ফটাঢোল

সাগৰ দেখিছা – জয়ন্ত গগৈ

পূজাৰ ভেকেশ্যনত আমাৰ জিঅ’গ্ৰাফী ডিপাৰ্টমেণ্টৰ সকলোৰে সিদ্ধান্তত উৰিষ্যাৰ পুৰী আৰু উটিলৈ যোৱাৰ প্লেন কৰিলোঁ। ৰে’লৰ টিকট ৰিজাৰ্ভেশ্যন কনফাৰ্ম হোৱাৰ দিনাখনেই লগৰ জুৰি, দিপিকা, কবিতা, ঝৰ্ণা, স্বপ্নালী কিৰিলিত কাষৰীয়া শ্ৰেণী কোঠাবোৰৰ পৰা উৎসুকতাৰে বহুতেই ৰ’ লাগি চাইছিল। সিহঁতকেজনীৰ অযুত গুণাগথা কোনে কেইযোৰ কাপোৰ নিব। কুৰ্টা-জিনচ্, কেনেকুৱা টপৰ লগত কি ৰঙৰ লেগিঙচ্ ল’ব ইত্যাদি ইত্যাদি। মুঠৰ ওপৰত ঘৰৰ পৰা পঠিওৱা মাহিলী খৰচৰ পৰা ৰাহি কৰি পচন্দৰ কাপোৰকেইযোৰ লৈহে শান্ত হ’ব। ঘৰৰ পৰাও তেনেকৈ মাক-দেউতাকৰ পৰা আবদাৰ কৰি মাহিলী খৰচৰ হিচাব বঢ়ায়ো প্ৰায়জনীয়ে

Read more

স্বৰ্গ যাত্ৰা — কল্যাণ দেউৰী

ৰাতিপুৱাই চকু মেলি দেখোঁ মোৰ চাৰিওফালে মানুহৰ জুম। মোৰ ফালে চাই দুখ কৰি নিজৰ মাজতে আলোচনা কৰি আছে। কিছুমানে মোৰ ভাল গুণবোৰ, কিছুমানে বেয়া স্বভাৱ-চৰিত্ৰবোৰ। ইফালে সিফালে চালোঁ। এয়া কি! মই দেখোন চোতালত। মনত পেলাবলৈ চেষ্টা কৰিলোঁ কালি ৰাতি কি হৈছিল। মঙলী বাইৰ তালৈ ভঠোকা আৰু মই একেলগে গৈছিলোঁ। গললৈকে চুলাই ধৰি ঘৰমুৱা হৈছিলোঁ। কিন্তু চোতালত শুই যাব লগা অৱস্থাতো হ’ব নালাগিছিল। তামাম লাজ পালোঁ। যি নহওক এতিয়া উঠাই ভাল। কি হ’ল! উঠিব পৰা নাই যে। জোৰ লগালোঁ। তথাপিও দেহটো

Read more

চোৰৰ মোৰ : গীতাৰ্থী গোস্বামী

সিহঁত তিনিও চোৰ হ’ব। চুৰি কৰিব, ফাইনেল। পুখুৰীৰ পাৰত বহি চিগাৰেট হুপি থাকোঁতে ছুপাৰ ছাৰ সিহঁতৰ মুখৰ আগতে ওলালগৈ। কেমেষ্ট্ৰিৰ ক্লাছত সিহঁতক সকলোৰে আগত ভেঙুচালি কৰিলে। : ঐ ত্ৰিমূৰ্তি, জীৱনত ধনী হোৱাৰ আশা আছেনে? নে পুখুৰীৰ পাৰত চিগাৰেট হুপি থাকিলেই কোনোবাই তহঁতৰ আগত এগাল ধন-সোণ পেলাই থৈ যাব? নে বাপেৰহঁতৰ ধন পানীত পেলাই ভবিষ্যতে চোৰ-ডকাইত হোৱাৰ বাসনাহে! গোটেই ক্লাছটোৱে সিহঁতলৈ চাই গিৰ্জনি মাৰি হাঁহিলে। লাজত ব্ৰজেন, মৃদুল আৰু সৌৰভ ৰঙা-ছিঙা পৰিল। “ইস্! আজিকালি ল’ৰাই ইঞ্জেকচন মাৰি থাকে, সেইবোৰক নেদেখে।” সৌৰভে

Read more

এক্সকাৰ্ছন আৰু লটিঘটি: মন্দিৰা শৰ্মা

স্কুল কলেজৰ দিনবোৰ জীৱনৰ আটাইতকৈ ভাল লগা দিনবোৰ, সেই স্মৃতি সদায় মনত ৰৈ যায়। তাতে পিকনিক বা এক্সকাৰ্ছন বুলিলেতো কথাই বেলেগ। কি যে ফূৰ্তি। এক্সকাৰ্ছনত যোৱাৰ আগৰ প্ৰস্তুতি আৰু ঘূৰি অহাৰ বহু পিছলৈও সেই কথাবোৰ মনলৈ আহি থাকে। একেই অনুভূতি মোৰো হৈছিল। খুব সুন্দৰ স্মৃতি। কিন্তু লগতে হোৱা লটিঘটিবোৰৰ বাবে মোৰ সেই এক্সকাৰ্ছনৰ কথা বাৰুকৈয়ে মনত ৰৈ গ’ল। ডিগ্ৰী থাৰ্ড ইয়েৰত পঢ়োঁতে আমি দাৰ্জিলিং আৰু গেংটকলৈ এক্সকাৰ্ছন গৈছিলোঁ। ১৮ জনী ছোৱালী আৰু লগত ছাৰ বাইদেউ তিনিগৰাকী। নিউ জলপাইগুৰিলৈ ট্ৰেইনেৰে গৈ,

Read more

ইনড’ৰ শ্বুটিং — ৰঞ্জু হালৈ মুনি

চিনেমাত অভিনয় কৰাৰ কাৰ মন নাই বাৰু কওকচোন? মোৰো বিৰাট হেঁপাহ, কেমেৰাৰ সন্মুখত এবাৰ হ’লেও মুখখন যেনে তেনে উলিওৱাৰ। কিমান মানুহে যে মোৰ অভিনয় দেখি মুগ্ধ হ’ব। মোক বিগ বেনাৰৰ ছবিৰ বাবে চুক্তিবদ্ধ কৰিব। তেনেকুৱা সুযোগ এটা আহিল সেইদিনা। ইউ টিউবৰ যুগ। সকলোৱে ভ্লগ খুলিছে, ইউ টিউব চেনেল খুলিছে মুঠতে সকলো ব্যস্ত। তলাবন্ধৰ সময়তে প্ৰায় দহ হাজাৰ মানে ইউ টিউব চেনেল খুলিছে। আমাৰ গাঁৱৰ ইউ টিউবাৰকেইজনো বহি থকা নাই। ঘৰে ঘৰে অনুৰোধ কৰি ফুৰিছে বোলে লাইক কৰক, শ্বেয়াৰ কৰক। নিজৰ

Read more

ধেই-হেমেন নাথ

ইমিগ্ৰেচন কাউণ্টাৰত থকা অফিচাৰজনে কল্পনাও কৰিব নোৱাৰে মই কিমান পানীৰ মাছ! অসংখ্য ইউটিউব ভিডিঅ’, গুগলৰ অলেখ তথ্য, বিদেশত থকা একাধিক বন্ধুৰ পৰামৰ্শৰে মই যে পকি আহিছোঁ, ই বেটাই জানেনে? ক’ৰবাত পাইছিলোঁ, ইহঁতে হেনো যাত্ৰীৰ চকুৰ ফালে চায়েই বহুকথা গম পায়। মোৰ ফালে চাই যাতে একো ধৰিব নোৱাৰে মানে মই যে এই প্ৰথম বিমানযাত্ৰা কৰিছোঁ সেয়া গম নাপাবলৈ আৰু অইন যাত্ৰীৰ দৰে নিজকে স্মাৰ্ট দেখাবলৈ দামী পাৰ্লাৰ এখনত নিজকে সলনি কৰি লৈ আহিছোঁ। অৱশ্যে নিজৰ জাতীয়তাবোধো এৰি দিয়া নাই, ‘খাটি অসমীয়া’

Read more

মাৰ ক্ষেত্ৰত এনে হৈছিল.. শব্দ বিভ্রাট-মন্দিৰা শৰ্মা

দেউতা চাকৰি সংক্ৰান্তত বিভিন্ন ঠাই ঘূৰিব লগীয়া হৈছিল। মোৰ জন্মৰ সময়ত দেউতাৰ চাকৰি গুৱাহাটীত আছিল। সেয়ে তাৰ পিছত দেউতাৰ বদলি হৈছিল যদিও মা আৰু মই গুৱাহাটীতে থাকিবলৈ ল’লোঁ। মোৰ স্কুলখন আছিল মালিগাঁৱৰ পৰা তিনি কিলোমিটাৰমান আঁতৰত গোটানগৰ নামৰ ঠাইত। সেয়ে মোৰ চাৰি বছৰ বয়সত দেউতাই স্কুলৰ অলপ ওচৰে পাঁজৰে এটা ঘৰ ভাড়ালৈ ল’লে, যাতে দেউতাৰ বদলি হ’লেও, মোৰ স্কুল অহা যোৱাত কোনোধৰণৰ অসুবিধা নহয়। মোৰ শৈশৱৰ সোণোৱালী সময় পাৰ হৈছিল সেই গোটানগৰত। গুৱাহাটী চহৰৰ পৰা নাতি দূৰত এই ঠাই গোটানগৰ।

Read more

ভলুকা-দিগন্ত বৰা

গোটেই সকামটো সেইদিনা ‘ভলুকা’ই বৰবাদ কৰি দিবলৈ ওলাইছিল৷ মই পাক মাৰি ‘ভলুকা’ই কোৱা কথাষাৰতে ভেঁজা দি কথাষাৰ সলাই জোৰ কৰি আৰ্শীবাদটো দীঘলীয়া নকৰাহ’লে সকাম গুচি বৰবিহ যে হ’লহেঁতেন সেইটো খাটাং৷ হেৰ’ খোবাখুবী কৰ্মহে৷ তেনেকুৱা কৰ্মত মৃতকৰ্মত দিবলগীয়া আৰ্শীবাদ দিব লাগেনে! ইয়াৰ মাথাটোত কি আছে! দৰা কইনাই সেৱা কৰিছিলহে৷ বৰ ওস্তাদি মাৰি আৰ্শীবাদ আৰম্ভই কৰি দিলে৷ মেলা মুখ মোৰ মেলাতে থাকিল৷ “হয় বোলে তিন দিনত তিলনি দহ দিনত দহা” বুলি আৰম্ভ কৰিয়েই দিলে নহয়! কথাৰ পাক সলোৱাত মোৰ নাম আছিল বুলিহে!

Read more

কৃপণ শহুৰ বাৰী যাত্ৰা-প্ৰান্তৰ ভাগবতী

কালিৰে পৰাই শ্ৰীমতীৰ গাত ততেই নাই৷ ইটো গোটাইছে, সিটো গোটাইছে, পেকেটত বান্ধিছে। বাৰীৰ পাচলিৰ পৰা আদি কৰি মাকে ভাল পোৱা আচাৰ, নাৰিকল, লাৰু আৰু কত কি। অৱশ্যে উৎসাহ থাকিবই। বিয়াৰ পাছত প্ৰথম যাত্ৰা মাকৰ ঘৰলৈ৷ অকল মোৰ মানুহজনীয়ে নহয় প্ৰায়বোৰ মহিলায়ে মাকৰ ঘৰলৈ গ’লে বস্তু গোটাই নিয়েই। পিচে সিফালৰ পৰা ৰিটাৰ্ণো বহুত আহে। মাকে ৰিটাৰ্ণত বেছিহে দিয়ে। জী-জোঁৱাইয়ে ভাল পোৱা বস্তুবোৰ গোটাইয়ে থয়৷ আনসকলৰ মাকে কি দিয়ে নেজানো কিন্তু আমাৰ এওঁলৈ মাকে নিজে বনোৱা ভোট জলকীয়াৰ আচাৰ (কম পোৰেনে বাৰু

Read more

বিদেশ যাত্ৰা আৰু একাপ চাহ-দেবজিত শৰ্মা

“অ’ দেবজিত দা, প্লেনত উঠাৰ আগতে কিবা সুধিব নেকি? ক’ব নোৱাৰিলে নমাই দিব নেকি?” টীমৰ সদস্য দিগন্তৰ প্ৰশ্নটোত হাঁহিম নে কান্দিম ধৰিবই নোৱাৰা হৈ কেইমুহূৰ্তমান মৌন হৈ থাকি তাক উত্তৰ দিলো, “তোক ৰাতিকৈ ফোন কৰি সকলো কথা বুজাই দিম৷ টেনশ্যন ল’ব নালাগে, ময়ো লগতে নাযাম জানো? এতিয়া পেন্দিং EFT বোৰ ক্লিয়েৰ কৰ।” এই ঘটনাটোৰ পটভূমি ২০১৩ জনৰ জুন-জুলাইৰ সময়চোৱা৷ বিগত বিত্তীয় বৰ্ষৰ টাৰ্গেট পূৰণ কৰাৰ সুবাদত বিদেশ যাত্ৰা কৰাৰ সুযোগ লাভ কৰিছোঁ, নিজৰ সম্পূৰ্ণ টীমসহ৷ দুই এজনে পূৰ্বতে গৈছে যদিও

Read more
1 21 22 23 24 25 70