ফটাঢোল

অনুবাদ : বৰনৈৰ পাৰৰ কৃষক ৰংমন – অনুবাদক : প্ৰণবেন্দ্ৰ শৰ্মা (মূল : The Miller of the Dee, লেখক : Charles Mackay)

বৰনৈৰ পাৰতে , নিজৰেই ঘৰতে, আছিলে কৃষক ৰংমন কাই, পথাৰৰ লখিমী, আনিছে ঘৰলৈ, মৰণা মাৰিছে ভাই। সুঠাম, সজল ৰংমন‌ কাই, কাম কৰে দিনটো আনন্দৰে গুণগুণাই, নাই এনে কোনো চৰাই, প্ৰাণোচ্ছল সুৰৰে, এনুৱা সুৱদী গীত গায়। কামৰ সময়ত নাই দুখ ভাগৰ, সদায় এইটোৱে গীত, নাই কোনো ঈৰ্ষা, নকৰোঁ কাকো হিংসা, নকৰোঁ, নকৰোঁ মই। এদিন হঠাতে নৈৰে দাঁতিৰে বুঢ়া ৰজা পাৰ হৈ যায়, শুনি ৰংমনৰ গীত, বুঢ়া ৰজা স্তম্ভিত, ৰংমনক লগালে মাত, শুনা হেৰা বন্ধু, ভুল তোমাৰ সংগীত, যিমান হ’ব পাৰে ভুল,

Read more

মানিপ্লেণ্ট (মূল হিন্দী: সুধীৰ ঔখদে) – ভাৱানুবাদ: ধ্ৰুৱ

পত্নীৰ ইচ্ছা আছিল ঘৰত মানিপ্লেণ্ট লগোৱা হওক। ইচ্ছাটো তেওঁৰ অলেখ আছিল, যেনে ঘৰ বনোৱা যাওক, কাৰ কিনা যাওক, কুকুৰ পোহা যাওক, সন্তানক পাব্লিক স্কুলত পঢ়োৱা যাওক, নিজৰ চুলি চুটিকৈ কটোৱা হওক, পতিৰ চুলি দীঘলকৈ ৰখোৱা যাওক ইত্যাদি। কিন্তু এইটো তেওঁ জানিছিলেও যে এই সকলোবোৰ অসম্ভৱ। তেওঁৰ পতি মন্ত্ৰীও নহয়, ঘোচখোৰ বিষয়াও নহয়। প্ৰৱচন দিয়া ধৰ্মগুৰুও নহয়। তেন্তে তেওঁৰ ইমান ইচ্ছা কেনেকৈ পূৰণ হ’ব! তেওঁ কুকুৰ এটা পুহিলে। দেশী জাতৰ। যিটোৰ ঘৰখনৰ কাৰো লগত ৰাহি যোৰা নাহিলেই। তেওঁৰ লগতো নাহিল। বিচাৰিছিল

Read more

কেঁচুৱা (মুল – মুঞ্চী প্ৰেমচান্দ) – ভাৱানুবাদ- ভাস্কৰজ্যোতি দাস

বামুন৷ সকলোৱে তাক সেই বুলিয়েই জানে আৰু সিও নিজকে সেই বুলিয়েই ভাবে যে সি এটা বামুন৷ মোৰ সকলো ভৃত্যই মোক প্ৰণাম কৰে যদিও এই গংগুৱে মোক প্ৰণাম নকৰে৷ সম্ভৱতঃ মই তাকহে প্ৰমাণ কৰাতো সি বিচাৰে৷ সি আনে খোৱা পাত্ৰ স্পৰ্শ নকৰে আৰু গৰমৰ দিনত তাক মই বিছি দিবলৈ কোৱাৰ সাহসো কৰিব নোৱাৰোঁ৷ গৰমত কেতিয়াবা মই ঘামি তিতি গ’লে কেতিয়াবা সি বিচনীখন হাতত তুলি লয় যদিও তাক দেখিলে মোৰ এনে লাগে যে সি যেন মোক কিবা অনুগ্ৰহহে কৰিছে৷ সি বৰ খিংখিঙীয়া

Read more

অতিথি (মূল – হুমায়ূন আহমেদ) – অনুবাদ : মুনমুন সৰকাৰ শইকীয়া

তিনি বছৰৰ মূৰত সফুৰা নিজৰ গাঁৱলৈ যাবলৈ ওলাইছে। ঢাকা চহৰখনত একেলেথাৰিয়ে তাই যে ইমানদিন পাৰ কৰি দিব পাৰিলে কেনেকৈ সেয়া তাই নিজেও ধৰিব পৰা নাই। এনেকুৱা লাগে যেন সৌ সিদিনা আহিছিল হে কোনোবা এক জাৰকালি, মাজতে দুটামান জাৰকালি আৰু পাৰ হৈ গৈ এয়া  তিনি নম্বৰ জাৰৰ বতৰ। প্ৰথমদিনা ভয়ে ভয়ে বাৰান্দাত বহি আছিল। মালিকনী বাইদেৱে তাইক দেখিও নেদেখাৰ ভাও ধৰিছিল, ওচৰতেই ইমান মৰমলগা অকণমানি দুজনী ৰূপা আৰু লোপাই খেলি আছিল অথচ তাইৰ ফালে ঘূণাক্ষৰেও ঘূৰি চোৱা নাছিল। এবাৰ সফুৰাই ভয়ে

Read more

অনুশাসন (মূলকাহিনী:- হৰিশঙ্কৰ পৰছাই); অনুবাদ – পূৰবী কটকী

এজন অধ্যাপক আছিল, তেওঁৰ চাকৰিটো চৰকাৰী আছিল। এবাৰ  অধ্যাপকৰ পত্নীৰ অসুখ হৈ চিকিৎসালয়ত ভৰ্তি  হ’ল আৰু সেই সময়তেই   তেওঁৰ চাকৰিৰ বদলিকৰণৰ নিৰ্দেশ আহিল। শিক্ষা বিভাগৰ উচ্চ বিষয়াজনো অধ্যাপক থকা একেটা এলেকাতেই বাস কৰিছিল। তেওঁৰ বঙলাটো, অধ্যাপকজনৰ ঘৰৰ পৰা দেখা পোৱা গৈছিল। তেওঁ যেতিয়া বঙলাটোৰ সম্মুখেদি পাৰ হৈ যায়, প্ৰায়ে বিষয়াক সাদৰেৰে প্ৰণাম কৰি গৈছিল। অধ্যাপকে ভাবিলে,  বিষয়াগৰাকীক ক’লে তেওঁ শিক্ষকৰ চাকৰিৰ বদলিকৰণটো স্থগিত কৰি ৰাখিব। এদিন তেওঁ বিষয়াগৰাকীৰ ঘৰলৈ গ’ল। বাৰান্দাত বিষয়াই সুধিলে, :কি হ’ল? কিবা কাম আছিলে? :ছাৰ এটা

Read more

আঁচড় (মূল:সমৰেশ মজুমদাৰ) অনুবাদ- মুনমুন সৰকাৰ শইকীয়া

দিন দুপৰতেই ঘৰখন ভুতবাংলাৰ দৰে লাগে। এই আবাসস্থলৰ শেষ বাসিন্দা হৰশংকৰ ৰয়। দুপৰীয়া চিঠি এখন পঢ়ি আছিল। বৰ্ধমানৰ জীৱন বাবুৱে লিখা, আপোনাৰ ছোৱালীজনী আমাৰ ভাল লাগিছিল। পচন্দ কৰিছিলোঁ। কিন্তু তাই যদি বিয়াত নবহোঁ বুলি সিদ্ধান্ত লৈয়েই পেলাইছিল তাক মাতি নি ইমানখিনি অপমান নকৰাহেঁতেনো হ’লহেঁতেন! চিঠিখন পঢ়ি উঠি দোষী দোষী দৃষ্টিৰে তেওঁ ভিতৰফালে চাই পঠালে। বিশাল  দীঘল বাৰাণ্ডাত কেৰমবোৰ্ড এখন পাৰি  থোৱা আছে। ষ্ট্ৰাইকাৰৰ খটখট আৱাজ  ভাঁহি আহিছে। কেৰমৰ এফালে সৰু ল’ৰা এজন। সিফালে থকাজনী অত্যন্ত ছিৰিয়াছ। বয়সে নিমিলা সঙ্গীৰ সৈতে

Read more

ডকাইত নেকি?(মূল-সুকুমাৰ ৰায়) অনুবাদ- মানসী বৰা

সন্ধিয়া সময়, মন্থৰ খোজেৰে হাৰুবাবু ঘৰলৈ উভতিছিল। ষ্টেচনৰ পৰা ঘৰলৈ প্ৰায় আধা মাইলমান দূৰত্ব বাকী, বেলাটোও প্ৰায় শেষ হওঁ হওঁ। বেলিটোলৈ চাই হাৰুবাবুৱে খোজৰ গতি খৰতকীয়া কৰিলে, সন্ধিয়া লগাৰ আগতে ঘৰ সোমাব পাৰিলে ভাল। তেওঁৰ এহাতত এটা বেগ আৰু আনখন হাতত এটা ছাটি। গৈ থাকোঁতে হঠাতে তেওঁ অনুভৱ কৰিলে তেওঁৰ পিছে পিছে যেন কোনোবা আহি আছে, ঠিক আহি থকা নহয়, যেন তেওঁক কোনোবাই অনুসৰণ কৰিছে!আঁৰচকুৰে লক্ষ্য কৰি তেওঁ দেখিলে সঁচাকৈ কোনোবা এজনে তেওঁৰ পিছে পিছে হুৰমূৰাই আহি আছে।হাৰুবাবুৰ মনত কিবা

Read more

পৰুৱা (মূল-হুমায়ূন আহমেদ) অনুবাদিকা- মুনমুন সৰকাৰ শইকীয়া

: আপোনাৰ বেমাৰটোনো কি‌ কওক। বেমাৰীয়ে একো নক’লে, কাষতে বহি থকা লগৰজনৰ ফালে চালে। ডক্টৰ নুৰুল আফছাৰ, এম. আৰ. ছি. পি. ডি পি এচ. খুব বিৰক্ত হ’ল। তেওঁৰ বিৰক্তিৰ মূলতঃ তিনিটা কাৰণ: প্ৰথম হ’ল আঠ বাজি গৈছে, তেওঁ সদ্যহতে বেমাৰীক চোৱা বন্ধ কৰি ঘৰলৈ যাবগৈ লাগে। আজি খুলশালিয়েকৰ জন্মদিন। দ্বিতীয় কাৰণ হ’ল গাওঁৰ পৰা অহা ৰোগী তেওঁ পছন্দ নকৰে। তেওঁলোকে হয় বৰকৈ কথা পাতে, নহ’লে একেবাৰেই নাপাতে। ভিজিটৰ সময় হ’লে দৰদাম কৰিবলৈ আৰম্ভ কৰে। চুচুক-চামাককৈ বিবৰ্ণ চেহেৰা কৰি সোধে, :

Read more

বাঘমেলৰ কাৰ্যবিৱৰণী (মূল: আনিসুল হক) ভাবানুবাদ- নীলাক্ষি দেৱী ডেকা

কথাবোৰ শুনাত সাধু যেন লাগিলেও আচলতে সঁচা কথাই। এখন জনবহুল দেশৰ এঠাইত আছিল এখন বিশাল চিৰিয়াখানা, তাত  আন আন জন্তুৰ লগতে আছিল বহু প্ৰজাতিৰ বাঘ যি আমাৰ বনৰ ৰজা। এদিন হ’ল কি সেই চিৰিয়াখানাৰ বাঘবোৰৰ মন হ’ল এখন বাঘমেল মানে ৰাজহুৱা সভা পতাৰ। ভবা মতেই কাম, চিৰিয়াখানাৰ সমূহ বাঘৰ মাজত এখন মেলৰ আহ্বান কৰা হ’ল। যথা সময়ত এজোপা আঁহতগছৰ তলৰ মুকলি ঠাইখিনিত বাঘবোৰ সমবেত হ’ল। আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি এটা বাঘে ক’বলৈ ধৰিলে, “আজিৰ সভাত সমবেত ৰাইজ, আপোনালোক সকলোকে

Read more

সিদ্ধান্ত (মূল-শ্ৰী ৰাম শৰ্মা আচাৰ্য) ভাবানুবাদ-ৰমেশ বৰুৱা

এসময়ত ৰাজস্থানৰ এখন মৰুভূমিত এজন মানুহ পথচ্যুত হৈ পৰুৱাই পোৱা মানুহৰ দৰে ইফালে সিফালে ঘূৰি আছিল৷ তেওঁৰ হাতত খোৱা-বোৱাৰ যি সামগ্ৰী মজুত আছিল, সেয়াও প্ৰায় শেষ হ’বলৈ ধৰিলে৷ অৱশেষত তেওঁ যোৱা দুদিনত একঢোক পানীৰ বাবেও হাঁহাকাৰ কৰিব লগা অৱস্থা হ’লগৈ৷ অণ্ঠ কণ্ঠ শুকাই যোৱা মানুহজনে বুজিব পাৰিলে যে অনতিপলমে একঘোট হ’লেও পানী নাপালে তেওঁৰ মৰণ নিশ্চিত৷ কিন্তু লগে লগেই উপলব্ধি কৰিলে যে তেওঁ যিহেতু ভগৱানত অটল বিশ্বাসী– কিবা এটা চমৎকাৰ জৰুৰ হ’ব আৰু তেওঁ পিয়াঁহৰ পানীটোপা নিশ্চয় পাব৷ সেই সময়তে

Read more
1 7 8 9 10 11 22