ফটাঢোল

ভতিজাৰ জন্মদিন – নৱকৃষ্ণ বৰুৱা

আপুনি বাৰু কেতিয়াবা কাৰোবাৰ ঘৰলৈ থকাকৈ গৈ মাজ নিশাই পলাই আহিছেনে? তাকো ক্ষুদ্ৰ জীৱ এটাৰ আক্ৰমণৰ বলি হৈ! নিশ্চয় সেই দুৰ্ভাগ্য হোৱা নাই? নহওক কোনো শত্ৰুৰো সেই দুৰৱস্থা| আচল কাহিনীটো কি হৈছিল কওঁ শুনক| মোৰ সম্পৰ্কীয় দাদা এজনৰ ঘৰলৈ গৈছিলোঁ, ভতিজাৰ জন্মদিন খাবলৈ| দাদাৰ ঘৰ আমাৰ ঘৰৰ পৰা গাড়ীৰে গ’লে তিনি ঘণ্টামানৰ বাট| চাইকেলেৰে ‘চৰ্টকাট’ মাৰিলে এঘণ্টামানহে লাগে| জন্মদিন দুপৰীয়াই হৈ গ’ল, মোৰ দোকানৰ কাম থকাত ৰাতিহে যোৱাটো সিদ্ধান্ত ল’লোঁ| তেতিয়া অৱশ্যে ফোন কাৰো ঘৰত নাছিল, সেই কাৰণে ৰাতি যাম

Read more

এক আগষ্টৰ লটিঘটি – ৰাস্না বৰা

এই আগষ্ট মাহটোৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত মোৰ এই লটিঘটিৰ কাহিনীটো। আপোনালোকে চাগে ভাবিছে সেইটো আকৌ কেনে কথা। তেন্তে কওঁ শুনকচোন। শুনি আকৌ নাহাঁহিব দেই বেঙী বুলি। সেইবাৰ মই মেট্ৰিক পাছ কৰি তেজপুৰ গভৰ্ণমেণ্ট গাৰ্লছ হায়াৰ চেকেণ্ডাৰীত এডমিচন লৈছোঁ। গা একদম সাত খন আঠখন হৈ আছে। গাঁৱৰ পৰা টাউনত পঢ়িবলৈ যাম। তেতিয়া আমি আকৌ চহৰলৈ বছৰত এদিন দুৰ্গা পূজাৰ কাপোৰ কিনিবলৈ দেউতাৰ লগত আৰু পূজাৰ দশমীৰ দিনা বিসৰ্জন চাবলৈ গৈছিলোঁ মা, বৰমা, আইতাহঁতৰ লগত ৰিক্সাত উঠি বা লাইন বাছত উঠি।

Read more

অক্সফৰ্ড – নিৰ্মালী বৰমূদৈ

হেডলাইন দেখি নাভাবিব যে মই সেই বিশেষ অক্সফৰ্ড ইউনিভাৰচিটি বা অক্সফৰ্ড ডিক্সনেৰীৰ বিষয়ে কবলৈ ওলাইছোঁ বুলি। এইয়া মোৰ এক দুখৰ লটিঘটি অভিজ্ঞতাৰ কথা লিখিবলৈ ওলাইছোঁ। এইবাৰ গৰম বন্ধ উদযাপন কৰাৰ মানসেৰে পৰিয়ালৰ আটাইকেইটা ল’ৰা ছোৱালী (ককাই ভনী সমন্বিতে) চিকিমলৈ ফুৰিবলৈ গৈছিলোঁ। ৫ দিনীয়া ভ্ৰমণটোৰ অহাৰ আগদিনাৰ ঘটনা এয়া- আমি থকা হোটেলখন বহুত ওপৰত। একা-বেঁকা ৰাস্তাৰে উঠি হোটেলৰ ৰূম পাওঁ মানে অক্সিজেন কমি গৈ ১০% মানহে থাকেগৈ। সেইদিনা বজাৰ কৰি ওপৰলৈ উঠিবলৈ লৈছোঁ ঠিক তেনেকুৱাতে দাদাই ক’লে যে হোটেললৈ যোৱা চৰ্টকাট

Read more

এক্স কিউজ মি – মৌচুমী গগৈ

মুনমীৰ নিজৰ ওপৰতেই খং উঠিল! তাইৰ বাৰু কি দৰকাৰ আছিল মৃদুলক মিছামিছিকৈ জোকাই লোৱাৰ। মৃদুলেও যে তাইক ধেমালিতে এসেকা দিব, সেইটো তাই ভাবিবই পৰা নাছিল। মৃদুল আৰু মুনমীৰ বিয়া হোৱা ডেৰ বছৰমান হৈছে। দুয়োজনৰ মাজত থকা প্ৰেমৰ সম্পৰ্কৰ পৰিণতিতেই বিবাহ নামৰ পবিত্ৰ বান্ধোনত দুয়ো আবদ্ধ হৈছে আৰু সিহঁতৰ মাজত ভালপোৱা তথা বুজাবুজিৰ অভাৱ হোৱা নাই। মৃদুলৰ অফিচৰ কাম এটাত কলিকতালৈ যাব লগা হোৱাত মুনমীকো লগত লৈ গৈছিল। অফিচৰ কামৰ লগতে অলপ ফুৰিও আহিব পাৰিব। যোৱাকালি সিহঁতৰ কলিকতাৰ পৰা গুৱাহাটীলৈ উভতি

Read more

থুলোকৰ চেন্নাই যাত্ৰা – ডা° পাৰ্থসাৰথি ভূঞা

হেমেন্দ্ৰ মাষ্টৰৰ ল’ৰা গোলোক আৰু থুলোক। বৰপুত্ৰ গোলোক সৰুৰে পৰাই অতি মেধাবী আৰু ভালদৰে মেট্ৰিক, হায়াৰ চেকেণ্ডাৰী আৰু তাৰ পিছত ইঞ্জিনিয়াৰিং পাছ কৰি বৰ্তমান বিদেশৰ তেল কোম্পানী এটাত কৰ্মৰত। জন্মতেই থুলন্তৰ থুলোক আকৌ একেবাৰেই পঢ়া শুনাত মন নথকা। মাষ্টৰে হালোৱা এছাৰীৰ কোব দি দিয়ো তাক মেট্ৰিকৰ ডেওনা পাৰ কৰাব নোৱাৰিলে। সেয়ে বৰ্তমান ঘৰৰ খেতি বাতিৰে তদাৰক কৰে। অৱসৰপ্ৰাপ্ত মাষ্টৰ আৰু তেওঁৰ পত্নীয়ে পিচে এতিয়া মাজে মাজে কথা পাতে যে ভালেই হ’ল, ইয়াৰ পঢ়া শুনা নহ’ল, আমাৰ দুটাৰ এই বয়সত এতিয়া

Read more

অতিথি হৈছে দেৱতাৰ দৰে – সৌমিত্ৰ যোগী

বহুদিন কাকো ঘৰলৈ খোৱা-বোৱাকৈ মতা নাই। সন্মুখত গৰমৰ বন্ধটো দেখিয়েই আমাৰ এওঁৰ প্ৰথম সেইটো কথাই মনলৈ আহিল। মই ক’লোঁ – “সদ্যহতে নালাগে ৰ’বা”। মই কিয় নালাগে বুলি ক’লোঁ এওঁ সুধিলে, মই মুখেৰে একো নামাতিলোঁ। মই নীৰৱতা আৰম্ভ কৰাই গোটেই ঘৰখনৰ কোনো জীৱৰে মুখৰ মাত নাইকিয়া হ’ল। ভাগ্যে প্ৰেছাৰ কুকাৰৰ হুইচেল, বাচন-বৰ্তনৰ টুং-টাং শব্দকেইটা জীয়াই আছিল। ভাবিলোঁ এই কথাই কথা নহয়, আলহী মাতিব লাগিল। মই বোলোঁ হেৰা, তুমি নাভাবিবা যে মই পইচা খৰচ হোৱাৰ ভয়তে মানুহ মাতিবলৈ বেয়া পাইছোঁ। আচলতে কি

Read more

ঝুঠ অচ্ছে হ্যে – পৰী পাৰবীন

ঊফ ৰক্ষা! ল’ৰাৰ স্কুলত গৰমৰ বন্ধ আৰম্ভ হ’ল, তাতে দুয়োটাৰে ছয়মাহিলী পৰীক্ষা শেষ। গতিকে কাইলৈৰ পৰা এমাহলৈ দিনটোৰ কাৰ্যসূচী বৰ ধৰাবন্ধা নিয়মত নচলিব। এই ধৰক, ৰাতি এক বজালৈ বিশ্বকাপ ফুটবল, তাৰ মাজে মাজে বিজ্ঞজনৰ দৰে মতামত সামৰি ফেচবুকত আলোচনা, তাৰপাছত বিছনাত আঠুৱা তৰা কথালৈ পতিদেৱৰ স’তে আধাঘন্টামান মুখচুপতি, বিছনাত পৰি আকৌ ল’ৰাৰ দিনলিপিৰ বিস্তাৰিত বিৱৰণ, তাৰ পাছত কেইটামান মধুৰ সপোন, সপোন মানেনো কি আৰু, হঠাতে ৰোমান্টিক হৈ পৰা পতিদেৱৰ ডিঙিত ওলমি ‘এনজয়িং চামাৰ’ বুলি দুখনমান ফটো আপলডোৱাৰ সপোন নাইবা যোৱাবছৰেই

Read more

পাখৰী আৰু হাঁহিবোৰ – মাধুৰীমা ঘৰফলীয়া

সেইখন ঘৰ মোৰ দ্বিতীয় এখন ঘৰৰ দৰে আছিল। ঘৰত থাকিলে দিনৰ দিনটো তাতেই থাকোঁ। মই নগ’লে সেইখন ঘৰৰ ডাঙৰ ছোৱালীজনী আমাৰ ঘৰত থাকেহি। সেইদিনাও মই তাত আছিলোঁগৈ। ঘৰৰ মূৰব্বীজন সম্বন্ধত মোৰ দৌতি হয়। সেইদিনা আইতা আৰু দৌতি শিৱসাগৰৰ টাউনলৈ কিবা বজাৰ কৰিবলৈ গ’ল। গতিকে ঘৰৰ ৰখীয়া হিচাপে দৌতিহঁতৰ তিনি গৰাকী ছোৱালী ক্ৰমে মুন,ভণ্টি,মাইনা আৰু লগত মই। দৌতিহঁত ওলাই যাবলৈহে পালে হাতত বুটমাহ লৈ আমি বাৰাণ্ডাত বহি ঘৰৰ সমুখৰ চেপন চূণপোৰা আলিৰে যোৱা গাড়ী হিচাপ কৰিবলৈ ধৰিলোঁ। এই বুটমাহ আদি খোৱা বস্তুবোৰ

Read more

অতএব……মন্দিৰ – জীমণি গগৈ

 আচলতে জীৱনত বহুকথা নোকোৱাকৈ থাকি যায় বা কোৱা নাযায়। নোকোৱাকৈ থাকি যোৱাৰ আন বহু আনুষংগিক কাৰণৰ লগতে লাজ-মান বুলিও বস্তু এটা থাকে। পিছে লাজ-মান কাতি কৰিও কেতিয়াবা কিছুমান কথা ক’বলৈ মন যায়। মোৰ ক’ব খোজা কথাটোও লাজ-মান কাতি কৰি ক’বলৈ মন যোৱা তেনেকুৱা কথা এটা।  হোষ্টেলত নতুনকৈ সোমাইছোঁ । হোষ্টেলৰ চিনিয়ৰ বিলাকৰ সৈতে বাদেই আমি নিউ কামাৰ বিলাকৰ মাজতো ভালকৈ আচল হোষ্টেলীয়া বন্ধুত্ব গঢ় লৈ উঠা নাই। মাত্ৰ চুচুক্-চামাককৈ বাথৰুমলৈ যাওঁতে চকুৱে চকুৱে পৰিলে মিচিকিয়াই হঁহা, ডাইনিং হললৈ যাওঁতে নূন্যতম

Read more

ক্ষুদ্ৰ দৰঙীয়া একাংকিকা – কুসুমাঞ্জলি শৰ্মা

চৰিত্ৰ চিনাকি #বুদ্ধিৰাম  :- বিয়াল্লিচ বছৰ বয়সৰ গৃহস্থ, পেচা হাটে বজাৰে বাৰীৰে হাঁহ-পাৰ, পাণ, তামোল বেচিবলৈ মাজে মাজে লৈ যায়। ঘূৰি আহোঁতে ঘৰত লগা টুকটাক কিবাকিবি কিনি আনে। #গোলাপী:  বুদ্ধিৰামৰ পৰিবাৰ। বয়স পঁইত্ৰিছ বছৰ মান হৈছে। #স্থান ছিপাঝাৰৰ ভিতৰুৱা গাঁৱৰ পুৱাবেলা বুদ্ধিৰাম :-অ শুন্চা ! এই ডাড়ি কাটা বিলেদ খানেদি কোনে কি কাটছিলেই  ? গোলাপী:    কিয়ানো, কি হৈছি ?  বুদ্ধিৰাম:-   ডাড়ি কেইদাল কাটা যাৱা নাই ! এখান নতুন বিলেদ !! কানীয়াৰ দোকানৰ পে পদ্ধিনা আইনছিলোঁ ! গোলাপী: –  সেক

Read more
1 55 56 57 58 59 69