ফটাঢোল

আৰ্হি-দীক্ষিতা বৰা

নিজৰ ষ্টাডি টেবুলখনত বহি কিছু লিখা পঢ়াত মগ্ন হৈ আছে মানুহগৰাকী, পিছদিনাৰ সভাখনৰ বাবে ভাষণ সাজু কৰি আছে। লেপটপটোত কিবা অলপ চাই, মাজে মাজে ম’বাইলত স্ক্ৰ’ৰ কৰে, আকৌ সমুখৰ কাগজখনত টুকি যায় কিছুমান কথা। অভ‍্যস্ত হাত দুখন খৰকৈ চলাইছে যদিও কম সময়তে বেছি কাম সামৰিবলগীয়া হোৱাৰ বাবে বৰ খৰধৰ লাগিছে মানুহগৰাকীৰ। মানুহগৰাকী মানে মিচেচ সঞ্জনা চলিহা। চহৰখনৰ এটা চিনাকি নাম। সভা সমিতিত সহজেই দেখিবলৈ পোৱা চেহেৰা। আচলতে তেখেত ‘মহিলা আৰু শিশু কল‍্যাণ সমিতি’ এখনৰ সভানেত্ৰী, বহুতো সামাজিক অনুষ্ঠানৰ লগত জড়িত।

Read more

নুমলী আইতা আৰু এটি শীতৰ সাধু- ৰঞ্জু শৰ্মা

গাঁওজুৰি আমাৰ নুমলী আইতাৰ বয়সৰ মানুহ পাবলৈ নাই। অতীতকালৰে দ্বিতীয় শ্রেণী পাছ নুমলী আইতা এইখন ঘৰলৈ মই বিয়া হৈ অহা সময়তেই আঁঠুমূৰীয়া, পিচে হ’লে কি হ’ব, মানুহজনীৰ মনোবলৰ আগত আজিৰ যুগৰ ডেকা-ডেকেৰীও নাপাত্তা। অঞ্চলটোলৈ অহা প্রতিখন ভ্রাম্যমানতে এতিয়াও আইতাৰ নামত আগতীয়া টিকটকেইটামান বুক হৈ থাকিবই। প্রথম দৰ্শনীতে একেবাৰে আগৰ শাৰীৰ টিনৰ চকীত ঘৰৰ পৰা নিয়া কোমল কুচনটো পাৰি শাৰীপূৰাই আইতা আৰামকৈ বহে। নামঘৰৰ বৰসবাহ, ভাওনা নাইবা চুবুৰীয়া ঘৰৰ বিয়াৰ জোৰোণেই হওক নুমলী আইতাৰ আসনখন সদায়েই আগত। বিয়াখনলৈ আইতা প্রায়েই নাযায়,

Read more

পৰিচয়ফলক-ঈশান জ্যোতি বৰা

“কিছুমান মানুহ বৰ সাংঘাতিক৷’’ এইটো এটা আপদীয়া, আধৰুৱা আৰু ৰহস্যজনক বাক্য৷ কাৰণ সাংঘাতিক বুলি কওঁতে কেনেধৰণৰ কৰ্ম-কাণ্ডৰ জৰিয়তে এই বিশেষ মানুহজন সাংঘাতিক হৈ পৰিল, সেইটো নিৰ্ণায়ক তথ্য ইয়াত অদৃশ্য হৈ আছে৷ তেনেস্থলত ‘সাংঘাতিক’ বিশেষণটো শুনি যিমান আগ্ৰহেৰে শ্ৰোতাৰ মুখখন মেল খাই গৈছিল, সিমান নিৰুৎসাহেৰেই মুখখন জাপ খাই যাবলৈ বাধ্য৷ কিন্তু যদিহে সাংঘাতিক শব্দটোৰ পিছত আমি গায়ক, নৃত্যশিল্পী, অণুগল্পকাৰ, নৃত্যবিশেষজ্ঞ, ঠগ, প্ৰবঞ্চক, সভাপতি, নাইবা ফেইচবুকৰ এডমিন আদি নানানটা বৃত্তি বা পেছাৰ নাম লগ লগাই দিওঁ, তেন্তে পূৰ্বতে থকা আটাইবোৰ ৰহস্যয়েই ফাদিল

Read more

ক’লা ৰঙৰ ব্লেজাৰটো-দিগন্ত কুমাৰ ভট্টাচাৰ্য

কোটটো হেৰাল। আমাৰ কাৰণে সেয়া ‘কোট’, কিন্তু মুকুটে কৈছিল -‘ব্লেজাৰ’। মই পাৰ্থক্য নুবুজোঁ। সেয়ে কোট বুলিয়েই কওঁ। গাঁৱৰ চাৰিআলিটোত কেৰম খেলি থকা সোণেশ্বৰহঁতেও হয়তো নাজানে, সেইটো পিন্ধি ৰমেনৰ ভাড়াগাড়ীত বহি মমীৰ বিয়ালৈ গৈ থাকোঁতে সিহঁতে দেখি সেয়ে কিজানিবা চিঞৰিছিল- “বাহঃ চ্যুট-টাই মাৰি ক’লৈ যাৱ অ’ পৰিমল?” সিহঁতৰ কাৰণে সেইটো হ’লগৈ ‘চ্যুট’! বাৰাণ্ডাৰ চকীখনত কোটটো থোৱা মনত আছিল। ৰাতি খুলি তাত কিয় থৈ গৈছিলোঁ সেয়া পাহৰিলোঁ, কিন্তু চকীখনৰ ওপৰত যে খুলি থৈ গৈছিলোঁ সেয়া মই নিশ্চিত। ছয়মাহিলী পৰীক্ষাৰ অংকৰ বহী দিওঁতে

Read more

মাজতে নাচি থাক-উজ্জ্বল দিপ্লু গগৈ

সৌ দূৰৰ ডেকাকেইজন! ওহোঁ, নহ’ব নহঅঅঅ’ববব দেই এনেকৈ, ইচচচ একেবাৰে জৌশেই নাই দেহি ঐ! মিচ তমুকৰ মায়ালগা মাতৰ ৰিপ্লাইত কিৰিলি এসোপামান ভাহি আহিছিল য’ৰ-তৰ পৰা৷ খোলা পেণ্ডেলটোৰ দৰ্শকৰ প্ৰায় সন্মুখৰ আসনত বহি নাইট ফাংচন চাই থকা দহবছৰীয়া মইটোৱে পাছফালে মূৰটো ঘূৰাই চকুকেইটা ফুৰালোঁ‌ কিবাকৈ মোক চাইকেলত তুলি বিহু চাবলৈ অনা সৰু মোমাইক দেখোঁ নেকি বুলি৷ ব’হাগী বিদায়; সেইদিনা চাহনগৰী ডুমডুমাৰ কেন্দ্ৰীয় বিহুখনিৰ সামৰণি পৰিব৷ মোৰ হাতত ট্ৰফী এটাৰ সৈতে চাৰ্টিফিকেট এখন, সৰু ল’ৰা-ছোৱালীৰ বাবে পতা আকস্মিক বক্তৃতাত হুঁচৰিৰ ওপৰত বক্তৃতা

Read more

কৱচ-সুস্মিতা দাস 

খবৰটো গম পোৱা মাত্ৰই মাকৰ হায়ৈ বিয়ৈ আৰম্ভ হ’ল। একেবাৰে নাটকীয় ভংগীৰ হায়ৈ বিয়ে। সম্ভৱতঃ খবৰটো শুনাৰ আগতে মাকে হিন্দী নতুবা অসমীয়া শাহু বোৱাৰীৰ কাহিনী থকা কিবা চিৰিয়েল চাই আছিল সেয়ে ইমান নাটকীয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰিছে ইমান পাৰফেক্টলি কোনো ৰিটেক অবিহনেই। মনতে ভাবে আল্পনাই। মুখ ফুটাই কোৱাৰ সাহস নাই। দেৱী অন্নপূৰ্ণাক ৰুষ্ট কৰিব নোৱাৰি। মুখ ফুটাই এই মুহূৰ্তত কিবা এটা মাকক ক’লেই নিবলগীয়া কাপোৰখিনি তাই নিজেই ইস্ত্রি কৰিব লাগিব। নাই দেই, ইমান ৰিস্ক ল’ব নোৱাৰি, নিজৰ ভৰিত নিজে কুঠাৰ

Read more

অনুসন্ধান, আত্ম-অনুসন্ধান ইত্যাদিবোৰ-সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য।

: আপুনি কি ভাবে বিষয়টো সম্পৰ্কে মি: বৰুৱা। : চাওক মি: হাজৰিকা, চাৰ্জশ্বিটখন পঢ়ি মোৰ লাগিছে যে এই অধীক্ষকজনৰ পত্নীৰ এই বিশাল সম্পত্তি বৈধভাবে আহৰণ কৰা হ’বই নোৱাৰে, তেখেতে নিশ্চয় গিৰীয়েকৰ পদবীৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি টকা আহৰণৰ সুযোগ লৈছিল। : ময়ো সেইটোৱেই ভাবোঁ বৰুৱা, পূৰ্বৰ তদন্তকাৰী দলটোৰ মতে অধীক্ষক পত্নীৰ স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ মুঠ পৰিমাণ বিশ কৌটিৰো অধিক। প্ৰথম জেনেৰেচনৰ এজন ব্যৱসায়ীৰ বাবে মাত্ৰ চাৰিবছৰতে এই বৃহৎ পৰিমাণৰ ধন আহৰণ কৰা সম্ভৱ নহয়। : আপুনি তেখেতৰ ব্যৱসায়িক নথিপত্ৰবোৰ পৰীক্ষা কৰি

Read more

প্ৰস্ফুটিত সপোন-ৰূপম ঠাকুৰীয়া

: ঐ ছোৱালী। তামোলৰ বটাটো লৈ আনচোন। মৰণা মাৰি থকাৰ পৰা কুসুমৰ ফালে চাই দিগন্তই ক’লে। : এই ব্ৰহ্মপুৱাই বাৰু কোনোবাই তামোল খাই নে? : তই অকমানিজনী হৈ ওলোটাই ক’বলৈ লাজ নালাগে? যা সাউতকে লৈ আহ বটাটো। ওখোনেৰে মৰণাৰ ধানখিনি লৰাই থকাৰ পৰা দেউতাকে কুসুমক প্ৰায় ধমকিৰ সুৰতেই ক’লে। ঘৰৰ ভিতৰলৈ সোমাই গ’ল কুসুম। তাই মনতে ভাবি গ’ল। তাই এতিয়া আৰু অকমানি ছোৱালী হৈ থকা নাই। দুবছৰ আগতেই পঞ্চম শ্ৰেণীত থাকোঁতেই তাই পুষ্পিতা হ’ল। তেতিয়াই দেখোন তাইক কলগছৰ তলত নোৱাই,

Read more

প্ৰৱঞ্চক– হেমন্ত কাকতি

(প্ৰথম পুৰুষত লিখা গল্পটো সম্পূৰ্ণ কাল্পনিক) “মাই ডিয়াৰেষ্ট ডাৰ্লিং,  তোমালৈ বহুত মনত পৰি আছে জানা৷ চিঠি লিখাৰ অভ্যাস সমূলি পাহৰিয়েই পেলাইছিলোঁ৷ বহু বছৰৰ মূৰত আজি চিঠি লিখিবলৈ বহিছোঁ৷ কিমান আৰু মবাইলত মেছেজ কৰিম? সেয়ে ভাবিলোঁ, তোমাক চিঠি লিখি চাৰপ্ৰাইজ এটা দিওঁ৷ বহুত মিছ কৰিছোঁ তোমাক, কিমান অকলশৰে নিশা কটাম আৰু…”  নীলাক্ষীৰ চিঠিখন পঢ়ি থাকোঁতে মনটো কিবা-কিবিখন লাগি গ’ল৷ তাই আকৌ মোৰ প্ৰেমত পৰি যোৱা নাইতো? মোৰ এই প্ৰেম চেমৰ কথা শুনিলে বৈদ্য ভয় লাগে৷ এই পেনপেনীয়া প্ৰেম নামৰ ‘বস্তু’টো মই

Read more

দামোদৰ-মানবেন্দ্ৰ শৰ্মা

দুপৰীয়া ভাত খাই বিচনাত পৰাৰ অলপ পাছতেই কলিং বেলৰ মাতত বৰুৱা খকমকাই উঠিল৷ টোপনিৰ জালত কিবা ভ্ৰমেই শুনিলে নে সঁচাকৈয়ে কোনোবাই কলিং বেল বজালে- তেখেতে এই কথাটোৰ গুণাগথা কৰোঁতেই বাহিৰৰ পৰা এইবাৰ কাৰোবাৰ চিঞৰ ভাহি আহিল, ‘দাদা, দাদা!’ সচৰাচৰ বৰুৱাই দুপৰীয়াৰ সময়ত বিচনাত নপৰে; নপৰে মানে আচলতে ভাগ্যদেৱীয়ে তেখেতৰ বাবে নিৰ্ধাৰিত কৰা ভাগ্যলিপিত তেনে সৌভাগ্যৰ যোগ লিপিবদ্ধ নাছিল৷ অইনকালে এনে সময়ত তেখেতৰ বিচনাত পৰাৰ মন গ’লেও বা দেহ-মনে কেতিয়াবা বিশ্ৰামৰ অত্যধিক আবদাৰ ধৰিলেও কৰ্ম ব্যস্ততাই তেখেতক সেই সুযোগ নিদিয়ে৷ কিন্তু

Read more
1 22 23 24 25 26 78