ফটাঢোল

প্ৰথম নিশাৰ মালিতা-প্ৰকৃতি নাজিৰ

“আয়ৌ মৰিলোঁ ঔ!” চিঞৰটো ইমান তীব্ৰ আছিল যে তাক চিঞৰ নুবুলি আৰ্তনাদ বোলাই সঠিক হ’ব। নতুন কইনাৰ কোঠাৰপৰাই চিঞৰটো আহিছে৷ সকলো সচকিত হৈ উঠিল। তিনিদিন বিয়াঘৰীয়া ব্যস্ততাৰ বাবে শুবলৈ নোপোৱা মানুহবোৰ খোবাখুবীৰ জঞ্জাল সামৰি বিছনাত পৰিছিলহে। বিছনানো ক’ত পাব! আলহী, অতিথি এতিয়াও ভালেমান আছেই ঘৰখনত। মাটিয়ে বালিয়ে বিছনা তৰি আটাইখন শুবলৈ লৈছিল। প্ৰচণ্ড চিঞৰটোৱে মুদ খাবলৈ ধৰা ভাগৰুৱা চকুবোৰ বহলকৈ মেল খুৱাই দিলে। ই-পেটাৰ্ণৰ ঘৰটোৰ পূৱদিশৰ আচুতীয়া আহল-বহল কোঠাটোকে দৰা-কইনাক দিয়া হৈছিল। দুপৰীয়াৰেপৰা কইনাঘৰীয়াই অনা নতুন আচবাববোৰ কোঠাটোত থানথিত লগোৱা

Read more

এয়াৰ বেগ- হিমাংশু ৰাজখোৱা

যোৱা বছৰৰ এপ্ৰিল মাহৰ ঘটনা। নিকট বন্ধু-বান্ধৱসকলে জানে, মোৰ বাওঁ ভৰিখনৰ আঁঠুভাগ তেনেই ‘কৃত্ৰিম’৷ ২০১৩ চনতে হোৱা এটা কালান্তক দুর্ঘটনাৰ বাবে দিল্লী মহানগৰীত এটা দীঘলীয়া অস্ত্ৰোপচাৰ কৰি কিবাকিবি কৃত্ৰিম অংশ লগাই মেলিহে ভৰিখন এতিয়ালৈ সচল কৰি ৰাখিছোঁ। মাজে মাজে ভৰিখনে আমনি কৰে, তীব্ৰ বিষ হয় আৰু মোৰ খোজ দিবলৈ দিগদাৰ হয়। দিল্লীৰ মোৰ ডাক্তৰে তাৰপৰাই কিবাকিবি প্রেছক্ৰাইব কৰে, খাওঁ, ভাল হয়। এনেকৈয়ে চলি আছিলোঁ। যোৱা বছৰ এপ্ৰিল মাহত ডাক্তৰে পাৰিলে এবাৰ আহি যা দিল্লী বুলি ক’লে। এনেও দিল্লী মোৰ প্রিয়

Read more

অমুকীৰ সংগীত চৰ্চা : পল্লৱী কাকতি

অমুকীৰ গান গোৱাৰ চখ এটা আছে৷ আছে মানে সৰুৰেপৰাই অমুকীয়ে গীত, নৃত্য বৰ ভাল পায়৷ টোকাৰী গীতত বিহু নচা মানুহ৷ সৰুতে দেউতাকৰ কান্ধৰপৰা গামোচাখন টান মাৰি আনি চাদৰ কৰি পিন্ধি পুৱা মুখ হাত ধুই নাচিবলৈ লাগি গৈছিল অমুকীয়েই৷ গানৰ কথাটো নকলোঁৱেইবা৷ স্থানীয় মঞ্চত সাংস্কৃতিক সন্ধিয়াত কিমান যে গীত পৰিৱেশন কৰিছিল৷ তবলা এফালে বাজে, হাৰমনিয়ামখনি এফালে ৰৈ ৰৈ বাজে৷ বাজে মানে বাদকে গায়িকাৰ ওঁঠ দুটা চাই চাই পাৰ্যমানে মিলাবলৈ যত্ন কৰি কৰি বজাওঁতে বজাওঁতে গীত পৰিৱেশনৰ সমাপ্তি ঘটে৷ ঘোষকে ধন্যবাদ যাচে৷

Read more

শিক্ষক চিৰিজ- সুকুমাৰ গোস্বামী

স্কুলীয়া দিনৰ অন্য এক আতংকৰ নাম আছিল আফটাৱ ছাৰ। পঞ্চম আৰু ষষ্ঠ শ্ৰেণীত আমাৰ শ্ৰেণী শিক্ষক আছিল। যিদৰে অংকৰ বাঘ সেইদৰে খঙত সিংহ। আফটাৱ ছাৰে কাক, ক’ত, কিয়, কেতিয়া বখলিয়াই দিয়ে সেইয়া ‘দেৱ না জানন্তি’। আগনিশা বিখ্যাত চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰয় গুৰুতৰ ভাবে অসুস্থ হৈ চিকিৎসাধীন হৈ থকাৰ খবৰ ৰাতিপুৱাৰ সকলোবোৰ বাতৰি কাকতৰ মুখ্য বাতৰি আছিল। আমাৰ  ষষ্ঠ শ্ৰেণীৰ প্ৰথম ক্লাছ অংকৰ। জুন জুলাইৰ গৰমৰ দিনত বাইহাটা চাৰিআলিৰ পৰা চাংসাৰিলৈ ১১ কিলোমিটাৰ ৰাস্তা চাইকেল চলাই অহা ছাৰ সদায় টিঙিৰিটুলা হৈ

Read more

বৰুৱাৰ বিপত্তি-ৰুলী বৰঠাকুৰ

যোৱা কালি এটা অঘটন ঘটিল বৰুৱাৰ সংসাৰত।  বিপদ ডাঙৰেই। আজি পুৱাৰ পৰাই বৰুৱানীৰ  ধৰফৰণি। মূখখন ফুলা লুচী যেন হৈছে। ঘৰখনৰ বস্তুবোৰ এফালৰপৰা ওলট পালট। ল’ৰা-ছোৱালী হালক ঠিকছে জাৰিছে। তেওঁৰ ম’বাইলটো বোলে সিহঁতে লৈছিলে অনলাইন ক্লাছৰ বাবে। সিহঁতে কয়হে কয় নাই লোৱা বুলি বৰুৱানীয়ে নামানে। বৰুৱানীৰ ম’বাইল প্ৰীতি সকলোৰে জ্ঞাত। ফুলত পানী দিবলৈ যাওঁতে, বাৰীৰ শাক-পাচলি আনিবলৈ গ’লেও, ভাত ৰান্ধোতেও আনকি এতিয়া পায়খানা ঘৰতো। তেওঁৰ আকৌ ৱাটচ্ এপ্ গ্ৰুপো কেইবাটাও। লগতে ফেচবুক ইনষ্টাগ্ৰাম্ আছেই। তাতো অস‍ংখ্য গ্ৰুপ। পিচে তেওঁৰ এটা বদ

Read more

শুভ ককাৰ অশুভ কৰ্ম-উৎপলা শইকীয়া

কলং নদীৰ পাৰতেই আমাৰ শুৱনি গাঁওখন। অৱশ্যে সেই কবিতাৰ গাঁওখনৰ সমান শুৱানিটো গাঁৱৰপৰা হয়তো আমি জন্ম হোৱা সময়ৰপৰাই কমি আহি আজিৰ চেমি-আধুনিক শুৱনি হৈ ৰৈছে। আমাৰ গাঁৱৰে নাম থকা দুই যুৱক নন্দন আৰু কানাই, দুয়ো নলেগলে লগা বন্ধু। এক কথাত সেই হিন্দী চিনেমাত কোৱা লংগুটিয়া য়াৰ দুয়ো। পঢ়া-শুনাত দুয়ো ৰসাতলৰপৰা কেইমিটাৰমান ওপৰত এডাল অনুভূমিক সমান্তৰাল ৰেখাৰে গতি কৰি গৈ গৈ এতিয়া কলেজৰ দুৱাৰদলিত ভৰি দিছেগৈ। সিহঁতৰ বয়সৰ ল’ৰাবোৰৰ গাত থাকিবলগা বাকীবোৰ গুণত কিন্তু সিহঁত সদায় ভালৰ পিছত আৰু বেয়াৰ আগত।

Read more

এৰাল চিঙা : কাবেৰী মহন্ত

মুখৰ কোৱাৰিৰে তামোলৰ পিক সদায় নিজৰা হৈ বৈ থাকে মানুহজনৰ৷ পুৰণা ফিয়েটখনৰ ষ্টিয়াৰিংডাল এনেকৈ খামুচি ধৰি গাড়ীখন চলাই যেন হাতৰ মুঠিটো অলপ ঢিলাই দিলেই গাড়ীখন এৰাল চিঙা গৰুৰ দৰে পলাব! হয়, সেয়া আমাৰ শইকীয়া ছাৰ৷ ৰাতিপুৱা নিজৰ শাকনিবাৰীত আঁঠুৰ মূৰলৈকে গামোছাখন পিন্ধি কোৰ মাৰি থকা দেখিলে কোনেও ক’ব নোৱাৰিব যে, ছাৰৰ তলত ইতিমধ্যে আধাকুৰিতকৈ বেছি ছাত্ৰ-ছাত্ৰীয়ে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লৈছে আৰু কোনোবা নহয় কোনোবা কলেজত সুখ্যাতিৰে শিক্ষকতা কৰি আছে৷ বুধবাৰ আৰু শুকুৰবাৰে আমি আৰামত ক্লাছত সোমাওঁ৷ কাৰণ সেই দুদিন

Read more

লটিঘটি — অসীমা এচ দত্ত

এবাৰ হলত চিনেমা চাবলৈ গৈছিলোঁ‌ তেজাবখন, এলপিতে তেতিয়া। বেলকনিত বহিও, মই তাৰো ওপৰ কনিত বহিছিলোঁ‌। মানে দুখন চকীৰ হেণ্ডেলত ভৰি দি, চকীৰ ওপৰত আউজি লোৱাখিনিত বহিছিলোঁ‌। মোৰ বহিবলৈ চিট নাই। এফালে কিৰণদা, আনফালে অন্য এজনী মানুহ। অনিল কাপুৰৰ ফাইটিঙত কিৰণদাই “মাৰ মাৰ” বুলি ঢকা মাৰি দিয়ে মই লুটী খাই পৰোঁ‌। এপাকত মাজৰ হেণ্ডেলত নবহি মানুহজনীৰ সিফালে হেণ্ডেলত বহিলোঁ‌গৈ মানুহজনীয়ে বহ বুলি কিৰণদাৰ ফালে চাপি দিলে। সেইকোবত ফাইটিঙত কিৰণদাৰ চৰটো মানুহজনীৰ গাত পৰিল। অনিল কাপুৰো চিনেমাৰ পৰ্দাত ফাইটিং কৰিবলৈ বন্ধ কৰি

Read more

ওফাইদাঙৰ মুখথেকেচা – অভিজিৎ গোস্বামী

এই কাহিনীৰ মেইন কেৰেক্টাৰ অমুকাই আছিলোঁ, কথাটো সুদীৰ্ঘ এযুগৰ আগৰে। তেতিয়া মই বাংগালুৰুত স্নাতক শ্ৰেণীত পঢ়ি আছিলোঁ। অামি প্ৰায় ৫ জনমান চিনিয়ৰ -জুনিয়ৰ মিলি একেলগে এটা ঘৰতেই আছিলোঁ। আমাৰ গ্ৰুপত উজনিৰ মই অকলেই আছিলোঁ, বাকী প্ৰায় গোটেই কেইজনেই মংগলদৈৰ আছিল। মোৰ আকৌ তেতিয়া এটা স্বভাৱ আছিল যে, প্ৰাকৃতিক সম্পদ, কাজিৰঙা, চাহ আদিকে ধৰি সকলো বস্তু যেতিয়া উজনিৰ, গতিকে অামি হে অসম মুলুকখন চলাই আছোঁ টাইপ গৰ্ব ভাৱ এটা আছিল। মই কেতিয়াও আগবাঢ়ি গৈ লগা নাছিলোঁ, কিন্তু কথাৰ কটা-কটি হ’লে অকলেই যুদ্ধত

Read more

মাইনী মেডাম (লটি-ঘটি) — সংগীতা পাৱে

উপায়ুক্ত কাৰ্যালয়ৰ প্ৰথম মহলাৰ চাৰি নম্বৰ কোঠাটোৰ ভিতৰখন জমি উঠিছে আমাৰ চাৰিজনীয়া আড্ডাৰে। পঞ্চায়ত নিৰ্বাচন নিচেই সমাগত। হিচাবত মাথোন দহটা দিনহে বাকী। গতিকে নিৰ্বাচনৰ প্ৰস্তুতি তেনেই তুংগত। তাৰেই সহযোগী স্বৰূপে আমি, মানে পি.ডব্লিউ.ডি. কাৰ্যালয়ৰ বেগম বাইদেউ, জলসিঞ্চন বিভাগৰ মিতালী বাইদেউ আৰু নিয়োগ বিনিময় কাৰ্যালয়ৰ দত্তদা আৰু মই নিৰ্বাচন বিশেষ ‘কণ্ট্ৰল ৰূম’ ডিউটিত মকৰল হৈ এইটো কোঠাত সন্মিলিত হৈছোঁহি । ‘কণ্ট্ৰল ৰূম’ মানে টেবুল দুখন, দুখন স্প্ৰীং চেয়াৰ, তিনিখন প্লাষ্টিকৰ আৰু এখন কাঠৰ চকী। এখন টেবুলত বিএছএনএলৰ এটা লেণ্ডলাইন ফোন, এটা

Read more
1 20 21 22 23 24 70