ডাক্তৰৰ মুখৰ শব্দ (মূল : আৰ কে নাৰায়ণন) অনুবাদ – অনুৰূপ মহন্ত
ডাক্তৰ ৰমণৰ ওচৰলৈ বেমাৰীবিলাক একেবাৰে শেষৰ সময়তহে আহিছিল। তেওঁক প্ৰায়েই চিঞৰি ৰোগীক কোৱা শুনা গৈছিল: “তুমি অলপ দিন আগতে কিয় মোৰ ওচৰলৈ নাহিলা?”
ইয়াৰো পিচে দুটা কাৰণ আছে,
প্ৰথমতে ডাক্তৰৰ মোটা অংকৰ ফিজ আৰু দ্বিতীয়তে কোনেও মানিবলৈকে নিবিবিচাৰে যে তেওঁৰ অন্তিম সময় আহি পালে আৰু এতিয়া ডাক্তৰ ৰমণৰ ওচৰলৈ যাবই লাগিব।
“অন্তিম সময় আৰু ডাক্তৰ ৰমণ”
-এই দুইটা মানুহৰ মনত এনেকৈ সোমাই গৈছিল যে, তেওঁলোকে ড° ৰমণৰ নাম শুনিলেই ভয় কৰা হৈ গৈছিল।
এইদৰে যেতিয়ালৈ ৰোগীজন মহাপুৰুষজনৰ ওচৰ পায়হি, তেওঁ ৰোগীজনৰ হয় এই পাৰ নহয় সেইপাৰৰ সিদ্ধান্ত তৎক্ষণাত কৰি দিব লগীয়াত পৰে। সেইসময়ত কোনো চালবাজী বা বাহানাবাজীৰে কাম চলাব নোৱাৰি। চিকিৎসক হিচাপে তেখেত যথেষ্ট অভিজ্ঞ আৰু স্পষ্টবাদী বাবে তেখেতৰ ৰায়ক সকলোৱে সন্মান জনায়, কিন্তু দিনে দিনে তেওঁ ৰায় দিয়া ডাক্তৰৰ ঠাইত ৰায় দিয়া বিচাৰপতিৰ দৰেহে হৈ পৰিছিল।
তেওঁৰ মুখৰ শব্দৰ ওপৰতেই ৰোগীৰ জীৱন নিৰ্ভৰ কৰিছিল।
ডাক্তৰ চাহাব কিন্তু এইবোৰক লৈ কেতিয়াও চিন্তিত নহয়। তেওঁ কেতিয়াও নাভাবে যে মিঠা মিঠা কথা কৈ কাৰোবাৰ জীৱন বচোৱা সম্ভৱ। সেয়ে তেওঁ কেতিয়াও কাকো মিছা আশা দিয়াতো তেওঁৰ কৰ্তব্য বুলি নাভাবে। তেওঁ ভালকৈয়ে জানে, মাত্ৰ কেইঘণ্টা মানৰ ভিতৰতেই প্ৰকৃতিয়ে নিজৰ সিদ্ধান্ত দিবই।
কিন্তু যেতিয়াই তেওঁ ৰোগীজনক বচাব পৰাৰ সামান্যতম আশাও দেখা পায়, তেতিয়া তেওঁ সকলো পাহৰি একেৰাহে কেইবাঘণ্টা, কেতিয়াবা কেইবাদিন পৰ্যন্ত ৰোগীজনৰ চিকিৎসা কৰি যমৰাজৰ হাতৰ পৰা বচাই আনিবলৈ চেষ্টা কৰে।
আজি কিন্তু এজন ৰোগীৰ বাবে তেওঁৰ এনেকুৱা লোকৰহে প্ৰয়োজন যিয়েই মিছা আশা দেখুৱাই হ’লেও তেওঁক কওক ৰোগীজন সোনকালেই সম্পূৰ্ণ সুস্থ হৈ পৰিব। পকেটৰ পৰা ৰুমালখন উলিয়াই তেওঁ কপালৰ ঘামখিনি মচি, ৰোগীৰ মূৰৰ শিতানত থকা চকীখনত মনে মনে বহি পৰিল।
বিচনাখনত তেওঁৰ অন্তৰংগ বন্ধু গোপাল নিথৰ হৈ পৰি আছে। তেওঁলোকৰ বন্ধুত্ব চল্লিছ বছৰ পুৰণি, দুয়ো একেলগে এল পি স্কুলত পঢ়াৰ দিনৰে বন্ধু। যদিও দুয়োজনৰ নিজৰ পৰিয়াল আৰু কৰ্তব্যৰ খাতিৰত বহু দিনৰ মূৰে মূৰেহে দেখা দেখি হয়, তথাপি তেওঁলোকৰ মাজৰ মৰম আৰু আন্তৰিকতা কেতিয়াও কমা নাছিল।
দেওবাৰে আবেলি প্ৰায়েই গোপালে হস্পিতাললৈ আহি এটা কোনাত বহি ডাক্তৰ চাহাবে ৰোগী চাই আজৰি হোৱালৈ অপেক্ষা কৰিছিল। তাৰ পাছত দুয়ো একেলগে আহাৰ গ্ৰহণ কৰিছিল, দেশ দুনীয়াৰ কথা পাতিছিল, হাঁহি ফূৰ্তিও কৰিছিল। তেওঁলোকৰ বন্ধুত্ব স্থায়ী আছিল আৰু সময় বা পৰিস্থিতিয়ে কেতিয়াও তেওঁলোকক বাধা দিব পৰা নাছিল।
যোৱা তিনি মাহ ধৰি গোপালে ডাক্তৰক লগ ধৰিবলৈ অহা নাই। ডাক্তৰো ব্যস্ত আছিল বাবে তেওঁৰো কথাটো মনলৈ অহা নাছিল। কিন্তু ৰাতিপুৱা ৰোগীৰে ভৰা হস্পিতালৰ বাৰাণ্ডাৰ এটা কোনাত তেওঁ গোপালৰ ল’ৰাটোক দেখা পাইহে কথাটো মনলৈ আহিল। তথাপি এঘণ্টালৈকে তেওঁ তাক মাত লগাবলৈ সময় উলিয়াব নোৱাৰিলে। কিন্তু অপাৰেচন কৰিবলৈ বুলি নিজৰ কোঠাৰ পৰা ওলাই আহোঁতে বাটতে ল’ৰাটোক লগ পাই সি কিয় আহিছে সুধিলে।
ল’ৰাটোৱে ভয়ে ভয়ে লাহেকৈ ক’লে
-“মায়ে পঠিয়াইছে”
-“কি হৈছে, ভালকৈ কোৱাচোন’
-“দেউতাৰ অসুখ”
আজি কেইবাটাও অপাৰেচন আছিল। সকলোখিনি কাম সম্পূৰ্ণ কৰি আবেলি তিনি বজাত তেওঁ “লালি এক্সটেনশ্বন”ত থকা তেওঁৰ বন্ধুৰ ঘৰলৈ বুলি গাড়ী চলাই আগ বাঢ়িল।
গোপাল বিচনাত শুই আছিল। ডাক্তৰ চাহাব তেওঁৰ কাষত ঠিয় হৈ গোপালৰ পত্নীক সুধিলে-
“এওঁ কেতিয়াৰ পৰা বেমাৰ পৰি আছে?”
-“দেৰমাহৰ পৰা, ডাক্তৰ চাহাব”
-“কাৰ ওচৰত চিকিৎসা কৰাইছা?”
-“ওচৰৰে ডাক্তৰ এজনৰ ওচৰত, তেওঁ দুদিনৰ মূৰে মূৰে আহি দৰব দি যায়”
-“নাম কি তেওঁৰ?”
মানুহ গৰাকীয়ে নামটো ক’লে।
-“এইজন কোন মই চিনি নাপাওঁ। কিন্তু ইমান দিনে মোকতো অন্ততঃ খবৰ এটা দিব লাগিছিল। তুমি নিজে কিয় মোক খবৰ দিয়া নাছিলা?”
-“মই ভাবিছিলোঁ আপুনি বহুত ব্যস্ত থাকে, ইমান দূৰ ইয়ালৈ আহিবলগীয়া হ’লে মিছাতে আপোনাক কষ্টহে দিয়া হ’ব!
মানুহজনীয়ে বৰ কৰুণ সুৰত কথাকেইটা ক’লে। তেওঁক বহুত চিন্তিতও দেখা গৈছিল।
ডাক্তৰে ভালকৈ জানিছিল, এতিয়া এটা মুহূৰ্তও আবাবত খৰছ কৰিব নোৱাৰি। তেওঁ নিজৰ কোটটো খুলি চকীখনৰ ওপৰত থ’লে আৰু লগত অনা দৰবৰ বাকচটো খুলিলে। বাকচৰ পৰা কাঁচৰ ‘ইঞ্জেকচন’ দিয়া ‘চিৰিঞ্জ’টো উলিয়াই উতলা পানীত ডুবাই দিলে। এইবোৰ কৰা দেখি গোপালৰ পত্নী আৰু চিন্তিত হৈ পৰিল। তেওঁ ডাক্তৰক বিভিন্ন প্ৰশ্ন কৰিবলৈ ধৰিলে।
“এতিয়া আৰু একো প্ৰশ্ন কৰি নাথাকিবা”
-তেওঁ অলপ টানকৈয়ে ক’লে। গোপালৰ ডাঙৰ ল’ৰাটোৱে ডাক্তৰে কি কৰিছে চাই আছিল। তেওঁ মাকক ক’লে- “ইয়াক ইয়াতেই থাকিবলৈ দিয়া, বাকীবিলাকক তুমি বেলেগ এটা কোঠালৈ লৈ যোৱা।”
ৰোগীৰ বাহুত ‘ইঞ্জেকচন’টো দিয়াৰ পাছত এঘণ্টা কাষৰ চকীখনত বহি তেওঁ চাই ৰ’ল। ৰোগীজন শান্ত হৈয়ে বিচনাত পৰি আছিল। ডাক্তৰৰ কপালত ঘাম বিৰিঙিছে, ভাগৰত চকুকেইটাও মুদ খাই আহিছে। ৰোগীৰ পত্নীয়ে দুৱাৰ মুখৰ পৰা এই সকলোবোৰ চাই আছিল। তেওঁ লাহেকৈ সুধিলে,-
“আপোনাৰ বাবে অলপ কফি বনাই আনো নে?”
“নালাগে।”
ইফালে ভোকত ডাক্তৰৰ পেটে কলমলাই আছিল, তেওঁৰ আজি দুপৰীয়াৰ সাঁজো খোৱা নহ’ল। আৰু অলপ সময় প্ৰতীক্ষা কৰাৰ পাছত তেওঁ হঠাৎ ঠিয় হ’ল আৰু কলে-“মই অলপ সময়ৰ পাছতেই উভতি আহিম। তেওঁক ভালকৈ শুবলৈ দিয়া, কাকো আমনি কৰিবলৈ নিদিবা।”-তেওঁ নিজৰ বাকচটো লৈ ওলাই গৈ গাড়ীত বহি কৰবালৈ গুচি গ’ল। পোন্ধৰ মিনিটমানৰ পাছত তেওঁ আকৌ উভতি আহিল। এগৰাকী নাৰ্ছ আৰু এজন সহায়ককো লগত লৈ আহিল। তেওঁ ৰোগীৰ পত্নীক ক’লে- “মই এটা ‘অপাৰেচন’ কৰিম”
পত্নীয়ে ভয়ে ভয়ে সুধিলে,- “কিয়? কি হৈছেনো?”
“পাছত ক’ম, এতিয়া একো নুসুধিবা। তুমি ল’ৰাটোক ইয়াতে এৰি চুবুৰীয়া কাৰোবাৰ ঘৰলৈ গুচি যোৱা। মই যেতিয়ালৈকে মতাই নানো, নাহিবা।”
মানুহ গৰাকী মূৰঘূৰাই পৰিবলৈয়ে লৈছিল, কিন্তু নাৰ্ছগৰাকীয়ে তেওঁক ধৰি বাহিৰলৈ লৈ গ’ল।
ৰাতি আঠ মান বজাত ৰোগীয়ে লাহেকৈ অকণমান চকু পিৰিকীয়ালে আৰু অলপ লৰচৰো কৰিলে। সহায়কজনে বৰ আনন্দ পালে আৰু ক’বলৈ ধৰিলে
-“এতিয়া তেওঁ নিশ্চয় সুস্থ হ’ব!”
ডাক্তৰে ৰোগীৰ ফালে উদাস চাৱনি এটাৰে চাই ক’বলৈ ধৰিলে,
-“মই এওঁ ভাল হ’বলৈ সকলো কৰিব পাৰোঁ, কিন্তু তেওঁৰ কলিজাটোৰ কি হ’ব…!”
-“নাভিচোন আগতকৈ উন্নত হৈছে!”
-“ঠিকেই আছে, কিন্তু অকল নাভিৰ ওপৰত ভৰসা কৰিব নোৱাৰি নহয়। এনেকুৱা ক্ষেত্ৰত প্ৰথমে অলপ ভাল হোৱা দেখা যায়েই, কিন্তু সেয়া ক্ষন্তেকীয়া। পাছত সেইটো মিছা প্ৰমাণিত হয়গৈ।”
অলপ চিন্তা কৰি তেওঁ পুনৰ কলে, “কালিলৈ ৰাতিপুৱা আঠ বজালৈকে যদি নাভি এনেদৰেই চলি থাকে, তেন্তে মই ন দি ক’ব পাৰোঁ অহা চল্লিছ বছৰ পৰ্যন্ত মানুহজন জীয়াই থাকিব। কিন্তু ৰাতি দুই বজাৰ পাছত যে নাভি এনেদৰেই চলি থাকিব সেইটোত মোৰ সন্দেহ আছে।
ইয়াৰ পাছত তেওঁ সহায়কজনক ঘৰলৈ পঠিয়াই দিলে আৰু নিজে ৰোগীৰ কাষতেই বহি থাকিল। ৰাতি এঘাৰ মান বজাত ৰোগীয়ে আকৌ চকু মেলিলে আৰু ডাক্তৰৰ ফালে চাই সামান্য হাঁহি মাৰিলে।
তেওঁৰ স্বাস্থ্যৰ সামান্য উন্নতি হৈছিল আৰু তেওঁ অকণমান আহাৰো খালে। ঘৰখনত সকলোৰে মুখত হাঁহি বিৰিঙিল। সকলোৱে ডাক্তৰৰ ওচৰলৈ আহি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ ধৰিলে। ডাক্তৰে কিন্তু একান্ত মনে কেৱল ৰোগীজনৰ ফালেই চাই আছিল, তেওঁক দেখি এনে লাগিছিল যেন তেওঁ একো শুনাই নাই।
-“এতিয়া ভয় কৰিব লগীয়া একো নাই, নহয়নে?” ৰোগীৰ পত্নীয়ে সুধিলে।
-“এওঁক প্ৰতি চল্লিছ মিনিটৰ মূৰে মূৰে ‘গ্লুক’জ’ আৰু ‘ব্ৰেন্দী’ খুৱাই থাকিব লাগিব। দুই চামুচ যথেষ্ট হ’ব।”-ডাক্তৰে মূৰ নুঘূৰোৱাকৈয়ে শান্ত ভাবে ক’লে।
পত্নী গৰাকী পাকঘৰলৈ গুচি গ’ল। তেওঁ ভিতৰি অস্থিৰ হৈ পৰিছিল। ভালেই হওক বা বেয়াই হওক, তেওঁক ডাক্তৰে সঁচা কথাটো কোৱাটো বিচাৰিছিল। ডাক্তৰ চাহাবে একো স্পষ্ট কৈ কিয় কোৱা নাই! অস্থিৰতাই তেওঁক বাৰুকৈয়ে আমনি দিবলৈ ধৰিলে।
হয়তো ডাক্তৰে ৰোগীৰ সন্মুখত বেয়া খবৰটো দিবলৈ বিচৰা নাই! সেয়ে তেওঁ পাকঘৰৰ দুৱাৰ মুখৰ পৰা ইংগিতেৰে ডাক্তৰক মাতি সুধিলে,
-“এতিয়া এওঁৰ অৱস্থা কেনে, বাচিব নে বাৰু?”
ডাক্তৰ ওঁঠ কামুৰি মাটিলৈ চাই ঠিয় হৈ আছিল। তেওঁ লাহেকৈ ক’লে,
– “ধৈৰ্য ধৰা, এতিয়া এইবোৰ একো নুসুধিবা।”
ভয়ত মানুহ গৰাকীৰ চকু ডাঙৰ হৈ গ’ল। তেওঁ ডাক্তৰৰ হাত এখন জোৰ কৈ খামুচি ধৰি ক’লে,
-“মোক সঁচা কথা কওক”
-“এই সময় মই তোমাৰ লগত আৰু একো কথা নাপাতোঁ”-ডাক্তৰ আকৌ ঘূৰি গৈ নিজৰ চকীত বহিল।
পত্নীয়ে পাকঘৰতে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। চিঞৰ শুনি ৰোগীজন সাৰপাই গ’ল। তেওঁ কাণপাতি শব্দটো ক’ৰ পৰা আহিছে বুজিবলৈ যত্ন কৰিবলৈ ধৰিলে। ডাক্তৰ চাহাব তৎক্ষণাত উঠি গৈ পাকঘৰৰ দৰ্জাখন বাহিৰৰ পৰা হুক লগাই বন্ধ কৰি থৈ আহিলগৈ, ফলত শব্দ বাহিৰলৈ নহা হ’ল।
তেওঁ আকৌ আগৰ চকীখনত আহি বহিল। তেওঁৰ ফালে চাই ৰোগীজনে সুধিলে,
-“কিহৰ শব্দ আছিল? কোনোবাই কান্দিছিল নেকি বাৰু!”
ডাক্তৰে ক’লে,
-“তুমি বেছি কষ্ট নকৰিবা। মগজুত জোৰ নেপেলাবা আৰু শুবলৈ যত্ন কৰা।”
অকণমান ৰৈ ৰোগীয়ে আকৌ সুধিলে, -“মই সঁচাকৈ যাবলৈ ওলাইছোঁ নেকি? মোৰ পৰা একো নুলুকুৱাবা, সঁচা কথা কোৱা মোক।”
ডাক্তৰে অস্পষ্টকৈ কিবা এটা মুখৰ ভিতৰতে বিৰবিৰাই চকীখনতে বহি থাকিল। তেওঁৰ জীৱনত এনে পৰিস্থিতি বহু বাৰ আহিছে। মিছা আশা দিয়া তেওঁৰ স্বভাৱ নহয়, স্পষ্টবাদী বাবেই মানুহৰ মনত তেওঁৰ মুখৰ কথাৰ যথেষ্ট মূল্য আছে।
তেওঁ আকৌ এবাৰ ৰোগীৰ মুখলৈ চালে। ৰোগীয়ে তেওঁক লাহেকৈ ওচৰলৈ মাতিলে আৰু সুধিলে,
-“কোৱাচোন মোৰ হাতত আৰু কিমান সময় আছে? যদি মই নাবাচো, তেন্তে মোৰ সম্পত্তিৰ ‘উইল’খনত মই চহী কৰি লওঁ। সেইখন বনোৱাই আছে। পত্নীক ক’লেই আনি দিব। তুমি সাক্ষী হিচাপে চহী কৰি দিবা”।
ডাক্তৰে ক’লে,
-“এই সময়ত তুমি মগজুত বেছি জোৰ নিদিবাচোন, অলপ সময় শান্ত হৈ শুবলৈ যত্ন কৰা।”
এনেকৈ ক’লে যদিও ডাক্তৰৰ নিজকে কিবা মূৰ্খ যেনহে লাগি থাকিল। তেওঁ বাৰে বাৰে ভাবিবলৈ ধৰিলে, কিমান ভাল হ’লহেঁতেন যদি মই এই সকলোবিলাক এনেকৈয়ে এৰি দূৰৰ কৰবালৈ গুচি যাব পাৰিলোঁহেঁতেন, য’ত মোক কোনেও একেটা কথাকে বাৰে বাৰে সুধি থাকিব নোৱাৰিলেহেঁতেন!
ৰোগীজনে নিজৰ দুৰ্বল হাতেৰে ডাক্তৰৰ হাত এখন খামুচি ধৰি ল’লে আৰু নিজৰ কথাত জোৰ দি ক’বলৈ ধৰিলে,
-“ৰাম, এইয়া মোৰেই সৌভাগ্য যে এই সময়তো তুমি মোৰ লগত আছা। মোৰ তোমাৰ মুখৰ কথাত সম্পূৰ্ণ বিশ্বাস আছে। মই যোৱাৰ আগতে মোৰ সম্পত্তিৰ বাতোৱাৰাৰ কামটো নিষ্পত্তি কৰি যাব বিচাৰোঁ। নহ’লে মই যোৱাৰ পাছত মোৰ পত্নী আৰু সন্তান বৰ বিপদত পৰিব। তুমিতো মোৰ আৰু পৰিয়ালৰ বিষয়ে সকলো জানাই। গতিকে সময় থাকোঁতেই মোক মোৰ শেষ চহীটো কৰি ল’বলৈ দিয়া। কোৱাচোন……!”
“ঠিক আছে বাৰু, কিন্তু অলপ সময় ৰ’বা।”- ডাক্তৰে ক’লে আৰু উঠি গৈ বাহিৰত থকা নিজৰ গাড়ীৰ চিটত বহিলগৈ। তেওঁ ঘড়ীটোলৈ চালে। মাজ নিশা হ’বলৈ হৈছে। তেওঁ ভাবিবলৈ ধৰিলে- যদি ‘উইল’খনত চহী কৰোৱা হয়, তেন্তে আধা ঘণ্টামানৰ ভিতৰতেই কৰাব লাগিব। তেওঁৰ বাবেই তেওঁৰ বন্ধুৰ মৃত্যুৰ পাছত বাকীসকলৰ সম্পত্তিৰ ঝামেলা হওক, এইটো তেওঁ কেতিয়াও নিবিচাৰে। তেওঁৰ বন্ধুৰ ঘৰৰ মানুহ তথা সম্পত্তিখিনিৰ বিষয়ে ভালকৈয়ে জ্ঞান আছে, সেয়ে সাক্ষী হোৱাতো তেওঁৰ একো আপত্তি নাই।
কিন্তু এইটো সময়ত তেওঁ কি কৰা উচিত! যদি তেওঁ বন্ধুক উইলখনত চহী কৰিবলৈ অনুমতি দিয়ে, তেন্তে সেয়া বন্ধুৰ প্ৰতি মৃত্যুৰ আদেশৰ দৰেওতো হ’ব পাৰে! কাৰণ, তেতিয়া তেওঁ ভাবিয়েই ল’ব মৰিম বুলি, আৰু জীয়াই থকাৰ বাবে প্ৰয়োজনীয় মনোবল হেৰুৱাই পেলাব।
তেওঁ গাড়ীৰ পৰা ওলালে আৰু পুনৰ ৰোগীৰ ওচৰত গৈ বহিল। ৰোগীয়ে তেওঁক একে ঠৰে চাই আছিল।
ডাক্তৰে নিজৰ মনৰ ভিতৰতে নিজেই নিজক ক’লে, “যদি মোৰ মুখৰ শব্দই তেওঁক জীয়াই ৰাখে, তেন্তে তেওঁ মৰিব নালাগে। আৰু জীয়াই থাকেই যদি ‘উইল’খনৰনো কি প্ৰয়োজন!”
ডাক্তৰে নিজেই প্ৰথমে মাত লগালে,
– “শুনা গোপাল”
এইবুলি কৈ অকণমান ৰ’ল। জীৱনত প্ৰথমবাৰ কোনো ৰোগীৰ আগত নাটক কৰি মিছা আশা দেখুৱাবলৈ তেওঁ নিজকে সাজু কৰিলে।
ৰোগীৰ কাষলৈ হাওলি নিজৰ কথা জোৰ দি তেওঁ পুনৰ ক’লে,
-“তুমি উইলখনৰ কথা একো চিন্তা কৰিব নালাগে। তুমি সম্পূৰ্ণ সুস্থ হ’বা, তোমাৰ কলিজা যথেষ্ট ডাঠ।’
এইষাৰ শুনাৰ লগে লগেই ৰোগীৰ মুখত আনন্দৰ হাঁহি স্পষ্টকৈ বিৰিঙি উঠিল। স্বস্তিৰ নিশ্বাস এৰি ৰোগীয়ে কৈ উঠিল,
-“তুমিয়েই কৈছা নে! তেন্তে আৰু মোৰ চিন্তা নাই, মোৰ তোমাৰ মুখৰ কথাত সম্পূৰ্ণ বিশ্বাস আছে। মই বুজিলোঁ, মই সম্পূৰ্ণ ভাল হ’ম”
-“অ, ময়েই কৈছোঁ গোপাল। তুমি প্ৰতি ক্ষণে ক্ষণে ভাল হৈছা। এতিয়া মনৰ পৰা সকলো দুঃচিন্তা আঁতৰাই আৰামত শুই দিয়া। মই ৰাতিপুৱা তোমাক লগ কৰিমহি।”
ৰোগীয়ে কৃতজ্ঞতাৰে ডাক্তৰৰ ফালে এবাৰ চালে আৰু চকুমুদি শুবলৈ যত্ন কৰিলে। ডাক্তৰে নিজৰ বেগটো লৈ ওলাই গ’ল আৰু যাওঁতে দুৱাৰখন বাহিৰৰ পৰা বন্ধ কৰি থৈ গ’ল।
ডাক্তৰ গাড়ী লৈ ঘৰৰ ফালে আগ বাঢ়িল। ৰাস্তাতে হস্পিতালত সোমাই সহায়কজনক লগ কৰি ক’লে, “তুমি এতিয়াই ‘লালি এক্সটেনশ্বন’ৰ ৰোগীজনৰ ওচৰলৈ যোৱা। তেওঁৰ অৱস্থা ভাল নহয়, যিকোনো সময়তেই তেওঁৰ মৃত্যু হ’ব পাৰে। তেওঁ শেষৰ সময়ত যদি বেছি কষ্ট পাই, তেন্তে এই ‘ইঞ্জেকচন’টো দি দিবা। সোনকালে যোৱা”।
পাছদিনা ৰাতিপুৱা দহ বজাত তেওঁ পুনৰ সেই ঠাই পালেগৈ। গাড়ীৰ পৰা নামি দৌৰি যোৱাৰ দৰে তেওঁ ৰোগীৰ কোঠাৰ ফালে গ’ল। ৰোগী সাৰপাই আছিল আৰু দেখাত সুস্থ যেনেই লাগিছিল।
সহায়কজনে ক’লে ৰোগীৰ নাভি সম্পূৰ্ণ স্বাভাৱিক ভাবে চলি আছে। ডাক্তৰে ‘ষ্টেতোছস্কোপ’ ডাল ৰোগীৰ বুকুত লগাই অলপ সময় পৰীক্ষা কৰিলে। তাৰ পাছত হাঁহি মাৰি ৰোগীৰ পত্নীক ক’লে,
-“দেৱী, এতিয়া আৰু মন মাৰি থাকিব নালাগে। তোমাৰ স্বামী নব্বৈ বছৰ পৰ্যন্ত জীয়াই থাকিব, কোনো চিন্তা নাই।”
হস্পিতাললৈ ওভতাৰ বাটত সহায়কজনে ডাক্তৰক সুধিলে, “ছাৰ, সঁচাকৈয়ে মানুহজন জীয়াই থাকিব নে?”
-“আৰে, মইতো এতিয়া বাজি লগাই ক’ব পাৰোঁ যে তেওঁ নব্বৈ বছৰলৈকে জীয়াই থাকিব। কিন্তু ভাবি আচৰিত হৈছোঁ, এইটো কেনেকৈ সম্ভৱ হ’বলৈ পালে! মোৰ বাবে সদায় এইটো এটা ডাঙৰ ৰহস্য হৈয়ে থাকিব।”
☆★☆★☆
10:29 am
সুন্দৰ । কাহিনী আৰু অনুবাদ দুয়োটাই ।
8:43 pm
গল্পটো বহুত ভাল লাগিল পঢ়ি। অনুবাদো বৰ সুন্দৰ হৈছে।
4:37 am
বৰ বঢ়িয়া অনুবাদ কৰিছা। খুব ভাল লাগিল পঢ়ি।