ফটাঢোল

শেষ চিঠি – বন্দিতা তালুকদাৰ

এন্ধাৰে ধৰাক বুকুত সাবটি লোৱাৰ লগে লগেই শীতেও নিহালীখন তৰি লয়। ধোঁৱাময় কুঁৱলিৰ কণাবোৰে বতাহৰ উশাহত উৰি ফুৰিছে অ’লৈ ত’লৈ, ঠিক মোৰ মনটোৰ দৰে। জাৰত জুপুকা লগা আইতাই কঁপা কঁপা হাতেৰে খৰিডাল আগবঢ়াই দিছে। জুইকুৰা দপদপাই জ্বলি উঠিছে। তাৰপৰাই আইতাই মোক চিঞৰি আছে জুইৰ উম ল’বলৈ। মইহে পিছে দোধোৰ মোধোৰত পৰিছোঁ। মাৰ কামৰ অন্ত নাই। লাগিলে সেয়া দিনতেই হওক বা ৰাতিয়ে হওক, জাৰে হওক বা জহেই হওক।

ইমানকৈ চিঞৰি থকা দেখি উঠি আহি জুইকুৰাৰ কাষত বহিলো। মাহ কৰাইৰ বাতিটো আগুৱাই আইতাই ক’লে, ‘হোঁ ল। এইকেইটা চোবাই থাকিলে জুইৰ উম লৈ বেছি মজা পাবি।’ অনিচ্ছা স্বত্বেও দুটামান হাতত লৈ বহি থাকিলো। পাকঘৰৰপৰা বাচনৰ শব্দ ভাঁহি আহিছে। কিন্তু মোৰ ক’ৰবাত এনে লাগিল যেন মোৰ মনৰ ভিতৰৰ সজাই থোৱা সপোনবোৰ জৰজৰাই সৰি পৰিছে।

আজি আবেলি অনিৰুদ্ধৰ চিঠিখন আহিছিল। ঘৰৰ মানুহৰ অজ্ঞাতে অনন্তই চিঠিখন লুকুৱাই আনিছিল তাৰ বজাৰৰ মোনাত। অান প্ৰতিবাৰৰ দৰেই আজি শনিবাৰেও বাৰে বাৰে নঙলামুখলৈ গৈছিলো। বিভিন্ন বাহানা কৰিছিলো, লাগিলে সেয়া গৰু জপনাৰ বাহিৰতে থাকক। তথাপিও বাৰে বাৰে সেই অজুহাতত নঙলালৈ তাতবাতি কৰিছোঁ।

অৱশেষত তাৰ চিঠিখন লৈ অনন্ত আহিছিল।

: হোঁ ল। তোৰ বস্তু। মই যাওঁ। আৰু শুনচোন, তই আৰু চিঠিলৈ ৰৈ নথকাটোৱে ভাল। সি হেনো আৰু চিঠি নপঠায়।

কথাখিনি কৈ সি লৰালৰিকৈ গুছি গৈছিল।

দৌৰাদৌৰিকৈ আহি চিঠিখন পঢ়িবলৈ ল’লো।

: খৰিডাল বঢ়াই দে, নহ’লে জুইকুৰা নুমাব এতিয়া।
– আইতাৰ মাতত বাস্তৱলৈ ঘূৰিলো।

: কিনো ভাবি আছ হয়নে?

: নাই, একো নাই!

মিছা মাতি পুনৰ ভাৱনালৈ ঘূৰিলো।

অনিৰুদ্ধ আৰু মই দুয়ো দুয়োকে টা বছৰ ধৰি ভালপাওঁ। ঘৰৰ অজ্ঞাতে মনৰ আদান প্ৰদান চলি আছে চিঠিৰ জৰিয়তে। ইতিমধ্যে দুয়োজনে একেলগে থকাৰ প্ৰতিশ্ৰুতিও দিছোঁ। পিছে তাৰ সংস্থাপনৰ সংঘৰ্ষই আমাৰ মিলনৰ মূল দেৱাল ৰূপে থিয় দিছে। সেয়ে ঘৰত জনোৱাৰ সাহস এটাৰো হোৱা নাই। পিছে যোৱা কেইমাহমানৰপৰা সি হতাশাত ভুগিছে। মই বুজাইও হাৰ মানিছোঁ। অস্থিৰ মনবোৰ স্থিৰ কৰা কিমান কঠিন তাক মই নুবুজা নহয়। কিন্তু ইমান সহজে হাৰ মানি লোৱা অনিৰুদ্ধজনকতো মই ভাল পোৱা নাছিলো, দিয়া নাছিলো মোৰ হৃদয়খন!

সময়ে পালতৰা নাৱৰ গতিত তীব্ৰবেগে আগবাঢ়ি গৈছিল। কোনেও গাভৰু জীয়ৰী এজনীক ঘৰত বহুৱাই ৰাখিব নিবিচাৰে। মোৰ বিয়া ঠিক কৰিছিল এজন চৰকাৰী বিষয়াৰ লগত। খবৰটো দিবলৈ মই অনিৰুদ্ধক নিজে লগ কৰিছিলো। কথাটো শুনি কিছুপৰ নিশ্চুপ হৈ ৰৈ হাঁহিছিল তেওঁ। নাজানো কিয়! হয়তোবা নিয়তিৰ উপহাসক ধিক্কাৰ দিছিল। মই তেওঁক বুকুত সাৱতি কান্দিছিলো। চকুৰ পানীবোৰে তেওঁৰ উমাল বুকু তিয়াইছিল। তেওঁ ৰুক্ষ হৈ পৰিছিল। তথাপিও যেন সেই সময়ক বাধা দিব পৰা নাছিল।

: ‘তুমি ঘৰলৈ যোৱা হিমা। বিয়াত সন্মতি দিয়া। মোৰ লগত থাকি কি পাবা!’

: কিন্তু আমিতো প্ৰতিশ্ৰুতি দিছিলো, আজীৱন একেলগে থকাৰ। ছাঁৰ দৰে।

: ‘হয়তো আমাৰ ভুলটো তাতেই হ’ল হিমা। মানুহ এজনৰ লগত ছাঁটো চিৰদিন থাকিলেও এক কোনোদিনেই হ’ব নোৱাৰে। অথচ অভিন্নও হ’ব নোৱাৰে।’

তেওঁ ৰসহীন যুক্তিত মই ভাঙি পৰিছিলো। আজি তেওঁ চিঠিখনত মাত্ৰ তেওঁৰ সিদ্ধান্তহে জনাবলৈ লিখিছিল। তেওঁক হেনো অৰণ্যই মাতিছিল, সেয়ে তেওঁ যাবই লাগিব। তেওঁ কাইলৈ যাবগৈ। বিয়াৰ বাবে শুভেচ্ছা পঠিয়াইছে, জীৱনত সুখী হোৱাৰ! কিন্তু তেওঁক ক’ব পৰা হ’লে ক’লোহেঁতেন, “এই যে সুখ বোলা শব্দটো, তাৰ আৱেগখিনি সেইদিনা কলঙৰ পাৰতে এৰি আহিলো! লগত লৈ আহিলো মাথোঁ বিচ্ছেদৰ অৱধাৰণা, যাৰ লগত প্ৰতিপল মই জীয়াই থাকিম!”

হাতৰ মুঠিত লুকুৱাই ৰখা চিঠিখন জুইত দলিয়াই দিলো, দপদপাই জ্বলিল জুইকুৰা। আখৰবোৰ স্পষ্টকৈ জ্বলিল। মোৰ মনত ৰৈ যোৱাকৈ! বহুত উত্তাপ দিলে জুইকুৰাই। মনটো দেই যোৱাকৈ। নাযাবইবা কিয়? এইয়া যে তেওঁৰ ইচ্ছা আছিল। মনটো বান্ধি ল’লো কপকপিয়াকৈ, ৰসহীন শেঁতা জীৱনলৈ। তেতিয়ালৈ জ্বলি ছাই হৈ পৰি ৰৈছিল অনিৰুদ্ধৰ শেষ চিঠিখন!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *