ফটাঢোল

বগৰী বৰুৱা – মণিকুন্তলা ভট্টাচাৰ্য

কি যে এক কাব্যিক মুহূৰ্তত বুবুল বৰুৱাৰ নামটো বগৰী বৰুৱা হৈছিলগৈ, সেয়া স্বয়ং নামদাতাসকলেও নাজানে৷ ধাঁচকৈ নীলা মাৰুতিখন ‘পণ্ডিত পাণবাহাৰ’ত ৰখাই, গাড়ীৰপৰা ননমাকৈয়েই চলঙৰ তলৰপৰা ডিঙি মেলা কাছটোৰ দৰে পণ্ডিতমুৱাকৈ ডিঙি মেলে৷ যিমান তড়িৎগতিত পণ্ডিতৰ থূপ খাই থকা ভোটোহা কৃষ্ণ ওঁঠযুৰিয়ে কঁচিজোনৰ আকৃতি লয়, তাৰ দুগুণ তীব্ৰগতিত তাৰ হাতৰ কচৰৎ চলে৷ পণ্ডিতৰ জীৱনৰ চৰম লক্ষ্য যেন বৰুৱাৰ সুগম্ভীৰ ব্যক্তিত্বৰ লগত মিলি যোৱাকৈ পাণ তৈয়াৰ কৰাটোৱেই! যেন একো-একোখন শ্ৰেষ্ঠ পাণেৰে বৰুৱাক সন্তুষ্ট কৰিবলৈকে সি এই পৃথিৱীলৈ আহিছে! দুৰন্ত গতিত পণ্ডিতৰ হাত

Read more

সাহিত্যচৰ্চা – অমিতাভ মহন্ত 

পুৰণি আলমাৰীটোত জৰুৰী কাগজ এখন বিছাৰি থাকোঁতে এখন প্ৰাগৈতিহাসিক বহী হাতত আহি পৰিছে৷ হওঁতে শকত বহীয়েই৷ বোধহয় চেভেন, এইট্ মানত আছিলোঁ৷ আঁচ নপৰা বহী৷ সাধাৰণতে এনেধৰণৰ বহী অঙ্ক, বিজ্ঞান আদি বিষয়ত ব্যৱহাৰ কৰা হয়৷ বাহিৰফালে একো লিখা নাই৷ গতিকেই বহীখনৰ ডিটেইল্ ল’বলৈ মলাট লুটিয়াব লগা হ’ল৷ লুটিওৱাৰ লগে লগেই এটা মাইক্ৰ’ মিনি হাৰ্ট এটেক্৷ প্ৰথম পৃষ্ঠাতেই বিভিন্ন ৰঙৰ চিয়াহীৰে অলংকৰণসহ ডাঙৰ ডাঙৰকৈ লিখা আছে- “অমিতাভ মহন্ত৷ সপ্তম শ্ৰেণী, গোপীনাথ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়, বৰপেটা ৰোড৷ উপন্যাস-গল্প-কবিতা-প্ৰবন্ধ আৰু বিভিন্ন মৌলিক লেখা৷”

Read more

দেই – ঈশান জ্যোতি বৰা

চনঃ ১৯৮০, সময়ঃ সন্ধ্যা ৮ আকাশত মেঘৰ ভোৰ্‌ভোৰণি! নহয়! পদূলিত খৰিকাজাঁইৰ থেন্‌থেননি! নহয়৷ গোহালিত গৰুৰ খেচ্‌খেচনি! নহয়,নহয়৷ সেইটোও নহয়! তেন্তে কিনো! তেন্তে? তেন্তে সেয়া পাগঘৰৰ চাকিৰ পোহৰত আমাৰ শিলকণ্ঠ চলিহা৷ অশান্ত-অস্থিৰ-অবুজ, লেঙ-লেঙকৈ ওখ, অথচ শূন্য সহনশীলতাৰে নিৰ্বোধ-সেইজন শিলকণ্ঠ চলিহা৷ চিঞৰত বতাহ-গগন একাকাৰ কৰি এতিয়া অসমীয়া ব্যাকৰণৰ পাঠ আওৰাব লাগিছে৷ ইছ! কি যে কোৱা! আকাশত তৰা কেইটা গণি নোপোৱা এই ধোদৰ পচলাটোৱে কিতাপ পঢ়িব! তাকো অসমীয়া ব্যাকৰণ! তুমিও আজিকালি বেচ জমনি কৰিব পৰা হৈছা! ‘নাম নাজানো’ বুলিহে ক’লোঁ আৰু দিয়া৷ তুমি

Read more

বিড়ম্বনা – সুনীল দত্ত

ঘৰৰপৰা চাই চিতি বিয়াখন পতা বাবে হ’বলগীয়া কইনাগৰাকীৰ লগত সকলোৰে উপস্থিতিত দুবাৰ মুখামুখি হোৱাৰ বাদে বিয়াৰ আগত ভালকৈ কথা পতাই নহ’ল। যিমানেই বিয়াৰ তাৰিখটো ওচৰ চাপিল সিমানেই প্ৰেমত হাবুডুবু খাই ছোৱালী এগৰাকী পলুৱাই অনাই ভাল আছিল বুলি মনত এটা ভাব আহি থাকিল। নাহিবইবা কিয়? মই মানুহটো অলপ হিচাপী। হিচাপী মানে টকা সিকাৰ ক্ষেত্ৰত লগাতকৈ বেছিয়েই হিচাপী। সেইবাবে বিয়াৰ যা যোগাৰ কৰোতে জমা টকাৰ বুজন অংশ এটা খৰচ হওঁতে মনত আক্ষেপ হোৱাতো স্বাভাৱিক। পৰিয়ালৰ আটাইবোৰ সদস্যই বিয়াৰ নামত টকা খৰচ কৰা

Read more

ফলাফল – অভিজিত দত্ত

“চাৰ, মিঠাই এটা খাওক।” চলিহাই মূৰটো দাঙি চালে। অফিচৰ শান্তিপ্ৰিয়া বৰুৱাই চলিহাৰ কাষত থিয় হৈ আছে। চলিহাই মুখত হাঁ‌হি এটা বিৰিঙিয়াই লাহেকৈ সুধিলে, “কিহৰ বাবে মিঠাই, শান্তি?” “চাৰ, ভাল খবৰ এটা আছে। মোৰ বিয়াখন ঠিক হ’ল চাৰ।” কথাষাৰ কৈ শান্তিপ্ৰিয়াই লাজকুৰীয়া হাঁহি এটি মাৰিলে। চলিহাৰ হিয়াখন যেন ছাৰখাৰ হৈ যোৱাৰ উপক্ৰম হ’ল। শান্তিৰ বিয়া? এইয়া কেনে কথা? তাইতো সৌ সিদিনালৈ বিয়াত নবহে বুলি কৈ আছিল! আজি হঠাৎ বিয়াৰ খবৰ দিছে তাই? অফিচত মিঠাই বিলাই তাই মনৰ আনন্দ প্ৰকাশ কৰিছে। শান্তিপ্ৰিয়াই

Read more

হেট ইউ জিন্দেগী – তৃষ্ণা সোণোৱাল

কলেজৰ দিনবোৰত সমীৰণৰ কাৰণে আমি তিনিওজনীয়েই পাগল আছিলোঁ। তাৰ সুদৰ্শন চেহেৰাই মহিমাক মুহি ৰাখিছিল, উপমা বলিয়া আছিল তাৰ কবিতাৰ বাবে আৰু তাৰ ব্যক্তিত্বৰ প্ৰেমত পৰিছিলোঁ মই। তাৰ প্ৰতি থকা আকৰ্ষণৰ কথা সি জানিছিল নে নাই সেই কথা আমি এজনীয়েও নুবুজিলোঁ। পাকে প্ৰকাৰে, আকাৰে ইংগিতে প্ৰতিজনীয়ে তাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কিন্তু এৰা নাছিলোঁ। উপমা আছিল এখোপ চৰা, তাইহে যেন সমীৰণৰ সুবিধা অসুবিধা সকলোবোৰৰ ঠিকা লৈ থৈছে। ক্লাছত প্ৰায়ে তাই সমীৰণৰ প্ৰক্সি মৰাৰ বাবে ভূঞা ছাৰৰ গালি খায়। : মিছ উপমা

Read more

জয় বাই অসম – পাৰ্থ প্ৰতীম শৰ্মা

ঈশ্বৰৰ আদালতত তেওঁৰ বিচাৰ আৰম্ভ হ’ল। তেওঁৰ ওপৰত অভিযোগ আছিল হত্যাৰ। তেওঁৰ নিৰ্দেশ আৰু পৰিকল্পনা মতেই বহুত নিৰীহ মানুহক হত্যা কৰা হৈছিল আৰু আটাইতকৈ ঘৃণনীয় অপৰাধ আছিল তেওঁৰ নিৰ্দেশত হোৱা বোমা বিস্ফোৰণত ১৭ টা শিশুৰ মৃত্যু! কিন্তু তথাপিও তেওঁ কাঠগড়াত থিয় হৈ হাঁহি আছিল। তেওঁৰ চিন্তাত এই মৃত্যু প্ৰয়োজনীয় আছিল, স্বাধীনতাৰ বাবে, প্ৰগতিৰ বাবে! ঈশ্বৰৰ উকীল যমৰাজেই আৰম্ভ কৰিলে – “হে ঈশ্বৰ, এওঁৰ বিচাৰক লৈ আমি যথেষ্ট চিন্তিত হৈছোঁ। বহুত ভাবিও আমি একো উপায় উলিয়াব পৰা নাই। আন কোনো কেছত

Read more

সমস্যা গুৰুতৰ – হিৰণ্যজ্যোতি দাস

খলিল আহমেদে উইকেট এটা পোৱাৰ লগে লগে যেনেদৰে নাচি উঠে ঠিক তেনেদৰে সেইটো মুহূৰ্তত মোৰো হাত দুখন দাঙি এপাক নাচি দিবলৈ মন গৈছিল৷ কিন্তু দুবছৰ আগতে তেনেকৈ নাচিবলৈ গৈ বাইকৰ হেণ্ডেলৰ পৰা হাত এৰি দি এমাহ হস্পিতালৰ বিচনাত পৰি থকা কথাটো মনত পৰাৰ বাবে আজি সেই এডভেন্সাৰ সিমানতে সামৰিলোঁ‌৷ বহুদিনৰ পৰা চেষ্টা কৰি থকা কামটো ইমান সুন্দৰকৈ সমাধা কৰিব পাৰিম বুলি মই সপোনতো ভবা নাছিলো৷ আজি ছমাহৰো বেছি দিনৰ পৰা যিটো সমস্যাই মোক অনবৰতে ভাৰাক্ৰান্ত কৰি ৰাখিছে সেই সমস্যা সমাধান

Read more

লোভ, মায়া-মোহ! – ৰিমঝিম বৰঠাকুৰ

সৰুতেতো মই পঢ়াত ভালেই আছিলোঁ। সময়মতে পঢ়া-শুনা কৰিছিলোঁ। একো ওজৰ-আপত্তিও নাছিল। ঘৰৰ ওচৰৰে এল পি স্কুলখনতে পঢ়িছিলোঁ। দেউতাই অফিচলৈ ওলাই যাওঁতেই ভণ্টিকে, মোকে স্কুলত নমাই থৈ গৈছিল। ক’বলৈ বাজাজ স্কুটাৰখনৰ সৈতে আমি চাৰিটা প্ৰাণী অসম আৰ্হিৰ দুইকুঠলীয়া ঘৰটোত একদম ধুনীয়াকৈ থাকিব পাৰিছিলোঁ। সেইসময়ত যদি মোক কোনোবাই জীৱনৰ লক্ষ্য কি বুলি সুধিছিল, তপৰাই কৈছিলোঁ “এজন প্ৰকৃত মানুহ হিচাপে সমাজত নিজকে প্ৰতিষ্ঠিত কৰা।” ইমান সৰু ল’ৰাৰ মুখত কথাষাৰ বহুত ডাঙৰ যেন লাগিছিল নেকি, সকলোৱে উত্তৰটো শুনাৰ লগে লগে ‘হাঁ’কৈ মুখখন মেলি দিছিল।

Read more

ডেমব্লাডি, জগবন্ধু ফটাছাতি….. – গীতিকা শইকীয়া

“ডেমব্লাডি, জগবন্ধু ফটাছাতি, ভোটটো দিবা মোৰ পাৰ্টিক…” – ইংৰাজীত এক্সপাৰ্ট বুলি ফিটাহী মাৰি কথা কোৱা এল কে বিৰ এই ডায়লগটোত সময়ে সময়ে আন বিভিন্ন কথাই লগ লয়। তাতে নিৰ্বাচনৰ সময়বোৰত এই ডায়লগৰ কথাই বেলেগ হৈ যায়। আকৌ প্ৰতিটো নিৰ্বাচনতে এল কে বিৰ পছন্দৰ দলবোৰো বেলেগ বেলেগ হয়। আচলতে য’তেই নিজৰ সুবিধা হোৱাৰ চান্স দেখে সেই দলৰ বাবেই এল কে বিৰ নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ হয়। বহুক্ষেত্ৰত নিৰ্বাচনৰ আগতীয়া সময়খিনিতেই এল কে বিৰ দলৰ প্ৰতি দায়বদ্ধতা বেছিকৈ দেখা যায়। স্থানীয় মানুহক, মূলতে

Read more
1 45 46 47 48 49 78