লটিঘটি – অনামিকা হাজৰিকা
কিছুমান কথা-ঘটনা মনত পৰিলে মোৰ মনৰ ভিতৰত “হাঃহাঃ” ৰিয়েক্ট হৈ হাঁহি থাকোঁ জানেনে!
আবেলি এটাৰ কথা, ৰাষ্টাৰ ফালে ওলাই গৈছিলোঁ৷ এনেতে এজন ভদ্ৰলোক আহি কাষতে ৰৈ সুধিলে
– ভন্টি তোমাৰ ঘৰ ইয়াত নে?
– হয়, কওকচোন?
– তোমাকতো পঢ়া শুনা কৰা ছোৱালী যেনে লাগে দেখাত
-হয় হয়
– আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কথাতো গম পাইছাই চাগে?
– হয় হয় গম পাইছো, এইবোৰৰ বাবে আমাৰ পৰীক্ষাবোৰ বৰ খেলিমেলি লাগিছে।
– ওম, মই এইবাৰ কাউনচিলাৰ পদত উঠিছোঁ৷
কলেজৰ ইলেকচনত ডাইলগবোৰ শুনি শুনি মুখস্থ হৈছিল মোৰ। সেয়ে তেখেতে কিবা কোৱাৰ আগতে
মইয়ে ক’লো:- অ বহুমূলীয়া ভোটবোৰ লাগিব ন!
– হয় হয়, তুমি মোৰ নিজৰ ভন্টিৰ দৰেই।
পঢ়া শুনা কৰি চাকৰি বাকৰি পাবলৈ আমাৰে সহায় লাগিব দিয়াচোন।
– সেইবোৰ বাদে দিলোঁ, আগতে মোৰ কথা এটা শুনকচোন।
– এ কোৱা কোৱা, মোক যদি জয়যুক্ত কৰা তেতিয়া পাঁচ বছৰ ৰাইজৰ কথাই শুনিম৷ কোৱা কি কথা
– নহয় মানে …
– হে নহয় বুলি নক’বা দেই, বৰ আশা কৰি আহিছোঁ৷ ৰ’বা তুমি কিবা কোৱাৰ আগতেই মইয়ে কওঁ যদি মই জিকো তোমালোকক এটা লেট্ৰিন দিম৷ কৈ দিলোঁ
– হে নহয় হে দাদা
– নহ’ব এইটোৰে! পকী ঘৰ লাগিব? বিপিএল কাৰ্ড?
– নহয় অ দাদা আমাৰ চব আছে এইবোৰ। মোৰ কথাটো শুনিতো লওক না!
– শুনিছোঁ শুনিছোঁ৷ দমকল এটা পালা বুলিও ধৰি লোৱা৷
– ধেই দাদা কিনো আপুনি, মোৰ কথাটো শুনি লওকচোন৷ মানে মোৰ ভোটৰ লিষ্টত নামে অহা নাই।১৮ বছৰ হৈছেহে।
তাৰ পিছত দাদাৰ মুখখন চাব লগা হৈছিল কিন্তু৷ মনত পৰিলে বিদ্যা “হাঃ হাঃ” ৰিয়েক্ট ভাঁহি উঠে
বেচেৰা ???
☆★☆★☆
3:35 pm
আয়ৈ দেহী বেয়াই লাগিছে পাই মানুহ জনলৈ????
9:09 am
বেচেৰাটো????
3:34 pm
পিছে সেইবাৰ লেট্ৰিন পোৱা নহ’ল চাগে ?!?
8:46 pm
ইচ ৰাম, বেচেৰাটো?