ফটাঢোল

প্ৰথম স্মাগলাৰ (মূল-হৰিশংকৰ পৰচ্ছাই) – অনুবাদ:পৰিস্মীতা গগৈ

মেঘনাথৰ আক্ৰমণত লক্ষ্মণ আহত হৈ পৰি আছিল। তেওঁক বচাবৰ নিমিত্তে হনুমানে হিমাচল প্ৰদেশৰ পৰা সঞ্জীৱনী ঔষধ লৈ ঘূৰি আহোঁতেই অযোধ্যাৰ চোৰাংচোৱাই আটক কৰিলে। কিন্তু আটক কৰা সেনাবোৰক তেওঁ‌ বগৰাই বগৰাই পিটিলে। লগে লগে ৰাজধানীত হাহাকাৰ লাগিল। বৰ শক্তিশালী স্মাগলাৰ এটাৰ সন্মুখত অযোধ্যাৰ সৈন্যই টিকিব নোৱাৰা খবৰে মানুহবোৰক উতপ্ত কৰি পেলালে। অলপ পিছতে তালৈ ভৰত আৰু শত্ৰুঘ্ন দৌৰি আহিল। হনুমানে আৰাধ্য পুৰুষ ৰামচন্দ্ৰৰ ভায়েকহঁ‌তক দেখিহে শান্ত হ’ল। শত্ৰুঘ্নই ক’লে, “এই স্মগলাৰবোৰে অশান্তি কৰি ৰাখিছে। দাদা, আপুনিতো সন্যাসলৈ আৰামত আছে। মইহে এইবোৰ

Read more

ধোবি আৰু গাধ (মূল : সন্তোষ মাহাতু) – অনুবাদ : বিজু বুঢ়াগোহাঁ‌ই

এসময়ৰ কথা, এখন গাঁ‌ৱত এজন বৰ অজলা আৰু সৰল মনৰ ধোবি আছিল। তেওঁৰ কোনো সতি-সন্ততি নাছিল। এদিন তেওঁ বজাৰলৈ যাওঁ‌তে এজন শিক্ষকে তেওঁৰ ছাত্ৰক কৈ থকা শুনিলে, “মই ডাঙৰ-ডাঙৰ গাধক মানুহ বনাইছোঁ‌।” কথাটো শুনি ধোবিজনে ইমানেই স্ফূৰ্তি পালে যে দৌৰি পত্নীৰ ওচৰলৈ গৈ ক’লে, আজি বজাৰলৈ যাওতে বৰ অদ্ভুত কথা এটা শুনিলোঁ‌। এজন মানুহে কৈ আছিল তেওঁ হেনো বৰ ডাঙৰ-ডাঙৰ গাধক মানুহ বনাইছে। আমাৰ যিহেতু সন্তান নাই, আমাৰ ঘৰৰ গাধ এটাকে যদি মানুহজনে মানুহ বনাই দিয়ে কিমান যে ভাল হ’ব!

Read more

মূৰ্খ পণ্ডিত (মূল কাহিনী:- সন্তোষ মাহাতু ) – অনুবাদ:পূৰ্বী কটকী

বহুত দিনৰ আগৰ কথা, ৰামপুৰ নামৰ এখন গাঁৱত এজন মূৰ্খ ব্ৰাহ্মণ আছিল। তেওঁৰ পৰিয়ালটো বৰ দুখীয়া আছিল। সেইকাৰণে ব্ৰাহ্মণৰ পত্নীয়ে তেওঁক বাৰে বাৰে পঢ়িবলৈ আৰু কিবা শিকিবলৈ কৈছিল কিন্তু ব্ৰাহ্মণ বৰ এলেহুৱা আছিল বাবে ক’লৈকো যাবলৈ নিবিচাৰিছিল। এদিন তেওঁৰ পত্নীয়ে বেছিকৈ জোৰ কৰি ক’লে, “আজি তুমি শিক্ষা গ্ৰহণ কৰিবলৈ যাবই লাগিব।” পত্নীৰ খং দেখি ব্ৰাহ্মণ যাবলৈ মান্তি হ’ল। তেওঁ নিজৰ ঘৰৰ পৰা ওলাল থিকেই, কিন্তু ক’লৈকো নগৈ ঘৰৰ পাছফালে গৈ লুকাই থাকিল। অলপ পাছত ঘৰলৈ কিছুমান মানুহ আহিল  আৰু মানুহখিনিয়ে

Read more

আহক, লো’ন লৈ লওক লো’ন (মুল হিন্দী – সঞ্জয় পুৰোহিত), ভাবানুবাদ – ৰিণ্টুমনি দত্ত

আজিকালি কেওফালে ফাইনেন্স কোম্পানী, বেংক অথবা চৰকাৰৰ আটাহ শুনা যায় – আহক খুড়া, আহক খুড়ী, আহক দাদা, আহাঁ‌ ভাইটি – আমাৰ পৰা লো’ন লৈ যাওক৷ চাকৰি কৰে যদি চেলাৰী চাৰ্টিফিকেট লৈ আহক, ব্যবসায়ী যদি ইনকাম টেক্স ৰিটাৰ্নৰ কপি লৈ আহক, অৱসৰপ্ৰাপ্ত মানুহ যদি প্ৰভিডেণ্ড ফাণ্ডৰ কাগজ লৈ আনক, গৃহিণী যদি পতিদেৱে আপোনাক মৰমত দিয়া মাটি, ঘৰ বা গহণাৰ কাগজ লৈ আনক৷ মুঠতে কিবা-কিবি কাগজ দুখনমান লৈ আনক আৰু আমাৰ পৰা লো’ন লৈ যাওক৷ ইনষ্টলমেণ্ট দিয়াৰ চিন্তা আপোনালোকে কৰিব নালাগে, সেইয়া

Read more

টলষ্টয়ৰ প্ৰেৰণাদায়ক গল্প এটাৰ অনুবাদ – বিকু বৰা

এজন মানুহৰ দুজন পুত্ৰ — ৰাম আৰু শ্যাম । যদিও দুয়োজন সহোদৰ আছিল সিহঁতৰ স্বভাৱ-চৰিত্র এজন আনজনৰ সম্পূৰ্ণ বিপৰীত আছিল । ৰাম আছিল অতি কৰাইচ অন্যহাতে শ্যাম আছিল অতি হাতখোলা বিধৰ । তেওঁলোকৰ পত্নী সকলেও দুয়োজনৰ এই স্বভাৱৰ বাবে চিন্তিত আছিল । ঘৰৰ মানুহেও তেওঁলোকক বহুত বুজালে কিন্তু ৰাম বা শ্যাম কোনোৱে নিজৰ মত পৰিৱৰ্তন নকৰিলে । এবাৰ তেওঁলোকৰ গাঁৱলৈ এজন সাধু পুৰুষৰ আগমন ঘটিছিল । বৃদ্ধ দেউতাকে ভাবিলে এই সমস্যাৰ সমাধান তেওঁকে সোধা হওক আৰু পিছদিনা তেওঁ সাধুজনৰ ওচৰলৈ

Read more

বিদূষক (মূল বাংলা: কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ) – ভাৱানুবাদ: দেৱাশ্ৰী বৰগোহাঁই

(১) কাশীৰ ৰজা কৰ্ণাট জয়ৰ বাবে ওলাল । যুঁজত তেঁৱেই জয়ী হ’ল । বিজয় চিন স্বৰূপে চন্দন, হাতীৰ দাঁত আৰু সোন মাণিক মুকুতা আদি হাতীত বোজাই দিয়া হ’ল । দেশলৈ উলটি অহাৰ পথত ৰজাই বলেশ্বৰী মন্দিৰত বলিৰ ৰক্তৰে পূজা দিলে । পূজা দি উভতি আহিছে- গাত ৰক্তবস্ত্ৰ, ডিঙিত জপ মালা, কপালত ৰক্তচন্দনৰ তিলক, লগত কেৱল মন্ত্ৰী আৰু বিদূষক । এঠাইত পথৰ কাষৰ আমবাগান এখনত কেইটামান ল’ৰাই খেলি আছে । ৰজাই তেওঁৰ দুই সংগীক ক’লে, “ব’লাচোন চাওঁ ল’ৰাহঁতে কি খেলিছে ।

Read more

এন এনকাউণ্টাৰ উইথ এন ইণ্টাৰভিউৱাৰ (মূল : মাৰ্ক টুৱেইন) – অনুবাদ : গীতিকা শইকীয়া

সুন্দৰ তথা পৰিপাটি পোছাক পৰিহিত যুৱকজনক যথেষ্ট উদ্বিগ্ন দেখা গৈছিল৷ মই আগবঢ়াই দিয়া চকীখনত তেওঁ লাহেকৈ বহি লৈ ক’লে যে তেওঁ “ডেইলী থাণ্ডাৰষ্টৰ্ম” কাকতখনৰ লগত জড়িত হৈ আছে৷ লগতে তেওঁ ক’বলৈ ধৰিলে – “মই আপোনাৰ সাক্ষাৎকাৰ ল’বলৈ আহিছো৷ আশাকৰোঁ এই কথাটোৱে আপোনাক যেন ক্ষুণ্ণ কৰি নোতোলে৷” “মানে, মই কি কথাত ক্ষুণ্ণ হ’লোহেঁতেন বাৰু?” “সাক্ষাৎকাৰ, মানে আপোনাৰ ইণ্টাৰভিউ ল’ম যে।” “অ’…মই বুজিছো, য়েচ য়েচ…উম! য়েচ য়েচ..” আচলতে সেইদিনা পুৱাৰে পৰা মোৰ গাটো বৰ ভাল লাগি থকা নাছিল৷ সেয়েহে মোৰ মানসিক শক্তিও

Read more

গাধ কেতিয়াও বিতৰ্কত নপৰে (মূলঃ গুৰমিত বেদী) – অনুবাদঃ ৰিণ্টুমনি দত্ত

প্ৰায়েই মোৰ তথাকথিত মানুহবোৰৰ ওপৰত খঙ উঠে। যেতিয়াই তেওঁলোকৰ কাৰোবাৰ লগত কাজিয়া লাগে বা শৰীৰৰ ওপৰৰ অংশই কাম নকৰা হয়, তেতিয়াই তেওঁলোকে যাকে-তাকে গাধ বুলি অভিহিত কৰে। যেন গাধ “গাধ” নহৈ পৃথিৱীৰ আটাইতকৈ মুৰ্খ প্ৰাণীবিধ হে! আৰে ভাইসকল, গাধৰো এটা নিজস্ব ইমেজ থাকে, এটা বংশ-পৰিক্ৰমা থাকে, “ইম’চনচ” থাকে। হ’ব পাৰে, গাধই কাৰো আগত নাহাঁহে বা নাকান্দে আৰু কাকো হিংসা বা ঈৰ্ষা নকৰে, কিয়নো সিহঁ‌তে নিজৰ “ইম’চন”ৰ ওপৰত কাবু ৰাখিব জানে। সেইবুলিয়েই পৃথিৱীৰ যিকোনো নদাই-ভদাইক গাধৰ লগত তুলনা কৰিব, এইটো কিধৰণৰ

Read more

বিকাশ (মূল হিন্দী: গোপাল চতুৰ্বেদী) – ভাবানুবাদ: হিমাংশু ভাগৱতী

আমাৰ ঘৰৰ সমুখৰ ৰাষ্টাটো চাৰিদিন ধৰি খান্দি ভাঙি আছে৷ বহুকেইটা বিজুলীৰ খুঁটা ধৰাশায়ী হৈ পৰি আছে৷ নলাবোৰৰ চাফাই অভিযান চলি আছে মানে নলাৰ ভিতৰৰ বোকা বাহিৰত আৰু বাহিৰৰ জাবৰ ভিতৰত৷ ঠিকাদাৰৰ কৰ্মচাৰীসকল ভয়ানক ব্যস্ত৷ ক’লা চশমা চকুত আঁৰি চুট-বুট পৰিহিত এজন চৰকাৰী বিষয়াই গছৰ ছাঁত থকা চকীত বহি এইবোৰৰ প্ৰতি পল নিৰীক্ষণ কৰি আছে৷ গোটেই চুবুৰীটোৰ বিজুলী-পানী বন্ধ৷ ঘৰৰ পৰা আমাৰ এওঁ এই সংকটৰ কাৰণ আৰু পৰিত্ৰাণৰ উপায় বিচাৰি মোক বাহিৰলৈ ঠেলি পঠিয়াইছে৷ চাৰিদিন এনেকৈ জীয়াতু ভোগাৰ পিচত স্থানীয়ভাবে একো

Read more

ভোলাৰামৰ আত্মা (মূল কাহিনীঃ- হৰিশঙ্কৰ পৰছায়) – অনুবাদঃ পূৰৱী কটকী

এনেকুৱা কেতিয়াও হোৱা নাছিল। ধৰ্ম্মৰাজে লাখ লাখ বছৰৰ আগৰ পৰা মানুহৰ কৰ্ম্ম আৰু প্ৰাৰ্থনাৰ ওপৰত ভিত্তি কৰি স্বৰ্গ বা নৰকত ঠাই দি আহিছে। কিন্তু এনেকুৱা কেতিয়াও হোৱা নাছিল। সন্মুখত বহি থকা চিত্ৰগুপ্তই বাৰে বাৰে পৃষ্ঠাবোৰ থু লগাই লুটিয়াই ৰেজিষ্টাৰখন চাইছে। ভুলটো ধৰিব পৰা হোৱা নাছিল। শেষলৈ তেওঁ ইমান জোৰকৈ ৰেজিষ্টাৰ বহীখন জপাই থলে যে মাখি এটা চেপেটা লাগিল। তেওঁ মাখিটোক উলিয়াই ক’লে,- “মহাৰাজ, ৰেকৰ্ডত সকলো ঠিকেই আছে। ভোলাৰামৰ আত্মাটোৱে পাঁচদিনৰ আগতেই দেহ এৰিলে আৰু যমদূতৰ লগত এই লোকলৈ বুলি আহিলে,

Read more
1 17 18 19 20 21 22