাকে বুজি নাপায় তৃষাই। যিমান দূৰ সম্ভৱ ভদ্ৰমহিলাক এৰাই চলিবলৈকে যত্ন কৰে তৃষাই। ইমানসোপা ধন সম্পত্তি থকাৰ সত্বেও অনবৰতে টকা পইছা লৈ কিহৰ ইমান হাঁহাকাৰ সেইটোৱেই বৰ অদ্ভুত কথা আচলতে! অমলক পৰিবাৰৰ সৈতে তেওঁৰ ঘৰত থাকিবলৈ দিয়াটোতেই কত জ্বালা তেওঁৰ তাকেই কথাই কথাই তৃষাক শুনাবলৈ নেৰে কাহানিও। অমলক থাকিবলৈ নিদি ঘৰটো ভাড়ালৈ দিয়াহ’লেও কিমান টকা ভাড়া পালেহেঁতেন সেইটো শুনি শুনি কাণ পকি গৈছে তৃষাৰ। এনেয়ে থাকিবলৈ দিলেও কথা নাছিল, সম্পৰ্কীয় হোৱা সত্বেও অমলৰ পৰা প্ৰতিমাহে ভাড়াৰ বাবদ টকাকেইটা নোলোৱালৈকে তেওঁৰ নুকুলায়েই!

তৃষাক বিয়া কৰোৱাৰ আগলৈকে অমলে জেঠায়েকৰ লগত একেলগেই খোৱাবোৱা কৰিছিল। যেতিয়াই তৃষাক বিয়া কৰোৱাৰ কথা ওলাল তেতিয়াই জেঠায়েকৰ আপত্তিৰ আদি অন্ত নোহোৱা হ’ল। তেওঁ অমলক এটা কথা স্পষ্ট কৰি কৈ দিলে যে নিজৰ পৰিবাৰক লৈ সেই ঘৰত আগৰ হিচাবত চলাটো সম্ভৱপৰ নহ’ব আৰু। অমলৰো তেতিয়া থাকিবলৈ অন্য ঠাইৰ ব্যৱস্থা কৰা সম্ভৱ নাছিল। গতিকে উপায়হীন হৈ জেঠায়েকৰ ঘৰতে আৰু কিছুদিনৰ কাৰণে থাকিবলৈ দিয়াৰ কাৰণে অনুৰোধ কৰিলে। জেঠায়েকৰো চিধা কথা যে বিয়া কৰাই পৰিবাৰকো আনি জেঠায়েকৰ ঘৰত ৰাখিবলৈ হ’লে থকা আৰু খোৱাৰ বাবদ ভাড়া দিব লাগিব অমলে। তেখেতৰ ভাড়া লোৱাৰ যুক্তি আছিল যে অমল বেছিভাগ সময় ঘৰৰ বাহিৰতেই থাকে কিন্তু বিয়া পতাৰ পাছত অমলৰ ঘৈণীয়েকেতো দিনে ৰাতিয়ে কোঠাটো দখল কৰি বহিয়েই থাকিব গতিকে বিনা ভাড়াত দুয়োকে থাকিবলৈ দিবলৈ তেওঁ মুঠেই ৰাজী নহয়। তদুপৰি এজনৰ ঠাইত দুজন খাৱৰীয়া হ’লে সেইফালেও খৰচ বহুত বাঢ়ি যাব। গতিকে খোৱাৰ বাবদো তেওঁ অমলৰ পৰা টকা ল’বলৈ বাধ্য। অমলে কেনেকৈ কোনফালে মিলাব তাকে ভাবি পাৰ নোপোৱা হৈছিল। ভাগ্যভাল সেই সময়তে তৃষাৰ মনত বুদ্ধিটো খেলাল বুলিহে। তৃষা থাকিলে অমলৰ জেঠায়েকৰ লগত একেলগে খোৱাবোৱা কৰাৰ প্ৰয়োজনেই বা কি! তৃষাই নিজেই দেখোন দুয়োৰে খোৱাখিনিৰ যোগাৰ কৰিব পাৰে। এইখিনিলৈকে ঠিকেই আছিল কিন্তু সমস্যাটো হ’ল অমলৰ থকাৰ কোঠা মাত্ৰ এটা। সেইটো কোঠাতেই ৰন্ধাবঢ়া কৰিলে ৱালত তেলচিকটি লাগি নষ্ট হোৱাৰ ভয়ত জেঠায়েকে তাত পাকঘৰ পাতিবলৈ মুঠেও নিদিয়ে। উপায় নাপাই তৃষায়েই জেঠায়েকক অনুৰোধ কৰিলে যে, জেঠায়েকে যদি তেখেতৰ পাকঘৰৰ এটা কোণৰ সামান্য ঠাই এৰি দিয়ে তেন্তে তৃষাই নিজৰ ৰন্ধা বঢ়াখিনি তাতেই কৰি ল’ব পাৰিব। তৃষাই ভবা নাছিল যে জেঠায়েকে এই প্ৰস্তাৱত মান্তি হ’ব কিন্তু তৃষাক আচৰিত কৰি তেখেতে একেষাৰে ৰাজী হৈ গ’ল। তৃষায়ো স্বস্তিৰ নিশ্বাস পেলালে। তাৰফলত যোৱা ছয়মাহে অমলে কেৱল ভাড়াৰ টকাকেইটাই জেঠায়েকৰ হাতত দি দায় সাৰিছে। অমল বাহিৰত থাকিলে তৃষাই নিজৰ কাৰণে বৰ বেছি এটা ৰন্ধা বঢ়া নকৰে গতিকে সামান্য খৰচতেই দুয়োৰে নতুন সংসাৰখন আৰামত চলি গৈছে।

অমলে এটা মেডিচিন কোম্পানীত মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ কাম কৰে। কোম্পানীৰ নামটো শুনিবলৈ ভব্যগব্য হ’লেও তাৰ তুলনাত অমলৰ আয়ৰ পৰিমাণ নিচেই সামান্য। অন্য ডাঙৰ কোম্পানী হ’লেও কোনো কথা নাছিল কিন্তু এনে চালুকীয়া কোম্পানীৰ চাকৰিত বেছি দৰমহাৰ আশা কৰাটোও বৃথা। বেছিভাগ সময়েই বেচেৰাৰ কান্ধত বেগ ওলোমাই ইখনৰ পাছত সিখন হস্পিতাল, ইজন ডাক্তৰৰ চেম্বাৰৰ পৰা সিজন ডাক্তৰৰ চেম্বাৰলৈ দৌৰাদৌৰি কৰোঁতেই যায়। ইয়াৰ উপৰিও ফাৰ্মাচীবোৰতো ঘূৰাঘূৰি কৰিব লগা হয়। ইমান কষ্টৰ মাজতো অমলে আৰু অলপ ভালকৈ কৰিবলৈ চেষ্টা কৰি নথকা নহয় কিন্তু সকলো কামতে অলপ হ’লেও সময় লাগেই। তাত অমলে কৰিব কি!

তৃষাৰো অমলৰ লগত চিনাকি হোৱা বছৰছেৰেকহে হ’ল মাত্ৰ। অমল তেতিয়া নতুনকৈ চাকৰিত সোমাইছেহে। তৃষাৰ দেউতাকৰ চাকৰি আছিল এখন হস্পিতালতেই লগতে সেই হস্পিতালৰ এজন ডাক্তৰৰ চেম্বাৰত ব্যক্তিগত সহায়কাৰী হিচাপেও কাম কৰিছিল। হস্পিতাল, চেম্বাৰলৈ অহাযোৱা কৰোঁতেই অমলৰ তেখেতৰ লগত চিনা জনা আৰু সেই সূত্ৰেই তৃষাৰ লগতো প্ৰথম পৰিচয়। প্ৰথম দৰ্শনতেই অমলৰ দুচকুৰ মুগ্ধ দৃষ্টিৰ পৰিভাষা বুজোঁতে সময় লগা নাছিল তৃষাৰ। দুয়োৰে মাজত ঘনিষ্ঠতা তেনেদৰেই বাঢ়ি উঠিছিল।

ইফালে তৃষাৰ ঘৰতো সমস্যাৰ শেষ নাছিল। তৃষাৰ মাক ঢুকোৱাৰ পাছত দেউতাকে পুনৰ বিয়া কৰাইছিল। দিনে নিশাই মাহীমাকৰ কেটেৰা জেঙেৰা শুনি শুনি অতীষ্ঠ হোৱা তৃষাৰো সেইখন সংসাৰত টিকি থকাই টান হৈ পৰিছিল। পানীত ডুবিবলৈ ওলোৱা মানুহে সামান্য খেৰকুটা এডালকো সম্বল কৰি লোৱাৰ দৰে তৃষায়ো এনে এটা অৱলম্বনৰ সন্ধানত আছিল যিয়ে তাইক সেই নৰকৰ পৰা মুক্তিৰ পথ দেখুৱাব পাৰে। সেই যন্ত্ৰণাকাতৰ সময়চোৱাতেই তৃষাৰ অমলৰ লগত দেখাদেখি। চিনাকিৰ কেইমাহমান পাছত এদিন সকলো লাজ মান কাটি কৰি তৃষাই নিজেই এদিন অমলক কৈছিল,

: মোক এই নৰকৰ পৰা কৰবালৈ লৈ যোৱা অমল। মই আৰু নোৱাৰিছোঁগৈ।

: কিন্তু তোমাক ক’লৈ লৈ যাম কোৱা? মোৰ নিজৰেই কোনো থিতাপি নোহোৱা হৈছে জীৱনত। মোক অলপমান সময় দিয়া। তুমিও অলপ অপেক্ষা কৰাচোন। সময়ত সকলোবোৰ ঠিক হৈ যাব।

ঘটনাৰ আকস্মিকতাত বিব্ৰত হৈ অমলে উত্তৰ দিছিল।

: তুমি যলৈকে লৈ যোৱা তালৈকে যাম মই। আৰু অপেক্ষা কৰাটো মোৰ বাবে অসম্ভৱ হৈ পৰিছে। মই আৰু কোনোপধ্যেই নোৱাৰিছোঁ।

কথাখিনি কৈয়েই অমলৰ আগত ফেকুঁৰি ফেকুঁৰি কান্দি পেলাইছিল তাই।

: আৰে, তুমি কান্দিছা কিয় কোৱাচোন? তোমাৰ ভালৰ কথা চিন্তা কৰিয়েই আচলতে কৈছিলোঁ মই। মোৰ লগত তেনেকৈ থাকিবলৈ কষ্ট পাবা তুমি।

অমলে আথেবেথে কৈছিল তৃষাক।

: কষ্ট হ’লেই যেনিবা অলপ তথাপিও তুমিতো থাকিবা লগত। আৰু একো নালাগে মোক।

এযুৰি গভীৰ সলজ নয়নেৰে অমলৰ মুখলৈ আশাৰে চাই ৰৈছিল তৃষাই। তৃষাৰ মৰমৰ এই আহ্বানক উপেক্ষা কৰিব পৰা শক্তি অমলৰ নাছিল।

একমাত্ৰ তৃষাৰ ভালপোৱাখিনিৰ বাহিৰেনো অমলৰ জীৱনত আৰু আছিল কি! সৰুতেই ঘাটমাউৰা হোৱা অমলৰ জীৱন যুদ্ধৰ আৰম্ভণি তেতিয়াই। জীৱনৰ পদে পদে সংঘৰ্ষৰ সন্মুখীন হওঁতে সি হয়তো পাহৰিয়েই গৈছিল যে জীৱনত খোৱা পিন্ধাৰ কাৰণে সংগ্ৰাম কৰাৰ উপৰিও অন্য কিছু ভাললগা অনুভূতিও থাকিব পাৰে। এখনি লৱণু কোমল হাতৰ মায়াময় স্পৰ্শয়ো জীৱনৰ অৰ্থই সলনি কৰি পেলাব পাৰে। কাৰোবাৰ দুচকুৰ মিঠা চাৱনিয়ে জীয়াই থকাৰ মোহ জগাব পাৰে। দিনটোৰ যুদ্ধত ভাগৰুৱা মনে কাৰোবাৰ কাষলৈ আহি পাহৰিব পাৰে সকলো ক্লান্তি। সেই সময়ত মনলৈ এটাই ভাব আহে, “এইখনিৰ নামেইতো জীৱন! এইখিনিৰ অবিহনে ইমান দিন কেনেকৈনো বাচি আছিলোঁ মই!”

তৃষাই এইখন ঘৰত আহি ভৰি দিয়াৰ পাছত অমলৰ জেঠায়েকে এদিন নতুন কইনা চাবলৈ আহিছিল। তৃষাক দেখি বিদ্ৰুপ মিহলি সুৰত কৈছিল তেওঁ,

: কি হে আপী, মায়েৰৰ ঘৰত খোৱা বোৱাত কষ্ট হৈছিল হেন পাওঁ। নহ’লেনো কেওকিছু নথকা এনে চালভিকহু এটালৈ বিয়া দি খেদায়নে!

লাজ, অপমানত তৃষা মুক হৈ ৰৈছিল। অমলেও একো মতা নাছিল তেতিয়া। জেঠায়েক যোৱাৰ পাছত অমলে তৃষাক বুজনি দিছিল,

: জেঠীমা মানুহজনী এনেকুৱাই বুজিছা। তেখেত আগৰপৰাই অলপ খিংখিঙিয়া স্বভাৱৰ কিন্তু মনটো ইমান বেয়া নহয়। তেওঁৰ কোনো কথা তুমি ধৰি নাথাকিবা দেই।

অমলৰ জেঠায়েক কেৱল খিংখিঙিয়া হোৱাৰ কথাটো বৰ হজম হোৱা নাছিল তৃষাৰ। তাইৰ মনত ভাব হৈছিল যে অমলৰ জেঠায়েকে যেন ইচ্ছা কৰিয়েই অমলৰ নিঃস্ব অৱস্থাক বিদ্ৰূপ কৰিছে। অমলৰ দুখে তাইকো দুখী কৰিছিল। মানুহ কিমান দুৰৱস্থাত পৰিলে বাৰেবাৰে চুপচাপ এনে অপমান সহ্য কৰি যায় সেইখিনি বুজি পাবলৈ সময় লগা নাছিল তৃষাৰ। তেতিয়াৰ পৰাই তাৰপৰা অন্য কৰবালৈ গুছি যোৱাৰ ইচ্ছাটো দিনে দিনে প্ৰৱল হৈ উঠিছিল তাইৰ মনত। সুবিধা পালেই অমলক কৈছিল আন কৰবাত বেলেগকৈ ঘৰ ভাড়া লোৱাৰ কথা। অমলে মৰমেৰে বুজাইছিল তাইক,

: ঘৰ ভাড়া লোৱাটো ইমান সহজ নহয় তৃষা। প্ৰথমতে টকা জমা কৰিব লাগিব আমি। আৰু কেৱল ঘৰভাড়া দিয়েই হ’ব জানো কোৱা? এখন সংসাৰৰ সৰু সুৰা সকলো প্ৰয়োজনীয় বস্তু কিনিব লাগিব আমি। আৰু জেঠীমায়ে যিমান ভাড়া লৈ আছে তেনে ভাড়াত আন কতো থাকিব পৰাকৈ ভাল ঘৰ ভাড়া বিচাৰি নোপোৱা তুমি। কিছুদিন অপেক্ষা কৰাচোন তুমি। কিবা নহয় কিবা এটা ব্যৱস্থা নিশ্চয়কৈ হ’বই।

টকা জমা কৰিব, নতুন ঘৰ ভাড়া ল’ব, সেইটো এতিয়ালৈকেও সম্ভৱপৰ হৈ নুঠিল। দৰমহাৰ টকাকেইটা ক’ত যে কেনেকৈ খৰচ হৈ যায় ভগৱানেহে জানে। তথাপিও তৃষাই ধৈৰ্য্য ধৰি আছে কেৱল এইটো ভাবিয়েই যে এদিন নহয় এদিন এই অৱস্থাৰ পৰিৱৰ্তন হ’বই।

ভাৱনাৰ সাগৰৰ পৰা বাস্তৱ পৃথিৱীলৈ উভটি আহিল তৃষা। ৰান্ধি বাঢ়ি লৈ, গা পা ধুই সেই তেতিয়াৰে পৰা অমলৰ প্ৰতীক্ষাত বহি আছে কিন্তু অমল এতিয়ালৈকে আহি নাপালেহি। দিনটো অকলে থকাৰ কাৰণে দুপৰীয়াও একো এটা মুখত দিয়া নহ’ল। ভাবিছিল অমল আহি পালে একেলগে বহি খাব। অমললৈ বাট চাওঁতে চাওঁতে এটা সময়ত হুৰহুৰাই বৰষুণ এজাক আহিল। তথাপিও অমল আহি নাপালেহি। ইফালে মোবাইল ফোনৰো চুইছ অফ। অমলৰ এপলক সান্নিধ্যৰ বাবে ব্যাকুল হৈ পৰিল তৃষা।

ইফালে গধূলি পাৰ হৈ ৰাতি হ’ল। অমলৰ মোবাইলৰ এতিয়াও চুইছ অফেই দেখুৱাই আছে। প্ৰিয়জনৰ সান্নিধ্যৰ আকুলতাৰ স্থান হাজাৰটা দুঃচিন্তাই ল’বলৈ ধৰিলে। আজেবাজে চিন্তাই হেঁচা মাৰি ধৰিলে তৃষাক। এই সময়ত কি কৰা উচিত তাৰ একো উৱাদিহ নাপাই তাই ভাবিলে যে অমলৰ জেঠায়েকক অমল এতিয়ালৈকে আহি নোপোৱাৰ কথাটো কোৱা যাওক। সাত পাঁচ গুণি ৰূমৰ পৰা ওলাবলৈ লওঁতেই দুৱাৰত কাৰোবাৰ টোকৰ পৰিল। দুৱাৰ খুলিয়েই দেখা পালে সন্মুখত অমল। ইমান সময়ৰ অৱৰ্তমানৰ পাছত গিৰিয়েকক দেখা পাই আবেগেৰে বুকুৰ মাজত সোমাই পৰিবলৈ লৈয়ো থমকি ৰ’ল তৃষা। এয়াটো সেই অমল নহয় যাৰ আগমনৰ প্ৰতীক্ষাত তৃষাই অতপৰে আকুলতাৰে বাট চাইছিল! তৃষাৰ চকুৰ আগত এয়া এজন যুদ্ধত পৰাজিত বিধ্বস্ত সৈনিক। শেঁতা, কৰুণ মুখমণ্ডল। বৰষুণত তিতাৰ কাৰণে কপালত তিতা চুলিখিনি খেলিমেলি হৈ লিপিত খাই আছে। উদভ্ৰান্ত দুচকুত গভীৰ বেদনা। চকুৰ গুৰিও ক’লা পৰিছে। অমলৰনো আচলতে হৈছে কি!

: কি হৈছে তোমাৰ?

অজান আতঙ্কত প্ৰায় চিঞৰিয়েই উঠিল তৃষাই। লগে লগে অমলে ফেকুঁৰি উঠিল।

: মোৰ চাকৰি আৰু নাই তৃষা!

থোকাথুকি মাতেৰে কিবাকৈ ক’লে অমলে।

: কিয়? কেনেকৈ?

তৃষাৰ মূৰত যেন বিনামেঘে বজ্ৰপাত হে পৰিল! অমলে থোকাথুকি মাতেৰে যিখিনি কথা ক’লে তাৰপৰা তৃষাই এইটোৱেই বুজি পালে যে অমলে চাকৰি কৰা ঔষধ কোম্পানীটো হেনো হঠাতে বন্ধ হৈ গৈছে। তাৰ লগে লগে তাত কাম কৰা সকলো কৰ্মচাৰীৰে চাকৰি গৈছে। সৰু চালুকীয়া কোম্পানীটোৱে অন্য বহুজাতিক কোম্পানীবিলাকৰ লগত ফেৰ মাৰিব পৰা নাছিল তাৰফলত লোকচানো হৈছিল প্ৰচুৰ। অৱশেষত মালিকপক্ষই কোম্পানীটো বন্ধ কৰি দিয়াৰে সিদ্ধান্ত লয়। সেইটো কৰাৰ বাহিৰে আন একো উপায়ো বাচি থকা নাছিল। অৱশ্যে তাত কাম কৰা ইমানবোৰ কৰ্মচাৰীৰ ভৱিষ্যত কি হ’ব সেইবিষয়ে কিন্তু তেওঁলোকে একো চিন্তা কৰাৰ প্ৰয়োজন অনুভৱ নকৰিলে।

আকস্মিক বিপদৰ আঘাটত তৃষা বাকৰূদ্ধ হৈ পৰিল। কিন্তু এই সময়ততো তাই ভাঙি পৰিলে নচলিব। তাইৰ সন্মুখত শিশুৰ দৰে ফেকুঁৰি ফেকুঁৰি কান্দি থকা মানুহজনকতো তায়েই চম্ভালি ৰাখিব লাগিব!

গভীৰ মমতাভৰা দুহাতেৰে অমলক বুকুত আঁকোৱালি ল’লে তৃষাই। কাণৰ কাষত ফুচফুচাই ক’লে,

: একো চিন্তা নকৰিবা সোণ! আমি দুয়ো আছোঁ নহয়। কিবা নহয় কিবা এটা উপায় ওলাবই। এতিয়া ভাঙি নপৰিবা তুমি। এটা চাকৰিহে গৈছে, অন্য কৰবাত কিবা নহয় কিবা এটা কাম বিচাৰি পাবাই চাবাচোন।

: সেইটোতো মই বিচাৰিমেই। কিন্তু তাতেওতো বহুত সময় লাগিব তৃষা। অন্য চাকৰি নোপোৱালৈকে অতদিন আমি কি কৰি চলিম তৃষা?

কান্দোনত ভাঙি পৰা মাতেৰে অমলে সুধিলে তৃষাক।

: চলি যাব ভালকৈ। মই আছোঁ নহয় তুমি অলপো চিন্তা নকৰিবা।

তৃষাৰ অভয়বাণীত অমল শান্ত হ’ল অলপ। তৃষায়ো লৰালৰিকৈ ইতিমধ্যে চেঁচা পৰা ভাত তৰকাৰীখিনি পাকঘৰত গৰম কৰি আনিবলৈ গ’ল। জেঠায়েক পাকঘৰতেই আছিল। তৃষাক দেখা পাই তেঁৱেই আগতে মাত লগালে,

: অমল আহি পালেহি ন?

ওঁ বুলি শলাগি তৃষাই যাবলৈ ওলাওঁতেই জেঠায়েকে পুনৰাই মাত দিলে,

: পৰহিলৈ কিন্তু মাহৰ শেষ দিন। এই মাহৰ ভাড়াটো অমলক সময়মতে দিবলৈ দিবা। সদায়েই দেৰী কৰে সি দিয়াত।

ভিতৰি ভিতৰি কঁপি উঠিল তৃষা। জেঠায়েকে যদি গম পায় অমলৰ চাকৰি যোৱা বুলি তেনেহ’লে কি হ’ব! যদি তেখেতে গম পায় যে বেকাৰ অমলৰ এইমাহ কি অহামাহতো ভাড়া দিবলৈ চিন্তা কৰিব লগা হ’ব তেন্তে কি ঠিক তেওঁ হয়তো দুয়োকে ঘৰৰ পৰা বাহিৰ হ’বলৈকে দিব! গতিকে বৰ্তমান পৰিস্থিতিত তেখেতক সঁচা কথাটো নোকোৱাই মঙ্গল।

চুপচাপ নিজৰ কোঠালৈ উভতি আহিল তৃষা। খাই বৈ লৈ শোৱাৰ পৰত অমলৰ কাষত বাগৰি তৃষাই ক’লে,

: ময়ো কিবা এটা কাম বিচাৰোঁ দিয়া।

: কি কাম?

: যিকোনো কাম। টিউশ্যনৰ কাম বা অন্য কিবা। মোৰ লগৰ বান্ধৱী সংযুক্তাই নিজে বিউটি পাৰ্লাৰ এখন খুলিছে। ইনকামো বেছ ভালেই। ভাবিছিলোঁ তাইৰ ওচৰত গৈয়েই মই কৰিব পৰা কিবা কাম বিচাৰিম।

: বাৰু চোৱাচোন চেষ্টা কৰি।

অমলে উদাস সুৰত উত্তৰ দিলে। অমলে প্ৰতিদিনেই কাম বিচাৰি ওলাই যায়। এতিয়ালৈকে একো বিচাৰি নাপালেও তৃষাৰ বিশ্বাস যে কিবা নহয় কিবা এটাতো বিচাৰি পোৱা যাবই। তাই নিজেও সখীয়েক সংযুক্তাৰ ওচৰলৈ গৈছিল কাম বিচাৰি। কিন্তু পাৰ্লাৰত কাম কৰিবলৈ যোৱাটোও ইমান সহজ নহয়। প্ৰথমতে দুদিনমান কাম শিকিব লাগিব। তাৰ পাছত কিবা হয় যদি হ’ব।

ইতিমধ্যে নতুন মাহ আৰম্ভ হোৱাৰো চাৰি পাঁচদিন হ’ল। তথাপিও এতিয়ালৈকে একো এটা ভাল খবৰ নাহিল। যোৱা মাহৰ পাবলগীয়া দৰমহাখিনিও পোৱা নাই অমলে। কোম্পানীৰ অফিচত দৈনিক হাজিৰা দিও কোনো কামত অহা নাই। কোম্পানীয়ে মিছাতে দৌৰাই আছে কেৱল। ইফালে দৰমহা নোপোৱাৰ কাৰণে মাহেকীয়া বজাৰটোও কৰিব পৰা হোৱা নাই। ৰেচন পাতি ইতিমধ্যে প্ৰায় শেষেই। দোকানৰ পৰা বাকী কৰি আনিবলৈকো একো উপায় নাই। আগৰ ধাৰখিনি নমৰাকৈ দোকানীয়ে বস্তু নিদিয়ে বুলি কৈ দিছে ইতিমধ্যে। সংযুক্তাৰ ওচৰত ধাৰ বিচাৰিব পাৰি কিন্তু তেনে কৰিলেও বান্ধৱীৰ আগত অমলক হেয় কৰা হয়। অমলৰো এনে কোনো ঘনিষ্ঠ বন্ধু নাই যাৰ ওচৰত সহায় ভিক্ষা কৰিব পাৰি। শেষ পৰ্যন্ত কি সংযুক্তাৰ ওচৰতেই হাত পাতিব লাগিব নেকি!

পুৱাবেলা কামলৈ যোৱাৰ আগতে অমলক অলপ মুড়ি খাবলৈ দিছিল তৃষাই। তাই কোৱা নাই যে ঘৰত অন্নৰ এটা দানাও অৱশিষ্ট নাই। সকলো উদং হৈছে। অমল ওলাই যোৱাৰ পাছত তন্ন তন্নকৈ গোটেইকেইটা টেমা খুচৰি চাইছে তৃষাই। নাই, ক’তো একোৱেই নাই। তাই বাৰু ভোক সহ্য কৰি ল’ব কিন্তু দিনটো দুখে ভাগৰে ঘূৰি ফুৰা অমলে আহি খাবলৈ বিচাৰিলে তাই দিব কি! অস্থিৰ হৈ উঠিছিল তৃষা। জেঠায়েকৰ ভঁৰালৰ ফালে কৰুণ দৃষ্টিত চালে তাই। একেটা পাকঘৰৰে দুয়োফালে দুটা বিপৰীত দৃশ্য। জেঠায়েকৰ ফালে খোৱাবস্তু উভৈনদী হৈ আছে আৰু তাহাঁতৰ ফালে সকলো খালী। তৃষাই তথাপিও এটা আশা কৰিছিলে যে আজি হয়তো অমলে পাবলগীয়া টকাখিনি পাব। অমলৰ আহি পোৱাৰ সময় হৈছে। নিজৰ লাজ মান কাতি কৰি জেঠায়েকৰ ওচৰত হাজিৰ হ’লগৈ তৃষা। তৃষাক দেখিয়েই জেঠায়েকে ক’লে,

: কি হ’ল আজি ৰন্ধাবঢ়া কৰা নেদেখিলোঁ যে! অমলে ৰেস্তোৰাঁৰ পৰা খোৱাবস্তু আনিছিল যেন পাওঁ। আমাৰ ঘৰভাড়া দিবৰ সময়তহে দৰমহা নহয় কিন্তু বাহিৰৰ খোৱাবোৱা পূৰামাত্ৰাই চলি থাকে ন?

যোৱা ছয়মাহত কাৎচিত কেতিয়াবা অমলে চখতে বাহিৰৰ পৰা খোৱাবস্তু অনা কথাটো হয়। তাকো হিচাপ কৰি কৰি। সেই কথাটো লৈয়েই এতিয়া জেঠায়েকে ঠাট্টা মাৰিছে। তৃষাৰ টিঙিচকৈ খঙটো উঠিছিলেই। বহু কষ্টৰে নিজকে চম্ভালি লৈ ক’লে,

: নাই নাই, অমল এতিয়াও আহি পোৱাহিয়েই নাই। মোৰে গাটো কিবা ভাল লাগি থকা নাই। সেইকাৰণে ৰান্ধিবলৈকো মন নগ’ল একো।

: অহ, তেন্তে দুপৰীয়ানো খালা কি?

: গাটো বেয়া লাগি থকাই খাবলৈ একো মন নগ’ল।

: তাৰমানে দিনটো একো নোখোৱাকৈয়ে আছা? এতিয়া পাকঘৰলৈ কি কৰিবলৈ আহিছা? চাহ বনাবলৈ?

: নাই নাই। অমল আহি পালে একেলগে চাহ খাম। আচলতে চাহৰ লগত অলপ তিয়ঁহ আৰু মুড়ি সানি খাম বুলি ভাবিছিলোঁ। এতিয়া দেখিছোঁ তিয়ঁহ আছে কিন্তু মুড়ি নাই। দোকানলৈ যাবলৈয়ো ইচ্ছা যোৱা নাই। দুই মুঠি মুড়ি যদি দিলেহেঁতেন আপুনি…

: লৈ যোৱা।

জেঠায়েকে একেথৰে তৃষাৰ ফালে চাই আছে। তৃষাৰ অস্বস্তি লাগিবলৈ আৰম্ভ কৰিলে। কোনোমতে মুড়িখিনি লৈ নিজৰ কোঠালৈ পলাল। অলপ পাছত অমল আহি পালে। জেঠায়েকৰ পৰা আনি থোৱা মুড়িখিনিকে পানী এগিলাছৰ সৈতে খাবলৈ দিলে তাই।

: চাহ দিয়া একাপ।

অমলে ক’লে।

: চাহপাত শেষ হৈছে। আনিব লাগিব।

মৃদু সুৰত তৃষাই উত্তৰ দিলে।

: অহ! (অমলে থমকি ৰ’ল।) মোৰ ওচৰতো দুটকামানহে আছে। চাওঁচোন, কাইলৈ কিবা এটা ব্যৱস্থা কৰিব লাগিব।

তৃষাই নিশ্চুপ হৈ ৰ’ল। ঘৰত যে ৰাতিৰ সাজ ৰান্ধিবলৈ চাউলো নাই সেইটো এতিয়া তাই কোন সতে কয় অমলক! ঠিক তেতিয়াই দুৱাৰদলিত জেঠীমাৰ মাত শুনা পোৱা গ’ল,

: অমল, আহি পালিহি নেকি তই?

লগে লগে অমল আৰু তৃষাই ইজনে সিজনৰ চকুলৈ চালে। জেঠীমা নিশ্চয় ভাড়া খুজিবলৈকে আহিছে। অমলে লাহেকৈ মাত দিলে,

: জেঠীমা, আহক আহক। ভিতৰলৈকে আহক।

কোঠাৰ ভিতৰলৈ সোমায়েই জেঠায়েকৰ অমলৰ মুড়িৰ বাতিলৈ চকু গ’ল। সেইফালে চাই চায়েই সুধিলে,

: কি ঐ আপী, তিয়ঁহ ক’ত? অমলক শুকান শুকান মুড়িয়েই দিলা নেকি খাবলৈ?

অমলে অবাক হৈ চাই আছে। তৃষাৰ মুখৰ মাত নাই।

: কি হ’ল? এতিয়া চুপচাপ কিয়? বৰ মিছা কথা ক’বলৈ শিকিছা দেখোন!

: কি হৈছেনো জেঠীমা?

অমলে প্ৰশ্ন কৰিলে। ইফালে তৃষাৰ অৱস্থা ফাট মেলা বসুমতী পাতালে লুকাওঁ!

: তোৰ ঘৈণীয়েৰক সোধ। দুপৰীয়া তিয়ঁহৰ লগত মুড়ি খাব বুলি মুড়ি খুজি আনিলে। দুপৰীয়া একো ৰন্ধাও নাই, একো খোৱাও নাই নিজে। গা বেয়া হেনো।

অমলে বিভ্ৰান্ত হৈ তৃষাৰ ফালে চাই প্ৰশ্ন কৰিলে,

: তুমি একো খোৱা নাই আজি?

তৃষাই আৰু ধৈৰ্য্য ধৰি থাকিব নোৱাৰিলে। হুকহুকাই কান্দি পেলালে। অমলকো দুখে বেদনাই হেঁচা মাৰি ধৰিলে। থোকাথুকি মাতেৰে জেঠায়েকৰ ফালে চাই ক’লে,

: তাইৰ একো দোষ নাই জেঠীমা। তাই ইচ্ছা কৰি মিছা কোৱা নাই তোমাক। লাজ ঢাকিবলৈ যাওঁতে হয়তো…

কিবা এটা ক’বলৈ খুজিও ৰৈ গ’ল অমল।

: আচলতে হৈছেনো কি? ভাঙিপাতি কবিনে মোক?

: মোৰ চাকৰিটো আৰু নাই জেঠীমা। তথাপিও চিন্তা নকৰিব আপুনি। অতি সোনকালেই কিবা এটা ব্যৱস্থা কৰিব পাৰিম হয়তো।

জেঠায়েকে বহাৰ পৰা উঠি থিয় দিলে আৰু ক’লে,

: তহঁতৰ পৰা ভাড়া লৈ অপৰাধবোধত ভুগিছিলোঁ মই। এতিয়া ভাব হৈছে মই কামটো ঠিকেই কৰিছিলোঁ।

জেঠায়েক ৰূমৰ পৰা ওলাই গ’ল। অমল আৰু তৃষাৰ মেলা মুখ মেলাতেই থাকিল। অলপ পাছতেই তেখেত উভটিও আহিল হাতত একমুঠা টকা লৈ। তৃষাক টকাখিনি দি ক’লে তেওঁ,

: এইখিনি লোৱা। তোমালোকৰেই টকা। ভাড়াৰ টকা হিচাপে জমা হৈ আছিল মোৰ ওচৰত।

: মানে?

এইবাৰ অমলৰ আচৰিত হোৱাৰ পাল।

: অকলে অকলে এই প্ৰকাণ্ড ঘৰটোত থাকোঁতে মোৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল। দিনৰ দিনটো মাত এষাৰ দিবলৈয়ো মানুহ এটা নাই। তেতিয়াই তই থাকিবলৈ আহিলি ইয়াত। অকণমান স্বস্তিৰ উশাহ লৈছিলোঁহে তেতিয়াই শুনা পালোঁ তই বিয়া কৰাবলৈ ওলাইছ। মনত ভয় সোমাল মোৰ। আনৰ ছোৱালী বিয়া হৈ আহি যদি এইখন সংসাৰত আশ্ৰিত হৈ থাকিবলৈ অপমানিত বোধ কৰে আৰু যদি তাকেই ভাবি ইয়াৰ পৰা গুছি যাবলৈ ওলায় তেতিয়া আকৌ মই অকলশৰীয়া নহ’ম জানো ক? তেতিয়াই তহঁতৰ পৰা ঘৰভাড়া লোৱাৰ কথাটো মনলৈ আহে মোৰ যাতে তহঁতৰ আনৰ আশ্ৰিত হৈ থকাৰ কথাটো মনলৈ নাহে। আৰু নিজে ভাড়া দি থাকিলে তহঁতৰো হয়তো কেতিয়াও মোক অকলে এৰি যোৱাৰ ভাৱনা মনলৈ নাহিল হয়।

বৃদ্ধা জেঠায়েকৰ মুখলৈ অপলক দৃষ্টিত চাই ৰৈছিল তৃষাই। মানুহ চিনি পোৱাটো সঁচাকৈয়ে কি যে কঠিন কাম। আজি পুৰণি জনা কথাটোৱেই যেন নতুনকৈ বুজি উঠিছে তাই। এই পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়েই যেন একো একোটা জটিল প্ৰহেলিকা। মনস্তত্বৰ জঁট ভাঙি ভাঙি বুজি পোৱা যেন অনুভৱ হোৱাৰ লগে লগেই উপলব্ধি হয় যে ইমানদিনে যিখিনি বুজা গৈছিল সেই সকলোখিনি আচলতে ভুলহে আছিল। তাৰ লগে লগে আৰম্ভ হয় আকৌ নতুনকৈ বুজি উঠাৰ আন এক পৰিক্ৰমা।
☆★☆★☆

7 Comments

  • মৃদুস্মিতা শৰ্মা

    সুন্দৰ গল্প লগতে সুন্দৰ অনুবাদ।বৰ ভাল লাগিল।

    Reply
    • নীলাক্ষি দেৱী ডেকা

      ধন্যবাদ মৃদুবা। পঢ়ি ভাল পোৱা বুলি জানি সুখী হলোঁ

      Reply
  • Anonymous

    ভাল লাগিল পঢ়ি। অনুবাদ বুলি কবলৈহে কিন্তু জীৱন্ত হৈছে।

    Reply
    • নীলাক্ষি

      অশেষ ধন্যবাদ। পঢ়ি ভাল পোৱা বুলি জানি সুখী হলোঁ।

      Reply
  • ৰাজশ্ৰী শৰ্মা

    ইমান সুন্দৰ গল্পটো। আপোনাৰ অনুবাদত জীৱন্ত হৈ পৰিছে বা।

    Reply
    • নীলাক্ষি

      আন্তৰিক ধন্যবাদ ৰাজশ্ৰী। পঢ়ি ভাল পোৱা বুলি জানি সুখী হলোঁ।

      Reply
  • উদিত

    ❤️❤️❤️❤️❤️

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *