ফটাঢোল

লটিঘটি – মুংচাজ’ বৰ্ণালী আম্ফি মান্তা

১) কুৰিয়াৰ কৰিবলগীয়া আছিল৷ অফিচৰপৰা অলপ আঁতৰতে ASTC কুৰিয়াৰ৷ কিন্তু কিছু ঠাইত ASTC য়ে কুৰিয়াৰ নপঠিয়াই বাবে ডাকঘৰৰ শৰণাপন্ন হ’ম বুলি ভাবিছিলো। কিন্তু তাৰো কাম-কাজ দুপৰীয়া দুই বজাতেই বন্ধ হয় বাবে সেইটোৰো মুদা মৰিল৷ কিয়নো, মই অফিচৰপৰা সন্ধিয়াৰ আগতে ওলাব নোৱাৰো৷ গতিকে এইবাৰ DTDC য়েই শেষ ভৰসা বুলি কালি আগবেলা কুৰিয়াৰ কৰিব লগাখিনি টালি-টোপোলা বান্ধি ওলালো৷ পুলিচ পইণ্ট পোৱাৰ পিছতহে লাগিল লেঠা৷ মই দেখোন DTDC ক’ত আছে চিনিয়েই নাপাওঁ৷ চৌফলীয়া ৰ’দত নিজৰ ওপৰতে খংটো উঠিল৷ নিজৰ চহৰৰ অফিচ, দোকান-পোহাৰকো চিনি

Read more

জয় শ্বেৰাৱালী মা বৈষ্ণোদেৱী – ধ্ৰুৱজ্যোতি বৰা

এই পৃথিৱীত কিছুমান কথা বিশ্বাস নকৰিলেও, পিছত নিজৰ অভিজ্ঞতাৰপৰা বিশ্বাস কৰিবলৈ বাধ্য হোৱা যায়। আগতে বহুতৰ মুখত শুনিছিলো যে যেতিয়ালৈকে মা বৈষ্ণোদেৱীয়ে ভক্তগৰাকীক নিজে আহ্বান নকৰে, সেই ভক্তৰ কোটি টকা থাকিলেও মাৰ দৰ্শন নাপায়। মই কিন্তু কথাষাৰ ইমান বিশ্বাসত লোৱা নাছিলো, যদিও পাছত নিজৰে এটা অভিজ্ঞতাৰপৰা বিশ্বাস হ’ল। সেই অভিজ্ঞতাখিনি আপোনালোক সকলোকে জনাব বিচাৰিছোঁ। আজিৰপৰা প্ৰায় চাৰি বছৰৰ আগৰ কথা। মই মোৰ পৰিবাৰ আৰু পুত্ৰক লৈ জম্মু আৰু কাশ্মীৰ ভ্ৰমণলৈ গৈছিলো। আমাৰ ইচ্ছা আছিল যে জম্মুত এদিন থাকি কাশ্মীৰত বাকী

Read more

অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান(আছাম ইঞ্জিনীয়াৰিং কলেজ)ত মোৰ প্ৰথম নিশা – ৰামানুজ গোস্বামী

হাঃ হাঃ হাঃ, মক্কেল ক’ৰবাৰ ! – গান এটা গা.. তই লখিমপুৰৰ?… বিহু নাচ..নাচ বিহু..আগতে কটনৰ হোষ্টেলতো আছিলি? – অঁ গম পাইছোঁ, চিৰিষ, ই মস্ত চিয়ানা, কটনৰ মক্কেল..হাঃ হাঃ হাঃ, ৰহ বেটা । অট্টহাস্যৰে ভৰি পৰিছে হোষ্টেল ১ৰ প্ৰথম ফ্ল’লৰ কোনোবা এটা কোঠা। তেতিয়া সময় প্ৰায় ৰাতি ৯:৩০, ওপৰত কোৱাৰ নিচিনাকৈ “ছ’ কলড” ৰেগিং চলাই আছে ছিনিয়ৰ সকলে মোৰ ওপৰত। – অই, ইয়াক ভাত খাবলৈ যাব দে, কোনোবা এজনে জোৰেৰে ক’লে। মই যেন অলপ সকাহ পালোঁ। – যা যা অই,

Read more

আমাৰ সময়ৰ বিয়া – অসীমা শইকীয়া দত্ত

জোৰোণত যদি কইনাই কান্দিলেও আনৰ বাবে হঁহাৰ কাৰণ হয় তেনেহলে তেনে কলিজা কৃত্ৰিমতাত বন্ধকত দিয়াসকলক এককেজি সমবেদনা। ফেচবুকত ভাইৰেল হোৱা কন্দা কইনা এজনীৰ ভিদিঅ’ এটা লৈ ক’লোঁ কথাষাৰ। আমাৰ বাইদেউৰ বিয়াৰ জোৰোণ যেতিয়া পদূলিমুখত, পৰিয়ালৰ দহোটা ডিঙি তাইৰ টেটুত ওলমি দিছিল বিছনাত। “মুন ঐ জোৰোন পালেহি কি হ’ব এতিয়া।” মই জেলেপীৰ পাকটোত কাৰো ডিঙি নেপাই ওলমিবলৈ চাইদ কাটি চাইছিলোঁঁ৷ ইমান ভয়ঙ্কৰ বস্তুনে বিয়া। মামাৰ জিয়েকে কাম কৰাৰ মাজতে শেহতীয়াকৈ গম পায় দৌৰি আহি কান্দি থকা ডিঙি দহটাৰ মাজত স্থান নাপায়

Read more

শ্ৰীমান-শ্ৰীমতীৰ ভাড়াতীয়া সন্ধান – ঊষামণি কাকতি

আমাৰ শ্ৰীমানৰ ঘৰ তিনিখন। গাঁৱৰ ঘৰখনত আই-পিতাই৷ যোৰহাট টাউনত দুখন ঘৰ৷ এখনত শ্ৰীমান-শ্ৰীমতীৰ নিবাস৷ একেটা চৌহদৰ ভিতৰত থকা আনখন ঘৰৰ বাবে ভাড়াতীয়াৰ সন্ধান। টু লেট বুলি চাইনবৰ্ড লগোৱা নাই৷ নলগোৱাৰ কাৰণ বহুত। প্ৰথম আৰু প্ৰধান কাৰণটো হৈছে, ভাড়া বিচাৰি অহা মানুহৰ কথাৰ কামোৰ। দ্বিতীয় কাৰণটো হ’ল ভাড়া দিবলগা ঘৰখনৰ এটা কোঠা শ্ৰীমান-শ্ৰীমতীৰ লাইবেৰী। ঘৰলৈ অহা আলহীয়ে কথা প্ৰসংগত ঘৰটোৰ কথা উলিয়ালে শ্ৰীমান- শ্ৰীমতীয়ে আকাৰে ইংগিতেৰে বুজাই দিয়ে তেওঁলোক কেনে ভাড়াতীয়াৰ সন্ধানত। শ্ৰীমানেতো মুখ ফুটাই কৈয়ে দিছে, : বিচৰাধৰণৰ পালে আমি

Read more

মেনেজাৰ চাহাব – কাজল প্ৰিয়া

ডিগ্ৰীটো শেষ হ’ল কি নহ’ল সম্পৰ্কীয় পেহী এজনীয়ে মালৈ জোঁৱাই বিচাৰি হাইৰাণ বোলে, : বৌদৌ ছোৱালী মানুহ সোনকালে বিয়া দি আজৰি হ’ব লাগে৷ যেন মই তেওঁৰ মূৰত উঠি সত্ৰীয়া নৃত্য কৰি আছোঁ আজৰি নহ’বলৈ৷ : ল’ৰা আনিম তাইক দেখুৱাবলৈ তাইক ভালকৈ সজাই মেলি থ’ব। ভণ্টিয়ে বোলে, : পেহী চিন্তাই নকৰিব হৰেণৰ ঘৰৰ হাতীটোৰ গাত চক পেঞ্চিলেৰে আঁকি আঁকি সজোৱাৰ নিচিনাকৈ মই এইৰ গাত নক্সা বনাই বনাই সজাম। মোলৈ চাই সকীয়াই থৈ গ’ল, : ঐ তোৰ দাংকাটি স্বভাৱবোৰ এৰিবি অলপ লক্ষ্মী

Read more

মেন উইল বি মেন – মনজিৎ

থুলুক আৰু তাৰ বয়সস্থ বন্ধু বৰঠাকুৰ কাই পুৱাই ওলাই গ’ল সৰস্বতী পূজা বুলি মিহিকে চকু সেকিবলৈ। চহৰৰ নামী কলেজৰ সমুখৰ পাণ দোকানত বাইকৰ ডাবোল ষ্টেণ্ড কৰি বহি ল’লে আড্ডা দিবলৈ। আড্ডাটো বাহানাহে। পূজাৰ এই মায়াময় পৰিবেশত হেৰোৱা যৌৱন ঘূৰাই অনাৰহে আছল চেষ্টা। পকা ডাঢ়ি চুলিয়ে দেহৰ বয়সহে বুজাই ৰঙ কৰিলে বয়স কমি যায়। থিক তেনেকৈ মনৰ বয়স বাঢ়ি যোৱা যেন দেখিলে এনেকৈ কলেজৰ আগত আড্ডা দি মনটোও ৰঙীন কৰিব পাৰি। সেয়ে চম্ভুৰ পাণ দোকানত এই আয়োজন। ভেৰাইটিজ ইচটাইলৰ বেলাউজ কাটিঙেৰে

Read more

লটিঘটি – অনামিকা হাজৰিকা

কিছুমান কথা-ঘটনা মনত পৰিলে মোৰ মনৰ ভিতৰত “হাঃহাঃ” ৰিয়েক্ট হৈ হাঁহি থাকোঁ‌ জানেনে! আবেলি এটাৰ কথা, ৰাষ্টাৰ ফালে ওলাই গৈছিলোঁ৷ এনেতে এজন ভদ্ৰলোক আহি কাষতে ৰৈ সুধিলে – ভন্টি তোমাৰ ঘৰ ইয়াত নে? – হয়, কওকচোন? – তোমাকতো পঢ়া শুনা কৰা ছোৱালী যেনে লাগে দেখাত -হয় হয় – আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কথাতো গম পাইছাই চাগে? – হয় হয় গম পাইছো, এইবোৰৰ বাবে আমাৰ পৰীক্ষাবোৰ বৰ খেলিমেলি লাগিছে। – ওম, মই এইবাৰ কাউনচিলাৰ পদত উঠিছোঁ‌৷ কলেজৰ ইলেকচনত ডাইলগবোৰ শুনি শুনি মুখস্থ

Read more

হোষ্টেলৰ মাংসৰ অভিজ্ঞতা – কুকি কল্পিতা মহন্ত

পঢ়া শুনাৰ খাতিৰত আজিলৈকে চাৰিটা হোষ্টেলত জীৱনৰ আঠোটাকৈ বছৰ অতিবাহিত কৰিলোঁ। হোষ্টেলত থকা সময়ছোৱাত বহুত ধৰণৰ অভিজ্ঞতাই গঢ়ি উঠিল। তাৰে মাজত হোষ্টেলৰ মাংসৰ অভিজ্ঞতাও অন্যতম। আচলতে এই অভিজ্ঞতা বিধ বৰ ভিন্নৰঙী নহয়। প্রায় একে বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব। প্ৰথমে আহোঁ যোৰহাটৰ জে.বি কলেজত পঢ়ি থাকোঁতে থকা এটা প্ৰাইভেট হোষ্টেলৰ কথালৈ। এইটোৱে আছিল মোৰ জীৱনৰ প্ৰথম হোষ্টেল। তাত আণ্টীয়ে খানা নিজেই ৰান্ধিছিল। ভাত-পানীবোৰ ঘৰৰ দৰে নহ’লেও বৰ এটা বেয়া নাছিল। দেওবাৰৰ দিনা ৰাতি সদাই মাংস দিয়ে ভাতৰ লগত। সকলোৱে

Read more

আই লাভ ‘ভ্যিউ’ উচ্চাৰণ বিভ্ৰাট – উজ্জ্বল দিপু গগৈ

সেইদিনটোৰপৰা ভেলেণ্টাইনচ ডে’লৈকে পাঁচদিন সময় আছিল; চনটো আছিল ২০০৫৷ যোৰহাটৰ হোষ্টেলত থকা সেই কৈশোৰ বয়সত ভালপোৱাৰ বতাহ গাত লাগিছিল ভালকৈয়ে৷ ছোৱালী এজনীৰ ঘৰৰ লেণ্ড লাইন নাম্বাৰ যোগাৰ কৰিছিলোঁ বৰ কষ্ট কৰি৷ পিচিঅ’ৰপৰা ফোনটো লগাওঁ, তাই ৰিচিভ কৰিলে ফোনটো নকটাকৈ তাই কোৱা ‘হেল্ল’ কোনে কৈছে’ শব্দকেইটাকে শুনি থাকোঁ, আন কাৰোবাৰ মাত শুনিলে ফোনটো পতককৈ থৈ পিচিঅ’ৰ বিলমিটাৰত কেকেৰকেচ কেকেৰকেচ শব্দ কৰি ওলোৱা বিলখনৰ এমাউণ্টটো দি থৈ আহোঁ৷ দিন বাগৰিল, পিচিঅ’ৰপৰা মোৰো লুকাভাকু চলি থাকিল, দুদিনমানৰ পাছত তাইৰপৰা “কোন অসভ্যই ফোন কৰি

Read more
1 48 49 50 51 52 70