ফটাঢোল

ধোদৰ সাধু – সঞ্জীৱ ভট্টাচাৰ্য

ধোদৰ সাধুটো শুনিছিল নহয় আপোনালোকে। সেই যে ‘পি পু’, ‘সি শু’ কোৱা ধোদ দুজন। ৰজাই যে বাকী ধোদৰ অভিনয় কৰি থকাবোৰৰ হতুৱাই ধোদৰ আলি বনাইছিল। আজিৰ সাধুটোও ঠিক তেনেকুৱাই।

এসময়ত আমাৰ এই অসমৰ ভিতৰতে এখন সৰু ৰাজ্য আছিল যাৰ নাম আছিল ফটাঢোল আৰু সেই ৰাজ্যখনত হেকা নামে এজন বৃদ্ধ ৰজা আছিল।
বুঢ়া ৰজাই ৰাজ্যত অতিশয় সুশাসন কৰিছিল যাৰ ফলত ৰাজ্যৰ প্ৰজাগণ সুখে সন্তোষে ধনে জনে পৰিপূৰ্ণ এখন স্বৰ্গৰাজ্যত বাস কৰিব পাৰিছিল।
বিভিন্ন ডা ডাঙৰীয়া, মন্ত্ৰী, সেনাপতি সকলোবোৰ আছিল একোজন অতিশয় পটু আৰু সৎ লোক। এবাৰ বুদ্ধিমান হেকা ৰজাই ভাবিলে যে যিহেতু তেওঁৰ
ৰাজ্যৰ নাম যশ চাৰিওফালে বিয়পি পৰিছেই এই সুযোগতে তেওঁ নিজ ৰাজ্যৰ নাম চিৰযুগমীয়া কৰিবৰ বাবে কিবা এটা কৰা উচিত। নিজৰ মনৰ
ভাৱ মন্ত্ৰী পৰিষদৰ আগত ব্যক্ত কৰি সকলোকে আলোচনা কৰিব দিলে যে কি কৰিলে ৰজা আৰু ৰাজ্যৰ নাম সকলোৱে চিৰকাললৈ মনত ৰাখিব।
এজন এজনকৈ মন্ত্ৰীয়ে নিজৰ নিজৰ মতামতবোৰ ৰজাৰ সন্মুখত প্ৰকাশ কৰিলে।

খাদ্য আৰু হাঁহপালন মন্ত্ৰী বিজয় মহন্তই উপদেশ দিলে যে তিনিদিনীয়াকৈ অখণ্ড হাঁহখোৱা উৎসৱ ৰাজ্যৰ সকলো প্ৰজাৰ মাজতে অনুষ্ঠিত কৰা হওক
যাতে সকলো প্ৰজাই তিনিদিন একেৰাহে হাঁহৰ মাংস খোৱাৰ পিছত জীৱনত আৰু কোনোদিনেই হাঁহ খাওঁ বুলি ক’ব নোৱাৰা অৱস্থা হয়, তেতিয়া ৰাজ্যৰ
সকলো হাঁহ কুশলে থাকিব আৰু ৰাজভড়ালত কোনোদিনে হাঁহৰ অভাৱ নহ’ব।

প্ৰথমতে হাঁহৰ মাংসৰ কথা শুনি হেকা ৰজাৰ জিভাৰ পানী পৰিছিল যদিও ফটাঢোল ৰাজ্যৰ ৰাজ্যিক মাংস হাঁহ হোৱা বাবে আৰু তিনিদিনতে সেইবোৰ
শেষ হৈ গ’লে অদূৰ ভৱিষ্যতে প্ৰজাবিদ্ৰোহৰ সন্মুখীন হবলগীয়াৰ ভয়ত বিজয় মহন্তৰ প্ৰস্তাৱ নাকচ কৰিলে।

এনেদৰে ভাৱি গুণি থাকোঁতেই হেকা ৰজাৰ পৰ্ৱতীয়া মন্ত্ৰী অভিজিৎ কলিতাই ক’লে যে ৰাজ্যৰ সুশাসনৰ দলিল স্বৰূপে প্ৰতি মাহতে এখন সাঁচিপাতৰ
পুথি প্ৰস্তুত কৰিব লাগে ৰাজ্যৰ প্ৰজাগণৰ দ্বাৰা যিয়ে ৰজা আৰু ৰাইজৰ মাজত ব্যৱধান কমাই আনি ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ হোৱাত সহায় কৰিব।

কলিতা মন্ত্ৰীৰ উপদেশ হেকা ৰজাৰ মনঃপুত হ’ল আৰু ডাঙৰ ৰাজকুমাৰ ৰিণ্টুমণিক নিৰ্দেশ দিলে যে ৰাজ্যৰ সকলোৱে মিলি ৰজা প্ৰজা সকলোৰে গুণানুকীৰ্তন
কৰি যিয়ে যি ইচ্ছা লিখি সাঁচিপাতবোৰ ৰাজভড়ালত প্ৰতিমাহৰ ২৫ তাৰিখৰ আগতে জমা কৰিব লাগে।

কথা মতেই কাম, ৰজাৰ আদেশ লাভ কৰি ৰাজকুমাৰ ৰিণ্টুমণিয়ে প্ৰথমতে ৰাজসভাতেই লেখা বিচাৰি নিৰ্দেশ জাৰি কৰিলে আৰু সমগ্ৰ ৰাজ্যতে ঢোল পিতি ৰজাৰ
আদেশ শুনোৱাৰ ব্যৱস্থা কৰিলে।

ৰাজকুমাৰৰ হাতত পিছদিনাই দুটাকৈ লেখা জমা হ’ল।প্ৰথমটো বিজয় মহন্তৰ “হাঁহৰ ওপৰত শিয়াল ৰজা” আৰু দ্বিতীয়টো হেকা ৰজাৰ ৰাজনৈতিক উপদেষ্টা
তেজপুৰীয়া দেৱজিৎ শইকীয়াৰ “বিজয়কুমাৰৰ হংসভোজন”।

প্ৰথমদিনাৰ অভূতপূৰ্ব সফলতাত উৎফুল্লিত হ’লেও ৰজাৰ চিন্তা আছিল যে সকলোৱে অকল হাঁহৰ ওপৰতেই ৰচনা লিখিব নে অন্য কিবা লেখাও ৰাজভড়ালত পঠিয়াব। সুচতুৰ ৰাজকুমাৰ ৰিণ্টুমণিয়ে ৰাজ্যৰ অন্য প্ৰান্তবোৰতো লেখক বিচাৰি নিজৰ চোৰাংচোৱা লগালে।

ৰাজকুমাৰৰ বিশ্বস্ত চৰ ৰামানুজ গোসাঁয়ে দুদিন পিছত আহি খবৰ দিলে যে দুজন লেখক বিচাৰি পাইছে যদিও দুয়োজন ভীষণ এলেহুৱা। ‘পি পু’, ‘সি শু’ ধৰণৰ ধোদ।

ৰাতিপুৱা ১০ বজাত টোপনিৰ পৰা উঠি পুখুৰীৰ পাৰত এপাক ঘূৰি গা ধোৱা যেন অনুভৱ কৰি আকৌ শুই থাকে। দিনৰ দিনটো শুই থাকে আৰু সন্ধিয়া
একাপ ফিকা চাহ পান কৰোঁতেই চাৰি পাঁচ ঘণ্টা লগাই। এজনৰ নাম সঞ্জুবাবা আৰু আনজনৰ নাম পৰশুৰাম ভাগৱতী। প্ৰাগজ্যোতিষপুৰত ঘৰ দুয়োজনৰ। দুয়োজনক তাৰপৰা শুই থকা অৱস্থাত দাঙি আনিব লাগিব।

চোৰাংচোৱাৰ খবৰৰ ভিত্তিত ৰাজকুমাৰে নিজৰ সেনা পঠিয়াই দুয়োজনকে ৰাজধানীলৈ অপহৰণ কৰিলে যদিও সাঁচিপাতত লেখা আদায় কৰা দূৰৈৰ কথা তিনিদিন অশেষ চেষ্টা কৰিও মুখৰ পৰা মাত এষাৰো উলিয়াব নোৱাৰিলে। চোৰাংচোৱা ৰামানুজ গোসাঁইৰ প্ৰতিবেদন মতে দুয়োজনৰ চকুৰ সন্মুখত বিভিন্ন উপঢৌকনৰ বস্তু, মনোৰঞ্জনৰ সামগ্ৰী, দাবি ধমকি আদি প্ৰয়োগ কৰিও কোনোধৰণৰ লেখা উলিয়াব নোৱাৰিলে। দুজনকৈ কাম, ক্ৰোধ, লোভ, মোহ, মাৎসৰ্যৰ দৰে পঞ্চ ৰিপুৰ প্ৰতি উদাসীন লেখকৰ সন্মুখত অন্তিম অস্ত্ৰ হিচাবে সোমৰসৰ বাতি দুটা আগবঢ়াই ৰাজকুমাৰে অন্তিম চেষ্টা এটা কৰি চালে।

সোনৰ বানবাতি দুটাত থকা সোমৰসৰ গোন্ধ লাভ কৰি সৰু ধোদজনৰ চকু এটা মেল খালে কোনোমতে এইবাৰ। ধোদৰ চকু মেল খোৱা দেখি ৰাজকুমাৰ ৰিণ্টুমণিয়ে উৎফুল্লিত হৈ বানবাতিটো সঞ্জুবাবা বুলি ধোদজনৰ পিনে আগবঢ়াই দিলে।

সৰু ধোদজনে বানবাতিটোৰ ফালে এবাৰ চাই আকাশৰ ফালে চাই ক’লে, “হে ভগৱান, বাতিটো নিজে নিজে উঠি আহি মোৰ মুখত সোমৰসখিনি পৰাৰ ব্যৱস্থা কৰি দিয়া, হাতখন মেলি নিজে বাতিটো লবলৈ ইচ্ছা যোৱা নাই”।

সৰু ধোদৰ কথা শুনি ৰাজকুমাৰ মূৰ্চা যোৱাৰ উপক্ৰম।

ইমান সময়ৰ পৰত এইবাৰ ডাঙৰ ধোদ ভাগৱতীয়ে মাত লগালে, “হেৰা, সৰু ধোদ। মোৰ হৈয়ো এবাৰ ভগৱানক কৈ দিয়া হে, মোৰ কথাখিনি ভগৱানক ক’বও ইচ্ছা যোৱা নাই”।

এইবাৰ ৰাজকুমাৰ সচাঁকৈয়ে বেহুঁচ হ’ল আৰু বেহুঁচ হোৱাৰ আগে আগে সৈন্যগণক দুয়োজন ধোদকে নচঁচা শূলত দিয়াৰ নিৰ্দেশ দি গ’ল।

আমাৰো সাধু শেষ হ’ল।

☆★☆★☆

8 Comments

  • ৰিমঝিম

    আগতে পঢ়িছিলোঁ। এতিয়াও পঢ়ি আকৌ হাঁহিলো

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ।

      Reply
  • জয়ন্ত দাস

    মজা৷ তামাম মজা৷

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ।

      Reply
  • উফ৷কি জমনি৷ভাল লাগিল৷

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ।

      Reply
  • কমলা দাস

    আগতে পঢ়িছো । আকৌ এবাৰ পঢ়িলো ।বঢ়িয়া ।

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    অশেষ ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *