ফটাঢোল

দূৰদৰ্শী ঠিকাদাৰ – প্ৰণীতা গোস্বামী বৰঠাকুৰ

:: ঐ যোগেন, দাখন লৈ এইফালে আহচোন— বলীন ঠিকাদাৰে হাজিৰা কৰা যোগেনক চিঞৰি মাতিলে।
যোগেনেও চাঁচি থকা বাঁহফাল ঠাইতে পেলাই দৌৰি আহিল। ঠিকাদাৰৰ যিহে মতাৰ কোব, লগে লগে কাষলৈ নগ’লে চিঞৰি গগন ফালিব।
:: কিয় মাতিছিল দেউতা–
:: এই লিচুডালৰ গুৰিটো কাটি দে, দেখা নাই কেনেকৈ হাউলি জবাজোপা ঢাকি পেলাইছে। গোটেই জেগাকণ চেচুঁক কৰি পেলাইছে।
:: দেউতা, কলি পেলাইছে। লাগনী গছজোপা…… আইদেউক এবাৰ শুধি ল’লে ভাল আছিল নেকি—যোগেনে ঠেৰো-গেৰোকৈ ক’লে কথাষাৰ।
:: হ’ব হ’ব দে, নুশুধিলেও হ’ব—মই কৈছোঁ কাট, পাছত ঢাপৰ আম দুজোপাও কটাম ডাঙৰ কৰট অনাই — বলীন ঠিকাদাৰে ভোৰভোৰাই উঠিল।

বলীন ঠিকাদাৰ অঞ্চলটোৰ এজন প্ৰতিপত্তিশীল লোক। অঞ্চলটোৰ যিকোনো ৰাজহুৱা কামত তেওঁ নিজৰ প্ৰতিপত্তি জাহিৰ কৰি ভাল পায়। যেতিয়াই ৰাইজে বৰঙণী বিচাৰি তেওঁৰ ওচৰ চাপে, তেওঁ আনে মানে গাওঁবুঢ়াতকৈ দুটকা হ’লেও বেছি দি ওপৰত থাকে। মেলে মিটিঙেও গাওঁবুঢ়াৰ কাষৰ আসনখন তেওঁৰ বাবে ফিক্স। ডেকাকালতে তেওঁ মপেদ লৈ টাউনলৈ অহা-যোৱা কৰা মানুহ, অলপ পাত্তা বিচাৰিবই। তাতে তেতিয়াৰে কলেজ পাছ কৰা ব্যক্তি। গাওঁখনৰ ডেকাচাম আজি কেইবছৰমানৰ আগৰপৰাহে টাউনলৈ অহা যোৱা কৰা হৈছে, দুশ্ৰেণী পঢ়ি দেশৰ কথা, সমাজৰ কথা জনা হৈছে। আগতে তেঁৱেই সকলোকে দেশৰ বা-বাতৰি জনাই আহিছিল। এতিয়াৰ ডেকা-বুঢ়া সকলোৰে অৱশ্যে তেঁৱেই আদৰ্শ। গাওঁখনত এতিয়া এখন হাইস্কুলো স্থাপন হ’ল চৰকাৰী সাহায্যত। এইবোৰত আগভাগো ঠিকাদাৰেই লৈছিল। চৰকাৰী সা-সুবিধাবোৰৰ খা-খবৰবোৰ তেঁৱেই গাওঁবুঢ়াক জনাইছিলহি। আবেদন, নিবেদনবোৰো তেওঁৰ কলমেৰেই নিগৰিছিল। মুঠতে গাওঁখনৰ সকলো কামৰ তেওঁ আঁত ধৰিছিল। এতিয়া বহুত পৰিবৰ্তন হ’ল, ডেকাচাম আগবাঢ়ি গৈছে। বাতৰি, টিভিৰ মাধ্যমেৰে দেশৰ খা-খবৰবোৰ পাই এতিয়া তেওঁলোক প্ৰায় ‘সৰ্বজান্তা’ ৰ দৰে। গাঁৱৰ যিকোনো কামত ঠিকাদাৰৰ পৰামৰ্শ নোলোৱাকৈও সমাপন কৰিব পৰা হ’ল। এইক্ষেত্ৰত ঠিকাদাৰৰ অলপ আক্ষেপ নথকাও নহয়। কেৱল দান বৰঙণীৰ ক্ষেত্ৰতহে ঠিকাদাৰক আগস্থান দিবলৈ নাপাহৰে তেওঁলোকে। সেইকণ সুযোগ ঠিকাদাৰে কেতিয়াও হেৰুৱাব নিবিচাৰে। সেয়ে আনতকৈ দুটকা হ’লেও বেছিকৈ দি নিজৰ সন্মান অটুট ৰাখে। পিছে তাতো এটা সমস্যাৰ সৃষ্টি হৈছে। সৰুৰে পৰাই বলীন ঠিকাদাৰৰ লুভীয়া স্বভাৱটোৰ কথা গাওঁখনে জানে। তাকে লৈ আজিৰ ডেকাচামে প্ৰায় তেওঁ শুনাকৈ পিছফালৰ পৰা তিতকাৰি মাৰে। ঠিকাদাৰৰ টিঙিচকৈ খঙটোৱে তেতিয়াই ভুমুকি মাৰে।

আজি দুদিনমানৰ পৰা ঠিকাদাৰ ভিতৰি অলপ গুমৰি আছে। কথাই প্ৰতি আক্ষেপ। পত্নী ৰমলায়ো একো উৱাদিহ পোৱা নাই! কি হৈছে মানুহটোৰ, গাঁৱত একো সভা-সমিতিও হোৱা নাই, ভাওনা সবাহ পাতিবলৈও ওচৰত একো তিথিও পৰা নাই;…. নৈমিত্তিক বৃহস্পতিবাৰৰ গোপিনী নাম আৰু শনিবৰীয়া ভকতৰ নামহে চলি আছে। তাতো একো নতুন খবৰ শুনা নাই। ঘৰত নক’লেও ৰাজহুৱা কামৰ কথা নামঘৰত ওলাবই। তেনেকুৱা একো কামৰ কথাও শুনা নাই দেখোন! কি হৈছে মুখখন খুলি নকয়ো নহয় মানুহটোৱে!…. মানুহটোৰ কাণ্ড-কাৰখানাবোৰ চাই ৰমলাই ভাবি পাৰ নোপোৱা হৈছে। খাই ভাল পোৱা মানুহটোৰ খোৱা-বোৱাতো মন নাইকীয়া হৈছে অলপ দিনৰ পৰা। এনে এজন মানুহে এনেকৈ নোখোৱাকৈ থাকিলে কাৰণো মনটো ভাল লাগিব! সুধিলেও একো নকয়। টাউনত গৈ ডাক্তৰক দেখুৱাবলৈ কোৱাত যিটোহে গেঙেৰী মাৰিলে— তেওঁৰ হেনো একো হোৱা নাই, অনৰ্থক চিন্তা কৰি মূৰ ঘমাব নালাগে। কথাবোৰো যে কয় আৰু……! এই বিশাল ঘৰখনত মানুহ দুটা। তাৰে এজনে মন মাৰি বহি থাকিলে আনজনে শান্তিত খাব-শুব পাৰিবনে বাৰু! মানুহটোৱে অকণো বুজি নাপায়…….! ৰমলাৰ মনটোৱে কান্দি উঠে এইবোৰ কথাতে….

আজি যোগেনক মাতি বাৰীখন চিকুনাবলৈ কামত লগাই তাকে দিহা দি থকা দেখি ৰমলাৰ মনটো অলপ ভাল লাগিল। অন্তত গোমোঠা মাৰি থকা চেহেৰাটো অলপ মুকলি হৈছে। তাকে দেখি ৰান্ধনিশাললৈ গৈ দুবিধমান তেওঁ ভালপোৱাকৈ ৰান্ধিবলৈ যো-যা কৰিলে ৰমলাই। যোগেনক বাৰীৰ চুকৰ কলজোপাৰ পৰা কলডিলটো কাটি দিবলৈ কওঁ বুলি পাকঘৰৰ পৰা ওলাই মাত দিবলৈ লওঁতেই ঠিকাদাৰে যোগেনক লিচুজোপা কাটিবলৈ বুলি কোৱা শুনি তেঁৱো আগবাঢ়ি গ’ল—–

:: হেৰি, আপোনাৰ হৈছে কি… লিচুজোপা কলিয়াইছে….। ইমান বছৰে ফল দি থকা গছজোপা কটাব খুজিছে কিয়…?

:: তুমি মাজত নোসোমাবা, এইবোৰ গছ থকা মানেই বেমাৰৰ বাহ। খাবলৈনো আছে কোন? গোটেই বাৰীখন চেঁচুক কৰিছে গছডালে। মিছাতে এইবোৰ গছ থকাতকৈ….

:: অত বছৰে ফল খালে.. আজি বেমাৰ হয় বুলি ক’লে যে.. , গছজোপাই একো অনিষ্ট কৰা নাই আমাক…, নকটাব…
খঙতে ভোৰভোৰাই ৰমলা ভিতৰ সোমাল। যাওঁতে যোগেনক পাছফাললৈ মাতি লৈ গ’ল।
………….
………

দুপৰীয়া খোৱা টেবুলত কলপছলাৰে ৰন্ধা মাছৰ মূৰৰ তৰকাৰী, জাতিলাও আলু বিলাহীৰে ৰন্ধা মাছৰ টেঙা, মছলা দি ৰন্ধা আলু বন্ধাকবিৰ থুপথুপীয়া ভাজি, বেঙেনা ফ্ৰাই, মচমচীয়া আলুৰ ভাজি, গাজৰ আৰু তিয়ঁহৰ চালাডখন দেখি ঠিকাদাৰৰ মনটো ভাল লাগি গ’ল। ৰমলাই আজি তেওঁ ভালপোৱা প্ৰায় সকলোবোৰেই ৰান্ধিছে। পিচে টেবুলত বহি তেওঁ কেৱল পছলাৰ তৰকাৰী আৰু চালাডখিনি ওচৰ চপাই আনি খোৱা আৰম্ভ কৰিলে। বাকীখিনি বস্তুত হাতেই নিদিলে। আলু তেওঁৰ প্ৰিয় পাছলি। তথাপি আজি তেওঁ মচমচীয়া আলু ভাজিখনো আঁতৰাই থোৱাত ৰমলাৰ মনে নসহিলে। আজি উৰহি গছৰ ওৰটো উলিয়াব লাগিব— মনতে থিৰাং কৰিলে ৰমলাই।
ভাত খোৱাৰ পাছত ঠিকাদাৰ এখন্তেক জিৰায়। এই চেগতে ৰমলাই যোগেনক পঠাই হৰেশ্বৰ দাইটিক আবেলিলৈ এবাৰ আহিবলৈ মাতি পঠালে। ঠিকাদাৰে কেৱল তেখেতে কোৱা কথাহে নেপেলায়। দাইটিক শ্ৰদ্ধা কৰে, সমীহ কৰে।
ৰমলাই এইদৰে মতাই পঠালে দাইটিয়েও বুজি পায় যে ঠিকাদাৰক কিবা কথা মনাব লগা হৈছে। ঠিকাদাৰৰ ঘৰ সোমায়েই দাইটিয়ে ৰমলাৰ পৰা কথাৰ আঁতি গুৰি লৈ ল’লে। অনাহকত গছবোৰ কটাব বিচৰা ঠিকাদাৰৰ মনত যে কিবা কথাই খুন্দিয়াই আছে দাইটিয়ে ভালকৈয়ে বুজি পালে।
চাহৰ বাতিত দীঘলীয়া সোহা এটা মাৰি দাইটিয়ে ঠিকাদাৰৰ মুখলৈ চাই একো নজনাৰ দৰেই সুধিলে—
:: বোপাই, চেহেৰাটো অলপ বেয়া দেখিছোঁ, পোতোকা পৰিছা দেখোন! গা মূৰ বেয়া নেকি?
:: নাই দাইটি, খোৱা বোৱা অলপ কমাই দিছোঁ।
:: কিয়, অৰুচী হ’লে নৰসিংহ, মানিমুনিৰ জোল খাবা।
বোৱাৰী, এইবোৰ ৰান্ধনে তই, খোৱাৰ যত্ন ল’বি ইয়াৰ — ভিতৰলৈ চাই দাইটিয়ে ৰমলাক মাত লগালে।
:: খোৱাৰ অৰুচী নহয় দাইটি, ডাক্তৰে খোৱা কমাবলৈ কৈছে।– ঠিকাদাৰৰ নিৰুত্তাপ উত্তৰ।
:: থ’ হেৰৌ, ক’ৰ ডাক্তৰ এইজন? থুলন্তৰ মানুহটো টোটৰা পেলাই দিছে খাবলৈ নিদি। খাবি বুজিছ। ভোকৰ ভাতকেইটাহে আচল বস্তু, তাকো নোখোৱাকৈ থাকিবিনে—-? দাইটিয়ে আচৰিত হৈ ক’লে।
:: দাইটি, এখেতে কি হৈছে একো নকয়, আজি আকৌ যোগেনক লগাই আম-লিচুৰ গছবোৰ কাটিবলৈও উঠি পৰি লাগিছে। কি হৈছে একো বুজি পোৱা নাই!— ৰমলাই মাজতে মাত লগালেহি।
:: অঁ, হয় নেকি–? বোপাই, এইবোৰ কিয় কৰিছ, বাপেৰে ৰোৱা গছ এইবোৰ, কটাই খৰি বেচিব খুজিছ নেকি—? দাইটিয়ে দুখেৰে সুধিলে।
:: নহয় দাইটি, খৰি বেচিবলৈ নহয়। এইবোৰ গছে বেমাৰ বঢ়ায়। ডাক্তৰে এইবোৰ মিঠা ফল খাবলৈ মানা কৰিছে। সেয়ে——
:: কি——! কি বেমাৰ হয় আম লিচু খালে—? আপোনাৰ কি অসুখ হৈছে খুলি কওকচোন—। ৰমলাই অধৈৰ্য হৈ ক’লে।
:: তুমি ভিতৰলৈ যোৱাচোন। ঠিকাদাৰে ৰমলাক ভেকাহি মাৰি উঠিল।
ৰমলা লাহে লাহে অস্থিৰ হৈ পৰিছে। মানুহজন আৰু দাইটিয়ে কি কথা পাতে, তাকে জানিবলৈ ৰমলাই কাণ উণাই থাকিল।
ঠিকাদাৰে লাহেকৈ ক’লে,—-
:: আচলতে মোৰ সেইবিধ হৈছে অ’ দাইটি।

দাইটি শশব্যস্ত হৈ পৰিল।
তেওঁ উদ্বিগ্ন হৈ ঠিকাদাৰক সুধিলে,—-

:: কোনবিধ? হৈছে কি তোৰ?

ঠিকাদাৰে ফুচফুচাই ক’লে,….
::বহুমূত্ৰ ৰোগ, দাইটি, বহুমূত্ৰ হৈছে মোৰ।

:: সেইবুলি তই গছবোৰ কিয় কাটিবলৈ আৰম্ভ কৰিছ?

:: এহ, মোৰ জিভাখনচোন তুমি জানাই। খকতে কোনদিনা কি খাই দিওঁ একো ঠিক নাই। সেয়েহে বাপেকে মিঠাফলৰ গছেই নাৰাখোঁ বুলি ভাবিছোঁ।

দাইটিয়ে কি ক’লে, তাক শুনিবলৈ ৰমলা ৰৈ নাথাকিল। মানুহগৰাকীৰ মনটো ফৰকাল হৈ পৰিল।…..
হওক তেওঁ। গছ কাটি মানুহজনে যে নিজকে নিৰোগী কৰি ৰাখিব বিচাৰিছে, সেইয়াই বহুত। অন্ততঃ মানুহজন প্ৰায় ভালেই আছে। ৰমলাৰ মুখৰ পৰা আনন্দতে গানৰ ফাঁকি এটা ওলাই আহিল

:: লাই হালে জালে, লফা হালে জালে——
☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *