ফটাঢোল

ইমান সহজ এই প্ৰেম.. – নয়নমণি হালৈ

বিনন্দ শইকীয়া চৰুক সুধি চাউল বহুওৱা মানুহ নহয়। সেয়ে তেওঁ বীৰদৰ্পে হুংকাৰ দিলে- ‘এই বিয়া কেতিয়াও হ’ব নোৱাৰে’। দেউতাকৰ বজ্ৰকঠিন ঘোষণাত জীয়েক অৰ্চনাৰ মুখৰ মাত হেৰাল। কেৱল চকুৰে ধাৰাষাৰ বাৰিষাৰ ঢল নামি আহিল। সাজ নালাগোতেই অৰ্চনা কুমাৰীয়ে সেইদিনা ৰোহঘৰত পৰিল। পৰিল যে পৰিলেই, মাকৰ কাকুতি-মিনতিয়েও তাইক সেইদিনা ভাতৰ পাতত বহুৱাব নোৱাৰিলে। অৱশ্যে মাকে তাইক আশ্বাস দিলে, ‘মাজনী, ইমান ভাঙি পৰিব নালাগে। নাৰিকলৰ দৰে দেউতাৰৰ বাহিৰখনহে টান, ভিতৰখন একেবাৰে কোমল। তেওঁ জানো তোৰ অহিত চিন্তা কৰিব! কথাবোৰ ওলাইছেহে, সিদ্ধান্ত হোৱা নাই

Read more

আওগৰু – ডাঃ চৈয়দা চেমিন ইছলাম

শাৰী পাতি বিমানখনৰ ভিতৰলৈ সোমাব লৈয়েই মনটো ভাল লাগি গ’ল পখৰু দাইটিৰ। কিবা নেতা নেতা ভাৱ এটা আহি গ’ল মনত! নিৰ্বাচনৰ সময়ত গাঁৱলৈ ভোট খুজিব যোৱা নেতাৰ নিচিনা বহুত ডাঙৰ মানুহ যেন লাগিল নিজকে। ইমান ধুনীয়া ধুনীয়া ছোৱালী কেইজনীয়ে তাৰ দৰে সাধাৰণ মানুহ এজনক এনেদৰে নমস্কাৰ জনোৱাটো কম ডাঙৰ কথানে বাৰু! “আগৰ জনমত নিশ্চয় কিবা পূণ‍্যৰ কাম কৰিছিলোঁ!” পিছে ভিতৰত সোমাইহে মূৰটো গৰম হৈ গ’ল পখৰু দাইটিৰ – “আমাৰ চকৰ বাছৰ নিচিনাই ঠেলা মাৰি দিয়ে দেখোন মোক মানুহ বোৰে! ধেই,

Read more

মানুহৰ বিজনেচ – পিনাক পাণি বৰুৱা

‘তই মোক আজি ক’বই লাগিব।’-পূৰ্বৰ সহকৰ্মী অৰূপে বাটতে লগ পাই জোৰ দি সুধিছিল নন্দনক, ‘এনে কি ব্যৱসায়ত হাত দিলি যে চাকৰিলৈকে নহা হ’লি?’ ‘এহ: আমাৰনো কি, সৰুকৈ কিবা এটা আৰম্ভ কৰিছোঁ। কম ৰ’ অলপ ভালকৈ স্থাপিত হ’লে।’-অৰূপৰ বাইকৰ কাষতে ৰৈ কৈছিল নন্দনে। ‘সৰুকৈ কিবা আৰম্ভ কৰিলে যে মানুহে চাকৰি বাদ দি নিদিয়ে আৰু।’-মুখ বেকা কৰি কৈছিল অৰুপে, ‘নালাগে ক’ব দে ইমানেই বিশ্বাসত ল’ব নোৱাৰ যদি।’ সি বাইকখন পুনৰ কিক্‌ মাৰি ষ্টাৰ্ট কৰিছিল। ‘ৰ’চোন। ইমান কিনো আৱেগিক হৈ যাৱ সৰু কথাতে।’

Read more

শেষ চিঠি – বন্দিতা তালুকদাৰ

এন্ধাৰে ধৰাক বুকুত সাবটি লোৱাৰ লগে লগেই শীতেও নিহালীখন তৰি লয়। ধোঁৱাময় কুঁৱলিৰ কণাবোৰে বতাহৰ উশাহত উৰি ফুৰিছে অ’লৈ ত’লৈ, ঠিক মোৰ মনটোৰ দৰে। জাৰত জুপুকা লগা আইতাই কঁপা কঁপা হাতেৰে খৰিডাল আগবঢ়াই দিছে। জুইকুৰা দপদপাই জ্বলি উঠিছে। তাৰপৰাই আইতাই মোক চিঞৰি আছে জুইৰ উম ল’বলৈ। মইহে পিছে দোধোৰ মোধোৰত পৰিছোঁ। মাৰ কামৰ অন্ত নাই। লাগিলে সেয়া দিনতেই হওক বা ৰাতিয়ে হওক, জাৰে হওক বা জহেই হওক। ইমানকৈ চিঞৰি থকা দেখি উঠি আহি জুইকুৰাৰ কাষত বহিলো। মাহ কৰাইৰ বাতিটো আগুৱাই

Read more

জীৱনটো‌ হ’ল অসাৰ, প্ৰয়োজন নাই – সমুজ্জ্বল কাশ্যপ

ৰাধামোহন আৰু কৃষ্ণা বৰুৱাৰ আঠ বছৰীয়া বৈবাহিক জীৱনৰ আজি অন্তিম দিন৷ দুয়োৰে মাজত সদায় ইটো সিটো কাজিয়া৷ এফালে কোনোবা ছোৱালীৰ সৈতে ৰাধামোহনৰ সম্পৰ্ক থকা বুলি কৃষ্ণাৰ সন্দেহ; আনফালে সৰু সৰু অজুহাতত কৃষ্ণাই কাজিয়া কৰে বুলি ৰাধামোহনৰ আপত্তি৷ কাজিয়াখন কেতিয়াবা ইমান বেয়া পৰ্যায়লৈ যায় যে সিহঁতৰ ছবছৰীয়া ল’ৰাটো বিছনা বা টেবুলৰ তলত সোমাই থাকিবলগীয়া হয়৷ ছমাহৰ আগতে দুয়োৱে বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰিছিল৷ প্ৰথমতে ৰাধামোহনে ইয়াৰ বিৰোধিতা কৰিছিল যদিও কৃষ্ণা কোনো কথাই শুনিবলৈ প্ৰস্তুত নহয়, তেওঁক ’ডিভোৰ্চ’ লাগিবই৷ : এনেদৰে জীৱনটো

Read more

তোমাৰ সাগৰ নীলা দুচকুত – দিগন্ত কুমাৰ ভট্টাচাৰ্য

হাই-ৱেৰ পৰা সৰু উপপথটোৰে নামি প্ৰায় এক কিল’মিটাৰ সোমাই অৱশেষত ঘৰটো পালোঁ। ওচৰে-পাজৰে ঘৰ বুলিবলৈ তেনেকৈ নায়েই। অলপ আঁতৰত ডাঙৰ বিল্ডিং এটাৰ কাম চলি আছে। পথটোও ভাল নহয়। গে’টখন খুলি সোমাই গ’লোঁ ঘৰটোলৈ। গে’টৰ পৰা মূলঘৰটোলৈ এটি সৰু পকী বাট। দুয়োকাষে সৰু সৰু ফুলৰ পুলি কিছুমান। আছাম টাইপৰ ঘৰ যদিও বেছ ডাঙৰ যেনেই লাগিল। কলিং বেলটো টিপাৰ লগে লগে ভিতৰৰপৰা কুকুৰে ভূকা শুনিলোঁ। কুকুৰক মই ভয় কৰোঁ বিৰাট। দুখোজমান পিছুৱাই আহিলোঁ। মহিলা এগৰাকী ওলাই আহিল। নয়না, মিছেছ নয়না শইকীয়া! …ফ’টোত

Read more

চেলিব্ৰিটি – অমিতাভ মহন্ত

কালি৷ হয় কালিয়েই মোৰ পঞ্চাশ হাজাৰ ফলোৱাৰ হৈ গৈছে৷ সেই উপলক্ষ্যে চাৰিওফালৰ পৰা শুভেচ্ছাৰ ধল বৈছে৷ গোটেই ৰাতি সকলোকে ফেচবুকত ৰিপ্লাই দি দি ভাগৰুৱা হৈ পৰিছো৷ তথাপি! পঞ্চাশ হাজাৰ ফলোৱাৰ৷ এতিয়া আৰু আগৰ দৰে থাকিলে নহ’ব৷ ৰাতিপুৱা শুই উঠিয়েই নতুন চাৰ্ট-পেণ্ট পিন্ধি টাইগাৰ শ্ৰফ টাইপ লুক এটা দি বিছনাত বহি আছো৷ আস্, যদি হাতত এটা গীটাৰ থাকিলেহেতেন৷ ঠিক সেই সময়তে মা মোৰ বেডৰুমলৈ সোমাই আহিল, – অই, জাবৰৰ বাল্টিটোৰ জাবৰখিনি বাহিৰত পেলাই আহ এতিয়াই৷ মানে? জাবৰ? হাৰে ভাই মই এতিয়া

Read more

ক্লাইমেক্স – ঈশান জ্যোতি বৰা

ভণ্টী এজনীৰ বিয়া মোটামুটি ঠিক হৈছেগৈ ৷ ল’ৰাৰ কথা খাৰাংখাচ ৷ যি-কোনো মূল্যৰ বিনিময়ত সি বিয়া পাতিবই ৷ অৱশ্যে আমি অৰ্থাৎ পৰীক্ষকদ্বয়ে (খুৰাদেউ আৰু এই ‘অধম’) এতিয়াও সেউজ সংকেত দিয়া নাই ৷ কাৰণ, পৰিচয়মূলক ‘ভাইভা’টো এইপৰ্যন্ত হোৱায়েই নাই ৷ তাৰপৰা যোগ-বিয়োগ-পূৰণ-হৰণ কৰি ফাইনেল মেৰিট লিষ্টখন উলিয়াবলৈ আছেই ৷ গতিকে কইনাই বেছি পেনপেনাই থাকিলে আমাৰ এটাই উত্তৰ- “বেছি সপোন-টপোন নেদেখিবি৷ সাগৰলৈ এতিয়াও বহু দূৰ৷ আগতে ভাইভা হৈ লওক৷” ভাইভাৰ নাম শুনি ছোৱালী সেইপিনেই তাপ মাৰিলে ৷ অৱশেষত কালি দিনৰ এঘাৰ বজাত

Read more

এডাল্ট ষ্টৰী : জয়ন্ত কুমাৰ ডেকা

(১ ডিচেম্বৰ “বিশ্ব এইডছ দিৱস” উপলক্ষে ) তেতিয়া আমিও ঠিক দাড়ি ঠুঁটিয়া বয়স পাৰ কৰিছোঁ৷ আমি মানে – মই, পঙ্কজ, দিগন্ত, ইমৰাণ, গৌৰৱকে লৈ আৰু তিনিজন মান৷ প্ৰায়ে আবেলি হ’লে পানবজাৰৰ নেহৰু পাৰ্কৰ সন্মুখত নহ’লে ৰেৱতীৰ আগত আড্ডাত বহোঁঁ৷ আড্ডাৰ বিষয়বস্তুবোৰো সদায় ভিন্ন৷ ব্যক্তিগত বিষয় থাকিলে কেতিয়াবা আকৌ দুই-তিনিদিনলৈ এটাই বিষয়বস্তু৷ ইমাৰাণৰ মন কেইদিনমানৰ পৰা বিৰাট ভাল৷ : ঐ এই মালবিকা মহন্ত যে, আৰে চিনি নাপাও নেকি; ঘোঁচখোৰ মহন্তৰ জীয়েক….৷ জাননে, তাই আজিকালি মোক বৰকৈ ভাও দিয়ে৷ সেইদিনা মাককো চিনাকি

Read more

সংস্থাপন – ড০ গীতিমল্লিকা গগৈ

ডিগ্ৰী পাছ কৰাৰ পাছত ইউনিভাৰ্চিটিত চিট নেপাই অ’ত-ত’ত চাকৰিৰ বাবে ইন্টাৰভিউ দিয়ো পাঁচ বছৰমানলৈকে চাকৰি এটা গোটাব নোৱাৰাত প্ৰত্যেক দিনা মা-দেউতাৰ বকনি খাই খাই আমনি লাগি এদিন ‘সংস্থাপন’ নাম দি NGO এটাকে খুলিলো বাপেকে। ইয়াত আন্দোলনকাৰী ভাৰাত দিয়া হয়। লগত আৰু কেইটামান ভেগাবণ্ড গোটাই ল’লোঁ‌। যোগ্য প্ৰাৰ্থীৰ বাবে বিজ্ঞাপন দিয়া হ’ল। শিক্ষাগত অৰ্হতাৰ কোনো সীমা নাই। শাৰীৰিক যোগ্যতাৰো কথা নাই। দুটাই যোগ্যতা অপৰিহাৰ্য: ১/ টি ভি চেনেল কেইটাই প্ৰশ্ন কৰিলে টপৰাই কিবাকিবি ক’ব পৰা, ২/ আন্দোলনৰ তীব্ৰতা অনুযায়ী কেতিয়াবা উগ্ৰ

Read more
1 34 35 36 37 38 78