এটি সাধু কথা (মূল লেখক : মাৰ্ক টোৱেইন) – অনুবাদ: ৰাজশ্ৰী শৰ্মা
বহু দিনৰ আগতে এখন গাঁৱত এজন চিত্ৰকৰে এখন সৰু কিন্তু বৰ ধুনীয়া ছবি আঁকিলে। তেওঁ সেইখন দেৱালত কোণীয়াকৈ এনেভাৱে আঁৰিলে যাতে সন্মুখৰ দেৱালৰ আইনাত ছবিখন দেখা পোৱা যায়। তেওঁ ক’লে,
“এনেকৈ দূৰত্বটো দুগুণ হ’ব আৰু ছবিখনো মসৃণ দেখা যাব আৰু সেইকাৰণে ছবিখন আচলতে যিমান ধুনীয়া তাতকৈ দুগুণ ধুনীয়া লাগিব।”
চিত্ৰকৰজনৰ পোহনীয়া মেকুৰীজনীয়ে এই কথাটো ওচৰৰ হাবিখনৰ জন্তুবোৰক জনালে। হাবিখনৰ জন্তুবোৰে মেকুৰীজনীক বৰ সমীহ কৰিছিল। কাৰণ তাই আছিল শিক্ষিত, সভ্য, উচ্চ বংশজাত, অতি ভদ্ৰ আৰু বৰ চিক-চাক। এক কথাত ক’বলৈ গ’লে তাই আছিল আভিজাত্যৰ প্ৰতীক। আত্মসন্মানেৰে ভৰা মেকুৰীজনীয়ে হাবিৰ সাধাৰণ জীৱ জন্তুবোৰক বহুত ধৰণৰ কথা শিকাইছিল, যিবিলাক সিহঁতে কেতিয়াও শুনা নাই, দেখাতো দূৰৰ কথা।
মেকুৰীজনীয়ে কোৱা এই নতুন বস্তুটোৰ কথা শুনি সিহঁতৰো বস্তুটোৰ বিষয়ে জানিবলৈ খুব মন গ’ল। নিজৰ মাজতেই সিহঁতে আলোচনা কৰিলে। দুজনমানে আকৌ সৰ্বজন্তা দেখুৱাই বাকীবোৰক কোনোদিনে নেদেখা-নুশুনা বস্তুটোৰ বিষয়ে জ্ঞান দিলে। শেষত কৌতুহলত ৰ’ব নোৱাৰি সুধিয়েই দিলে মেকুৰীজনীক ‘ছবি’ কি বস্তু। মেকুৰীয়ে গহীনাই ক’লে,
“এইটো এটা চেপেটা বস্তু। ধুনীয়াকৈ চেপেটা, মনোমোহাকৈ চেপেটা, যিমান চেপেটা কোনেও দেখা নাই, সিমান চেপেটা আৰু অতি মনোগ্ৰাহী। কি যে ধুনীয়া!”
এটা চেপা উত্তেজনাই উপস্থিত সকলোকে যেন গ্ৰাস কৰি পেলালে। বস্তুটো এবাৰ চাবলৈ নাপালে যেন জীৱন বৃথা, তেনে লাগিবলৈ ধৰিলে সকলোৰে। কি যে আচৰিত বস্তু হ’ব সেইটো! শেষত ভালুকটোৱে সুধিয়েই পেলালে,
“কিহে বাৰু সেইটোক ধুনীয়া কৰি তুলিলে?”
“অহ্। দেখাতেই তেনেকুৱা আকৌ।”
– মেকুৰীৰ উত্তৰ।
“বাহ্”
-সিহঁতৰ মেলা মুখবোৰ সন্দেহ আৰু বিশ্বাসৰ দোমোজাত ৰৈ গ’ল। আৰু বেছিকৈ জানিবলৈ মন গ’ল৷ তেতিয়া গাইজনীয়ে সুধিলে,
“আচ্ছা, আইনা কি বস্তু বাৰু?”
“ বিশেষ একো নহয়। দেৱালৰ ফুটা এটা মাত্ৰ।”
-মেকুৰীজনীয়ে হাতোৰা এখন চেলেকি চেলেকি মাত লগালে।
“তুমি সেইটোলৈ চাবা আৰু তেতিয়া তুমি সেই ছবিখন দেখিবলৈ পাবা। কি যে স্বৰ্গীয়, অপূৰ্ব সুন্দৰ, পাখিৰ দৰে মিহি আৰু কিবা এটা কল্পনাও কৰিব নোৱাৰাকৈ ধুনীয়া যে তুমি চালে চায়েই থাকিবা আৰু এটা সময়ত তোমাৰ যেন মূৰটোৱেই ঘূৰি যাব।”
ইমান সময়ে গাধটোৱে মুখেৰে এটা শব্দও মতা নাছিল। কিন্তু এতিয়া তাৰ সন্দেহ হ’বলৈ ধৰিলে। সি ক’লে যে ইমান বেছি ধুনীয়া বস্তু আগতেও নাছিল আৰু এতিয়াও চাগৈ নাই। সি এইখিনিও ক’লে যে যিটো বস্তুৰ সৌন্দৰ্যৰ বৰ্ণনা দিবলৈ সাহিত্যত থকা সকলো বিশেষণৰ প্ৰয়োজন হৈছে, সেই বস্তুটো নিশ্চয়কৈ সন্দেহৰ আৱৰ্তত হ’ব লাগিব।
হঠাতে এই সন্দেহৰ আঙুলি টোঁওৱাত জন্তুবোৰৰ মনবোৰ খেলিমেলি লাগি গ’ল। হয়োতো কথাটো। মেকুৰীয়েও অপমানিত বোধ কৰি বিৰক্ত হৈ গুচি গ’ল তাৰ পৰা। বিষয়টো কেইদিনমানলৈ তাতেই গাপ পৰি ৰ’ল। কিন্তু জন্তুবোৰৰ মনত কৌতুহলে এবাৰ খোপনি পুতিলে তাক গুচোৱাও টান। লাহে লাহে আকৌ কথাটো আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিল। সকলোৱে বিষয়টো তিক্ত কৰাৰ বাবে পোনপটীয়াকৈ গাধটোকেই জগৰীয়া কৰিলে। গাধটোৱে যদি সন্দেহ নকৰিলেহেঁতেন, এতিয়ামানে চাগৈ সিহঁতে সেই ধুনীয়া ছবিখন চাই লৈ নয়ন সাৰ্থক কৰিব পাৰিলেহেঁতেন। একো এটা প্ৰমাণ নথকাকৈ তেনেকৈ কোৱাটো গাধটোৰ একেবাৰে উচিত নহ’ল।
গাধটোৰ পিচে দুখ নালাগিল, সি বিচলিতও নহ’ল। সি ক’লে যে সি এনেকুৱা এটা ৰাস্তা উলিয়াব যাৰ দ্বাৰা এইটো প্ৰমাণ হৈ যাব, কোন শুদ্ধ আছিল। সি নে সেই অহংকাৰী মেকুৰীজনী। সি নিজেই যাব আৰু সেই দেৱালত থকা ফুটাটো চাব য’ত মেকুৰীৰ মতে পৃথিৱীৰ সবাতোকৈ ধুনীয়া ছবিখন আছে; ঘূৰি আহিব আৰু সকলোকে কি দেখিলে ক’বহি। সকলো জন্তুৱে স্বস্তিৰ নিশ্বাস এৰিলে আৰু হৰ্ষধ্বনিৰ মাজেৰে গাধটোক সঁচা মিছা প্ৰমাণ কৰি আহিবলৈ দিলে।
কিন্তু, অজ্ঞানতাবশতঃ সি ক’ত থিয় হ’ব লাগিব নাজানিলে আৰু ভুলতে ছবিখন আৰু দাপোণখনৰ মাজত থিয় দিলে। ফলত ছবিখনে এটাও সুযোগ নাপালে দাপোণত ওলাবলৈ। গাধটোৱে পৰম আত্মবিশ্বাসেৰে ঘৰলৈ উভতিল আৰু সকলোকে ক’লে,
“মেকুৰীজনীয়ে মিছা মাতিছিল। সেই দেৱালৰ ফুটাটোত এটা গাধৰ বাহিৰে একো নাছিল। ক’তো একো চেপেটা বস্তুৰ কোনোধৰণৰ অস্তিত্বই নাই। মাত্র এটা মৰমলগা বন্ধুভাৱাপন্ন গাধ, কিন্তু এটা গাধ। আৰু একোৱেই নাই।”
হাতীটোৱে সুধিলে,
“তুমি ভালদৰে চাইছিলানে বাৰু? ওচৰৰপৰা স্পষ্টকৈ দেখিছিলানে?”
“মই একেবাৰে স্পষ্টকৈ, ধুনীয়াকৈ দেখিছোঁ, হে গজৰাজ। মই ইমান ওচৰৰপৰা চালোঁ যে মোৰ নাকটো তাতে লাগিয়েই গ’ল।”
“এইটোতো বৰ আচৰিত কথা হ’ল।”
হাতীটোৱে ক’লে,
“মোৰ যিমান দূৰ মনত পৰে, মেকুৰীজনীয়েতো আজিলৈকে কেতিয়াও মিছা কথা কোৱা নাই। নে আমাৰেই কিবা ভুল হ’ল! আকৌ এবাৰ গৈ চাবগৈ লাগিব। ভালু, তুমি গৈ দেৱালৰ ফুটাটো চাই আহি মোক জনোৱা।”
ভালুকটো গ’ল। যেতিয়া সি ঘূৰি আহিল, সি ক’লে,
“মেকুৰী আৰু গাধ দুয়ো মিছা কথা কৈছে। সেই ফুটাটোত এটা ডাঙৰ ভালুকহে আছে।”
এই কথা শুনি জন্তুবোৰ একেবাৰে আশ্বৰ্য্যচকিত হৈ পৰিল। এইবাৰ প্ৰত্যেকটো জন্তুৱেই নিজে নিজে গৈ কথাটো প্ৰমাণ কৰিবলৈ গাত ল’লে। সভাপতি হাতীয়ে সকলোকে এবাৰ এবাৰকৈ চাই আহিবলৈ দিলে।
প্ৰথমতে গৰুজনী গ’ল। তাই এজনী গাইৰ বাহিৰে একো নেদেখিলে। বাঘটোৱে এটা বাঘৰ বাহিৰে একো দেখা নাপালে। সিংহটোৱে এটা সিংহ দেখিলে নাহৰফুটুকীয়ে এটা ধুনীয়া নাহৰফুটুকী দেখিলে। ঊটটোৱেও অন্য এটা ঊট দেখিলে। এইবোৰ দেখি হাতীটোৰ ধৈৰ্য্যৰ সীমা পাৰ হৈ গ’ল। সি শপত খালে যে সত্যটো উদ্ঘাটন কৰিহে এৰিব। তাৰ বাবে যদি নিজেই যাব লাগে, যাব। তথাপি সঁচাটো জানিহে এৰিব। শেষত সি নিজেই আগবাঢ়ি গ’ল সেই চিত্ৰকৰগৰাকীৰ ঘৰটোৰ পিনে। দেৱালৰ ফুটাৰে দেখা পোৱা ধুনীয়া, স্বৰ্গীয় সৌন্দৰ্যৰে ভৰা ছবিখনৰ সন্ধানত।
কিন্তু হায়! যেতিয়া সি উলটি আহিল, সি তাৰ সমগ্ৰ মিথ্যাবাদীৰে ভৰা সাম্ৰাজ্যবাসীক গালি পাৰিলে। নিজৰ ওপৰত ক্ষোভ উজাৰিলে আৰু ইমান দিনে সিঁহতক মিছা কথাৰে আভুৱা ভাৰি থকাৰ কাৰণে মেকুৰীজনীৰ চৈধ্য গোষ্ঠী উজাৰি গালি পাৰিলে। মেকুৰীজনীৰ বিবেক, বুদ্ধি আৰু মানসিক স্বাস্থ্যৰ ওপৰত আঙুলি টোৱাবলৈও সি কুণ্ঠাবোধ নকৰিলে। সি ক’লে,
“যিকোনো এজন ওপৰচকুৱায়ো স্পষ্টকৈ দেখিব যে সেই দেৱালৰ ফুটাটোত এটা সুন্দৰ, ৰাজকীয় হাতীৰ বাহিৰে আন একো নাই।”
নীতিশিক্ষা : মেকুৰীজনীৰ ফালৰপৰা,
“তুমি যদি তোমাৰ কল্পনাৰ দাপোণখন আৰু বাস্তৱিকতাৰ মাজত থিয় দিয়া, তুমি যিকোনো এটা বাছি ল’ব পাৰা। তুমি তোমাৰ কাণদুখন নেদেখিবও পাৰা, কিন্তু সেয়া তাত সদায়েই বিৰাজমান।”
☆★☆★☆
1:30 pm
বৰ ভাল লাগিল।
2:19 pm
ধন্যবাদ জনালো।
1:31 pm
ধুনীয়া অনুবাদ, ভাল লাগিল
2:19 pm
ধন্যবাদ জনালো।
3:17 pm
বৰ ভাল লাগিল ৰাজশ্ৰী
5:37 pm
ধন্যবাদ জনালো অনুৰূপ।
7:10 pm
মসৃন অনুবাদ । ভাল হৈছে ৰাজশ্ৰী ।
12:43 pm
বহুত ধন্যবাদ বা।
12:44 pm
বহুত ধন্যবাদ বা।
7:18 pm
অনুবাদ কৰি লিখা গল্পটো পঢ়ি সচাকৈ বহুত আপ্লুত হলো ।
12:43 pm
বহুত ধন্যবাদ পঢ়ি চোৱাৰ বাবে।
7:36 pm
সুন্দৰ অনুবাদ…..ভাল লাগিল
8:51 am
অশেষ ধন্যবাদ জনালো।
7:45 pm
ভাল লাগিল পঢ়ি ৷সুন্দৰ অনুবাদ
8:55 am
বহুত বহুত ধন্যবাদ দেই।
9:00 pm
মসৃণ অনুবাদ।
8:54 am
ধন্যবাদ দাদা
10:34 pm
ভাল লাগিল পঢ়ি বা…
8:52 am
ধন্যবাদ মিতালী।
10:23 am
ভাল লাগিল। বঢ়িয়া।
12:45 pm
অশেষ ধন্যবাদ জনালো।
10:20 am
বৰ সুন্দৰ, সাৱলীল অনুবাদ। পঢ়ি ভাল লাগিল। আগতেও পঢ়িছোঁ, মাৰ্ক টুৱেইনৰ গল্প পঢ়াৰ সোৱাদেই বেলেগ।
5:27 pm
বহুত বহুত ধন্যবাদ বা পঢ়ি চোৱাৰ বাবে।