ফটাঢোল

ধেই-হেমেন নাথ

ইমিগ্ৰেচন কাউণ্টাৰত থকা অফিচাৰজনে কল্পনাও কৰিব নোৱাৰে মই কিমান পানীৰ মাছ! অসংখ্য ইউটিউব ভিডিঅ’, গুগলৰ অলেখ তথ্য, বিদেশত থকা একাধিক বন্ধুৰ পৰামৰ্শৰে মই যে পকি আহিছোঁ, ই বেটাই জানেনে? ক’ৰবাত পাইছিলোঁ, ইহঁতে হেনো যাত্ৰীৰ চকুৰ ফালে চায়েই বহুকথা গম পায়। মোৰ ফালে চাই যাতে একো ধৰিব নোৱাৰে মানে মই যে এই প্ৰথম বিমানযাত্ৰা কৰিছোঁ সেয়া গম নাপাবলৈ আৰু অইন যাত্ৰীৰ দৰে নিজকে স্মাৰ্ট দেখাবলৈ দামী পাৰ্লাৰ এখনত নিজকে সলনি কৰি লৈ আহিছোঁ। অৱশ্যে নিজৰ জাতীয়তাবোধো এৰি দিয়া নাই, ‘খাটি অসমীয়া’ লিখা থকা টি-চাৰ্ট পিন্ধিছোঁ৷ অফিচাৰজনে “মে’ আই চি ইয়ৰ পাচপৰ্ট” বুলি ক’বলৈ নৌপাওঁতেই মই পাচপৰ্ট, ব’ৰ্ডিং পাছ আদি যাৱতীয় কাগজ তেওঁলৈ আগবঢ়াই দিলোঁ।

: ক’লৈ যাব, কিমানদিনৰ বাবে? (মুখস্থ কৰিছোঁ ৰে বাবা!)

: কেলিফ’ৰ্ণিয়া। পাঁচদিনৰ বাবে।

: আপোনাৰ যাত্ৰাৰ উদ্দেশ্য?

গুগলৰ ইনভাইটেশ্যনখন দেখোন দিছোৱেই! ইহঁতে মানে নাটক কৰি ভাল পায়।

: গুগলৰ কানেক্ট লাইভ ২০১৯ ত অংশগ্ৰহণ কৰিবলৈ। 

এতিয়া বুজিলি? তই গৈ পাইছ গুগলৰ মুখ্য কাৰ্যালয়লৈ কেতিয়াবা? মুঠতে মুখস্থৰ বাহিৰৰ প্ৰশ্ন এটাও নাই। মোৰ মতে ই সেইকেইটা প্ৰশ্নই জানে কেৱল। ব’ৰ্ডিং পাছখনত চিকিউৰিটি আৰু ইমিগ্ৰেছন ষ্টাম্প লগাই বহিলোঁ ৱেইটিং লাউঞ্জত। ইমান দেৰি আগতেই ইয়াত উপস্থিত হ’বলৈ কিয় নিৰ্দেশ দিয়ে এতিয়া বুজিছোঁ। ইহঁতৰ ধান্দা হ’ল বস্তুবোৰ অধিক দামত বিক্ৰী কৰা। এক প্লেট চাওমিনৰ দাম এশ আশী টকা! পাগল নেকি? এশ আশী টকাত চোন মই চ’কৰ পৰা এক কিলো ব্ৰইলাৰ নিব পাৰিম! একো এটাও কিনা নাই মই। এহ, টুইষ্ট আছে ইয়াত। মানে অলপ চাছপেন্সত ৰাখিলোঁ আৰু৷ লগত আছে অনুসূয়া।

অনুসূয়া আৰু ময়েই এই অনুষ্ঠানলৈ আমন্ত্ৰণ পোৱা একমাত্ৰ ভাৰতীয় এই বছৰ। সুখৰ কথা যে অনুসূয়া কিছুদিনৰ বাবে অসমত আছিল, কিছু অসমীয়া জানে। তাতোকৈ সুখৰ কথা, অনুসূয়া বৰ ধুনীয়া। মানে বেছিয়েই ধুনীয়া। তাইৰ লগত এয়াৰপৰ্টত দেখাদেখি যদিও ফোনত আগতেই কথাবাৰ্তা হৈছোঁ, যিহেতু আমি একেই অনুষ্ঠানলৈ গৈ আছোঁ। আমাৰ বিমানৰ চিটো একেলগে ঠিক কৰি দিছে গুড়গাঁওস্থিত গুগল কাৰ্যালয়ে। এই কাৰ্যালয়ে আমাৰ যাত্ৰাৰ যাৱতীয় সকলো কাম ঠিক কৰি দিছে, তাকো সকলো বিনামূল্যে।

এয়াৰপৰ্টত সাধাৰণতে ইগৰাকীয়ে সিগৰাকী যাত্ৰীক গুৰুত্ব নিদিয়ে খুব; কিন্তু ৱেইটিঙত সকলোৰে চকু অনুসূয়াৰ ওপৰত। তাৰ পিছত চকুবোৰ মোৰ ফালে। আৰে ভাই, ধুনীয়া ছোৱালী লগত ঘূৰাবলৈ মাথাত মাল লাগিব অ’, দেখাত য়’ য়’ হানী হ’লে নহ’ব৷ অনুসূয়াৰ লগত খুব লেকচাৰ। কৈ দিছোঁ যে মই আগতে বিমানত উঠি পোৱা নাই। কৈ দিছোঁ, ইমিগ্ৰেছনৰ প্ৰশ্ন মুখস্থ কৰাৰ কথা, ভিজা অফিচত মোৰ দৌৰাদৌৰি, চব।

তায়ো কৈ গৈছে নিজৰ কথা। মই কেৱল তাইৰ পৰিয়ালৰ কথা সোধা নাই। নহ’লে যে অমুকাৰ সংসাৰখন জলজল পটপট হৈ যাব আকৌ৷ সেইবোৰ পিছতো ক’ব পাৰিম, নে কি? উভতোঁতে ক’ম। ইয়াক কয় মাথা৷

চেলফি লৈছোঁ তাইৰ লগত, অৱশ্যে ফটোবোৰ লগে লগে গোপন ফ’লদাৰলৈ গৈছে। সেইবোৰ পিছত বেলনা‌ মাৰিৰ গৰাকিনীৰ মুড চাইহে প্ৰকাশ কৰা হ’ব৷

যথাসময়ত বিমানৰ চিটত বহিলোঁ। ভিতৰখন দেখি মূৰ ঘূৰি গ’ল। কি ইলাহী কাৰবাৰ! মই দেখোন গুৱাহাটীলৈ গ’লে টেম্পোৰ পিছফালে ওলমি যাওঁ কেতিয়াবা! ইয়াত মোৰ চিটটোৰ সমুখত এখন স্ক্ৰিণ, তাত হেনো চিনেমা চাব পাৰিম৷ হেঃ হেঃ! কৈছো ন পুৰা প্ৰস্তুত হৈ আহিছোঁ৷ মোৰ বেগটো অনুসূয়াই ওপৰৰ কেবিনত ভৰাই দিলে। উৰণৰ বাবে সাজু হ’ল বিমান। মোৰ বুকু ঢপঢপাবলৈ ধৰিলে। বেছিভাগ বিমান দুৰ্ঘটনা হেনো উৰণ আৰু অৱতৰণৰ সময়তে ঘটে৷ ইউটিউবে মোৰ ভয়ৰ প্ৰতি লক্ষ্য নাৰাখি সেইটোও দেখুৱাই দিছিল৷

চকু মুদি কাণ দুখন হেঁচি ধৰিলোঁ। বিমান যেতিয়া স্থিৰ হ’ল, দেখোঁ অনুসূয়াই মোৰ পিনে চাই মিচিকিয়াই আছে। পাৰ্লাৰৰ এঘাৰশ টকা পানীত পৰা নাই৷ বিমানৰ খিৰিকীৰে বাহিৰলৈ চালোঁ। তলত দিল্লী চহৰৰ লাইট। আকাশত একো নেদেখিলোঁ। এয়াৰ হ’ষ্টেজ আহিল। ক’ৰবাত পাইছিলোঁ, এইটো এয়াৰলাইন্সৰ এয়াৰ হ’ষ্টেজবোৰ হেনো ধুনীয়া নহয়। কিন্তু এইজনী খুব ধুনীয়া। তথাপি অনুসূয়াৰ বাবে চাব নোৱাৰোঁ, অনিচ্ছাস্বত্বেও আওকাণ কৰিলোঁ।

: ছাৰ, হোৱাট উড ইউ লাইক টু হেভ ইন মিল? ভেজ অৰ ননভেজ? ইউ প্ৰিফাৰ ইণ্ডিয়ান?

মই আঁ কৈ মুখ মেলি থাকিলোঁ। এইটো ইউটিউবত পোৱা মনত নপৰে। আৰু দাম বা কিমান! অনুসূয়াই বুজি পালে মোৰ অৱস্থা। তাই ক’লে,

: কি খাব কওক, এয়া কমপ্লিমেণ্টেৰী।

দুজনী ধুনীয়া ছোৱালীৰ মাজত পৰি মই বেঙে মূতা গৰু হ’লোঁ। অনুসূয়াই মোৰ বাবেও অৰ্ডাৰ কৰি দিলে। মোৰ ফালে হাউলি এয়াৰ হ’ষ্টেজজনীয়ে লাহেকৈ সুধিলে,

: আপুনি অসমৰ পৰা আহিছে?

হাৰে! কেনেকৈ গম পালে? অ’হ‌ হ’, টি-চাৰ্টটোৰ বাবে।

: হয় হয়, মই গুৱাহাটীৰ পৰা।

মোক বেছি উৎফুল্লিত হ’বলৈ সুযোগ নিদি গুচি গ’ল তাই। এহ তাই অনুসূয়াতকৈ বহুত কম ধুনীয়া। খাদ্য খাই চিটত আউজি দিলোঁ। টিভিটোত চব হলিউড চিনেমা। নাই নাই হলিউড চাওঁ, কিন্তু ডাবিঙ চাওঁ। অক্ষয় কুমাৰৰ চিনেমাক হলিউডে পাট্টা নাপায়৷ সেয়ে নাচালোঁ। কাষত অনূসূয়া। চকু মুদ খাই আহিল।

: হেৰা শুনিছানে?

এয়াৰ হ’ষ্টেজজনীয়ে মোক গাত হেঁচুকি জগাইছে, তাকো তুমি বুলি কৈছে? সাৰ পাই দেখো এওঁ!

: মাইনাক পঢ়াই দিয়া। ওঁ উঠা।

দুপদুপাই এয়াৰ হ’ষ্টেজগৰাকী চ’ৰি এওঁ ওলাই গ’ল।

যাওঁতে ফেনখনৰ চুইছটোও অফ কৰি থৈ গ’ল।

ধেই!

☆ ★ ☆ ★ ☆

13 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *