ফটাঢোল

জাৰ্নি টু গোৱা – কমলা দাস

মামাৰ ল’ৰাৰ বিয়াৰ বৰযাত্ৰী হৈ মুম্বাই লৈ গৈছিলোঁ। মোৰ আকৌ ফুৰি ফুৰাৰ বৰ চখ। সুবিধা পালেই ফুৰিবলৈ দৌৰ মাৰো। গতিকে মুম্বাইত বিয়া খন হৈ যোৱাৰ পাছত ভাবিলো, বোলে মুম্বাই লৈকে আহিলোৱে যেতিয়া গোৱা খনতো এপাক মাৰিব পৰা যায় নেকি! সৰু মামীজনীক মোৰ মনৰ কথাটো ক’লো। সেই জনী মামীও ফুৰিবলৈ বৰ উৎসাহি। মামীয়ে কলে বল এপাক ফুৰিয়ে আহো। এনেও ঘৰত ঘুৰি যাবলৈ চাৰি দিন পাছত হে প্লেনৰ টিকট! দুদিন ঘুৰিয়ে আহো! সেই দিনাই আমি গোৱা লৈ যাবলৈ মন কৰিলো। পিছে সমস্যা

Read more

কলকাতাৰ ৰসগােল্লা আৰু দুখ – ডাঃ অঞ্জনজ্যোতি চৌধুৰী

চিকিৎসা সম্বন্ধীয় আলােচনা-চক্র এখনত ভাগ ল’বলৈ কেইদিনমান আগতে কলকাতালৈ গৈছিলােঁ। লগত মােৰ সহকর্মী ডা° ইন্দ্রজিৎ কলিতা। ইন্দ্রজিৎ সংগীতক অন্তঃকৰণেৰে ভালপােৱা লােক। সংগীতৰ প্রতিটো দিশৰ সূক্ষ্ম বিশ্লেষণ কৰি চাব জানে। যি নহওক, নির্দিষ্ট দিনত আমি সময়মতে কলকাতামুখী উৰাজাহাজত উঠিলােঁঁ। কিমানবাৰ যে উৰাজাহাজত উঠিছােঁ, তথাপি অলপ হ’লেও ভয় লাগে। আকাশলৈ উৰা মৰাৰ সময়ত যিমান দেৱ-দেৱীৰ নাম জানাে সকলােকে স্মৰণ কৰােঁ। এইবাৰাে তাৰ ব্যতিক্রম নহ’ল। ইন্দ্রজিতলৈ চালােঁ। চকলেট এটা খােৱা দেখিলােঁ। চকুৰে ইংগিত দি খাবৰ হ’লেই নেকি বুলি সােধাত তেওঁ ক’লে, : ছাৰ,

Read more

হেপী সৰস্বতী পূজা – দিম্পল কলিতা

নৱম শ্ৰেণীৰ ছাত্ৰ আছিলো। স্কুলীয়া জীৱনত সৰস্বতী পূজাৰ সপোন আৰু এতিয়াৰ সৰস্বতী পূজাৰ সপোনৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছিল বুলি এতিয়া অনুভৱ কৰিছো। সেই সময়ৰ পূজা মানেই দেৱী পূজা। তাত নাই কোনো ছোৱালীৰ প্ৰতি থকা চকুপূজা, যিটো বৰ্তমান সময়ত পূজাৰ মেইন উদ্দেশ্য হৈ পৰে আমাৰ নিচিনা ল’ৰাৰ জীৱনত। প্ৰতিবছৰে নৱম শ্ৰেণীৰ ল’ৰাবোৰে পূজাত আগভাগ লোৱাৰ সুবিধা পাই যিহেতু দশম শ্ৰেণীৰ ল’ৰা-ছোৱালীবোৰে মেট্ৰিকৰ সময় সমাগত হয়। নৱমশ্ৰেণীত ভদ্ৰ আৰু মৰমিয়াল হিচাপে মোকেই সেইবাৰৰ সম্পাদকৰ দৰে ডাঙৰ পদবীতো দিছিল স্কুলত। দায়িত্ব বহুত, লেবেল

Read more

শ্ৰেষ্ঠৰ সৰ্বশ্ৰেষ্ঠ কৰ্ম – উজ্জ্বল দিপ্লু গগৈ

গুৱাহাটীৰ মোৰ থকা ঠাইৰপৰা কৰ্মস্থলীলৈ প্ৰায় ৮ কিলোমিটাৰ দূৰ হয়৷ সদায় বাইকখন লৈয়ে অহা-যোৱা কৰোঁ৷ অলপদিনৰ আগৰ কথা, কিবা কাৰণবশতঃ মই সেইদিনটোত বাইকখন নিব নোৱাৰিলোঁ, গতিকে চিটি বাছতে যাম বুলি ভাবি বেলতলা চিআইডি ষ্টপেজত বাছৰ বাবে অপেক্ষা কৰিলোঁ৷ বেলতলা লাইনৰ বাছবিলাক এখনৰ পাছত আনখন আহিয়েই থাকে, সেয়েহে মইও বেছি সময় ৰ’ব লগা নহ’ল৷ বাছখনৰ পাছৰ দুৱাৰেৰে উঠিলোঁ, চীট এটাও খালী নাছিল; সকলোতে চকু ফুৰাই মনত বিৰক্তিৰ ভাৱ এটা লৈ ঠিয় হৈ থাকিলো নেক্সট কোনোবা ষ্টপেজত চীট পোৱাৰ আশা এটা লৈ৷

Read more

তানসেন আৰু কালিদাসৰ সন্ত্ৰাস – অৰবিন্দ গোস্বামী

শিক্ষক তবিবৰ ৰহমান এজন নাম থকা শিক্ষক। নতুন ঠাইখনত স্কুলত যোগদান কৰাৰ পাছত তেওঁ ভাড়ালৈ এটা ঘৰ বিচাৰিলে। প্ৰথমদিনা ঘৰ বিচাৰি তেওঁ সৌৰভ শৰ্মা নামৰ মানুহ এজনৰ ঘৰ ওলাইছিলগৈ। ইয়াৰ আগতে তেওঁ কেইবা ঠাইতো ঘৰ বিচাৰিলে কিন্তু পচন্দৰ ঘৰ নাপালে। এখন হোটেলত তিনিদিন ভাড়া দি থাকি তেওঁ ভাল ঘৰ এটাৰ সন্ধান কৰিছিল। কম পইছাত নিম্নতম সুবিধাখিনি থাকিলেই হ’ল। সৌৰভ শৰ্মা বোলাজনে ক’লে, : আপুনি ইমান দূৰৰপৰা আহিছে যেতিয়া আপোনাক ৰূম এটা দিম বাৰু। কিন্তু আপুনি মোৰ এটা কথা মানিব লাগিব।

Read more

মই কন্দা দুখনমান চিনেমা – অসীমা শইকীয়া দত্ত

জোন জ্বলে কপালত, তেৰে নাম, শেইতীয়াকৈ বাহুবলীখনতেই শেষ কন্দা। ‘তেৰে নাম’ চাই ইমানেই কান্দিছিলো যে, পিছত দেতাই তেলে পানীয়ে সানি স্কুললৈ যোৱা ‘তেৰে নাম’ ডিজাইনৰ সেওঁতাটো চায়ো হিকটিয়াইছিলো। ‘বাজীগৰ’ চাই চকীৰপৰা সৰি পৰিছিলো কাজলে সব গম পাই এৰে বুলি। চিনেমা চাই কন্দাটো আমাৰ বংশগত। মামাৰ জীয়েকে ‘হালধীয়া চৰাইয়ে বাও ধান খাই’ চাই ইমানেই কান্দিছিল যে মাৰ মতে ইন্দ্ৰ বনিয়াই কুঠাৰখন তাইৰ খঙতে গছজোপাৰ গাত ঘপিয়াইছিল। কান্দিছিল কি বুলি আকৌ, “অ’ মাকন পেহী, ইমান বৰষুণ দিছে ঘৰলৈ কেনেকে যাম এতিয়া! পকাধানৰ

Read more

ইয়াতকৈ বেদনা…. – বিজয় মহন্ত

কে-এ-ৰে-এ-ক। বাঁহৰ দুৱাৰখন খোলাৰ কৰ্কশ মাতটো যেতিয়াই মোৰ কাণত পৰিছিল মোৰ বুকুৰ ধপধপনি শব্দটো মই নিজেই শুনিছিলোঁ। টিপচাকিৰ ধিমিক-ধামাক পোহৰতো যিমানেই আগুৱাই আহিছিল মোৰ সপোনবোৰেও পাহি মেলি ধৰিছিল। আৰু কেইটামান মুহুৰ্ত! ইয়াৰ পিছতেই সলনি হৈ যাব জীৱন। এতিয়াৰ পৰা মই যেতিয়া ৰাতিপুৱা সাৰ পাম, মালতীয়ে সন্মুখত দিব একাপ সৰহকৈ গাখীৰ দিয়া ধোঁৱাই থকা চাহ! ৰাতি যেতিয়া শুবলৈ ল’ম, মোৰ চুলিৰ মাজে মাজে মালতীৰ কোমল আঙুলিৰ বুলনি। আৰু কি আছে ইয়াত কৈ সুখ ! মালতী মোৰ বাবে এতিয়া সপোন। চিনাকি হোৱাৰ

Read more

ডক্টৰ চাব – বিশ্বজ্যোতি দেৱমহন্ত

বিয়াৰ পিছত ন-কইনাৰ স’তে প্ৰথমবাৰৰ বাবে দূৰলৈ যাবলৈ ওলাইছোঁ। বিয়াৰ বাবে দীঘলীয়াকৈ ছুটী পোৱা নাছিলোঁ। বিহুৰ বন্ধ, দেওবাৰ, তিথি… এইবোৰ মিলায়েই ইঘৰ-সিঘৰ মিতিৰ ফুৰা শেষ হৈ আহিছিল। মান ধৰা, বোৱাৰী দেখুওৱা, জোৱাই চিনাকি হোৱা এইবোৰনো কি লাহে লাহে ভালকৈ বুজি উঠিছো। এইবাৰ শেষ গুৰুত্বপূৰ্ণ লক্ষ্য স্থান বেংগালুৰু। বেছি পলম হোৱাৰ আগতে জেঠেৰীৰ ঘৰলৈ যাবই লাগিব। কামাখ্যা- যশোৱন্তপুৰ এ চি এক্সপ্ৰেছত উঠি নিজৰ ছীট কেইটা বিচাৰি লৈ ছিটৰ তলত লাগেজবোৰ ভৰাই থৈ চেইনডালেৰে তলাটো মাৰি দিলোঁ। টু-টায়াৰৰ মাজৰ ছিট পাইছোঁ, ভালেই।

Read more

মেগী – দীপামণি শইকীয়া

কোনোবাই যেতিয়া কিবা হাস্য-ব্যংগ লেখা লিখিবলৈ কয়, প্ৰথম চাৰিওফালৰ পৃথিৱীখনত চকু দি চাওঁ, ক’ত কি হাঁহিৰ খোৰাক বিচাৰি পাওঁ বুলি। কিন্তু প্ৰতিবাৰেই এই দৃষ্টি বুমেৰাং হৈ নিজলৈকে ঘূৰি আহে। বহুবোৰ কাৰণত, মই মোৰ সমগ্ৰ চেতনাৰে সৈতে এই কথা লাহে লাহে উপলব্ধি কৰি উঠিছোঁ যে আমাৰ প্ৰজন্মটোৰ দৈনন্দিন জীৱনবোৰত লুকাই থকাৰ দৰে তৰল আৰু ব্যঙ্গ কাহিনী আন কোনো প্ৰজন্মৰে কিজানি নাই। এই ক্ষেত্ৰত ভুল আমাৰ নহয়, বৰঞ্চ ভুল আমি জন্ম হোৱাৰ সময়কণৰ। জীৱবিজ্ঞানত বিৱৰ্তনৰ সূত্ৰ পঢ়োতে ‘প্লেটিপাচ’ নামৰ এবিধ জীৱৰ কথা

Read more

পূৰ্বানুমানৰ লটিঘটি – ৰাজীব শৰ্মা

এইবাৰ কিমান? জুমৰ মাজৰ এজনে সুধিলে। গুমটিৰ মুখত কেৰম খেলি থকাৰ পৰা এজনে ৰিঙিয়ালে তিনিশ। তিনিশ হ’বই নোৱাৰে। প্ৰশ্ন সোধাজনে বিজ্ঞৰ দৰে ক’লে। আনসকল জাঙুৰ খাই উঠিল। আচলতে জুমটোত বিভিন্ন দলৰ সদস্য আছে যদিও এটা বিশেষ দলৰ প্ৰতি ভাল ভাব থকা সদস্য সংখ্যা বেছি। সেয়ে তিনিশ হ’বই নোৱাৰে বুলি কোৱাৰ লগে লগে এখন খণ্ডযুদ্ধৰ দিশে সকলো আগবাঢ়িল। মুহূৰ্ততে কেৰম খেলৰ সামৰণি পৰিল। জুমটোৰ লিডাৰ যেন লগা ডেকাজনে হাত জোকাৰি জোকাৰি সকলোকে কাজিয়া নকৰিবলৈ অনুৰোধ কৰিলে।পিছে কাৰ কথা কোনে শুনে? নিৰ্বাচনৰ

Read more
1 44 45 46 47 48 70