ফটাঢোল

ভাইটিৰ ইণ্টাৰভিউ– কমলা দাস

চৰকাৰী চাকৰি এটা সকলোৱে বিচাৰে দিয়কচোন।আজিৰ দিনত চৰকাৰী চাকৰি এটা পালে আৰু নো কি লাগে! নহয় জানো? আগৰ দিনতো নাই আৰু যে চৰকাৰী চাকৰি নেলাগে লাহৰী, তাত নাই এফেৰি সুখ বুলি ক’বলৈ। আজিকালি চৰকাৰী চাকৰিত ঢেৰ সুখ। মোৰ ভাইটিও তাৰ ব্যতিক্ৰম নহয়। সি চাকৰি এটাৰ আশাত কেইবা বছৰো ইণ্টাৰভিউ দিলে, ইণ্টাৰভিউ দি দি ভাগৰি গ’ল পিচে কোনো এটা চাকৰিৰ লগতে তাৰ ৰাহি যোৰা অহা নাই। মাজতে আকৌ চৰকাৰে ঘোষণা কৰিলে, যে থাৰ্ড গ্ৰেড, ফৰ্থ গ্ৰেড চাকৰিত অকল লিখিত পৰীক্ষাত পাছ

Read more

আম ডালি গাঁঠিছো – কাজল প্ৰিয়া

চুবুৰীয়া ৰাজীৱ দাইৰ বিয়া। আচলতে বিয়া নহৈ তেওঁৰ স্বাধীনতাত নাকি লগোৱাৰ অভিসন্ধি আইতাৰ। বিয়া কৰাবলৈ ছোৱালী দেখুৱাইহে দেখুৱাই সব ছোৱালী ৰাজীৱ দাইটিয়ে কেঞ্চেল কৰে। অজুহাত এখন দুখন নহয় মহিষাসুৰ মৰ্দিনীৰ দৰে দহখনমান। কাৰোবাৰ নাক ভোটা, কাৰোবাৰ চকু কেৰা, খেনোৰ আকৌ ভৰিৰ গেৰুৱা ফটা এজনীৰ ঘৰৰ কুকুৰটোৱে ৰাজীৱ দাইটিলৈ চাই ভুকিলে বুলিও সেইজনীও কেঞ্চেল। বোলে, “সৈইজনী ভাগ কুকুটো মুখখনে ইমান চোকা সৌজনীখন কমখন হ’ব নে বাও!”আইতাৰ তালুখনত এটেমা পেৰাছোট নাৰিকল তেল উঠে ৰাতিলৈ। “হেঅ অধম পো, নাইকলঅ বাকলি তইনো কোনজনী কইছমা

Read more

মুৰী লাগিব মুৰী–দিম্পল কলিতা

বন্ধৰ দিনত ঘৰত থাকিলে গালি খোৱাতো মোৰ চাগে জন্মগত ষ্টাম্পৰ দৰে লাগিল। সদায় ভাবোঁ আজি গালি নাখাওঁ‌, গালি নোখোৱাকৈ দিনটো পাৰ কৰিম। নাই কোনোবাপিনে কিবা নহয় কিবা অকন ভুল কৰিয়ে পেলাম তাৰ পিছত গোটেই দিনটো গালি। আজি ভাবিছিলোঁ আজি ভালকৈ পাৰ কৰিম দিনটো সোনকালে বিচনা এৰিলোঁ, বিচনা ঠিক কৰিলোঁ, অসমীয়া গান লগাই ৰূমটো অকন ঠিকো কৰিলোঁ লেতেৰা হোৱা চোলা দুটা চাৰ্ফত দিলোঁ। মুঠতে আজি সুৰুঙা নেৰোঁ। ধুনীয়াকৈ ৰাতিপুৱাৰ ভাতকেইটাও খোৱালে। মুঠতে চলি আছে ধুনীয়া। “দিম্পল খৰি কেইডালমান আছে পিচপিনে। চৌকাৰ

Read more

ফটাসপোন — দেবজিত শৰ্মা

বহু বছৰৰ আগৰ কথা৷ আমি তেতিয়া সৰু। বিজয়ে হাঁহৰ প্ৰেমত পৰিছে মাত্ৰ। আমাৰ ভাস্কৰ জ্যোতি দাসদায়ে শিক্ষা গ্ৰহণৰ উদ্দেশ্যে গুৱাহাটীত দুজনমান বন্ধুৰ লগত মেচ কৰি আছিল৷ সেয়া ফে’চবুক, হোৱাটচ এপ নথকা যুগৰ কথা। টিভি চেনেল বুলিলেও কেৱল দূৰদৰ্শনৰ বাতৰি বা চিত্ৰহাৰ আৰু বিতং খবৰৰ বাবে অসমীয়া বাতৰি কাকত দুই এখন৷ এই সময়ছোৱাতে ভাস্কৰদা সাংঘাটিক ভাবে ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈছিল৷ দিনে নিশাই কেৱল ৰাজনীতিৰ যোগেৰে দেশ উদ্ধাৰৰ চিন্তা। কথা এনে এটা পৰ্য্যায়ত আছিল যে সম্ভৱ হ’লে, ভাস্কৰদায়ে ৰাজনৈতিক দলত যোগ দি

Read more

বৈপ্লৱিক লটিঘটি – ধুৰ্জ্জটি কাকতী

কলেজত পঢ়ি থকাৰে কথা৷ আমাৰ থকা ঠাইখিনিৰ মাটিৰ পট্টাৰ কাৰণে আমাৰ ঠাইৰ মানুহখিনিয়ে প্ৰতিবাদী সমদল এটা ওলিয়ালে নুনমাটিৰ পৰা ডিচি অফিচলৈ৷ তেতিয়া আমাৰ প্ৰতিবাদী গগৈ মাৰ্কেটত অহাই নাছিল, গতিকে তেনে কোনো নেতা নাছিল আমাৰ আন্দোলনৰ, স্থানীয় মানুহখিনিয়ে একেলগে প্ৰতিবাদ কৰিবলৈ ওলাল৷ ৰাতিপুৱা সমদল আৰম্ভ হ’ল, সমদলত প্ৰতিবাদী কন্ঠস্বৰূপে আমাৰ বন্ধুবোৰৰ লগত ময়ো ভাগ ল’লোঁ‌৷ প্ৰায় পাঁচ হাজাৰমান মানুহৰ বিশাল সমদল “তেজ দিম, মাটি নিদিওঁ বুলি” শ্লোগান দি আকাশ কঁ‌পাই আগবাঢ়িল৷ লগতে সমস্বৰে চিঞৰিলোঁ‌ ইনক্লাব জিন্দাবাদ৷ যদিও মই ইন বুলি কোনো

Read more

*বিহুত বিহগুটিৰ বেবেৰিবাং কাহিনী* – দিগন্ত বৰা

১) মোৰ মনৰ নিজান নিভৃত কোণত মাঘ বিহুৰ উৰুকাৰ মধুময় স্মৃতি কিছুমান এতিয়াও সজীৱ হৈ আছে৷ সৰুৰেপৰাই মাঘ বিহু আহিলে গা সাত আঠখন হৈ পৰে৷ অৱশ্যে মাঘ বিহুটোতকৈ উৰুকাৰ নিশাটোহে আমাৰ বাবে প্ৰিয় আছিল৷ মাঘ বিহুৰ মেজিৰ কেঁচা বাঁহ পোৰা এটা সুকীয়া গোন্ধ আছে যিটো আজিও নাকত লাগিলে সুৰসুৰকৈ অনুভূতি এখিনিয়ে আহি ভাকুতকুটাই দিয়েহি৷ প্ৰতি বছৰে এই বিশেষ দিনটোলৈ বৰ আগ্ৰহেৰে বাট চাই থাকো৷ ৩১ ডিচেম্বৰৰপৰা কাউণ্ট ডাউন আৰম্ভ হয়৷ পুহৰ হাড় কঁপোৱা ঠাণ্ডা আৰু ঘন কুঁৱলিৰ আচ্ছাদনখিনিৰ মৃত্যু ঘণ্টা

Read more

তাইৰ তালুৰ তেল – মনোজ নেওগ

মুঠতে নাই, কোনো প্ৰকাৰে হাঁ- নাই!লগৰটোৰ হৈ সৰ্বমুঠ দহোটামান প্ৰেমৰ প্ৰস্তাৱ দহজনীক দিয়া হ’ল, তথাপিও ইতিবাচক খবৰ এটা নাহিল। ভাগি পৰাৰে কথা… বৰ দুখ মনে লগৰটোক ক’লোঁ : দোস্তি একদম মাফ কৰি দিবি, হাৰি গ’লোঁ মই৷ পিচে মোৰ লগৰটো হাৰিযোৱা বিধৰ নাছিল। তেতিয়া আমি দুইটা থেৰো-গেৰোকৈ দুই এটা সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ পৰিছোঁ৷ তেনে এটা অনুষ্ঠানৰ কথা বতৰাতে লগৰটোৰ পুনৰ এগৰাকীক ভাল লাগিয়ে গ’ল। প্ৰথম দৰ্শনতে লগৰটোৰ এঘাৰনম্বৰীয়া প্ৰেম! তেতিয়া ম’বাইল নাই, লেণ্ড ফোনতে দুইটাই শাকখোৱা ভাতখোৱা কথা পাতিবলৈ

Read more

তুম জিঅ’ হাজাৰ’ চাল – খনিন্দ্ৰ ভূষন মহন্ত

যোৰহাটলৈ যোৱা বেছি দিন হোৱা নাই তেতিয়া। টাউনখনৰ ৰাষ্টা-পদূলিবোৰ ভালকৈ চিনাকি হোৱাগৈ নাই। সন্মুখত লগৰ এজনৰ জন্মদিন আছিল। গতিকে তাক সপ্তাহ দিন আগৰ পৰা ”পার্টি খুৱাব লাগিব দেই” জাতীয় আকাশবাণী দি আছিলোঁ। যিমানেই বিশেষ দিনটো ওচৰ চাপিল, সিমানেই আকাশবাণী প্রকট হোৱাৰ পয়োভৰ বাঢ়ি আহিল। উঠোঁতে, বহোঁতে, খাওঁতে, শোঁতে তাক দেখিলেই আমাৰ মাথোঁ এটাই শব্দ ‘পার্টি’! কোনোবা অচিনাকিয়ে আমাৰ কথা শুনিলে চাগে আমাক ছোমালিয়াৰ পৰা অলপ আগতে উদ্ধাৰকাৰী দলে আনি ইয়াত থৈ গৈছে যেন ভাব এটাই লৈছিল। পিচে, আমাৰ সেইবোৰলৈ কাণসাৰ

Read more

ডাবোল ডেকাৰ ট্ৰেইন যাত্ৰা – পৰিশ্যামলী ভূঞা

মুম্বাইৰ পৰা গোৱালৈ যোৱাৰ সময়ৰ কথা। যাত্ৰা ট্ৰেইনেৰে। টিকট বুকিং কৰিবলৈ নেটত ট্ৰেইন বিচাৰি বিচাৰি হাবাথুৰি খোৱাৰ সময়। লেপটপৰ স্ক্ৰীনত ট্ৰেইন বিচাৰি বিচাৰি থমকি ৰোৱা হাতেৰে এওঁ হঠাতে মোক চিঞৰি সুধিলে- : শুনিছা, মোম্বাইৰ পৰা গোৱালৈ ডাবোল ডেকাৰ ট্ৰেইন এখন পাইছোঁ। তাকে বুক কৰোঁ নেকি? : কি ডাবোল ডেকাৰ ট্ৰেইন? উচপ খাই কেৰাহী লৰাই থকা হেতা একে উশাহতে এৰি মই এওঁৰ ওচৰ পালোহি। : এনে ট্ৰেইননো কেতিয়া ওলালেহে? ডাবোল ডেকাৰ বাচৰ কথাহে শুনিছিলোঁ, ডাবোল ডেকাৰ ট্ৰেইনো আছেনে ? আগতেতো শুনা

Read more

প্ৰেম প্ৰেম জখলা – চবিনা ইয়াছমিন

তেতিয়া নতুন নতুন প্ৰেম৷ আমাৰ ঘৰত লেণ্ডফোন আছে পিচে এওঁৰ ঘৰত নাছিল৷ মানে ভাড়া ৰূম এটা লৈ অকলে থাকে৷ ব্যৱসায় আৰম্ভ কৰিছে নতুনকৈ৷ বাকী ঘৰৰ মানুহবোৰে গুৱাহাটীত ঘৰ বান্ধিলে৷   সদায় কলেজলৈ যোৱাৰ সময়ত এওঁ PCO ৰ পৰা মিচ কল দিয়ে৷ মই বুজি যাওঁ৷ সময় মিলাই ওলাই আহোঁ আৰু দুয়োটা বাজাজ চুপাৰত উঠি ফুৰিবলৈ যাওঁ৷ তেতিয়া এওঁৰ বাজাজ চুপাৰ এখন আছিল৷ কলেজত প্ৰায়ে লগৰ কেইজনীয়ে প্ৰক্সি মাৰে৷ এদিনৰ কথা৷ সেইদিনা ফোন অহা নাই৷ মানে ফোনটো ৰিং হোৱালৈ কাণ ঠিয় কৰি

Read more
1 50 51 52 53 54 70