ফটাঢোল

ওৱাক – ৰাজীব শৰ্মা

আজিকালি কথা বুলিলেই বতাহ। তাতে যদি কথা মালতীবাইৰ কাণত পৰিল হ’লেই আৰু! ভূমিকম্পৰ বেগত কথা মুহূৰ্ততে কোনোবা ধুবুৰী পাবগৈ। আপোনাৰ ঘৰতে ঘটা ঘটনা এটা আপুনিয়েই ভালদৰে নাজানিব অথচ ঘৰৰ ওচৰ পাজৰৰ সকলোৱে গম পাব আপোনাৰ কেনেকুৱা লাগিব বাৰু তেতিয়া! হয়তো জনাজনক অন্তৰ্যামী যেনেই লাগিব। ৰ’ব, ইমানখিনিকথাৰ বকলা মেলাৰো এটা কাৰণ আছে। গাৰ পৰা মাহ-হালধিৰ গোন্ধ নোযোৱা দিনৰে কথা এইটো। যতদূৰ মনত পৰে মোৰ বিয়াৰ চাৰি নে পাঁচ নম্বৰ দিনৰ কথা। ঘৰ আলহী-অতিথিৰে ভৰি আছিলেই। বিয়াৰ এসপ্তাহ মান আগৰে পৰা পাকঘৰৰ

Read more

বেজৰ নাকত খৰ – অতুল নাথ

হায়াৰ চেকেণ্ডাৰীত পঢ়োঁতে আমি ৯ টাই একেলগে বুঢ়ী এগৰাকীৰ ঘৰত মেছ কৰি আছিলোঁ৷ বুঢ়ীৰ পুতেক বোৱাৰীয়েক টাউনত থাকে বাবে সমন্ধীয় ভায়েক এটাক বুঢ়ীয়ে লগত ৰাখিছিল৷ বুঢ়ীক আমি আইতা বুলিছিলোঁ আৰু ভায়েক সকলোৰে ৰাজহুৱা মামা৷ বুঢ়ীৰ গৰুজনী জগিল, দমৰা পোৱালিটোও বেচ নোদোকা৷ গাখীৰও ভালেখিনি ওলাই৷ বুঢ়ীয়ে ৰাতিপুৱাই আমাৰ চকুৰ আগেদিয়েই জাৰটোত এজাৰ এজাৰ গাখীৰ খিৰাই লৈ যায়, কোনো দিন এক চাতাক গাখীৰ আমাক দি যোৱা নাই৷ মেছত থকা ল’ৰা, গাখীৰ দিয়া চাহ একাপ খাবলৈ আমাৰো মন যায়৷ আমিও বুঢ়ীক “ৰ’ গাখীৰ

Read more

জিজাজী, আপকা নাম ক্যা হে? – প্ৰতিম প্রতাপ বৰুৱা

ফটাঢোল এক্সপ্ৰেছ আপডেটটো পঢ়ি নিজৰে ঘটনা এটা মনত পৰিল। সেই ৯৪-৯৫ ৰে ঘটনা। ২৪-২৫ বছৰ মানৰ ভিতৰত আছিল মোৰ বয়সটো। দিল্লীত ডেৰ-দুইবছৰ মান হৈছে। কোম্পানী এটাত চাকৰি কৰি আছিলোঁ তেতিয়া। ঘৰলৈ বছৰটোত দুবাৰমানকৈ যাওঁ। মানে দুবাৰমান যামেই আৰু যেনেতেনে। নহ’লে ঘৰলৈ বৰকৈ মনত পৰি থাকে। এইযে ঘৰলৈ যাওঁ তাৰ সিদ্ধান্তটো হঠাৎ লোৱা হয়। কিবা বন্ধ পৰিল, ঘৰলৈ যাম বুলি ভাবিলোঁ, প্ৰজেক্ট লিডাৰটোক ক’লোঁ, সি কেৰঘেঁহাই কেৰঘেঁহাই ছুটি দিলে, বেগ এটা লৈ ষ্টেচনলৈ গ’লোঁ, ট্ৰেইনখন আহিল, চেকেণ্ড ক্লাচৰ ডবা এটাত উঠি

Read more

সময়বোৰ – চিন্ময় শইকীয়া

গাড়ীৰ প্ৰতি বৰ চখ আছিল সৰুৰেপৰাই। ২০০০ চনত নিজে কিনিছিলোঁ প্ৰথমখন গাড়ী, মাৰুতি ভেন, ছেকেণ্ডহেণ্ড। ভাল লাগিছিল নিজৰ পৰিশ্ৰমেৰে কিনিছিলোঁ জীৱনৰ প্ৰথমখন গাড়ী। গাড়ী ঠিকেই চলিছিল, হ’লেও ছেকেণ্ডহেণ্ড হোৱাৰ বাবে দুই এটা বেমাৰ আছিল লগত। ভেনবিলাকৰ সন্মুখৰ ছিটটোৰ ঠিক তলতেই এটা কয়ল থাকে, মোৰখনৰো আছিল আৰু মূল বেমাৰ আছিল সেইটোৱেই। অলপমান সময়ৰ ভিতৰত প্ৰচণ্ড গৰম হৈ গৈছিল তাকো মানুহ বহিব নোৱাৰা অৱস্থা। গৰমৰ দিন, বিশেষ কাৰণত টাউন যাবলগীয়া হোৱাত লগৰজনক লৈ ওলালোঁ৷ ইমানকৈ কোৱাৰ পাছতো সি পিছৰ চিটটোলৈ যোৱা নাছিল৷

Read more

ধোদৰ সাধু – সঞ্জীৱ ভট্টাচাৰ্য

ধোদৰ সাধুটো শুনিছিল নহয় আপোনালোকে। সেই যে ‘পি পু’, ‘সি শু’ কোৱা ধোদ দুজন। ৰজাই যে বাকী ধোদৰ অভিনয় কৰি থকাবোৰৰ হতুৱাই ধোদৰ আলি বনাইছিল। আজিৰ সাধুটোও ঠিক তেনেকুৱাই। এসময়ত আমাৰ এই অসমৰ ভিতৰতে এখন সৰু ৰাজ্য আছিল যাৰ নাম আছিল ফটাঢোল আৰু সেই ৰাজ্যখনত হেকা নামে এজন বৃদ্ধ ৰজা আছিল।বুঢ়া ৰজাই ৰাজ্যত অতিশয় সুশাসন কৰিছিল যাৰ ফলত ৰাজ্যৰ প্ৰজাগণ সুখে সন্তোষে ধনে জনে পৰিপূৰ্ণ এখন স্বৰ্গৰাজ্যত বাস কৰিব পাৰিছিল।বিভিন্ন ডা ডাঙৰীয়া, মন্ত্ৰী, সেনাপতি সকলোবোৰ আছিল একোজন অতিশয় পটু আৰু

Read more

লাইফ জিংগা লা লা – কাজল প্ৰিয়া

মেথা এটাহে, কোনফালে খুন্দিয়াম!! গুৱাহাটীৰ মাজ মজিয়াৰ পৰা জালুকবাৰীলৈকে বাছ ট্ৰেকাৰ তিনিখন সলাই কল খোৱা বাদুলীটোৰ নিচিনাকৈ ওলমি ওলমি আহোঁতে আহোঁতে ভাইব্ৰেচনত কঁকালৰ জইনটো লৰিল। হেণ্ডি ৱমেন হৈ কেইদিনমান বাছৰ দুৱাৰমুখত চিঞৰিলোঁও : এই বেলতলা বেলতলা, খালী গাড়ী খালী গাড়ী৷ যদিও খালীৰ নামত পেটুৱা মানুহবোৰৰ পেটবোৰত আপোন আপোন ভাৱত হেলাৰঙে পূজাত ওলোৱা ৫ টকীয়া বেলুন সাৱটাদি সাৱটি আহিব পাৰি। এদিন আকৌ সমুখত ওলাল ভৰোং কে সাপ খেদি যোৱা নেউলটোৰ দৰে যমে মাতি থকা এটা, উৱ তাৰ বাহনখনৰ পিছফালে জুই ওলাই

Read more

বকুলী পেহীৰ কান্দোন – মৃদুলা গগৈ

থিয়েটাৰে হওক বা চিনেমা, গ্ৰুপত চাবলৈ গৈহে ভাল লাগে। একেলগে চাবলৈ যোৱা সৰু সৰু কথাতে গিৰ্জনী মাৰি হঁহা, ভিতৰত সোমাই বাদাম চোবাই থকাৰ মজাই বেলেগ। সেইবাৰ মাহঁতৰ ঘৰৰ ওচৰতে আৱাহন থিয়েটাৰ চলি আছিল। আগতে থিয়েটাৰ চলি থকা খবৰ পালেই যেনেতেনে হ’লেও চাবলৈ যাওঁৱেই। মা আৰু ওচৰৰে ভনী দুজনীমানক লগ ধৰি সেইদিনাৰ নাটখন চাবলৈ যোৱাৰ প্লেনটো বনালোঁ। মাৰ লগত ইখন সিখনত সহায় কৰি দিয়া বকুলি পেহীকো মায়ে লগত নিবলৈ মন কৰিলে। বেচেৰীয়ে কোনো দিন থিয়েটাৰ চাই পোৱা নাই। মাৰো ভাল লাগিব

Read more

এ টেল অৱ এ হৰৰ কেট – ৰিমঝিম বৰঠাকুৰ

ভূত চতুৰ্দশীৰ পিছদিনাৰ ঘটনা। সেইদিনা ৰাতি চৈধ্যগচ চাকি জ্বলাই ভূত খেদাইছিলোঁ যদিও ভূতে মোৰ লগ নেৰিলে। কোনোমতে মাত্ৰ মোৰ প্ৰাণটো ৰক্ষা কৰিলোঁ আৰু ভূতৰ পৰা…। কথাটো মনত পৰিলে এতিয়াও গাটো জিকাৰ খাই উঠে। কাহিনীটো এনেকুৱা আছিল– -অ হ’ল -কি হ’ল? -এইয়া চোঁৱাহি -অ কোনে কেনেকৈ? -মই কি জানোঁ কোনে কেনেকৈ? -কেনেকৈ হ’ব পাৰে বাৰু! -আমি শুবলৈ যোৱালৈকে ঠিকেই আছিলতো। আগদিনা ইমান কষ্ট কৰি বনোৱা আল্পনাটোৰ আধা ভাঙি ৰঙবোৰে দাঁত নিকটাই পকাখনত চেদেলি-ভেদেলি হৈ পৰি আছিল । তাকে দেখি মোৰ ‘অ

Read more

উমেশ আৰু পাণ্ডে – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

মই ক্লাছ ছিক্সত পঢ়ি থকা সময়ৰে কথা। মোৰ ককা এজন পিত্তৰোগত আক্ৰান্ত ৰোগী আছিল। পিত্তৰোগ মানে বুজিছেনে, আজিৰ দিনত সহজলভ্য গেষ্ট্ৰিক বেমাৰটোৱে। আমাৰ গাওঁৰ চিকিৎসালয়খনৰ নিয়মীয়া ৰোগী আছিল আমাৰ ককা।ডাক্টৰজনেও ককাক যথেষ্ঠ সন্মান কৰিছিল আৰু নিয়মমাফিক ঔষধ এবিধ বা দুবিধ দিয়েই বিদায় দিছিল। আচলতে ককাজনে বেমাৰক বহুত ভয় কৰিছিল আৰু দুবাৰমান উগাৰ আহিলেই নিজেই গেষ্ট্ৰিক বুলি ভাবি চিধাই ডাক্টৰখানাত গৈছিল। এদিনাখন ককা ডাক্টৰৰ ওচৰৰ পৰা ঘৰলৈ আহি মোক মাতিলে আৰু ফাৰ্মাচীৰ পৰা ঔষধ দুবিধ আনিব দিলে ডাক্টৰে কোৱামতে। -গনেশ ফাৰ্মাচীত

Read more

দলং চাবলৈ যোৱাৰ দিনটো – বীণা হাজৰিকা

১৯৮৭ চনৰ কথা। এতিয়াৰ দৰে সেই সময়ত আমাৰ গাঁওখন উন্নত নাছিল। গাড়ী-মটৰ তেনেকৈ নচলিছিল। গাঁৱতো ওচৰৰ খুৰা এজনৰ ঘৰতহে গাড়ী আছিল। দুখন ট্ৰাক আৰু এখন এম্বেচেদৰ। তাৰিখটো মনত নাই। সেইদিনা কলিয়া ভোমোৰা দলং উন্মোচিত হৈছিল। খুৰাই ওচৰৰ ল’ৰা ছোৱালী বোৰক কলে, -দলং চাবলৈ কোন যাৱ ওলাবিহঁত, মই ট্ৰাকখন লৈ যাম। আমাৰ গা সাতখন, আঠখন হ’ল। ট্ৰাকৰ পাছত উঠি ডাঙৰ সৰু সকলো ল’ৰা ছোৱালী ওলালোঁ। খুৰাৰ ট্ৰাকে আমাক নি চুলুঙ চাৰিআলিত নমাই দিলেগৈ। ল’ৰাখিনিয়ে আকৌ ট্ৰাকত উঠি দলঙৰ সিটো পাৰ চাবলৈ

Read more
1 51 52 53 54 55 70