জিৰণীয়া মৌ – ঊষা মহন্ত
ঢলপুৱাতে কাউৰীজনীৰ মাতত সাৰ পাই জঁপিয়াই বিছনাৰ পৰা নামি আহিল মামনি। ইস্, দেৰিয়েই হ’ল হ’বলা! যোৱা ৰাতিয়েই গিৰিয়েকে কৈ থৈছিল- “পুৱা সোনকালে উঠিবা। প্ৰথমখন বাছতে যাব লাগিব, নহ’লে পিছত বৰ ভীৰ হ’ব। কাঁটাই কাঁটাই সাত বজাতে বাছখন আহে।” ঝাড়ুটো হাতত লৈ মামনিয়ে এফালৰপৰা ধুমুহাৰ গতিৰে বাহীবন কৰি গা ধুই পাকঘৰত সোমাল। অসুখীয়া শহুৰেকৰ বাবে পিঠাগুড়ি দুটামান গৰুৰ গাখীৰত সিজাই থৈ গিৰিয়েকলৈ জলপানৰ বাতি সজাই মামনিয়ে আগদিনাই সাজু কৰি থোৱা কাপোৰ সাঁজ পিন্ধি লয় মানে ৬ বাজি ২০ মিনিট গ’লেই। নাকে
Read more