ফটাঢোল

নুমলী আইতা আৰু এটি শীতৰ সাধু- ৰঞ্জু শৰ্মা

গাঁওজুৰি আমাৰ নুমলী আইতাৰ বয়সৰ মানুহ পাবলৈ নাই। অতীতকালৰে দ্বিতীয় শ্রেণী পাছ নুমলী আইতা এইখন ঘৰলৈ মই বিয়া হৈ অহা সময়তেই আঁঠুমূৰীয়া, পিচে হ’লে কি হ’ব, মানুহজনীৰ মনোবলৰ আগত আজিৰ যুগৰ ডেকা-ডেকেৰীও নাপাত্তা।

অঞ্চলটোলৈ অহা প্রতিখন ভ্রাম্যমানতে এতিয়াও আইতাৰ নামত আগতীয়া টিকটকেইটামান বুক হৈ থাকিবই। প্রথম দৰ্শনীতে একেবাৰে আগৰ শাৰীৰ টিনৰ চকীত ঘৰৰ পৰা নিয়া কোমল কুচনটো পাৰি শাৰীপূৰাই আইতা আৰামকৈ বহে। নামঘৰৰ বৰসবাহ, ভাওনা নাইবা চুবুৰীয়া ঘৰৰ বিয়াৰ জোৰোণেই হওক নুমলী আইতাৰ আসনখন সদায়েই আগত। বিয়াখনলৈ আইতা প্রায়েই নাযায়, একো এটা খাব-ব’ব নোৱাৰে, তাতে আজিকালি বৰ বেছি হুলস্থূল তেওঁৰ সহ্য নহয়। জোৰোণখনলৈহে আইতাৰ বৰ হেঁপাহ।

আইতাৰ নিজৰ বিয়াৰ জোৰোণত দিয়া কেঁচাপাটৰ ৰিহা মেখেলা এযোৰ পুৰণি ট্রাংকটোত বিচাৰিলে এতিয়াও ওলাব। বৰপেটীয়া সোণৰ প্রকাণ্ড দুগদুগীযোৰ সৌ সিদিনা বৰনাতিৰ বোৱাৰী হিচাপে মৰমতে মোক দি দিলে। আইতাৰ বৰ মৰমৰ আছিল হেনো সেইযোৰ, ন-কইনা হৈ ঘৰ সোমোৱাৰ পিছতেই মানুহজনে দিয়া প্রথম উপহাৰ। কেইবছৰমান আগলৈকে দুগদুগীযোৰে আইতাৰ কাণৰ শোভা বঢ়াইছিল, তাৰ পিছত আৰু বয়সে নসহা হ’ল। জোৰোণখনলৈ গৈয়ো আইতাই যিহে হেঁপাহেৰে গহণা-গাঁঠৰিবোৰ পিটিকি পিটিকি চাব! আচলতে এই বয়সতো এইবোৰলৈ আইতাৰ খুব হেঁপাহ। আইতাক এনেকুৱা ৰূপত দেখিলে মনটো খুব ভাল লাগে, জীৱনৰ বিয়লি বেলাতো যে ৰঙবোৰ সাবটি ৰখাৰ ৰঙীয়াল মন!

বিয়াৰ ঠিক পিছতেই আমি মুম্বাইলৈ ফুৰিবলৈ গ’লোঁ। উভতি আহিবৰ পৰত ঘৰৰ আটাইৰে বাবে কিবা নহয় কিবা উপহাৰ ল’লোঁ। সমস্যাটো হ’ল আইতালৈ, তেওঁৰ বয়সৰ লগত মিলাকৈ কি লওঁ বুলি ভাবি থাকোঁতেই মানুহজনীয়ে ফোন লগালে,

: তহঁতে যোৱা সেই ঠাইবোৰত মুক্তাৰ মালা পায়নে বাৰু? পাই যদি মোলৈ এধাৰি মুক্তাকে আনিবি, মৰাৰ আগতে মুক্তা এধাৰি পিন্ধিবলৈ বৰ হেঁপাহ আছিল অ’।

এলিফেণ্টা কেভৰ পৰা বিচাৰি বিচাৰি ভালৰো ভাল মুক্তা এধাৰি আনিছিলোঁ আইতালৈ। মালাধাৰি হাতত লৈ আইতাৰ দুচকু উজ্বলি উঠিছিল, কোনেও নেদেখাকৈ খৰধৰকৈ সেমেকা চকুহালি মোহাৰি থৈছিল। সেইদিনা নামঘৰৰ নামলৈ নুমলী আইতাৰ কেতিয়া যাওঁ কেতিয়া পাওঁ মন, লগৰীয়া নামতী কেইগৰাকীক মালাধাৰিৰ বর্ণনা দিবলৈ মানুহজনীৰ মনটো খল-খলাই আছিল চাগে। নিজৰ আঠ বছৰ বয়সৰ পৰা সংসাৰ দেখা মানুহ আইতা, জীৱন জী অহা মানুহ, ধুমুহাক প্রত্যাহ্বান জনাই সাতোটিকৈ সন্তান মানুহ কৰা মানুহ আইতা। তাতোকৈ ডাঙৰ কথা যি সময়ত ছোৱালী হ’লে পঢ়াশালীৰ মুখ দেখাটো পাপ বুলি গণ্য কৰা হৈছিল সেই সময়তে প্রাথমিক স্কুল গৰকা মানুহ আইতা। সেয়েহে এই বয়সতো ধুমুহা বৰষুণক ভেঙুচালি কৰি বৰগছ এডালৰ দৰে ঠিয় হৈ থাকিব পৰা স্থিৰ তেওঁ।

পিচে সেইহেন নুমলী আইতাৰ শীতলৈ বৰ ভয়। পুহটোৰ লগে লগে যেন যমটোও আহে। আচলতে শীতৰ দিনকেইটিলৈ গোটেই ঘৰখনৰে ভয়।

“যেনেতেনে এইবাৰৰ শীতটো পাৰ হ’লেই হয়!”

ঘৰখনে মনে মনে প্রার্থনা কৰে।

আইতাৰ বিছনালৈ গদহা নতুন লেপ আহে, তুলি আহে। আইতাৰ ভাষাত আজিকালি বজাৰত পোৱা, কোঠাটো গৰম কৰি ৰাখিব পৰা ইলেকট্রিক চৌকা এটিও আহে। ঢেঁকীশালৰ গুৰিত উমি উমি জ্বলি থকা জুইকুৰা দিনৰ দিনটো জ্বলে। চিন্তা মাথো এটাই যেনেতেনে এইবাৰৰ শীতটো পাৰ হ’লেই হয়। খুন্দি লোৱা তামোলৰ সেলেঙী লগাই আগচোতালত দুপৰীয়াৰ ৰ’দকণৰ জুতি লৈ লৈ বহি থকা নুমলী আইতাই নিজৰ মনতে হিচাপ এটা কৰি চায়,

“গাঁওখনত মোৰ বয়সৰ কেৱে নাই…! যেনেতেনে আৰু এটা বছৰ পোৱা হ’লে! বৰবোপাৰ ডাঙৰটো পো’ৰ কিবা এটা থানথিত লাগিলেই মোৰ শান্তি, জীৱনত আৰু আশা কৰিবলগীয়া নাই।”

শুনে, ঘৰৰ পদূলিলৈ আগবাঢ়ি অহা যমৰাজে আইতাৰ প্রার্থনা শুনি ‘তথাস্তু’ বুলি কৈ অহা বাটে উভতি যায়।

ইলেকট্রিক চৌকা, গদহা তুলি আৰু অঙঠাৰ জুইৰ তাপৰ বলত সেইবছৰৰ শীতটো নিৰাপদে যায়।

পিছৰটো বছৰত আকৌ আঘোন আহে, পুহ আহে, শীতো আহে…। এদিন ৰাতিপুৱা হেঁফাই ফোঁপাই আহি আইতা চোতালৰ মুঢ়াটোতে আমন-জিমনকৈ বহি পৰে। বহুপৰ। মনটো যেন কিহবাই তেনেই মুচৰি পেলায়। ঘোলা চকুহালৰ কোণত ওলমি ৰয় দেখা–নেদেখা চকুপানী দুটোপাল। শাহুআইয়ে আগবঢ়াই দিয়া চাহৰ বাটিতো হাততে চেঁচা পৰে।

সেইদিনা ৰাতিপুৱা তেওঁতকৈ সাতবছৰে সৰু বিহপুৰীয়ানী সিফলীয়া হয়। হওঁতে একো বেমাৰ-আজাৰ নাছিল তেওঁৰ। কথা নাই বতৰা নাই কেনেকৈ যে ভাল মানুহজনীৰ পিছদিনালৈ বিছনাতে ঢপঢপনিটো নোহোৱা হৈ থাকিল! ঘৰৰ মানুহে চিন্তাৰ সুৰুঙাই নাপালে। গাঁৱৰ মানুহৰ কোৱা-কুইবোৰ নুমলী আইতাৰ কাণত ঠহ-ঠহাই বাজি থাকে।

“বেচেৰী বিহপুৰীয়ানীক ঠাণ্ডাটোৱেই নিলে।”

আইতাই সেইদিনা ভগৱানক দুইমিনিট বেছিকৈ প্রার্থনা কৰে।

“এইবাৰৰ শীতটো পাৰ হ’লেই হয় প্রভু..। ডাঙৰজনী ছোৱালীৰ নাতিনীজনী সুবিধাৰ এঠাইলৈ গতাব পাৰিলেই মোৰ আৰু এই সংসাৰত চাবলগীয়া নাই।”

শুনে, যমৰাজে সেইবাৰো জেতুকী আইতাৰ প্রার্থনা মন দি শুনে। গোণা ম’হটো পদূলিতে ৰখাই লৈ যমৰাজে মনে মনে ভাবে…

“যোৱাবাৰ ডাঙৰ নাতিৰ বিয়াখন চাওক বুলি বুঢ়ীক এৰি গ’লোঁ, এইবাৰ আকৌ নতুন বাহানা..! বাৰু এইবাৰলৈ বাৰু এৰিলোঁ। অহাটো ঠাণ্ডাত পিচে তোৰ নিস্তাৰ নাই নুমলী বুঢ়ী।”

‘তথাস্তু’ বুলি কৈ সেইবাৰো যমৰাজ অহা বাটে উভতি যায়।

পুহ, মাঘ, ফাগুন নিৰাপদে যায়। বাকী চ’তৰ পৰা আগলৈ বিশেষ ভয় কৰিবলগীয়া নাই!

পিছৰবছৰ আকৌ যেতিয়া পুহ আহে। নুমলী আইতাৰ বুকুখন দুৰু দুৰু কঁপিবলৈ ধৰে। পুৱা-গধূলি ভগৱন্তৰ কাণ ঘোলা কৰে।

“যেনে-তেনে এইবাৰৰ শীতটো….! ডাঙৰ নাতিবোৱাৰীৰ গাত লেঠা। কেঁচুৱা পোৱালিটো এবাৰ কোঁচত লৈ আশীর্বাদ এটি দি যাব পৰা হ’লেই মোৰ জীৱন সার্থক।”

নুমলী আইতালৈ মৰম লাগি সেইবাৰো যমৰজা আদবাটৰ পৰা উভতি যায়।..

তাৰ পিছৰ বছৰৰ পহিলা পুহতে আইতাই এটি সপোন দেখে। সপোনতে স্বয়ং যমৰাজ আহি তেওঁক সাক্ষাৎ দিয়েহি। সপোনতেই নিজৰ গলগলীয়া মাতটো উলিয়াই যমৰাজে কয়,

: বোলো নুমলী, তই হোঁহোৱাই পিচলাই আহি বহুবছৰ পালিহি। এইবছৰ বোলে ইটো, সেইবছৰ সিটো। এনেকৈ আৰু নচলিব। এইবাৰ কোনো বাহানা নচলিব। মাঘৰ বিহুটো পঠিয়াই লওঁ তাৰ পিছত মই আহি আছোঁ, সাজু হৈ থাকিবি।

কাহিলীপুৱাৰ সপোন, নুমলী আইতাৰ ভয়তে অণ্ঠ-কণ্ঠ শুকায়। এইবাৰতো তেনে কোনো অজুহাতো বাকী নাই। কি কৰা যায়!

বেলি গহীন হোৱাৰ পিছত গা-পা ধুই, ধুনীয়া এযোৰ বোৱাসুঁতাৰ কাপোৰ পিন্ধি নুমলী আইতা ওচৰৰে বৰকালিকা মন্দিৰলৈ যায়। হাতত পাঁচসিকি আৰু এযোৰ তামোল-পাণ। মুকলি পথাৰৰ মাজেৰে চমু বাট। এঘণ্টামানৰ পিছত আইতা যেতিয়া উভতি আহে তেতিয়া তেওঁৰ মুখমণ্ডল যেন শতকৌটি সূর্য্যৰ জ্যোতিৰে জ্যোতিষ্মান। নির্ভয় প্রসন্ন চিত্ত। ঘৰৰ মানুহো আচৰিত।

শাহুমায়ে ততাতৈয়াকৈ বনাই দিয়া খেজুৰৰ গুৰ আৰু এবাটি ফিকা চাহ সৰৌপ সৰৌপকৈ গিলি নুমলী আইতাই ঘোষণা কৰে,

: হেৰৌ, বৰকালিকা থানৰ গোসাঁইৰ হতুৱাই হাতখন চোৱাই আহিলোঁ, এই বুঢ়ীৰ শতবছৰ আয়ুস। এতিয়া মাথো চাৰে চাৰিকুৰিহে। যমে নিবলৈ আৰু আধাকুৰি বছৰ বাকী বুজিছ। হেঃ হেঃ হেঃ!

খেজুৰৰ গুৰকণৰ সোৱাদৰ সৈতে আইতাৰ সোলামুখৰ তৃপ্তিৰ হাঁহিটো একাকাৰ হৈ পৰে। সেই বিশ্বাসৰ আগত কি পুহ? কি মাঘ? কি শীত? কোন যম…

আকাশৰ পৰা যমৰাজে আইতাৰ সকলোবোৰ কাণ্ড মন দি চাই থাকে। জন্ম মৃত্যুৰ হিচাপৰ খাতাখন উলিয়াই খচ-খচাই কিবাকিবি মচে আৰু দূৰৰ পৰা মিচিকিয়া হাঁহি এটি মাৰি আইতালৈ চাই উচ্চাৰণ কৰে..

“তথাস্তু”

তাৰ পিছত আৰু বহুকেইটা শীত নিৰাপদে যায়।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *