জয় বাই অসম – পাৰ্থ প্ৰতীম শৰ্মা
ঈশ্বৰৰ আদালতত তেওঁৰ বিচাৰ আৰম্ভ হ’ল। তেওঁৰ ওপৰত অভিযোগ আছিল হত্যাৰ। তেওঁৰ নিৰ্দেশ আৰু পৰিকল্পনা মতেই বহুত নিৰীহ মানুহক হত্যা কৰা হৈছিল আৰু আটাইতকৈ ঘৃণনীয় অপৰাধ আছিল তেওঁৰ নিৰ্দেশত হোৱা বোমা বিস্ফোৰণত ১৭ টা শিশুৰ মৃত্যু! কিন্তু তথাপিও তেওঁ কাঠগড়াত থিয় হৈ হাঁহি আছিল। তেওঁৰ চিন্তাত এই মৃত্যু প্ৰয়োজনীয় আছিল, স্বাধীনতাৰ বাবে, প্ৰগতিৰ বাবে!
ঈশ্বৰৰ উকীল যমৰাজেই আৰম্ভ কৰিলে –
“হে ঈশ্বৰ, এওঁৰ বিচাৰক লৈ আমি যথেষ্ট চিন্তিত হৈছোঁ। বহুত ভাবিও আমি একো উপায় উলিয়াব পৰা নাই। আন কোনো কেছত আমি ইমান জটিলতা পোৱা নাছিলোঁ। এই বিচাৰ আগুৱাই নিবলগীয়া উকীলৰ লগত মই আগতীয়াকৈ কথাও পাতিছোঁ। আমিতো আৰু মৰ্ত্যৰ উকীল নহয় যে পাপীৰো পাপ নাই বুলি প্ৰমাণ কৰিম। সেইবাবে আমি আলোচনা কৰি চাইছিলোঁ। কিন্তু আমি একো সমাধান উলিয়াব নোৱাৰিলোঁ। সাধাৰণভাৱে চালে কাঠগড়াত থিয় হৈ থকা এইজন ব্যক্তিক লগে লগে বহুতৰে হত্যাৰ দোষত দোষী প্ৰমাণ কৰিবলৈ মন যায়। কিন্তু মহোদয়, ইমানখিনি পাপ কৰাৰ পিছতো, মৰ্ত্যত এওঁৰ এটা সন্মান আছে। এওঁক জেলৰপৰা উলিয়াই দিয়াৰ পিছতে অসমৰ সকলো ঠাইতে গামোচা পিন্ধাই আদৰি নিয়া হৈছিল, জাতীয় বীৰ/জাতীয় নায়ক এইবোৰ উপাধিৰে বিভূষিত কৰিছিল। এতিয়াও ৰাইজৰ মেল মিটিং ইত্যাদিত এওঁৰ স্থান সুকীয়া। তেওঁ এতিয়াও ৰাইজৰ হৈ কাম কৰে (?)। সেইবাবে এই কেচটোত অলপ জটিলতা আছে মহোদয়। আমি ধৰিব পৰা নাই সেই মৃত্যুবোৰো কেনেবাকৈ জাষ্টিফাই কৰিব পাৰি নেকি!”
জাজ হৈ বহি থকা গুৰু-গম্ভীৰ ঈশ্বৰে মাত দিলে –
“বিচাৰ আগুৱাই নিয়া উকীল কোন? মাত দিয়ক। আপোনাৰ কাম দেখোন আমাৰ যমৰাজেই কৰি আছে! আপুনি কি এনেই দৰমহা ল’ম বুলি ভাবি আছে নেকি?”
লগে লগে ইজন উকীল উঠি আহি ক’লে –
“মহোদয়, মোৰ সতীৰ্থই কোৱাৰ দৰে আমিতো আৰু মৰ্ত্যৰ উকীল নহয় যে পাপীৰো পাপ নাই বুলি ক’ম। সেইবাবে মই বা তেওঁ সপক্ষ-বিপক্ষ নহৈ কেৱল সত্যৰ পক্ষত ৰ’ম। মহোদয় আপোনাৰ অনুমতি পালে আৰোপীক মই দুটামান প্ৰশ্ন সুধিব বিচাৰোঁ।”
মুখৰ ভাৱ সলনি নকৰাকৈ জাজে কৈ উঠিল – “অনুমতি দিয়া হ’ল।”
এইবাৰ উকীলজনে আৰোপীক প্ৰশ্ন কৰিলে –
“বাৰু, কওকচোন আপুনি স্বীকাৰ কৰেনে যে এই নিৰীহ মানুহবোৰৰ হত্যা আপোনাৰ নিৰ্দেশ আৰু পৰিকল্পনা মতেই হৈছিল?”
মুখত মিঠা হাঁহি লৈ আৰোপীয়ে ক’লে –
“হয়। মোৰ পৰিকল্পনা আৰু নিৰ্দেশনাতেই হৈছিল।”
“সেই ১৭ টা শিশুৰ মৃত্যুৰ কাৰণো আপুনি?”
“চাওক, মৃত্যুৰ কাৰণ আমি নহয়! কেৱল পৰিকল্পনা আমাৰ। কিন্তু আমাক এই পথ ল’বলৈ তথাকথিত চৰকাৰে বাধ্য কৰিছে।”
“বাধ্য কৰিছে মানে? আপোনাক কোনোবাই ভাবুকি দিছে নেকি যে এই হত্যালীলা নচলালে আপোনাৰ জীৱনলৈ সংশয় নামি আহিব?”
” নাই নাই। সেই কথা কোৱা নাই! আমাৰ দেশৰ মূলসুঁতিয়ে আমাক সদায়েই মাহী আইৰ চকুৰে চাইছে। কেন্দ্ৰত বহি থকাসকলে অসমৰ উন্নতিৰ হকে কাহানিও চিন্তা কৰি নাচালে। সেইবাবে আমাৰ ভাষা-সংস্কৃতি, জীৱন-প্ৰণালী সকলো বচাবলৈ আমি হাতত অস্ত্ৰ তুলি ল’বলৈ বাধ্য হ’লোঁ। ভাৰতীয় গণতন্ত্ৰৰ ওপৰত আমাৰ আৰু আস্থা নাছিল।”
“নিজৰ ভাষা-সংস্কৃতি, জীৱন-প্ৰণালী বচাবলৈ আপোনাৰ হাতত আন বহুতো উপায় আছিল। ভাষা-সংস্কৃতি বচাবলৈ আপুনি সাহিত্যৰ চর্চা কৰক, ভাল বিদ্যালয় খোলক, পাঠ্যক্ৰমৰ সুন্দৰ পৰিকল্পনা কৰি চৰকাৰক দিয়ক। অসামৰিক সেৱাত যোগ দি অসমৰ ভালৰ বাবে কাম কৰক। তাতোকৈ ভাল, নিৰ্বাচন খেলি চৰকাৰৰ নীতি প্ৰণয়নত ভাগ লওক। হত্যা কৰি কেনেকুৱা প্ৰগতি আনিব বিচাৰিছে আপুনি?”
” আপুনি হয়তো নাজানে যে মই পিছলৈ নিৰ্বাচন খেলিছিলোঁ আৰু নিৰ্দলীয় হিচাপেই জিকিও আহিছোঁ! অৱশ্যে সেয়া চাৰেণ্ডৰৰ পিছৰ কথা!”
“কিয়? আপুনিয়েই কৈছিল দেখোন ভাৰতীয় গণতন্ত্ৰৰ ওপৰত আপোনাৰ আস্থা নাই বুলি? তাৰ পিছতো আপুনি নিৰ্বাচনত ভাগ লোৱাৰ কাৰণ কি?”
“ক’লোৱেই দেখোন, সেয়া মই চাৰেণ্ডৰ কৰাৰ পিছৰ কথা।”
“মানে চাৰেণ্ডাৰ কৰাৰ পিছত আপুনি আপোনাৰ পুৰণি আদৰ্শক নামানে? মানে আপোনাৰ পুৰণি আদৰ্শ ভুল আছিল?”
“চাওক কথাবোৰ অলপ জটিল। সেই সময়ৰ বাবে সেয়াই শুদ্ধ আছিল! সেই সময়ত আমাৰ সেই আদৰ্শই শুদ্ধ আছিল। আমিতো পঢ়া-শুনা কৰিব নজনা গোৱাৰ মানুহ নহয়। গোটেইবোৰ কথা চালি-জাৰি চায়েই আমি সেই পথ লৈছিলোঁ।”
“হা হা। মানে আপুনি ক’ব বিচাৰিছে যে এটা সময়ত আপোনাৰ আদর্শবোৰ শুদ্ধ আছিল আৰু সেই আদৰ্শই আপুনি মানুহ মৰা কথাটোকো শুদ্ধ কামৰ শ্ৰেণীত ৰাখিব। পিছে কথা হ’ল এই সময়ৰ খেলখন মৰ্ত্যত চলে। ইয়াত নহয়। ইয়াত যি ভুল, সেয়া সদায়েই ভুল। যি শুদ্ধ সেয়া সদায়েই শুদ্ধ।”
উকীলজনে জাজক উদ্দেশ্যি ক’লে –
“মাই লৰ্ড! এওঁ নিজৰ অপৰাধ নিজ মুখে স্বীকাৰ কৰিছে। লগতে তেওঁ এই কথাও কৈছে যে তেওঁৰ এই গোটেই কাৰ্যৰ পিছফালে এটা আদর্শ জড়িত হৈ আছে। যি আদৰ্শ এতিয়া তেওঁ নিজেও নামানে। গতিকে অতীতৰ সেই আদৰ্শ তেওঁৰ নিজৰ চকুতেই ভুল হৈ দেখা দিছে। তেওঁৰ নিৰ্দেশ আৰু পৰিকল্পনাত হোৱা হত্যাৰ বাবে তেওঁ জগৰীয়া। এইটোও ঠিক যে তাৰপিছতো মানুহে তেওঁক মৰম দিছে, মানুহে আদৰি লৈছে। ইয়াৰ কাৰণ হয়তো বহুতো মানুহৰ অন্তৰত সেই পুৰণি আদৰ্শৰ প্ৰতি সন্মান বা বিশ্বাস হ’ব পাৰে। কিন্তু, মানুহৰ মৰমৰ দোহাই দি আমি ন্যায়ক তল কৰা উচিত নহয়। সেয়েহে, আপোনালৈ মোৰ অনুৰোধ, তেওঁৰ অপৰাধৰ বাবে তেওঁৰ যথোপযুক্ত শাস্তি হওক। “
চকুৰ চশমা খুলি, জাজৰূপী ভগৱানে চকু মোহাৰিলে। চাগে তেওঁৰ নিজৰেই সন্তানৰ এনে বিচাৰত তেওঁ দুখী। তেওঁ গুৰু গম্ভীৰ মাতেৰেই ক’লে –
“আমি পৃথিৱীৰ সৃষ্টি কৰোঁতে এখন দেশ বা এখন ৰাজ্য বুলি কৰা নাছিলোঁ। আমি সকলোৰে বাবে এখন পৃথিৱীৰ সৃষ্টি কৰিছিলোঁ। তাৰপিছত মানুহে নিজৰ সুবিধাৰ বাবে সেইবোৰ ভাগ কৰি কৰি গৈ থাকিল। নিজৰেই সৃষ্টিত ইমান ভাগ-বটোৱাৰা দেখি কেতিয়াবা দুখ পাওঁ। কিন্তু, বিচাৰকৰ এইখন আসনত বহি মই দুখ পাওঁ নে সুখ পাওঁ সেয়া বিষয় নহয়। মূল বিষয় হ’ল, এওঁ দোষী হয় নে নহয়? যেনেকৈ মই ক’লোঁ – আমাৰ বাবে ৰাজ্য-দেশ এইবোৰ অমূলক, গতিকে দেশ, ৰাজ্য কিম্বা তেওঁৰ অচল আদর্শ আমাৰ বাবে বিচাৰ্য নহয়। কোনো কাৰণতেই তেওঁৰ কাৰ্যক আমি শুদ্ধ বুলি ক’ব নোৱাৰোঁ। মানুহে তেওঁক তথাপিও ভাল পাব পাৰে, আদৰি ল’ব পাৰে। কিন্তু আমাৰ বিচাৰত তেওঁ দোষী আৰু সেয়ে তেওঁক নৰকলৈ লৈ গৈ যথাবিহীত শাস্তি দিবলৈ আদেশ দিলোঁ। কোৰ্ট এতিয়া বৰ্খাস্ত কৰা হ’ল।”
তেনেতে আৰোপীয়ে উচুপি সুধিলে –
“চাৰ, ইয়াত সেই ৰাষ্ট্ৰপতিৰ ওচৰত শাস্তি মাফৰ এপ্লিকেচন কৰা প্ৰক্ৰিয়াটো নাই নেকি?”
যমৰাজে হাঁহি হাঁহি ক’লে –
“বেটা, এইখন পৃথিৱী পাইছ! যি কাম কৰিলেও সাৰি যাবি। ইয়াত ন্যায় মানে ন্যায়! ইয়াত তহঁতৰ লেখীয়া কোৰ্ট নহয় যে বিচাৰ হওঁতে হওঁতে ৩০ বছৰ লাগে বা হোৱা বিচাৰ আকৌ সলনি হয় বা জাজ-উকীলে পইচাৰ লেন দেন কৰিব। ইয়াত অকল সত্য জিকে আৰু সত্যৰ ওপৰত কোনো ৰাষ্ট্ৰপতি নাই। আমাৰ বাবে সত্যই ঈশ্বৰ, ঈশ্বৰেই সত্য।”
এইখিনি কৈয়েই যমৰাজে আৰোপীক নৰকলৈ বুলি চোঁচৰাই লৈ গ’ল। আৰোপীয়ে শেষবাৰলৈ বুলি চিঞৰিলে – “জয় বাই অসম।”
☆★☆★☆
1:59 pm
এইবাৰৰ আলোচনীলৈ পোৱা প্ৰথম লিখা, দস্তুৰমত দুৰ্বলতা এটা আছে সেইবাবে।
ভাল লাগিল পাৰ্থ, লিখি থাকিবা
12:01 pm
ধন্যবাদ দাদা। শুভেচ্ছা ৰাখিব।
2:02 pm
সুন্দৰ
6:40 pm
ধন্যবাদ
2:19 pm
পঢ়ি ভাল লাগিল।
6:40 pm
ধন্যবাদ
7:01 am
সুন্দৰ বিচাৰ৷ অতি সুন্দৰ৷ ক্লাছ পাৰ্থ৷
12:16 pm
বৰ ভাল লাগিল পাৰ্থ!
5:27 pm
ধন্যবাদ।