জীৱনটো হ’ল অসাৰ, প্ৰয়োজন নাই – সমুজ্জ্বল কাশ্যপ
ৰাধামোহন আৰু কৃষ্ণা বৰুৱাৰ আঠ বছৰীয়া বৈবাহিক জীৱনৰ আজি অন্তিম দিন৷ দুয়োৰে মাজত সদায় ইটো সিটো কাজিয়া৷ এফালে কোনোবা ছোৱালীৰ সৈতে ৰাধামোহনৰ সম্পৰ্ক থকা বুলি কৃষ্ণাৰ সন্দেহ; আনফালে সৰু সৰু অজুহাতত কৃষ্ণাই কাজিয়া কৰে বুলি ৰাধামোহনৰ আপত্তি৷ কাজিয়াখন কেতিয়াবা ইমান বেয়া পৰ্যায়লৈ যায় যে সিহঁতৰ ছবছৰীয়া ল’ৰাটো বিছনা বা টেবুলৰ তলত সোমাই থাকিবলগীয়া হয়৷
ছমাহৰ আগতে দুয়োৱে বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰিছিল৷ প্ৰথমতে ৰাধামোহনে ইয়াৰ বিৰোধিতা কৰিছিল যদিও কৃষ্ণা কোনো কথাই শুনিবলৈ প্ৰস্তুত নহয়, তেওঁক ’ডিভোৰ্চ’ লাগিবই৷
: এনেদৰে জীৱনটো শেষ কৰিব নোৱাৰোঁ! ইমান বছৰে দুয়োৰে মাজত ভালপোৱাখিনি গঢ়িয়েই নুঠিল যেতিয়া, সম্পৰ্কটো আগুৱাই নিয়াৰ কিবা অৰ্থ আছে জানো!
ফেমিলি ক’ৰ্টত আজি অন্তিম শুনানীৰ দিনা মহামান্য আদালতৰ সম্মুখত চিঞৰি উঠিছিল কৃষ্ণা৷ তেওঁক বুজোৱাৰ সকলো চেষ্টা ব্যৰ্থ হোৱা দেখি আদালতে সিহঁতৰ উমৈহতীয়া চুক্তিপত্ৰখনত হস্তাক্ষৰ কৰিবলৈ বাধ্য হ’ল৷
ৰাধামোহনে যথেষ্ট ভাল পাই তাইক৷ পিছে বহু চেষ্টা কৰিও তাইৰ মনৰপৰা সন্দেহৰ অঙঠাটো নুমুৱাব নোৱাৰিলে৷ সিহঁতৰ সম্পৰ্কটো জ্বলি জ্বলি শেষ হৈ গ’ল৷
আদালতৰপৰা ঘৰলৈ ওভতাৰ পথত ড্ৰাইভিং ছিটৰপৰা ৰাধামোহনে মনে মনে কৃষ্ণাৰ মুখলৈ চালে৷ খিৰিকীৰে সোমাই অহা বৰষুণৰ টোপালবোৰ পৰি তাইৰ মুখখন উজ্জ্বলি উঠিছিল৷ বতাহত উৰি অহা চুলি কেইডালমান আহি ৰাধামোহনৰ গালে মুখে কোবাই আছিল৷
: কি চাই আছা? সোনকাল কৰা৷ ঘৰত মানৱ অকলে আছে৷
বতাহত উৰি থকা চুলিকেইডাল হাতৰ আঙুলিৰে জোঁটাই আনি কাণখনৰ ওপৰেৰে মেৰিয়াই থ’লে কৃষ্ণাই৷
: কৃষ্ণা! ভালদৰে ভাবি চোৱাচোন কথাবোৰ৷ এইবোৰ আমি কি কৰিলোঁ!
: কিয়? ঠিকেই কৰিছোঁ৷ কেৱল তোমাৰ ল’ৰাৰ মাক হিচাপে জীৱনটো শেষ কৰিব কেতিয়াও বিচৰা নাছিলোঁ মই৷
: মানৱৰ কথা চিন্তা কৰাচোন৷ আমাৰ এই সিদ্ধান্তই তাৰ ওপৰত কি প্ৰভাৱ পেলাব! সৰু ল’ৰা সি৷
: সেইবোৰ আগতেই ভাবিব লাগিছিল৷ মোক ফাকি মাৰি যেতিয়া আনৰ লগত ঘূৰি ফুৰিছিলা, তেতিয়া মানৱৰ কথা আহিছিল জানো মনলৈ?
: এইবোৰ মিছা কথা৷ আগতেও কৈছোঁ আজি আকৌ কওঁ আৰু সদায় কৈ থাকিম৷
: থোৱাহে তোমাৰ লেকচাৰ৷ বহুত হ’ল, আৰু নোৱাৰি৷ মানৱক মই তোমাৰ সঙ্গ কেতিয়াও নিদিওঁ, মোৰ লগত থাকিব সি৷
: মই জানো তোমালোক দুয়োকে এৰি থাকিব পাৰিম?
: বাদ দিয়া৷ তোমাৰ এইবোৰ কথাই আৰু মোৰ মন গলাব নোৱাৰে৷ যি হ’ব লগা আছিল হৈ গ’ল, এইবোৰ আলোচনা কৰি এতিয়া লাভ নায়!
কিছুসময় নীৰৱে থকাৰ অন্তত ৰাধামোহনে আকৌ পত্নীৰ মুখলৈ চালে৷
: আজিলৈকে তোমাৰ সকলো সিদ্ধান্তকে সন্মান কৰি আহিছোঁ, আগলৈও কৰিম৷ কিন্তু “আমি যে ভুল কৰিছোঁ“ – এইটো সদাই মনত ৰাখিবা৷
: হ’ব, ভালদৰে মনত ৰাখিম৷ এতিয়া আগলৈ চাই গাড়ী চলোৱা৷
বিয়াৰ পিছৰপৰা সৰু সৰু কথাত কৃষ্ণাই ৰাধামোহনক সন্দেহ কৰিবলৈ লৈছিল৷ অফিচৰপৰা দেৰিকৈ অহা, কেতিয়াবা হঠাতে অফিচৰ কামত চহৰৰ বাহিৰলৈ যোৱা আদি বিভিন্ন কথাত কৃষ্ণাৰ মনত সন্দেহৰ সৃষ্টি হৈছিল৷ একেলগে কাম কৰা এগৰাকী ছোৱালীৰ সৈতে গিৰিয়েকক এদিন অফিচৰ কেণ্টিনত বহি চাহ খাই থকা দেখাৰ পিছত তেওঁৰ সন্দেহ আৰু গাঢ় হৈছিল৷ লাহে লাহে সৰু সুৰা কাজিয়াখন গৈ উকীলৰ কোঠা পালে৷ আদালতে দুয়োকে কথাবোৰ পুনৰীক্ষণৰ উদ্দেশ্যে ছমাহ সময়ো দিলে, কিন্তু একো লাভ নহ’ল৷ সময় উকলি যোৱাত আজি দুয়ো উকীলৰ ওচৰত উমৈহতীয়া সম্মতিৰে বিবাহ বিচ্ছেদৰ কাগজ টুকুৰাত চহী কৰি আহিছে৷
ক্….ৰ…..ৰে….চ…….ছ!
বেগেৰে আহি থকা কাৰখন হঠাতে এটা বিকৎ শব্দ কৰি ওফৰি পৰিল৷ সম্মুখেৰে পাৰ হ’ব ধৰা ঘোঁৰা পোৱালি এটা বচাবলৈ গৈ তৎক্ষণাৎ ব্ৰেকডাল হেঁচি ধৰাত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ মাজতে বাগৰি গ’ল৷ কণমানি পোৱালিটো হঠাতে ক’ৰপৰা তাত আহি ওলাল, ৰাধামোহনে উমানেই নাপালে৷ চকাকেইটা ওপৰমূৱাকৈ কিছুদূৰ চোঁচৰি আহি ৰাস্তাৰ মাজতে থকা ঘণ্টা ঘৰটোত গাড়ীখনে খুন্দিয়াই দিলে৷ তেলৰ টেংকটো ফাটি পেট্ৰলবোৰ বিয়পি দুয়োৰে গালে মুখে পৰিব ধৰিলে৷ নিৰিবিলি ঠাইখনত দুয়োকে গাড়ীখনৰপৰা উলিয়াই আনিবলৈ কোনো আগুৱাই নাহিল৷ ওলোটাকৈ পৰি থকা গাড়ীখনৰপৰা ওলাবলৈ দুয়ো সংগ্ৰাম কৰি থাকিল৷ ঠিক তেনেতে এটা বিস্ফোৰণৰ শব্দই গোটেইখন কঁপাই তুলিলে৷ গাড়ীখনৰ টুকুৰাবোৰ চাৰিওফালে সিঁচৰতি হৈ পৰিল৷
***
: আকৌ বিজ্ঞাপন আৰম্ভ, এইমাত্ৰ দিছিলহে! এইসোপাৰ উৎপাতত টিভিটোত চাবলৈকে একো নোহোৱা হৈছে৷ যিটো চেনেলতে লগাওঁ, কেৱল বিজ্ঞাপন৷ বাতৰি চাম বুলি বহি দহমিনিটমান চেনেলসোপা পকাই বিজ্ঞাপনকে চালোঁ৷ চিনেমাখন দেখি অলপ চাওঁ বুলি ভাবিছিলোঁ, পিছে ইয়াতো একেই৷ এই বিজ্ঞাপনবোৰ বৰ আমনিদায়ক৷
গাটো হঠাতে বেয়া লাগি আহিছিল৷ চাওঁ নাচাওঁকৈ বাওঁ হাতখনৰ মুঠিটো খুলি ঘাঁ টুকুৰালৈ চালোঁ৷ কালি কিবা এটা বিষাক্ত পোকে কামুৰিছিল, হাতৰ তলুৱাখন ক’লা হৈ পৰিছে৷ ভিতৰত কাইটৰ দৰে কিবা এডাল সোমাই থকা যেন অনুভৱ হৈছে৷ ফাৰ্মাছী এখনত দেখুৱাই টিটেনাছ এটা লৈ আহিছোঁ যদিও মনটো কিবা এটা আচহুৱা লাগি আছে৷ হাতৰ তলুৱাৰ ক’লা দাগটো দেখি ফাৰ্মাছিৰ ল’ৰাকেইজনো অলপ আঁচৰিত হৈছিল৷
আৰামী চকীখনত ভেজা দি টিভিটোৰ সম্মুখত বহি থাকিলোঁ৷ দুদিনমান আগতে ৰাস্তাৰ কাষত লগ পোৱা ফকিৰ বাবাজনৰ কথাবোৰ মনত খেলাব ধৰিলে৷
“তোৰ হাতৰ ৰেখাবোৰ সলনি হ’ব বাচা! অতি সোনকালে তই আকাশত উৰি ফুৰিবি৷ তোৰ মনৰ কামনা পূৰণ হ’ব৷”
কি কৈছিলনো বাবাজনে? হাতৰ ৰেখা সলনি হ’ব পাৰে জানো? এই বাবাবোৰ ভণ্ড৷ তেওঁক বিশটকা এটা দিছিলোঁ বাবে মুখত যি আহে তাকেই বলকি থ’লে নিশ্চয়৷ তেওঁ কোৱাৰ দৰে আকাশত উৰি ফুৰিবলৈ মোৰ কোনো ইচ্ছা ও নাই৷
সহায়!
সহায়!
মানৱ! মোক সহায় কৰক৷
সোনকালে দুৱাৰখন খোলক৷
বাহিৰৰপৰা কোনোবাই মাত লগাইছে৷ এই সন্ধিয়াখন কোননো আহি ওলাল বুলি উঠি আহিলোঁ৷ নিশ্চয় ঘৰৰ মালিকেই হ’ব৷ চাৰিমাহৰ ঘৰভাড়া দিবলৈ আছে তেওঁক৷ চাকৰিটো হেৰুৱাই একেবাৰে কঙাল হৈ পৰিছোঁ৷ ভাড়া বিচাৰি আগতেও এনেকুৱা সময়তে মানুহজন আহে, আজিও নিশ্চয় তেওঁৱেই হ’ব৷ কিন্তু আজি কি ক’ম? সদাই একেটা কথাকে শুনাই থাকিলে আমনি পাই অতি সোনকালে মোক ঘৰৰপৰা উলিয়াই নিদিবনে!
দুৱাৰখন খুলি সম্মুখত কাকো নেদেখি স্বস্তিৰ নিশ্বাস এৰিলো৷ কিন্তু ভিতৰলৈ সোমাবলৈ লওঁতেই সেই একেটা মাত আকৌ কাণত পৰিল৷
“মানৱ! মোক সহায় কৰক! “
ইফালে সিফালে চাই দেখিলোঁ আন্ধাৰৰ মাজেৰে কিবা এটা বিশালকায় বস্তু মোৰ ওচৰ চাপি আহিছে৷ ওচৰৰপৰা দেখিলোঁ সম্মুখত এটা ঘোঁৰা৷ মোলৈ চাই মূৰটো দুপিয়াব ধৰিছে৷ ঘোঁৰাটোৰ কান্ধৰপৰা ওলমি থকা দীঘল চুলিকোচাৰে তেজৰ দৰে ৰঙা কিবা এসোপামান বৈ আহিছে৷
: এই এই… ক’ৰপৰা আহিল এই ঘোঁৰাটো! যা ইয়াৰ পৰা, আঁতৰি যা৷
“মই আপোনাৰ সহায় বিচাৰি আহিছোঁ, মোক বিমুখ নকৰিব, মানৱ৷ “
ঘোঁৰাটোৱে কথা কৈছে? ই কেনেকৈ সম্ভৱ? হয়, মোকেই কৈছে৷ কিন্তু কেনেকৈ? ঘোঁৰাটোৱে কেনেকৈ কথা ক’ব পাৰে!
বেছি একো ভাবিব সুবিধা নিদি ঘোঁৰাটো মোৰ অকণমানি কোঠাটোৰ ভিতৰলৈ সোমাই আহিল৷
“মোক আপোনাৰ দৰে কথা কোৱা দেখি আচৰিত হৈছে নহয়? “
: কিয়? আচৰিত হ’ব নালাগিছিল নেকি!
“নহ’ব৷ আমিও কথা কওঁ৷ ইয়াত আচৰিত হ’বলগীয়া একো নাই, আপুনি বুজি পোৱাটোহে আচল কথা৷ যেনেদৰে আপোনালোকে ভাবে আমি জন্তুবোৰে আপোনালোকৰ সকলো কথা বুজিব লাগে, আমিও ভাবোঁ আপোনালোকে আমাৰ কথা বুজি পোৱা উচিত৷ যি কি নহওক, মোক সহায় কৰিবনে? “
: নিশ্চয় কৰিম, কিন্তু কি সহায় লাগে?
“মই অশ্বৰাজ ’প্ৰান্তৰ’৷ ইয়াৰ পৰা কিছুদূৰ অতিক্ৰম কৰি বটগছজোপাৰ ওপৰলৈ মোৰ অশ্বৰাজ্য৷ পৃথিৱীৰ পৰা যোৱা দুজন মানৱে আমাৰ ৰাজ্যখনৰ শান্তিভঙ্গ কৰি তুলিছে৷ সিহঁতৰ দৈত্যসুলভ ভাৱ ভঙ্গীৰ বাবে আমাৰ সৰু সৰু অশ্বশিশুসকল ভীতিগ্ৰস্ত হৈ পৰিছে৷ শান্তিপ্ৰিয় দেশখনত অনবৰতে আকাশকম্পী আট্টহাস্যই স্থান লৈছে৷ আমি উপায়হীন হৈ আপোনাৰ শৰণাপন্ন হ’বলৈ বাধ্য হৈ পৰিছোঁ৷”
কথাবোৰ বুজিব যথেষ্ট অসুবিধা হ’ল৷ অশ্বৰাজ্যত দুজন মানুহে উৎপাত চলাইছে৷ তাৰ মানে কি? মই ইয়াত কেনেদৰে সহায় হ’ব পাৰোঁ! আৰু এই অশ্বৰাজ্যৰ অস্তিত্বই বা ক’ত? ঘোঁৰাক কথা কোৱাটো আগতে কেতিয়াও শুনা নাই!
মোৰ মনৰ মাজত চলি থকা অৱস্থাটো অনুধাৱন কৰি ঘোঁৰাটো, মানে অশ্বৰাজ প্ৰান্তৰ ওচৰলৈ আগবাঢ়ি আহিল৷
“মোৰ লগত অশ্বৰাজ্যলৈ ওলাওক, সকলো ফটফটীয়াকৈ বুজি পাব৷ “
: অশ্বৰাজ্যৰ ৰজাই মোৰপৰা সহায় বিচাৰি আহিছে, মই নিশ্চয় যোৱা উচিত৷
মনতে ঘোঁৰাটোৰ সৈতে তাৰ ৰাজ্যলৈ যোৱাটো ঠিক কৰিলোঁ৷ তাৰ পিঠিত উঠি সন্তপৰ্ণে ঘৰৰ বাহিৰ হ’লো৷ কেকুৰীটো ঘূৰি বটগছজোপা পাৰ হৈছোঁ মাত্ৰ, ঘোৰাটোৱে হঠাতে শূন্যতে ওপৰলৈ জাপ মাৰিলে৷ মই পৰি যোৱাৰ পৰা বাচিবলৈ ততাতৈয়াকৈ তাৰ কেশৰত হাত থলো৷ সেই মুহূৰ্তত মোৰ দুয়োকাষেৰে তাৰ শৰীৰৰপৰা দুখন বৃহৎ আকাৰৰ পাখী ওলাই বতাহত ধপধপাবলৈ ধৰিলে আৰু ঘোঁৰাটোৰ সৈতে মই নিমিষতে উঠি আকাশৰ মাজ পালোগৈ৷
: উৱা! ইচোন উৰিব পাৰে৷
অলপ আচৰিত হৈছিলোঁ যদিও সকলোবোৰ আচহুৱা ঘটনা দেখি থকা বাবে এইটোও সহজভাৱে ল’বলৈ চেষ্টা কৰিলোঁ৷ তৎমুহূৰ্ত্ততে আমি দুয়োটা মেঘৰ মাজেৰে উৰিব ধৰিলোঁ৷ শুকুলা মেঘবোৰ আমাৰ কাষেৰে পিছলৈ গৈ থাকিল৷ দুই এটি ঘৰমুৱা চৰাই হাঁহি হাঁহি কাষেৰে পাৰ হৈ গ’ল৷
বাবাজনৰ কথা আখৰে আখৰে ফলিয়ালে, এয়া মই আকাশত উৰি ফুৰিছোঁ৷ হাতৰ ৰেখাবোৰ সঁচাকৈয়ে সলনি হ’ল৷ ক’লা হৈ যোৱা বাওঁ হাতৰ তলুৱাখনলৈ চাই ফকীৰ বাবাজনলৈ মনত পেলালো৷
অতি কম সময়ৰ ভিতৰতে আমি আহি অশ্বৰাজ্যৰ দ্বাৰত উপস্থিত হ’লো৷ দুগৰাকী অশ্বসুন্দৰীয়ে আমাক তোৰণৰ ভিতৰলৈ আদৰি লৈ গ’ল৷ ৰাজপথেৰে অশ্বৰাজৰ কান্ধত উঠি প্ৰাসাদ অভিমুখে গৈ থাকোঁতে ওচৰে পাজৰে বিচৰণ কৰি ফুৰা ঘোঁৰাবোৰৰ চকুত মোৰ প্ৰতি এটা ঘৃণাৰ ভাৱ স্পষ্টকৈ দৃষ্টিগোচৰ হৈছিল৷ কথাষাৰ প্ৰান্তৰৰ কাণত ফুচফুচাই কোৱাত তেওঁ মিচিকিয়াই হাঁহিলে, কিন্তু একো উত্তৰ নিদিলে৷
ৰাজপ্ৰাসাদত উপস্থিত হৈ হতভম্ব হৈ পৰিলোঁ৷ কি এক অপূৰ্ব সুন্দৰ দৃশ্য৷ মণি মুক্তা, স্বৰ্ণ অলংকাৰেৰে সুসজ্জিত ঘোঁৰাবোৰ৷ দৈনন্দিন কাম কাজত সকলো ব্যস্ত৷ তাৰ মাজেৰে কণমানি অশ্বশিশুবোৰে দৌৰা ঢপৰা কৰি ফুৰিছে৷
অশ্বৰাজ প্ৰান্তৰৰ এটা বিশেষ কোঠালৈ মোক লৈ যোৱা হ’ল৷ তাত ঘোঁৰাটোৱে দেখুৱাই দিলে কিদৰে অশ্বৰাজ্যৰ ৰাজকুমাৰে মোৰ দৰে দেখা আন দুজন মানুহৰ সৈতে খেলি আছে৷ এগৰাকী পুৰুষ আৰু আনগৰাকী মহিলা৷ তেওঁলোকক দেখি আচৰিত হ’লো৷
: এওঁলোকক ক’ৰবাত দেখিছোঁ। চিনাকি যেন লাগিছে৷
: সেয়া আপোনাৰ পিতৃ মাতৃ, মানৱ৷ আপুনি তেওঁলোকক চিনি পোৱা নাই?
: মোৰ পিতৃ-মাতৃ? ই কেনেকৈ সম্ভৱ? এয়া মোৰ পিতৃ-মাতৃ নহয়৷
: তেওঁলোকে ইয়ালৈ অহা দিনৰপৰাই আপোনাৰ নাম লৈ চিঞৰি আছে৷ প্ৰতিদিনে চিঞৰ বাখৰ কৰি কাজিয়া কৰে, মানৱক বিচাৰে৷ সেইবাবেই আপোনাক ইয়ালৈ অনা হৈছে৷
: আপোনাৰ ভুল হৈছে অশ্বৰাজ৷ সেয়া মোৰ পিতৃ-মাতৃ নহয়৷ কিন্তু মই জানিব বিচাৰিছোঁ তেওঁলোক ইয়ালৈ কেনেদৰে আহিল?
অশ্বৰাজে এটা হুমুনিয়াহ কাঢ়ি আৰম্ভ কৰিলে৷ সম্মুখত অশ্বকুমাৰ খেলত ব্যস্ত৷
“ৰাজকুমাৰ হিৰণ্য, বিনোদন প্ৰিয় শিশু৷ আনৰ দৰে সিয়ো খেলা ধুলা কৰি ভাল পায়৷ তেনেই সৰু হৈ আছে, ৰাজকাৰ্য্যত মন দিব পৰা হৈ উঠা নাই৷ দৌৰি ফুৰিবলৈ ভাল পায়৷ এদিন তেনেদৰে দৌৰি থাকোঁতে পাখি এখন ভাঙি পৃথিবীলৈ সৰি পৰিল৷ কিংকৰ্তব্যবিমূঢ় হৈ ইফালে সিফালে ঘূৰি ফুৰি ভৰ দুপৰীয়া ৰাজকুমাৰ এখন নিজান স্থানত উপস্থিত হ’ল৷ তাৰপৰা আমালৈ বহুতো মানসিক তৰঙ্গ পঠিয়ালে৷ বহু বিচাৰি খোচাৰি অশ্বৰাজ্যৰ বাহিৰৰপৰা অহা মানসিক তৰঙ্গৰ সহায়ত তেওঁৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ আমি সক্ষম হ’লো৷ প্ৰথমতে পৃথিৱীখন দেখি ৰাজকুমাৰে যথেষ্ট ভয় খাইছিল৷ বুজাই বঢ়াই ৰাজকুমাৰক ঘণ্টাঘৰ এটাৰ ওচৰত অপেক্ষা কৰিবলৈ সৈমান কৰোৱা হ’ল৷
তেওঁক বিচাৰি নিৰ্দিষ্ট স্থানত উপস্থিত হৈ আমি দেখিবলৈ পালোঁ যে এখন বাহন বিস্ফোৰিত হৈ পৰি আছে আৰু ৰাজকুমাৰ হিৰণ্যই বাহনখনৰ ভিতৰৰপৰা এহাল মানুহক কামুৰি টানি বাহিৰ উলিয়াব চেষ্টা কৰিছে৷ ৰাজকুমাৰৰ এই কাৰ্যত প্ৰসন্ন হৈ মানুহ দুগৰাকীৰ শৰীৰ দুটা তৎক্ষণাৎ উদ্ধাৰ কৰাৰ বাবে লগত যোৱা মোৰ দুগৰাকী সৈনিকক আদেশ দিলোঁ৷ ৰাজকুমাৰৰ ইচ্ছা অনুযায়ী দুয়োগৰাকী মানুহক অশ্বৰাজ্যলৈ অনা হ’ল আৰু ইয়াত বিভিন্ন চিকিৎসাৰ অন্তত তেওঁলোক সুস্থ হৈ উঠিল৷ পিছে দুয়ো স্মৃতিশক্তি হেৰুৱাই পেলাইছিল৷ সুস্থ হৈ দুয়ো ’মানৱ’ নামৰ এজন ব্যক্তিৰ নাম লৈ গোটেই দিনটো কাজিয়া কৰা আৰম্ভ কৰিলে৷ কি কাজিয়া কৰে আমি ভালদৰে নুবুজো৷ তেওঁলোকৰ চিঞৰ বাখৰত আমাৰ ৰাজ্যখনৰ সকলোৰে কাণৰ চিকিৎসাৰ প্ৰয়োজন হৈ পৰিল৷ ভালদৰে প্ৰত্যক্ষ কৰিলে আপুনি আমাৰ সকলোৰে কাণৰ পৰা নিৰ্গত হৈ থকা তেজৰ চেকুৰাবোৰ দেখি পাব৷ ৰাজকুমাৰৰ জেদৰ বাবে আমি তেওঁলোকক পৃথিৱীলৈ ওভতাই পঠিওৱা নাই৷ তেওঁলোকৰ সৈতে খেলি সি বিৰাট প্ৰসন্ন৷ কিন্তু আমি এই চিঞৰ বাখৰৰ সমিধানো বিচাৰি উলিয়াবই লাগিব৷ আপোনাৰ নাম ’মানৱ’ হোৱা বাবে আপোনাক ইয়ালৈ অনা হৈছে, আমাৰ ৰাজ্যখনক এই বিপদৰপৰা ৰক্ষা কৰিবলৈ৷ আমাৰ বিশ্বাস আপোনাক সম্মুখত দেখিলে তেওঁলোকে নিশ্চয় চিঞৰ বাখৰ বন্ধ কৰিব৷
: মানৱ নামৰ অকল এজনেই ব্যক্তি নাই নহয় পৃথিৱীত, যে মোক উঠাই আনিলে৷
: অকল নামটোৰ বাবেই আপোনাক অনা হোৱা নাই, আপোনাৰ ভিতৰত থকা সাংঘাতিক শক্তিও আপোনাক ইয়ালৈ অনাৰ আন এটা কাৰণ৷
: কি শক্তিৰ বিষয়ে কৈছে, অশ্বৰাজ?
: আপোনাৰ বাওঁহাতৰ তলুৱাখন সম্মুখলৈ কৰি খুব বেগেৰে হাতখন সঞ্চালন কৰক৷ এনে কৰিলে আপোনাৰ শক্তিৰ বিষয়ে নিজেই উমান পাব৷
অশ্বৰাজৰ কথাত ক্ৰোধিত হৈ পৰিলোঁ৷ হাতৰ মুঠিটো খুলি তেওঁৰ ফালে পোনাই খুব জোৰেৰে হাতখন আগলৈ বতাহতে ঠেলি দিলোঁ৷
: মোক স্পাইডাৰমেন ভাবিছে নেকি? এয়া চাওক, আপুনি সন্দেহ কৰাৰ দৰে একো নোলাই হাতৰপৰা৷
হু….ই…..ছ্৷
এয়া কি, মোৰ হাতৰ তলুৱাৰ পৰা সাউতকৈ ক’লা ৰঙৰ ৰছিৰ দৰে কিবা এডাল ওলাই গৈ অশ্বৰাজৰ ডিঙিত মেৰিয়াই ধৰিলে৷ তেওঁ চিৎকাৰ কৰি উঠিল৷
: হে হৰি, এইডাল কি ওলাল হাতৰপৰা? স…..স…..সাপ!
: সৰ্পডাল আঁতৰাই দিয়ক মানৱ৷ ই মোক দংশন কৰিব৷
: মই কেনেকৈ আঁতৰাই আনিম! মই নাজানো এইডাল ক’ৰপৰা কেনেকৈ আহিল৷
পাগল হ’ম এতিয়া৷ মই ’নাগৰাজ’ হৈ গ’লো নেকি? নিজকে ফেণ্টাছিৰ পৃথিৱীখনৰ ভিতৰত এনেদৰে পাই মই বলিয়া হৈ পৰিছিলোঁ৷
হে ভগৱান, কিহে পালে মোক৷ সাপডাল লাহে লাহে অশ্বৰাজৰ ডিঙিৰ পৰা নামি মোৰ হাতত মেৰিয়াই ধৰিলেহি৷ বাওঁহাতৰ মুঠিটো নিজে নিজে খোল খাই গ’ল আৰু সেইফালেৰে সাপডাল মোৰ শৰীৰৰ ভিতৰলৈ সোমাই পৰিল৷ এই মুহূৰ্তত সজ্ঞাহীন হৈ পৰিম যেন ভাব হ’ল৷ নিজকে পাগলৰ দৰে লাগিল৷ দুবাৰমান নিজকে টুকুৰিয়াই চালোঁ৷
: মই সপোন দেখা নাইতো?
:এয়া সপোন নহয় মানৱ, বৰঞ্চ এখন বিচিত্ৰ জগতত আপুনি বিচৰণ কৰিছে৷ আপুনি নাগৰাজ নহয়৷ নাগৰাজৰ বিষয়ে মই জানো৷ তেওঁৰ দৰে হাজাৰ হাজাৰ সৰ্প আপোনাৰ শৰীৰত বাস কৰা নাই, মাত্ৰ এডালেই আছে আপোনাৰ বাওঁহাতৰ মাজত৷ এইডালৰ নাম ’কালসৰ্প’!
: কালসৰ্প, মানে?
: এয়া এবিধ মায়াবী সৰ্প যি আপোনাক বিভিন্ন কালৰ মাজত ভ্ৰমণ কৰাব পাৰে৷ আপুনি ইচ্ছা অনুযায়ী যিকোনো সময়ত, যিকোনো চৰিত্ৰৰ মাজত সোমাব পাৰিব এই কালসৰ্পৰ সহায়ত৷ এক কথাত ক’বলৈ গ’লে সময় আপোনাৰ হাতৰ মুঠিত৷
: মানে আমাৰ ’টাইম মেছিন’ জাতীয়?
: সেইটো কি বস্তু! সেই বিষয়ে মোৰ কোনো জ্ঞান নাই৷
শৰীৰত এটা কম্পন অনুভৱ কৰিছোঁ৷ হয়তো অলপ ভয় লাগিছে৷ কি হ’ব ধৰিছে মই একো বুজিব পৰা নাই৷ মোৰ ঠাইত আন মানুহ হোৱা হ’লে এতিয়ালৈ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাটো খাটাং আছিল৷ কিন্তু সৰুৰেপৰা বিভিন্ন কমিক্স বুক, ফেণ্টাছিধৰ্মী চিনেমাদি চোৱাৰ বাবে হয়তো অলপ সাহস কৰি অশ্বৰাজৰ সম্মুখত ঠিয় হৈ থাকিব পাৰিছোঁ৷
পৃথিৱীৰপৰা অহা মানুহ দুগৰাকী আগুৱাই আহি আমাৰ কাষত বহিছিল, অশ্বকুমাৰ হিৰণ্যৰ সৈতে খেলি থাকোঁতে দুয়ো পুনৰ কাজিয়াত লিপ্ত হৈ চিঞৰ বাখৰ কৰাত ৰাজপ্ৰাসাদৰ ভিতৰত এগৰাকী অশ্বলিগিৰী সজ্ঞাহীন হৈ বাগৰি পৰে৷ কথাটো অশ্বৰাজৰ কৰ্ণগোচৰ হোৱাৰ লগে লগে তেওঁলোক দুয়োকে মোৰ ওচৰলৈ লৈ অনা হয়৷ মই অতি সোনকালে তেওঁলোকৰ সমস্যাৰ সমিধান উলিয়াব লাগে৷
: এয়া কি! এওঁলোকক মই চিনি পাইছোঁ৷ এয়া কৃষ্ণা আৰু ৰাধামোহন বৰুৱা৷ আবেলি টিভিত চাই থকা চিনেমাখনৰ নায়ক নায়িকা৷ এওঁলোক এনেদৰে ইয়াত কেনেকৈ?
: আপুনি চিনি পাইছে? – অশ্বৰাজৰ চকুত হৰ্ষোল্লাস৷ মই জানিছিলোঁ, আমাৰ পুৰোহিতৰ ভবিষ্যতবাণী কেতিয়াও মিছা হ’ব নোৱাৰে৷ আপুনিয়েই একমাত্ৰ ব্যক্তি যিয়ে আমাক এই দুগৰাকী ব্যক্তিৰ ত্ৰাসৰপৰা ৰক্ষা কৰিব৷
: কিন্তু কেনেকৈ? এওঁলোক চিনেমাৰ চৰিত্ৰ৷ অশ্বৰাজ্যলৈ কেনেকৈ আহিল! অশ্বকুমাৰ পৃথিৱীলৈ গৈ এখন চিনেমাৰ মাজত কেনেকৈ সোমাই পৰিল? এয়া কেনেকৈ সম্ভৱ৷ আজি চাইছো মই এইখন চিনেমা, ঠিক বিস্ফোৰণটো হোৱালৈ চাইছোঁ৷ তাৰ পিছত কি হৈছিল? মনত পৰা নাই! চিনেমাখনত দেখুওৱা মতে দুৰ্ঘটনাটো ঘটাৰ আগমুহূৰ্ত্তত এটা অকণমানি ঘোঁৰা পোৱালি গাড়ীখনৰ আগেৰে দৌৰি যোৱাটো হয়… কিন্তু সেয়া অশ্বকুমাৰ হিৰণ্য! বুজিব পৰা নাই কি হৈছে৷
: ময়ো বুজিব পৰা নাই আপুনি বাৰে বাৰে ’চিনেমা’ নামৰ কি বস্তুৰ বিষয়ে বুজাবৰ চেষ্টা কৰিছে৷ কিন্তু এইটো ঠিকেই বুজিছোঁ যে আপুনি এওঁলোকক জানে আৰু দুৰ্ঘটনাটো আপোনাৰ চক্ষুৰ সম্মুখতে ঘটিছে৷ আপুনি স্বচক্ষে সকলো দেখিও মানুহ দুজনৰ জীৱন বিপদাপন্ন কৰি এৰি থৈ গ’ল আৰু আমাৰ কণমানি অশ্বকুমাৰে তেওঁলোকৰ সহায় হ’বলৈ গৈ গোটেই ৰাজ্যখনলৈ বিপদ চপাই আনিলে৷ কম বেছি পৰিমাণে আমাৰ এই ৰক্তক্ষৰিত হোৱা কৰ্ণৰোগৰ বাবে আপুনিয়েই দায়ী৷
উফ্! কিমান সহজ সৰল এই ঘোঁৰাবোৰ৷ ইহঁতৰ মনবোৰ কিমান পৱিত্ৰ৷ মই ইহঁতক বিপদমুক্ত কৰিবই লাগিব৷ চিনেমা এখনৰ মাজৰপৰা ওলোৱা দুটা চৰিত্ৰক এই বিচিত্ৰ জগতখনৰ শান্তি শৃংখলা ভঙ্গ কৰিব কেতিয়াও দিব নোৱাৰোঁ৷
: হে ’অশ্বৰাজ’, ক্ষমা কৰিব৷ এই সমগ্ৰ ঘটনাৰ বাবে কোন দায়ী বুজাবলৈ বৰ্তমান মোৰ হাতত সময়ো নাই, ভাষাও নাই৷ মোৰ প্ৰধান দায়িত্ব আপোনাৰ অশ্বৰাজ্যখন এই বহিৰাগত প্ৰাণীদুটাৰ চিঞৰৰ সন্ত্ৰাসৰপৰা মুক্ত কৰা, নহয় জানো! সেইটো মই কৰিম৷
: আপোনাক অশেষ ধন্যবাদ হে মানৱ৷
: মই এই দম্পত্তীৰ ’মানৱ’ নামৰ হেৰোৱা সন্তানটো বিচাৰি উলিয়াম৷ তাৰ বাবে মই এটা বিশেষ সময়ৰ মাজলৈ সোমাই যাব লাগিব৷ এই সময়টোৰ নামেই চিনেমা৷ এয়া আন এখন মায়াময় জগত৷ মানুহক মোহাচন্ন কৰি ৰখা আন এখন মায়াবী পৃথিৱী৷
অশ্বৰাজৰ ওঁঠত হাঁহি বিৰিঙি উঠিল৷ আনন্দতে তেওঁ মোক সাৱটি ধৰিলে৷ সকলোৰেপৰা বিদায় লৈ অতি সোনকালে তেওঁলোকৰ সমস্যাৰ সমাধান লগত লৈ উভতি অহাৰ প্ৰতিশ্ৰুতিৰে মই আহি অশ্বৰাজ্যৰ সীমান্তত উপস্থিত হ’লো৷
বাওঁহাতখন ওপৰলৈ পোনাই মুঠিটো খুলি দিলোঁ৷ ক’লা সাপডাল হাতৰপৰা ওলাই আকাশলৈ গতি কৰিলে৷ তাৰ নেজত ধৰি মই ওলমি দিলোঁ৷
: হে কালসৰ্প, লৈ যোৱা মোক সেই সময়লৈ য’ত এই দুগৰাকী ব্যক্তিৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল৷ আমাৰ লক্ষ্য, ৰাধামোহন আৰু কৃষ্ণা বৰুৱাৰ সন্তান ’মানৱ’ক উদ্ধাৰ কৰি অশ্বৰাজ্যলৈ লৈ অনা!
মুহূৰ্ততে মই আকাশৰ মাজেৰে বিচৰণ কৰিব ধৰিলোঁ৷ কালসৰ্পই সোঁ-সোঁৱাই মোক এফালে উৰুৱাই আঁতৰি গ’ল৷ আকাশখন ধুঁৱলি কুঁৱলি হৈ পৰিছিল৷ ধোৱাৰ মাজেৰে তলত বিচৰণ কৰি থকা ঘোঁৰাৰ জাকটো এদল পৰুৱাৰ দৰে দেখা গৈছিল৷
☆ ★ ☆ ★ ☆