ফটাঢোল

জাৰ্নি টু গোৱা – কমলা দাস

মামাৰ ল’ৰাৰ বিয়াৰ বৰযাত্ৰী হৈ মুম্বাই লৈ গৈছিলোঁ।

মোৰ আকৌ ফুৰি ফুৰাৰ বৰ চখ। সুবিধা পালেই ফুৰিবলৈ দৌৰ মাৰো। গতিকে মুম্বাইত বিয়া খন হৈ যোৱাৰ পাছত ভাবিলো, বোলে মুম্বাই লৈকে আহিলোৱে যেতিয়া গোৱা খনতো এপাক মাৰিব পৰা যায় নেকি! সৰু মামীজনীক মোৰ মনৰ কথাটো ক’লো। সেই জনী মামীও ফুৰিবলৈ বৰ উৎসাহি। মামীয়ে কলে বল এপাক ফুৰিয়ে আহো। এনেও ঘৰত ঘুৰি যাবলৈ চাৰি দিন পাছত হে প্লেনৰ টিকট! দুদিন ঘুৰিয়ে আহো! সেই দিনাই আমি গোৱা লৈ যাবলৈ মন কৰিলো। পিছে সমস্যা হ’ল কিহেৰে যাম! সিদিনাই ট্ৰেইনৰ টিকট সম্ভৱ নহয় আৰু লগে লগেই টিকট কাটি প্লেনত যাবলৈ সিমান টকা ও নাই! মন মৰি গ’ল! আমাৰ অৱস্থা দেখি মামাৰ লৰাটোৱে কলে ,,তহঁতে যদি ভয় নকৰা তেনেহলে নাইট চুপাৰত যাব পাৰা। আনন্দত জপিয়াই উঠিলো ,বোলো কিহৰ ভয় ডাল কৰিমেই! কিমান নাইট চুপাৰত অহা যোৱা কৰিলো! কাটি দে টিকট। সিও অন্ লাইনত আমাক দুটা টিকট কাটি দিলে।

স্ফুৰ্তিতে সময়ত কৈ আগতেই গৈ বোন্দাপৰ দি বাছলৈ অপেক্ষা কৰি থাকিলো।বহুত সময় ৰখি ৰখি অৱশেষত গোৱালৈ যোৱা বাছত উঠিলো যেনিবা দুইজনীয়ে!

বাছৰ ছিটবোৰ আমাৰ ইয়াৰ নাইট চুপাৰৰ নিচিনা নহয়। ট্ৰেইনৰ নিচিনাকৈ তলত এটা, ওপৰত এটা। অৰ্থাৎ দুই খলপীয়া। প্ৰতিটো ছিটেই দুজনীয়া! মামী আৰু মই ওপৰত ছিট পালো। মই অলপ আপত্তি কৰিলো যদিও মামীয়ে বোলে, ব’ল ওপৰত দুইজনীয়ে আৰামচে শুই যাব পাৰিম!

খাই বৈ দুই জনীয়ে জখলাৰে উঠি ওপৰলৈ উঠিলো। উঠি দেখো ছিটটো নামত হে দুজনীয়া! আমি দুজনীৰ কাৰণে অলপ সৰুৱেই হল।

মই মামীক কলোঁ-‘ইয়াত আমি দুইজনী কেনেকৈ আৰামত শুম বুলি ভাবিছা! আমাক ঠগিলে নেকি ইহঁতে? দুজনীয়া ছিট বুলি কৈ সৰু ছিটতো দিলে!’

মামীয়ে হাঁহি মাৰি ক’লে, ‘এইবোৰ আমাৰ কাৰণে নহয় ও। স্পেচিয়েল কিছুমানৰ বাবে এনেকৈ বনায়। যাতে বাছত যাওতেও আনন্দ লব পাৰে! আমি যেনেতেনে যাম দে আৰু!’

মামীয়ে বা কিহৰ আনন্দৰ কথা কৈছে ভাল কৈ নুবুজাকৈয়ে দুই জনীয়ে শুবলৈ যো জা কৰিলো। একে ফালে শুলে ঠেক হোৱা কাৰণে এজনীৰ ভৰিৰ ফালে আনজনীৰ মূৰ কৰি দুই জনীয়ে কোনোমতে ককালটো চিধা কৰিলো আৰু।

গাড়ী চলি আছে। সকলো বোৰ ছিটেই পৰ্দাৰে ধাকা কাৰণে কোন ক’ত আহিছে একো দেখাটো নায়েই আনকি মাত এষাৰো শুনা নাই! গাড়ীৰ হো হোৱনিৰ বাদে গোটেই খন নিস্তব্ধ! আমি দুজনীয়েও টোপনি যাবলৈ চেষ্টা কৰিলো। গাড়ী কেনেকুৱা ৰাস্তাৰে চলিছে একো ধৰিব পৰা নাই। এটা সময়ত আমাৰো টোপনি আহিল।

কিছু সময় টোপনি মাৰি হঠাৎ সাৰ পালোঁ! বাছ খনে এনেকুৱা কৈ জোকাৰিছে যে তললৈ সৰি পৰাৰ উপক্ৰম হল মোৰ! মই সন্মুখৰ ফালে আছো কাৰণে পৰি যোৱাৰ ভয় টো বেছি আছিল! টোপনিৰ জালত একো ধৰিবই পৰা নাই। কি হৈছে! অলপ টোপনিও আহিব খোজে! ঠিক সেইখিনি সময়তে বাছখনে এনেকুৱা পাক এটা লয় যে কোনোমতে হাতখন মেলি খিৰিকীৰ ফালৰ লোহা এডালত গাৰ জোৰেৰে খামুচি ধৰি ওলমি থাকি কিবা কৈ হে নপৰাকৈ থাকিলো! দহ, পোন্ধৰ মিনিটৰ মূৰে মূৰে তেনেকুৱা পাক একোটা লৈ আছে! ভয়ত জীৱ নাই! মনতে ভাবিলোঁ আজি যে তললৈ সৰি পৰি কঁকাল যাব সেই টো খাটাং! কি কুক্ষণত যে গোৱালৈ আহিবলৈ গা উঠিছিল আমাৰ! নিজকে ধিক্কাৰ দিলোঁ। মামীয়ে বোলে আজি আমি জীয়াই থাকিম নে!!

মই খঙতে বোলো ভয় নকৰিবি, আৰামত শুই থাক!

মামীয়ে কান্দি কান্দি কবলৈ ধৰিলে, ‘মই যে শেষ সময়ত মামাৰক মাত এষাৰ দিয়াও নহল এ!’

কি যে বিড়ম্বনা! এই মাজৰাতি ইফালে নিজেই জীৱৰ ভয়ত কত খামুচি ধৰিলে নপৰাকৈ থাকিম সেইটো চিন্তা, সিফালে আকৌ এইজনীৰ শেষ সময়ত মানুহজনক মাত লগাবলৈ নোপোৱাৰ দুখ! হায় ৰে কপাল! এটা ধমকি লগাই সেইজনীক ঠাণ্ডা কৰিলো।

এনেদৰে তেত্ৰিছ কোটি দেৱতাৰ নাম লৈ লৈ চকু দুটা মুদি গৈ আছো আৰু! মাজতে অকনমান টোপনিও আহে। টোপনি আহিলেই বাছখনে ঠেকেছি মৰাৰ ভাবুকি দিয়ে! পুনৰ সাৰ পাই যাওঁ। এনেদৰে বাছে-মানুহে,’তই মৰিলেও মই নমৰো’কৈ গৈ গৈ এটা সময়ত চকু মেলিলো! বাছৰ ভিতৰখন আন্ধাৰ হৈ থাকিলেও বাহিৰত অলপ পোহৰ হৈছে। ঘড়ীটোলৈ চালো। চাৰিটা বাজিছে। মামী ঘোৰ টোপনিত কাৰণে নামাতিলো। ভয়টো পাহৰি বাহিৰৰ সুন্দৰ দৃশ্য চাই চাই গৈ আছো! এনেতে বাহিৰত এখন সৰু চাইন্ বৰ্ড দেখিলো। অচিনাকি ৰাস্তাত কি নো লিখিছে এই খনত বুলি মূৰটো ডাঙি চাবলৈ লওঁতেই পাৰ হৈ আহিলো। যাহ্ যি লিখে লিখক বুলি ভাৱিব লওঁতেই বাছখনে আৰু এটা পাক ল’লে আৰু পুনৰ এখন চাইন্ বৰ্ড চকুত পৰিল। ডিঙি মেলি চাই দেখিলো তাত লিখা আছে ‘ডেঞ্জাৰ জ’ন’ বুলি। ডেঞ্জাৰ জ’ন! ভাৱোতেই জিভাখন শুকাই কৰকৰীয়া মাৰিলে। হে হৰি আমি ডেঞ্জাৰ জ’নেৰে গৈ আছো! ভয়তে এই বাৰ উঠি বহি লৈ ভালদৰে চাবলৈ ধৰিলো। প্ৰতিটো পাকতেই একোখন কৈ তেনেকুৱা চাইন্ বৰ্ড! পাক বিলাক ঘূৰি ঘূৰি আহি এৰি অহা ঠাই খিনিকে পুনৰ দেখা পাইছো! কি যে ভয়ঙ্কৰ ৰাস্তা ঐ! বাছখন অলপ পিছল খালেই চিধাই গৈ দুশ ফুট্ তলত পৰিমগৈ! ভয়তে পুৱতি নিশাও ঘামিছো মই! এনেকুৱা ৰাস্তা বুলি জনা হলে মৰিবলৈ কেতিয়াও নাহিলো হেতেন দেই!

এনেদৰে এঘণ্টা মান গৈ থাকিলো। এঘণ্টা যোৱাৰ পাছত সমান ঠাই পালো আৰু বাছখনে জোকাৰিব এৰিলে। মসৃণ গতিত কিছু দূৰ যোৱাৰ পাছত চাহৰ দোকান এখনত চাহ খাবলৈ গাড়ী ৰখালে। আমি মামী আৰু মই নামিলো বাছৰ পৰা।অলপ দূৰত ঠিয় হৈ বাছৰ পৰা নো কেনেকুৱা মানুহ নামে তাকে চালো! ৰাতি টো একো দেখিয়ে নাপালো! কিন্তু ই কি!! হাই ঐ! বাছখনত কিজানি আমি দুজনী হে অকলশৰীয়া মহিলা! বাকী চোন যোৰাই যোৰাই লৰা ছোৱালী নামিছে বাছৰ পৰা! মই চাইয়েই ৰলো! মাত বোল নোহোৱা কৈ ইমান সোপা মানুহ সোমাই আছিল নে? মামীৰ ফালে ঘুৰি চালোঁ, মিচিকিয়া হাঁহি মাৰি মোলৈ চাই আছে! ভাৱটো মানে -‘মই নকৈছিলোনে! বাছৰ ছিটবোৰ স্পেছিয়েল বুলি!!’

☆★☆★☆

2 Comments

  • কাবেৰী মহন্ত

    ভাল লাগিল বাইদেউ ৷

    Reply
    • কমলা দাস

      ধন্যবাদ জনালোঁ

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *