ফটাঢোল

মেন উইল বি মেন – মনজিৎ

থুলুক আৰু তাৰ বয়সস্থ বন্ধু বৰঠাকুৰ কাই পুৱাই ওলাই গ’ল সৰস্বতী পূজা বুলি মিহিকে চকু সেকিবলৈ। চহৰৰ নামী কলেজৰ সমুখৰ পাণ দোকানত বাইকৰ ডাবোল ষ্টেণ্ড কৰি বহি ল’লে আড্ডা দিবলৈ। আড্ডাটো বাহানাহে। পূজাৰ এই মায়াময় পৰিবেশত হেৰোৱা যৌৱন ঘূৰাই অনাৰহে আছল চেষ্টা। পকা ডাঢ়ি চুলিয়ে দেহৰ বয়সহে বুজাই ৰঙ কৰিলে বয়স কমি যায়। থিক তেনেকৈ মনৰ বয়স বাঢ়ি যোৱা যেন দেখিলে এনেকৈ কলেজৰ আগত আড্ডা দি মনটোও ৰঙীন কৰিব পাৰি। সেয়ে চম্ভুৰ পাণ দোকানত এই আয়োজন। ভেৰাইটিজ ইচটাইলৰ বেলাউজ কাটিঙেৰে গোটেই ছোৱালী মখাই আজি ৰাইজক পিঠি দেখাইছে বাৰুকৈয়ে। মনে মিলাসকলে মন মিলাইছে মিলাব নোৱাৰাসকলে ৰজনীত তুলসী মিলাইছে। এনেকৈ আড্ডা জমি থাকোঁতে দেখোঁ, অতীব সুন্দৰীৰ দল এটা আমাৰ ফালে আগবাঢ়ি আহিবলৈ ধৰিছে। ৰূপৰ জোখেৰে ক’বলৈ গ’লে ইজনীত কৈ সিজনী চৰা। দেখিলে গম পাই MUA নে কি সেইটোৱে যঠেষ্ট সময় লৈছে এই output দিবলৈ।

বয়সৰ কথা পাহৰি চকু টিপ নমৰাকৈ দুয়োৱে তেওঁলোকক চাবলৈ ধৰিলোঁ। সিহঁতে আমালৈ চাই ফিচিঙা ফিচিং কৰি মিচিকিয়াই হাঁহিছে। অামাৰ সেইবোৰলৈ কাণসাৰ নাই, মাথো ৰূপৰ মৌ প্ৰাণ কৰিছোঁ। সিহঁতে ওচৰ চাপি আহিছে মানে আমিও সব পাহৰি সামান্য চঞ্চল হৈ পৰিছোঁ। সিহঁতে কাষ চাপিছে আমাৰ বুকুত মাদল বাজিছে। এপাকত আহি সিহঁতে আমাৰ কাষ পালে তাৰে এজনী অতীব ৰূপহীয়ে আমালৈ চাই মৌ মিঠা মাতেৰে মাত দি ক’লে

: জোন মামা তোমালোকে ইয়াত কি কৰিছা। মামীও আহিছে নেকি? হেই বৰ্চা আমেইৰা মিট মাই জোন মামা। মই চাইল্ড হৈ থাকোঁতে মামাৰ বোকোচাত উঠি হৰ্চ হৰ্চ খেলিছিলোঁ জানা। ন মামা? চে হাই টু মাই ফ্ৰেন্দচ!

বছ তাৰ পিছত আৰু কি! ইমান পৰে মনটোক ৰঙ কৰি যৌৱন ঘূৰাই আনিছিলোঁহে! থেলেংকৈ ৰঙৰ টেমাটোৱেই পৰি গ’ল। ভাগিনৰ কথাত থতমত খালেও লাজ পালেও নিজকে চম্ভালি ক’লোঁ।

: মানুহ এজনে লগ কৰিবলৈ মাতিছিল। তেওঁলৈ ৰৈ আছোঁ। তই পাৰ্লাৰত গৈ বেলেগেই হৈ পৰিলি দেখোন ধৰিব পৰা নাই। গালৰ পিম্পল কেইটাও নাইকিয়া হৈ গ’ল দেখোন কি কৰিলি হয়।

এইবাৰ তাইকো কামোৰ এটা দিলোঁ মিহিকে।

: ধেই মামা তুমি যে বেচ্ছি কৰা! হুহ। এই বুলি কৈ সিহঁত গুছি গ’ল।

ভাগিন ভতিজা ছোৱালীক চাই থকা আমিও মিহিকে নিজৰ আগতে লাজ অকন পাই গ’লোঁ। পালোঁ মানে বৰ বেয়াকে লাজ পাই গ’লোঁঁ৷ বলেট’ আপুন কা জমিৰ হিল গেয়া। সেয়ে দুয়োটাই পণ ল’লোঁ যে আমি আৰু কেতিয়াও কলেজৰ সমুখত মন ৰঙীন কৰিবলৈ নাহোঁ। এই বুলি পণ লৈ দুয়ো বাহিৰে বাহিৰে Kids paradise junior school অৰ সমুখৰ পাণ দোকানৰ কাষত বাইকখন পাৰ্ক কৰিলোঁগৈ। ৱাহ আজি কালি দুটা ল’ৰা ছোৱালীৰ মাকবোৰেও নিজকে বেছ মেনটেইন কৰি ৰাখে ঔ। মাক নে বায়েক ধৰিবই নোৱাৰি। ড্ৰেচিং চেন্সও কিছু বঢ়িয়া। মন বেয়া লাগিলে পাণ খাবলৈ ইয়াত আহি থাকিব লাগিব দেই।

☆★☆★☆

2 Comments

  • miraz

    Waaaooo

    Reply
  • Anurup Mahanta

    হাঃ হাঃ, পাছৰ বাৰ হে সঠিক ঠাইত বহিছে। বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *