ফটাঢোল

দূৰদৰ্শী ঠিকাদাৰ – প্ৰণীতা গোস্বামী বৰঠাকুৰ

:: ঐ যোগেন, দাখন লৈ এইফালে আহচোন— বলীন ঠিকাদাৰে হাজিৰা কৰা যোগেনক চিঞৰি মাতিলে। যোগেনেও চাঁচি থকা বাঁহফাল ঠাইতে পেলাই দৌৰি আহিল। ঠিকাদাৰৰ যিহে মতাৰ কোব, লগে লগে কাষলৈ নগ’লে চিঞৰি গগন ফালিব। :: কিয় মাতিছিল দেউতা– :: এই লিচুডালৰ গুৰিটো কাটি দে, দেখা নাই কেনেকৈ হাউলি জবাজোপা ঢাকি পেলাইছে। গোটেই জেগাকণ চেচুঁক কৰি পেলাইছে। :: দেউতা, কলি পেলাইছে। লাগনী গছজোপা…… আইদেউক এবাৰ শুধি ল’লে ভাল আছিল নেকি—যোগেনে ঠেৰো-গেৰোকৈ ক’লে কথাষাৰ। :: হ’ব হ’ব দে, নুশুধিলেও হ’ব—মই কৈছোঁ কাট, পাছত

Read more

ভট্টৰ ভূত — অভিজিত কলিতা

একেৰাহে তেৰদিন অচেতন থকাৰ পাছত আজি শংখ ভট্টৰ সংজ্ঞা ঘুৰি আহিল। আহিল মানে একেকোবে মানুহটো বিছনাৰ পৰা জপিয়াই উঠা নাই, মানুহটোৰ গাত লগাই থোৱা টিভিৰ দৰে যন্ত্ৰবোৰত ওলাই থকা ৰেখাবোৰৰ আকাৰহে সলনি হ’ল। অৱশ্যে মানুহটোৰো গভীৰ টোপনিৰ পৰা সাৰ পাই উঠা যেন নলগা নহয়। কিন্তু কিবা যেন আচহুৱা আচহুৱা পৰিবেশ। ভট্টৰ সদায় সোণকালে শুই উঠাৰ অভ্যাস। তেওঁৰ শোৱাকোঠাৰ খিৰিকী এখনৰ পৰ্দাখন অলপ কাষলৈ টানি থোৱা থাকে, পূৱা বেলিয়ে ওলোৱাৰ যো-জা কৰোতেই ভট্টৰ কোঠাটো জান নিজান পোহৰ হৈ উঠে। ভট্টই তেতিয়াই

Read more

বিউটি পাৰ্লাৰ – প্ৰাঞ্জল শৰ্মা বশিষ্ঠ

‘ঐ, নমতাকৈয়ে যাৱ? চিনি পাইছনে নাই? তাকে হ’লে ঠিক চিনিছোঁ। বহুত শকত হ’লি ভাই। ঠিক আছে, ঠিক আছে— শকত হ’লি হ’লি আৰু। চুলি আকৌ গ’ল কিয়? কি চিন্তাত ? দীপুহঁতৰ ঘৰলৈ যোৱাই মস্কিল। কাৰণ দুটা। এক সিহঁতৰ মস্ত কুকুৰটো আৰু দুই সিহঁতৰ দেউতাক। দুয়োটাৰে কি গর্জন। সেইকাৰণেই তাক কৈছিলোঁ— ‘লগ যদি পাব খোজ, আহিবি। সেই যে ‘বিউটি কেয়াৰ’ নামৰ বিউটি পার্লাৰখন, তাৰে সন্মুখত মই ৱেইট কৰিম।’ ৰৈ আছিলোঁও, পিছে সি আহিব ক’ত, দেখাদেখিয়েই নাই। কানীয়া। ৰৈ আছিলোঁ যদিও ব’ৰ হোৱা

Read more

তিনি মিনিট – অমিতাভ মহন্ত

ভৰ দুপৰীয়া৷ সময় দুই বাজি তেত্ৰিছ্ মিনিট৷ ভাত কেইটা খায়েই চেণ্ডেল চোঁচৰাই চোঁচৰাই নিজৰ ৰুমলৈ খোজ ল’লো৷ পৰীক্ষা নামৰ বিভিষীকাই দুৱাৰদলিত নাচি আছে৷ ৰ’বলৈ সময় নাই৷ পঢ়া টেবুলৰ সন্মুখত থিয় দিলো৷ কোনটো বিষয় পঢ়ো, কেতিয়া পঢ়ো, কেনেকৈ পঢ়ো ভাবি ত’ত পোৱা নাই৷ টেবুলৰ বাওঁচুকৰ পৰা হেনৰী ফেয়লে জিভা উলিয়াই যেন মোক জোকাব ধৰিছে, আদাম স্মিথে গহীন লুক এটা বিছনাত পৰি আছে৷ এতিয়া আৰু টেক্সবুক পঢ়ি পাছ কৰা মিছা৷ কালি “দাস এণ্ড ভূঞা” বুলি এদম ব্ৰহ্মাস্ত্ৰ কিনি আনিছিলো৷ দুয়ো মিলি এইবাৰ

Read more

এতিয়া বহুত ৰাতি — ঈশান জ্যোতি বৰা

(১) -অকেই !! তেন্তে মেইন মেইন কাৰ্যসূচীকেইটা মই লাষ্ট এবাৰ মাতি দিওঁ ৷ তহঁতে শুনি যাবি ৷ ন বজাত জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীসকলৰ দ্বাৰা বন্তি-প্ৰজ্বলন,দহ বজাত হাতী আৰু প্ৰখ্যাত ঢুলীয়া ৰামেশ্বৰ বৰকাকতীৰ সাংস্কৃতিক শোভাযাত্ৰা, এক বজাত বিশিষ্ট অতিথিৰ সৈতে অন্তৰংগ আলাপ, বিয়লি তিনি বজাত আধুনিক গীতৰ বাৰেৰহনীয়া অনুষ্ঠান,লগতে থাকিব কণ-কণ মইনাসকলৰ মাজত ৰাভা সংগীত প্ৰতিযোগিতা ৷ ঐ বিজন; ষ্টিলৰ গিলাচকেইটা বাবুৰ দোকানৰ পৰা আনিবি অ’৷ ৰাজুৱে পঠাইছে বুলি ক’লেই হ’ল ৷ ল’ছালিকেইটাক কিবা এটা দিব নালাগিব জানো ? -হ’ব ৷ তাৰপিছত পঢ়ি

Read more

লাই হালে-জালে, ফুল চন্দন তুলসী — ৰিমঝিম বৰঠাকুৰ

“আজি সোমে এক, মঙলে দুই…. মানে দেওবাৰ পৰিবগৈ। দেওবাৰে তেতিয়া ৰাতিপুৱাই…” “দেওবাৰে ৰাতিপুৱাই কি পাৰ্লাৰ যাবা?” “হৌৰি কিছুমান কথা কেনেকৈ গম পাই যায়হে। এনেই দেখোন একেবাৰে বুজাই থাকিলেও বুজি নাপায় একোডাল।” “অভিজ্ঞতা বুজিছা অভিজ্ঞতা। কথাতে কয় নহয় দেখিও শিকে, ঠেকিও শিকে।’ “হ’ব হ’ব। শুই থাকক এতিয়া চুপতি মাৰি থাকিব নালাগে।” “আগতে কোৱাচোন কাৰ কিটো আছে দেওবাৰলৈ।” “কিয় আজি আবেলি কোৱা নাছিলোঁ নেকি আপোনাক। মই দেখোন ৰাতিপুৱাই দৌৰিছিলোঁ‌ শইকীয়াৰ ছোৱালীৰ বিয়াৰ খবৰ কৰিবলৈ। আইনাখনৰ সন্মুখত থিয় হৈ মিচেছ চলিহাই মূৰটো বেঁ‌কা

Read more

খেল – দ্য টুইষ্ট – ৰিন্টুমণি দত্ত

– ওৱান ক্লাবচ – ওৱান হাৰ্টজ – টু ক্লাবচ – টু হাৰ্টজ – ডাবোল – ৰি-ডাবোল হাৰ্টজৰ এক্কাটো প্ৰথম ডীলত খেলি মাণিক দাইটিয়ে বিড়ি এটা জ্বলাই ল’লে। প্ৰথম খেলতে বিপক্ষ অৰ্থাৎ মোৰ আৰু ধনদাৰ হাতৰ পৰা ওলাই গ’ল হাৰ্টজৰ চাহাব আৰু গোলাম। ডাবোল দি জ্ঞানীৰ কাম নকৰিলোঁ নেকি! বিড়িটোত দীঘলকৈ টান এটা মাৰি মাণিক দাইটিয়ে ইস্কাপনৰ এক্কাটো খেলিলে চেকেণ্ড ডীলত। ধনদাই মোলৈ পোন্দোৱাকৈ চালে, ডাবোল দিয়াৰ কাৰণে তেওঁৰ খঙ উঠিছে। কলেজ শেষ কৰাৰ কিছুদিনৰ পিছতে চাকৰিত সোমালোঁ, গাঁ‌ৱৰ ঘৰৰ পৰাই

Read more

হনুমান মুদ্ৰাৰ সন্ধানত – সঞ্জীৱ ভট্টাচাৰ্য

“ঐ দোস্তি ক’ত, কেনেকৈ, কিয় বিখ্যাত হৈ আছ তই আজিকালি?” -ফোনটোৰ সিটো মূৰত থকা ব্যক্তিজনৰ মাতটো চিনাকি যেন লাগিলেও মোবাইলটোৰ স্ক্ৰীণখনত নম্বৰটো আননৌন নম্বৰ বুলি অহাত অলপ ইতস্ততঃবোধ কৰিয়েই ৰাতুলে সুধিলে, “কোনে কৈছে বাৰু?” “আৰে ভাই, মই অজয়। মোৰ মাতটোও পাহৰিলি নেকি?” “মাতটো পাহৰা নাই। সদায় সদায় মোবাইলৰ নম্বৰটো সলনি কৰি থাকিলে কেনেকৈ ধৰিব পাৰিম তয়েই হয় বুলি! বাৰু কচোন, ইমানদিনৰ মূৰত কি সকামত মোলৈ মনত পৰিল তোৰ?” “ডাঙৰ সকাম বে বন্ধু এইবাৰ। লগ ধৰি কথা পাতিব লাগিব তোৰ লগত।

Read more

ছলিলকী অফ এ চাকচেছফুল মেন– নীলাক্ষি দেৱী ডেকা

দুইমহলাৰ শোৱাকোঠাৰ সংলগ্ন বেলকনিৰ আৰামী চকীখনত বহি তিনি নম্বৰ পেগটো মিলাই ললোঁ। ইতিমধ্যে গধূলিৰ আন্ধাৰে আকাশখন সাৱটি ধৰিছে যদিও বিজুলী বাতিৰ পোহৰেৰে জিকমিকাই আছে চাৰিওফালে। মই বেলকনিৰ লাইটটো জ্বলোৱা নাই। অকলে থাকিলে আন্ধাৰত বহি থাকিবলৈকে ভাল লাগে বেছি। অৱশ্যে মই অকলশৰীয়া নহয়, ঘৰৰ মানুহ গোটেই কেইটাই আছে। কিন্তু অফিচৰ পৰা অহাৰ পাছত এইখিনি সময় মোক কোনেও আমনি নকৰে। মণিকা, মোৰ পৰিবাৰ টিভিৰ সন্মুখত, তেওঁৰ প্ৰিয় চিৰিয়েল চোৱাত ব্যস্ত। ল’ৰাটো অলপ আগতে বাইকখন লৈ ওলাই গৈছে বন্ধুৰ লগত পাৰ্টি আছে বুলি।

Read more

অৰিজিনেল চাৰ্টিফিকেট — বৰ্ণালী ফুকন

অৱশেষত ৰূপহীয়ে চাৰ্টিফিকেটখন বিচাৰি পালে। কম বিচাৰ-খোচাৰ নকৰিলে নে এইখনৰ কাৰণে! পাছত ট্ৰাংকৰ তলতেই পাল। কিন্তু এইখনতো অৰিজিনেল নহয়। – উফ প্ৰভু৷ কি হ’ব এতিয়া! ৰিটায়াৰ হোৱাৰ এমাহ আগৰপৰা ধৰফৰাই উঠিছিল তাই৷ ইফালে স্কুলৰপৰা তাগিদা আহিছে চাৰ্টিফিকেটৰ জেৰক্স কপিটোৰ লগতে অৰিজিনেলটোও জমা দিব লাগে৷ তেতিয়াহে লাগিল গোটেই খেলিমেলিটো৷ আজি অত বছৰে তাই জেৰক্স কপিৰে কাম চলাই আছিল৷ যিমানেই জেৰক্স কৰিছে লাহে লাহে সিমানেই আখৰবোৰ অস্পষ্ট হৈ আহিছে৷ জেৰক্স কৰি দিয়া ল’ৰাটোৱে সুধিছিল, – ক্যা বাইদেউ আপুনি দিয়াখনেই ইমান অস্পষ্ট৷ জেৰক্স

Read more
1 43 44 45 46 47 78