বনভোজ – অনুৰূপ মহন্ত
১৯৬৫ চন মানৰ কাহিনী৷ গোলাঘাটৰ নতুনকৈ স্থাপিত হোৱা কলেজ এখনৰ দুজন শিক্ষক, এগৰাকী শিক্ষয়িত্ৰী আৰু অধ্যক্ষ সহিতে মুঠ পঁচিশজনমান ছাত্ৰ-ছাত্ৰী আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ডিচেম্বৰ মাহৰ ২৬ তাৰিখৰ দিনা কাজিৰঙাত বনভোজ খাবলৈ যাবলৈ মন কৰিলে৷ সেই সময়ত আজি কালিৰ দৰে বেচৰকাৰী বাছৰ সুবিধা নাছিল, সেই বাবে তেওঁলোকে চৰকাৰী বাছ আস্থানত আবেদন জনাই ভাড়াত এখন চৰকাৰী বাছৰ যোগাৰ কৰি ল’লে৷
অধ্যক্ষজন বৰ কাঢ়া। শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৱেই তেখেতক ভয় কৰে৷ তেখেতৰ প্ৰত্যক্ষ সহযোগ আৰু নিৰ্দেশনামতে সকলোৱে দায়িত্ব ভগাই ল’লে৷ আৰু সেই মতেই সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰিলে আৰু নিৰ্দিষ্ট দিনত উৰুলি এজাউৰি দি বনভোজলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে৷
ঠাণ্ডা দিন, ৰাতিপুৱাৰ সময়৷ অলপ আন্ধাৰ, অলপ পোহৰ পৰিবেশ৷ কুঁৱলীৰ মাজে মাজে লাহে লাহে বাছ চলিছে আৰু এনেকৈয়ে যাত্ৰা আৰম্ভ হৈছে৷ দেৰগাঁৱত দুজন ছাত্ৰ ৰাস্তাতে ৰৈ আছিল পিকনিকৰ ভোজৰ বাবে গোটোৱা পঠা ছাগলী এটাৰ সৈতে৷ তেওঁলোকৰ ওচৰ পাই বাছ ৰখালে আৰু ছাগলীটো বাছৰ ডিকিত ভৰাই ছাত্ৰ দুজনো বাছত উঠিল আৰু আকৌ যাত্ৰা আৰম্ভ হ’ল৷
সকলোৱেই ফূৰ্ত্তী কৰি গৈছে৷ অধ্যক্ষ একেবাৰে সন্মুখৰ আসনত অকলে বহিছে৷ তেখেতৰ পাছত শিক্ষকসকল৷ ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলৰ পিছৰ ছিটত বহি গান গাই গাই হাঁহি ফূৰ্ত্তী কৰি গৈছে৷ আৰু একেবাৰে শেষৰ ছিটত বহি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বলো কাইয়ে ছাৰহঁতে নেদেখাকৈ চাধা মাৰি মাৰি গৈ আছে৷
আধা ঘণ্টামান লাহে লাহে যাত্ৰা কৰাৰ পিছত বাছখনে গতি বঢ়াই দিলে৷ পিচে ৰঙামাটি পাৰ হোৱাৰ পিছতে সন্মুখত হঠাৎ গৰু এজনী আহি পৰাত বাছৰ চালকে নিয়ন্ত্ৰণ হেৰুৱালে আৰু পথৰ কাষৰে ডাঙৰ গছ এজোপাত খুন্দা মাৰিলে।
যি অঞ্চলত দুৰ্ঘটনাটো সংঘটিত হ’ল, সেই অঞ্চটোত দূৰ দূৰলৈ তেতিয়া কোনো মানুহৰ ঘৰ নাছিল৷ কেৱল ফুটুকানি হাবিহে আছিল৷ সেই সময়ত আজিৰ দৰে গাড়ী মটৰো বৰ বেছি নাছিল, গতিকে সহায় বিচাৰিবলৈ বা কৰিবলৈও তেওঁলোক কাৰো চকুত নপৰিল৷
চালকজনে বাছৰ পৰা নামি সহায় বিচাৰি অকলেই খোজ কাঢ়ি কেনিবা আগবাঢ়ি গ’ল৷
ইফালে সাধাৰণতে বাছত উঠাৰ অভ্যাস নথকা আৰু বিশেষকৈ দুৰ্ঘটনাৰ একেবাৰেই অভিজ্ঞতা নথকা বাছৰ সমূহ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত হাঁহাকাৰ লাগিল৷ কোনোৱে বহি থকাতে মূৰ্ছা যোৱাৰ দৰে অৱস্থা হ’ল, কোনোৱে কান্দিছে, কোনোৱে বিনাইছে৷ কোনো কিন্তু নিজৰ আসনৰ পৰা উঠা নাই৷ বেছি ভাগেই ভাবি ল’লে দুৰ্ঘটনাত তেওঁলোকৰ মৃত্যু হোৱা বুলি৷
শেষৰ আসনত বহি থকা বলো কাইয়ে খিৰিকীৰেই বগুৱা বাই বাহিৰলৈ ওলাই আহিল৷ তেৱোঁ নিজৰ মৃত্যু হোৱা বুলিয়েই ধৰি লৈছিল, নিজকে নিজে আত্মা বুলিহে ভাবি লৈছিল৷
অধ্যক্ষজনে নিজৰ আসনৰ পৰা উঠি সকলোৰে ফালে চালে৷ সকলোৰে অৱস্থা দেখি তেওঁৰ বিৰাট দুখ লাগিছে, কাৰোবাৰ মূৰ ফাটিছে, কাৰোবাৰ মগজুৰ ঘি পৰ্য্যন্ত ওলাই গৈছে৷ বাছৰ মজিয়াখন তেজেৰে ৰাঙলী৷ কন্দা-কটা কৰি ছোৱালী কেইজনী ফিট হৈ যোৱা অৱস্থা৷
কি কৰোঁ কি নকৰোঁ কৈ অৱশেষত তেখেত বাছৰ পৰা নামি আহিল৷ টেনচনত ৰ’ব নোৱাৰি তেখেতে চিগাৰেটৰ পেকেটটো উলিয়াই চিগাৰেট এটা জ্বলাইছে, এনেকুৱাতে বলো কাইয়ে মাত দিছে, ছাৰ জুইশলাটো দিয়কচোন ময়ো বিড়ি এটা জ্বলাই লওঁ বুলি৷ আনকালে বলো কাইয়ে বিড়ি কি ছাৰৰ আগত তামোলখন খাবলৈও ভয় কৰে৷ কিন্তু এতিয়া কি’হৰ ভয়, তাৰ মতে সিতো মৰিলেই৷
ছাৰেও একো নভবাকৈয়ে বলোক জুইশলাটো আগ বঢ়াই দিলে৷ ছাৰে বলোক ক’লে, “বলো, মোৰ কাৰণেই ইমানবোৰ মানুহৰ এনেকুৱা অৱস্থা হ’ল অ’! বহুত পাপ লাগিব মোৰ৷”
বলোৱে আকৌ ছাৰক কয়, “সকলো ভাগ্যৰ লিখন ছাৰ৷ মইতো মৰিলোঁৱেই, মোৰ মানুহজনী আৰু ল’ৰা ছোৱালী কেইটাক চাব আৰু ছাৰ!“
এনেকুৱাতে দেখা গ’ল বাছৰ চালক জনে কাৰোবাৰ পৰা চাইকেল এখন যোগাৰ কৰি সেইফালেই আহি আছে৷ তাকে দেখা পাই অধ্যক্ষজনে চালকজনৰ পৰা চাইকেলখন কাঢ়ি লোৱাৰ দৰে ল’লে আৰু দেৰগাঁৱৰ দিশে চলাবলৈ ধৰিলে৷
প্ৰায় ডেৰ ঘণ্টা মানৰ মূৰত ফোঁপাই জোপাই তেখেত দেৰগাঁও থানা পালেগৈ আৰু তাতে উদ্ধাৰৰ বাবে আৰক্ষীৰ সহায় বিচাৰিলে৷ তেখেতৰ বৰ্ণনাৰ পৰাই আৰক্ষীয়ে বুজি পালে এটা অতি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু কিমানৰ মৃত্যু হৈছে ঠিকনা নাই৷
পিচে সেই সময়ত আৰক্ষীৰ লগতো যিখন গাড়ী আছিল, সেইখনৰো অৱস্থা বেয়া৷ ইমান দূৰ গৈয়ে নাপাব৷ অথচ উদ্ধাৰৰ বাবে মানুহো লগত নিব লাগিব৷ সেয়ে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জনে মাৰোৱাৰী গোলালৈ খবৰ পঠিয়ালে আৰু দোকানলৈ ‘মাল’ অনা ‘হাফ টন’ গাড়ীখনতে পুলিচকেইজন আৰু দুৰ্ঘটনাগ্ৰস্ত সকলক উদ্ধাৰৰ বাবে স্থানীয় দহজনমান মানুহ লৈ তেখেত ৰঙামাটিৰ দিশে ৰাওনা হ’ল৷
ঘটনাস্থলীত তেওঁলোকে বাছখন দেখা পাই লৰা-লৰি কৈ বাছৰ ভিতৰলৈ সোমাই গৈ দেখা পাই সকলো নিজৰ নিজৰ আসনতে তেতিয়াও কন্দা কটা কৰিয়েই বহি আছে৷ পৰিস্থিতি দেখি উদ্ধাৰকাৰী দল অবাক৷
যাত্ৰী বহা স্থানৰ ওপৰত থকা বস্তু নিয়া ঠাইত মিঠাতেলৰ কাঁচৰ বটল দুটামান আছিল৷ সেইয়া ভাগি দুজনীমান ছাত্ৰীৰ মূৰত পৰিছিল৷ বেঙেনা বেচনত লেটিয়াই ভাজিবৰ বাবে কাগজত টোপোলা কৰি নিয়া বেচনখিনিও তাৰ ওপৰতে পৰিছিল৷ ফলত সকলোৱে দুৰ্ঘটনাত ছোৱালী কেইজনীৰ মূৰ ফাটি ঘিঁ ওলাই যোৱা বুলি ভাবিছিল৷ তেনেদৰেই দুটামান ল’ৰাৰ মূৰত কেঁচা কণী পৰিও একেই অৱস্থা হৈছিল৷
তেনেদৰেই পিকনিকত খাবলৈ সেই সময়ত বজাৰত নতুনকৈ ওলোৱা ৰঙীণ চৰবতৰ কাঁচৰ বটল এবিধ নিছিল৷ সেইয়াও ভাগি বাছৰ মজিয়াখন ৰঙা হৈ পৰিছিল যাক সকলোৱে তেজ বুলি ভাবিছিল৷
সকলোকে বাছৰ পৰা উদ্ধাৰকাৰী দলে এজন এজন কৈ বাহিৰ কৰিলে৷ কাৰো একোৱেই হোৱা নাছিল আচলতে৷ সকলোকে বুজাব লগা হ’ল তেওঁলোকৰ যে একো হোৱা নাই৷ বলো কাইয়ে মানিয়েই লোৱা নাছিল সি মৰা নাই বুলি, বহুত বুজোৱাৰ অন্তত যেনিবা বুজিলেগৈ৷
সকলোকে ঘূৰাই অনাৰ ব্যৱস্থা কৰা হ’ল৷ লটি ঘটিৰ বাবে দুৰ্ঘটনাগ্ৰস্ত দলটোৰ বনভোজ খোৱাও নহ’লগৈ আৰু৷
দুদিন পিছত বাতৰি কাগজতহে আচল খবৰটো ওলাল৷
“গোলাঘাটৰ পৰা কাজিৰঙাত বনভোজ খাবলৈ যোৱা কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ দলৰ বাছ এখন ৰঙামাটিত দুঘটনাগ্ৰস্ত হয়৷ যাত্ৰীসকলৰ কোনো হতাহত হোৱা নাই যদিও পঠা ছাগলী এটাৰহে ডিঙিত ফাঁচ লাগি মৃত্যু হয়।”
(আমি সঁচা বুলি শুনা এটা ঘটনাৰ আলমত)
☆★☆★☆
11:20 am
আজিলৈকে মই পঢ়া ৰসাল ঘটনাবোৰৰ ভিতৰত এই ঘটনা টোক একেবাৰে শীৰ্ষত স্থান দিছো। বঢ়িয়া বৰ্ণনা।
11:47 am
সুন্দৰ বৰ্ণনা ৷খুব ৰসপালো
2:26 pm
খুব ৰসাল লটিঘটি।ভাল লাগিল পঢ়ি।
11:37 pm
আগতে এবাৰ পঢ়িছিলো যদিও আকৌ এবাৰ পঢ়িলো ।ভাল লাগিল ।
11:39 pm
আগতে এবাৰ পঢ়িছো যদিও আকৌ এবাৰ পঢ়ি সোৱাদ ললো ।ভাল লাগিল।
9:29 am
বলোৱে আকৌ ছাৰক কয়, “সকলো ভাগ্যৰ লিখন ছাৰ৷ মইতো মৰিলোঁৱেই, মোৰ মানুহজনী আৰু ল’ৰা ছোৱালী কেইটাক চাব আৰু ছাৰ!“ এইখিনি পঢ়ি আটাইতকৈ বেছি ৰস পাঁও।
12:21 pm
আকৌ এবাৰ পঢ়িলোঁ, বৰ ৰস পালোঁ।
2:58 pm
ধুনীয়া । মই পঢ়া নাছিলোঁ। বেছি মজা লাগিল এতিয়া।
3:22 pm
ইমান ৰস লগাই লিখিছা।খুব ভাল লাগিল পঢ়ি।
3:23 pm
আগতে পঢ়িছোঁ । আকৌ পঢ়িও সমানে ভাল লাগিল
3:44 pm
ভাল লাগিল পঢ়ি
4:01 pm
বৰ ভাল লাগে এইটো ??
6:23 pm
সকলোকে অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মন্তব্যই লিখিবলৈ সাহস আৰু প্ৰেৰণা যোগায়।
6:08 pm
কি খতৰনাক লটিঘটি! বৰ্ণনা অনুপম।
6:23 pm
সকলোকে অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মন্তব্যই লিখিবলৈ সাহস আৰু প্ৰেৰণা যোগায়।
6:25 pm
সকলোকে অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মন্তব্যই লিখিবলৈ সাহস আৰু প্ৰেৰণা যোগায়।
8:46 pm
অ ভগবান..ঁহো নে কান্দো??। মজা লাগিল । তামাম ৰস পালো।
8:51 pm
হাহো নে কান্দো লাগিছে। বৰ ধুনীয়া ৈ লিখিছে।
9:51 pm
বৰ ভাল লাগিল
2:57 am
হা হা হা এই ৰাতি 3টা বাজিছে মই মোৰ হাঁহি ৰখাব পৰা নাই।খুব ৰস পালো,সচাকৈ ইয়াক এ কয় লতিঘটি বুলি।ধন্যবাদ।
5:18 pm
মজ জ্জা দেই , যান্ত্ৰিকতাৰ যুগত মানুহৰ মনবোৰো যন্ত্ৰৰ দৰে চলি যোৱাৰ সময়ত এনে হাহিৰ কুকিয়েহে বিৰিঙাৱ পাৰে ওঠলৈ হাহি
8:36 pm
Khub hundar hoise kaku da
7:47 pm
বৰ সুন্দৰ কাহিনী। বৰ্ণনাও অনুপম। ভাল লাগিল লেখাটো।
7:51 pm
বৰ সুন্দৰ কাহিনী। বৰ্ণনাও অনুপম। ভাল লাগিল লেখাটো।
8:05 pm
লেখাটো পঢ়ি ভাল লাগিল। বৰ্ণনাও অনুপম। সুন্দৰ হৈছে।