ফটাঢোল

অমুকীৰ সংগীত চৰ্চা : পল্লৱী কাকতি

অমুকীৰ গান গোৱাৰ চখ এটা আছে৷ আছে মানে সৰুৰেপৰাই অমুকীয়ে গীত, নৃত্য বৰ ভাল পায়৷ টোকাৰী গীতত বিহু নচা মানুহ৷ সৰুতে দেউতাকৰ কান্ধৰপৰা গামোচাখন টান মাৰি আনি চাদৰ কৰি পিন্ধি পুৱা মুখ হাত ধুই নাচিবলৈ লাগি গৈছিল অমুকীয়েই৷ গানৰ কথাটো নকলোঁৱেইবা৷ স্থানীয় মঞ্চত সাংস্কৃতিক সন্ধিয়াত কিমান যে গীত পৰিৱেশন কৰিছিল৷ তবলা এফালে বাজে, হাৰমনিয়ামখনি এফালে ৰৈ ৰৈ বাজে৷ বাজে মানে বাদকে গায়িকাৰ ওঁঠ দুটা চাই চাই পাৰ্যমানে মিলাবলৈ যত্ন কৰি কৰি বজাওঁতে বজাওঁতে গীত পৰিৱেশনৰ সমাপ্তি ঘটে৷ ঘোষকে ধন্যবাদ যাচে৷ শুভেচ্ছা যাচি কয়,

: চৰ্চা অব্যাহত ৰাখিলে এদিন নিশ্চয় গান গাব পাৰিব৷

এবাৰ আঞ্চলিকভিত্তিত জয়মতী উৎসৱত সন্ধিয়ালৈ আছিল স্থানীয় শিল্পীৰ গীত পৰিৱেশন৷ তাৰ পিছতেই ৰাতি ১০ বজাৰপৰা নিমন্ত্ৰিত অতিথিৰ সাংস্কৃতিক কাৰ্যসূচী৷ স্থানীয় শিল্পীৰ তালিকাত বগা কাগজত নীলা চিঞাহীৰে অমুকীৰো নাম জিলিকি আছিল৷ মিছা ক’লে কিডাল হ’ব, গায়িকা উঠিল মঞ্চত৷ সভাত হাই-উৰুমি, কেঁচুৱাৰ বিননিৰ মাজেৰে অমুকীৰ গীত পৰিৱেশনৰ সময় চমু চাপি আহিল৷ বাদ্যযন্ত্ৰীয়ে সুধিলে,

: কোনটো গীত গাবা৷

অমুকীয়ে বোলে,

: “মৰমে ধুৱাই নিয়া” গীতটি।

আকৌ সুধিলে,

: স্কেল?

: নাই অনা নহয়, ভাইটিৰ এডাল আছিল বাঁহৰ, দেউতাই সাজি দিয়া। নানিলোঁ নহয়! কি সুধিব আৰু!

বাদ্যযন্ত্ৰীয়ে গম পাই গৈছে গায়িকা কিমান পানীৰ মাছ৷ দুটা গলখেকাৰি মাৰি গান আৰম্ভ৷ মঞ্চত মৰমে ধুৱাই নিছে সভাত হাঁহিয়ে ধুৱাই নিছে৷ অমুকীয়ে যিমান পাৰে এটা ভৰিৰে ঠক্ ঠক্ শব্দৰে তাল ধৰিবলৈ দুঁপিয়াই দুঁপিয়াই গীতৰ ঢৌত নিজকে বিলীন কৰি দিছে৷ আনফালে  বাদকে ভৰিৰ দোপৰ লগত তাল মিলাওঁতে দাঁত কামুৰি ধৰিছে৷ অৱশেষত গীত পৰিৱেশন অন্ত পৰিল, গায়িকা অমুকীৰো সংগীত চৰ্চা সিমানতে সাময়িকভাৱে সমাপ্তি ঘটিল৷

গ’ল কথা গুচিল৷ কিন্তু শেহতীয়াকৈ ম’বাইল যুগত, ইণ্টাৰনেটৰ যুগত, ইউটিউবৰ যুগত, ফেচবুকৰ যুগত অমুকীয়ে পাই গ’ল নহয় ষ্টাৰমেকাৰটোক৷ টিপি টাপি গান উলিয়াই লৈ পুনৰ হেৰাই গ’ল সংগীত চৰ্চাৰ অনন্ত মুৰ্চনাত৷ বাহঃ কি সুন্দৰ!ভাত-পানী খাই লোকে জিৰণি লয় অমুকীয়ে ষ্টাৰমেকাৰ উলিয়াই লয়৷ সংগীতৰ ষ্টাৰ হ’বলৈকে ওচৰ চুবুৰীয়াক কাণত ঠিলামাৰি ল’বলৈ বাধ্য কৰিব পৰাকৈ অমুকী জনাজাত হৈ পৰিল পষেকটোতে৷ তাৰে এটি দুটি গীতৰ মুৰ্চনাত উটি-বুৰি ফেচবুক এৰিবলৈ বাধ্য হ’ল বহু বন্ধু বান্ধৱী৷ মিছা ক’লে কিডাল হ’ব গায়িকা কিন্তু তিলমানো হতাশ নহ’ল৷ ইনষ্ট্ৰা, ফেচবুক, ৱাটচআপৰ ষ্টেটাছ ভৰ্ত্তি হৈ পৰিল গীতৰ কলিৰে৷ ৱাটচআপৰ সকলো গ্ৰুপ আৰু বন্ধু বান্ধৱীয়ে টিলিঙকৈ অহা মেছেজটোত অমুকীৰ গান বুলি উচপ খাই উঠালৈকে যি পথ পৰিক্ৰমা এয়া গায়িকাৰ সফলতাৰে অন্য এটা নাম৷

ঠিক তেনেতে আহি গ’ল মস্ত ধামাকা অমুকীৰ গীতময় জীৱনলৈ৷ ভাইৰেল হৈ গ’ল এটি গীতৰ ভিদিঅ’৷ চানৰ লগত দ্বৈতগীত পৰিৱেশনৰ এটি ভিদিঅ’ৰ সৈতে সমস্ত ফেচবুক সিঁচৰতি হৈ পৰিল গায়িকাৰ নদন বদন গীতৰ ৰূপ৷ গায়িকাই য’লৈকে যায় তাতেই মানুহবোৰে ৰ লাগি লাগি চাই আৰু মিচিকিয়াই হাঁহি এটা মাৰে৷ অমুকীয়ে ভাবে বাহঃ মই দেখিছোঁ সাংঘাতিক! লাহেকৈ ‘ইউটিউব চেনেল এটা খুলি ডাবল ধামাকা দিবলৈ আহি আছোঁ ৰহ বাপেকে’ বুলি ওঁঠৰ তলত এটি হাঁহি গুজি লয়৷ আজি সকলোকে ধন্যবাদ যাচিব লাগিব দেই৷ ইমান হাজাৰ বিজাৰ শ্বেয়াৰ হ’ল ভিডিঅ’টো, কামত লাগি থাকোঁতেই কাকো অকণ থেংকু কোৱা হোৱা নাই৷ নেপাই নহয় মানুহে অহংকাৰী বুলিহে ভাবিব৷ ইচ্ ৰাম! খৰধৰকৈ একাপ চাহ আৰু ম’বাইলটো হাতত লৈ বাৰাণ্ডাতে বহি ল’লেহি৷ ফেচবুক খুলিয়েই শ্বেয়াৰ কৰা প্ৰথমজন ব্যক্তিৰ কেপচনটো দেখি গায়িকাৰ চকু জিলমিল জিলমিল লাগিল৷ সেইভাগি হ’ল,

“এইগৰাকী আকৌ কোন ওলাল
    হাবিৰ সিংহ কেনি পলাল
     বুজিছোঁ বুজিছোঁ
     মহিম খুৰাৰ পিছতেই
    বিতৰ্ক এভাগি হ’বলৈ

    বিষয় এটি ওলাল৷”

ইটোৰ পিছত সিটো, সিটোৰ পিছত ইটোত সমালোচনাৰ মিহি মিহি ব্যঞ্জণা লেপি বাক্য সৃষ্টি হ’ল কত বুঢ়া আঙুলিৰ টিপেদি৷ খটঙকৈ চাহৰ কাপটো পকাত পৰিলতহে সম্ভেদ ঘূৰিল যে অমুকীৰ এয়া সঁচা, মানে দিঠকেই৷ মুহূৰ্ততে অমুকীৰ কণ্ঠনলী ভেদি ওলাই আহিল,

“তোৰে মোৰে ফেচবুকীয়া যাত্ৰা
অব্যৰ্থ অব্যৰ্থ
আমি পালোঁ উপহাৰ গীতৰ
সাধনা নকৰাৰ,
শিকাৰ যে অন্ত নাই
সংগীত বিদ্যালয়লৈ যাম

সপ্তসুৰ শিকি ল’ম৷”

☆ ★ ☆ ★ ☆

5 Comments

  • ডলী তালুকদাৰ

    হাঃ হাঃ

    Reply
    • পল্লৱী কাকতি

      ধন্যবাদ ডলীবা

      Reply
  • হেমন্ত কাকতি

    মজা লাগিল এইটো৷ ষ্টাৰমেকাৰৰ ভূতে মোকো লম্ভিছে৷

    Reply
  • পিনাকী দাস

    বহুত ধুনীয়া। বহুত হাঁহিলো দেই ?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *