ফটাঢোল

জুগুণি আইতা – প্ৰণীতা গোস্বামী বৰঠাকুৰ

:”ৰহ, আজি মই তহঁতক ‘জুগুণি’ আইতাৰৰ ওচৰলৈ লৈ যাম, তেওঁৰ কথাবোৰ শুনিলেহে যদি তহঁত ঠিক হৱ!” আমাৰ উৎপাত আৰু টিঘিলঘিলনি সহ্য কৰিব নোৱাৰি, একপ্ৰকাৰ ধমকিৰ সুৰতে মায়ে কথাখিনি ক’লে আমাক। আমিও সেইফালেই তাপ মাৰিলোঁ। ‘জুগুণি’ নামটো শুনিয়েই মোৰ কিবা ভয় ভয় লাগিল। দুপৰীয়া খুদকণ দুটামান খাবলৈ দি মায়ে আমাক মানে গুণ্টিলৌ, মোক, জজৌ, দিদৌ আৰু ফফৌক সাজু কৰিলে আইতাৰ ওচৰলৈ বুলি। দিদৌৱে নাযাওঁ নথওঁখন লগাইছিল যদিও অকলে থকাৰ ভয়তে মান্তি হ’ল। এনেয়ো সি অলপ আকোঁৰগোজ, অঘাইটং। সকলো বস্তুতে তাৰ আধিপত্য আমাতকৈ বেছি। গুণ্টিলৌ আমাৰ সকলোতকৈ ডাঙৰ যদিও অলপ হোজা। মাৰো তাক লৈ বৰ চিন্তা। সি এতিয়াও মা বা পিতাইৰ সহায় নহ’লে একো কাম কৰিবলৈ আগবাঢ়ি নাযায়। দ্বিতীয় সন্তান মই। মাৰ কামত সহায় কৰাৰ উপৰিও মই সৰু কেইটাৰ আল মাৰিবও লাগে। সিহঁতৰ দন্দ ভঙা, দৌৰি কৰ’বালৈ লৰ মাৰিব বুলি আলেঙে আলেঙে চাই থকাও মোৰ কাম। মা-পিতায়ে দিনৰ দিনটো আহাৰ গোটোৱা কামতে ব্যস্ত থাকে। বহু দিনৰ বাবে আহাৰ গোটাই নথ’লে পাছত কেতিয়াবা অসুবিধা হয় বুলি মাহঁতে বহুত কষ্ট কৰে।

অকলে কৰ’বালৈ যোৱা আমাৰ নিয়ম নাই। মাহঁতে আহাৰ বিচাৰি যাওঁতেও আমাৰ এলেকাৰ কেইবাঘৰ একেলগ হৈহে যায়। আমাকো দলবান্ধি থাকিবলৈকে সৰুৰেপৰাই শিকাইছে। আমি সৰুবোৰক কৰ’বালৈ লৈ যাবলৈ হ’লে আমাৰ আগে-পাছে ডাঙৰ সকলে গাৰ্ড দি যায়। শাৰী ভাঙি কোনোবা ওলাই যায় বুলি ক’লা শকত এজনে মাজে মাজে আমাক চাই হুমকিয়াই যায়। কেতিয়াবা কিবা ডাঙৰ কাম থাকিলে আমাৰ মুৰব্বী ককাজনে গোটেই গাঁওখনকে লৈ যায়। বৰ ভাল লাগে তেনেকৈ যাবলৈ পালে! মই তেনেকুৱা যাত্ৰা তিনিবাৰমান পাইছোঁ। এবাৰ ফিফৌ জন্ম নহওঁতেই মায়ে তাক মুখত কামুৰি লৈ হ’লেও আমাৰ লগত গৈছিল। সেইবাৰ আমি তিনিদিনমান গৈহে আচল ঠাইখন পাইছিলোঁগৈ। তেনেকৈ যোৱাৰো বহুত কাৰণ আছে। তেনে অভিযানত বেমাৰী, বুঢ়া-বুঢ়ী, কেঁচুৱা সকলোকে সামৰি লৈ যোৱা হয়, যাতে কৰ’বাত বাট হেৰুৱাই উভতি আহিব নোৱাৰিলেও আমি একেলগে নতুন ঠাইত থিতাপি ল’ব পাৰোঁ। এনেকুৱা যাত্ৰাত কেতিয়াবা আমাৰ মাজৰে বহুতক হেৰুৱাব লগাও হয়; কোনোবা মৃত্যুমুখত পৰে, কোনোবাই বাট হেৰুৱাই আমাৰপৰা আঁতৰি যায়। সেয়েহে, বহুত সাৱধানতা অৱলম্বন কৰিব লগীয়া হয় আমি। ডাঙৰসকলক অনুসৰণ কৰাই আমাৰ কাম। যাত্ৰাৰ সমুখত কিবা বাধা পালেই এজনে আহি পাছৰ সকলক জনাই দিয়েহি, লগে লগেই আমি পথ সলনি কৰিব লগা হয়। এনে বহুত নিয়ম আৰু শৃংখলাৰ মাজেৰে আগবাঢ়িব লাগে আমি। কিন্তু মোৰ তলৰ কেইটাই এইবোৰ ভালকৈ জনা নাই। দিনটো ঘৰতে দৌৰা দৌৰি কৰি অ’ৰ বস্তু ত’ত পেলাই অশান্তি কৰি থাকে। ঘনাই ঘনাই ভোকো লাগে সিহঁতৰ। যেতিয়াই তেতিয়াই, যিহকে তিহকে খাই থকা আমাৰ অভ্যাস নাই। খোৱা বস্তু টোপোলা বান্ধি আনি ঘৰত বহি নিৰ্দিষ্ট সময়ত খোৱাহে আমাৰ নিয়ম। কিন্তু এই খটাসুৰ কেইটাই এইবোৰ কথা বুজি নাপায়। এইবোৰ শিক্ষা দিবলৈকে মায়ে সময় উলিয়াই আমাক আইতাৰ ওচৰলৈ লৈ যাব বিচাৰিছে।

প্ৰায় এঘণ্টামান বাটকুৰি বাই আমি আইতাৰ কুঠৰী পালোহি। সোমোৱা ৰাস্তাটো বৰ আন্ধাৰ আৰু ঠেক। কিন্তু ভিতৰখন দেখি আমি তভক মানিলোঁ। আমাৰ ঘৰতকৈ তিনিগুণ ডাঙৰ। আইতাৰ কাষত বহুত আমাৰ দৰে সৰু সৰু পোনা বহি আছে। অলপ আঁতৰলৈ আৰু এটা গলিত খোৱা বস্তু ঠাঁহ খাই আছে। শকত শকত ক’লা ক’লা কেইটামানে খোৱা বস্তুখিনি তদাৰক কৰি আছে। কিছুমানে খাদ্য আনি সেই ঠাইত জমা কৰি আছেহি।
আন এঠাইত দেখিলো মাহঁতৰ দৰে বহুত মহিলাই এগালমান বগা বগা কণীৰ ওচৰত বহি আছে, আৰু কিছুমানে নৱজাতকক ওমলাই আছে। মাজতে কেইগৰাকীমান ওলাই গৈ আন কামত ধৰিছে যদি আনকেইগৰাকীমান আহি তেওঁলোকৰ কামখিনি কৰিছেহি। মোৰ কেঁচুৱা কেইটাক ওমলাবলৈ মন আছিল যদিও মাৰ আজোৰত ৰৈ গ’লোঁ। আমাক দেখি আইতাই কাষত বহিবলৈ মাতিলে। ক’ৰপৰা গৈছো আঁতি-গুৰি লৈ ল’লে। আমাক দুদিনমান তাতে থাকিবলৈ পৰামৰ্শ দিলে। মাক এৰি ফফৌ নাথাকিব বুলি ভাবি মাও থাকিবলৈ বাধ্য হ’ল। পিতাইও দুদিনমানৰ বাবে খাদ্য বিচাৰি ওচৰৰ ডেকাসকলৰ লগত দূৰৈলৈ গৈছে বাবে মায়েও সন্মতি জনালে। আইতাই মাক আনবোৰ মহিলাৰ লগত কামত সহায় কৰি দিবলৈ পৰামৰ্শ দিলে, আৰু আমাৰ লগত আইতা কথাত মচগুল হ’ল।

আমাতকৈ আগতে যোৱা কিছুমানক আইতাই শিকোৱা কামৰ পৰীক্ষা ল’বলৈ বাহিৰলৈ পঠালে। আমাক কাষলৈ মাতি ভালকৈ বহিবলৈ দিলে। ফফৌ আহি মোৰ কোঁচত সোমাল। প্ৰথমেই আইতাই আমাক ওচৰতে গোটাই থোৱা মিঠা মিঠা কিবা খাবলৈ দিলে। খাবলৈ পাই ফফৌ আইতাৰ কাষ পালেগৈ। আইতাইও তাক মৰমেৰে আকোঁৱালি ল’লে। লাহে লাহে আইতাই আমি কি খাই ভালপাওঁ, কি কৰি ভাল পাওঁ সুধি ল’লে। আমিও মন খুলি ডাঙৰ ডাঙৰকৈ আমাৰ মনৰ কথা কৈ গ’লোঁ। এটা সময়ত আইতাই ফফৌৰ ওচৰতে গুণ্টিলৌকো বহুৱাই ল’লে। সাধুৰ দৰে আইতাই আমাক বহু কথাই কৈ গ’ল। বিপদত পৰিলে কেনেকৈ আমি লগৰজনক সহায় কৰিব লাগে, খোৱাবস্তু দেখিলে কেনেকৈ অকলে নাখাই ঘৰৰ বা সমনীয়ালৈও আনিব লাগে, আগত বিপদ দেখিলে কেনেকৈ আনলৈ সতৰ্ক বাণী পঠাব লাগে, আকাৰত ডাঙৰ বস্তু পালে কেনেকৈ দল বান্ধি দাঙি আনিব লাগে— আদি বহু কথাই ক’লে। আইতাৰ মৰমসনা মাতত কথাবোৰ আমি বৰ মন দি শুনিলোঁ। অঘাইটং দিদৌয়ো শান্ত হৈ কথাবোৰ শুনা দেখি মায়ে দূৰৈৰ পৰা চাই মিঁচিকিয়ালে। ৰাতিলৈ আমি সকলোৱে একেলগে আহাৰ গ্ৰহণ কৰি শুই পৰিলোঁ।

পাছদিনা আমি সাৰ পোৱাৰ আগতেই ডাঙৰসকলে কামত ধৰিলেই। খাদ্য গোটোৱাই খাদ্য আনিছে, কেঁচুৱাৰ মাকসকলে কেঁচুৱাৰ যত্ন লৈছে, কিছুমানে আমাৰ দৰে সৰু সকলক খাবলৈ দিছে, কিছুমানে আইতাই শিকোৱা কথাবোৰ সৰুসকলক হাত-কামে কৰিবলৈ শিকাইছে। মুঠতে এটি ব্যস্ত পৰিবেশ।

ময়ো জিজৌ, দিদৌ আৰু ফফৌক শোৱাৰপৰা উঠাই সাজু কৰি খোৱা ঠাইলৈ লৈ গ’লোঁ। তাত দেখিলোঁ আমাৰ গুণ্টিলৌক দুজনমানে খোৱা বস্তুবোৰ সজাই থোৱা কামত লগাইছে। পুৰণি জমা খাদ্যবোৰ আগলৈ আৰু নতুনকৈ অনাবোৰ পাছলৈ সজাই থ’বলৈ শিকাইছে। সিও ৰং মনেৰে কামটো কৰা দেখি ভাল লাগিল। সকলোৱে পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত আমিবোৰ আইতাৰ ওচৰ চাপি বহি ল’লোঁ।

:”কচোন আইজনী, তই যদি কেতিয়াবা হঠাতে পানীত পৰি যাৱ, কি কৰিবি?” আইতাই মোলৈ চাই প্ৰশ্ন কৰিলে।
ময়ো থত্ মত খালোঁ। কি উত্তৰ দিওঁ,
:”আইতা, মই ওচৰত কিবা ডাল-পাত পাওঁ নেকি বিচাৰি তাৰ ওপৰত আশ্ৰয় ল’ম। ”
:”যদি একো নাপাৱ”, আইতাই ওলোটাই সুধিলে। মই একো ভাবি নাপালোঁ কি ক’ম।
মোক মনে মনে থকা দেখি আইতাই ক’লে,
:”তেনেকুৱা বিপদত পৰিলে তই অকলে একো কৰিব নোৱাৰ!”
আমি একেবাৰে নগণ্য প্ৰাণী। অকলে আমি কেতিয়াও নিৰাপদ নহয়। সেয়ে আমি দল বান্ধি ফুৰো। তেনেকৈ আমাৰ কোনোবা এজন পানীত পৰিলে লগত থকা বাকীসকলে সহায় কৰিব লাগিব। তেতিয়া গোটেইবোৰ একেলগে থূপ খাই লাডু বান্ধি সোঁতৰ লগে লগে উটি যাব লাগিব, যেতিয়ালৈকে উদ্ধাৰৰ বাবে একো আশ্ৰয় নাপাওঁ। এজনে আনজনক সাহস দিব লাগিব, তেতিয়াহে আমি জীৱন বচাব পাৰিম। সেয়ে মানুহবোৰে কয় নহয় যে, –” মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই”।

সেয়ে সদায় সমনীয়াৰ লগত মিলা-প্ৰীতিৰে চলিবি যাতে বিপদত লগ দিবলৈ সকলো আগবাঢ়ি আহে।
আইতাৰ কথা শুনি মোৰ মনটো আৱেগিক হৈ পৰিল। ওচৰত থকা জিজৌক মই জোৰেৰে খামুচি ধৰিলোঁ।
তাৰপাছতে আইতাই আমাক তেওঁৰ জীৱন ঘটা এটা জমনি কাহিনী ক’বলৈ ধৰিলে,

:”এবাৰ কি হ’ল শুনহঁক। মই তেতিয়া নতুনকৈ গাভৰু হৈছোঁ। মন উৰি থকাৰ বয়স তেতিয়া। আমি কেইঘৰমান একেঠাইতে এখন ঘৰত আছিলোঁ। মই ঘৰৰ সৰু আছিলোঁ। মোৰ ওপৰৰ ককাই দুজন, বাই তিনিজনী। মা পিতাইৰ লগত ঘৰৰ বাকীবোৰে সমানে কাম কৰে। মই সকলোতে পাল মাৰি থাকোঁ। এবাৰ আমাৰ মালিকৰ ঘৰত কিবা পাতিছিল, বহুত খোৱাবস্তু ওলাইছিল। দুদিনমান আমি পেট ভৰাই ভাল ভাল বস্তু খাবলৈ পালোঁ। মন ভৰি আছিল আমাৰ সকলোৰে। তিনিদিনৰ দিনা মাহঁত সকলো আগৰ দৰে কামলৈ গ’ল। মই ছেগ বুজি সিহঁতৰ লগত নগৈ ভাল বস্তু খাবলৈ পোৱাৰ আশাত মালিকৰ ঘৰৰ খোৱা টেবুলৰ ওপৰ পালোঁগৈ। সেইসময়ত মালিকৰ সৰু ল’ৰাটোৱে গাখীৰৰ লগত কিবা খাই আছিল। খোৱাবস্তু আৰু গাখীৰ পৰি আছিল মেজত। ময়ো আগ- পিছ নুগুনি পেলোৱা খোৱা বস্তুবোৰৰ জুতি লৈ মেজত পেলোৱা গাখীৰত মুখ দিলোঁগৈ। দুষ্ট ল’ৰাটোৱে মোক লক্ষ্য কৰি আছিল। এপাকত সি মোক গাখীৰৰ টোপালটো ঘূৰণীয়াকৈ দি মোক গাখীৰৰ মাজত বন্দী কৰি পেলালে! চাৰিওফালে গাখীৰৰ সাগৰৰ মাজত মই অসহায় হৈ পৰিলোঁ। ওলাবলৈ বাট বিচাৰি হাহাকাৰ কৰিলোঁ। সিও মোক চাই হাঁহি হাঁহি ৰং চোৱাত লাগিল। সাঁতুৰি পাৰ হ’বলৈও উৱাদিহ নোপোৱা হ’লোঁ। হঠাতে সি মোক কিবা সাঁফৰ এখনেৰে ঢাকি দিয়ে, আৰু পুনৰ উঠাই মোক চাই ফূৰ্তি পায়। এইদৰে কেইবাবাৰো কৰিলে। এবাৰত মই সেই সুবিধাটো এৰি নিদিলোঁ, সুযোগ বুজি মই সাঁফৰটোলৈ বগাই গ’লোঁ। পুনৰ সাঁফৰটো দাঙি মোক গাখীৰৰ পুখুৰীৰ মাজত নেদেখি সি সাঁফৰখন জোৰেৰে জোকাৰিবলৈ লাগিল, মই উফৰি মাটিত পৰিলোঁহি। সেইবাৰলৈ জীৱন ঘূৰাই পাই পাছলৈ মাহঁতৰ লগ নেৰা হৈছিলোঁ। ভাল শিক্ষা এটা পাইছিলোঁ সেইদিনা জীৱনৰ বাবে। সেইবাবে কৈছো, অকলে তহঁতি ক’লৈকো নাযাবি”।

লগতে আৰু কেইটামান কথা মনত ৰাখিবি,এতিয়া তহঁতি ডাঙৰৰ লগত আছ, ঠিকেই আছে। আগলৈ যেতিয়া নিজে সংসাৰ কৰিবি কেতিয়া, কেতিয়াও আনৰ ৰান্ধনিশালত ঘৰ নাপাতিবি। খোৱা খাদ্য সহজতে পাবি যদিও কেৰাচিন ঢালি গৃহিনীয়ে মাৰেও আমাক অতি সহজে কিন্তু। আজিকালি বহুত ঔষধো ওলাইছে আমাক নিঃশেষ কৰাৰ। সেয়ে পৰাপক্ষত ঘৰৰ মুধচৰ ফালে ঘৰ পাতিবি, যাতে কোনো স্প্ৰে, পনীয়া ঔষধে ঢুকি নাপায়গৈ”!
এইদৰেই আইতাই আমাক শৃংখলা মানি, ডাঙৰৰ কথা শুনি, মিলা-প্ৰীতিৰে, লগে-সংগে কেনেকৈ জীয়াই থাকিব লাগে বুজালে। আমিও তিনিদিনত বহু কথাই শিকিলোঁ। গুণ্টিলৌৰো অলপ হ’লেও আত্মবিশ্বাস আহিল। জজৌ আৰু দিদৌৰ মাজতো মিল বাঢ়িল। ফফৌক আমিবোৰেই এইবোৰ শিকাব পাৰিম বুলি মনতে ভাবিলোঁ।

আহিবৰ সময়ত আইতাই আমাক মূৰত হাত বুলাই মৰম কৰিলে। এনেতে দিদৌৱে তেপেককৈ মাত লগালে—
:”আইতা আপোনাক এই ‘জুগুণি’ নামটো কোনে দিলে? আমি নামটো শুনিয়েই ভয় খাইছিলোঁ। দেখিবলৈ কিম্ভূত কেটেক্ কৈ কামোৰা সেই চেক্ চেকি জনীৰ দৰে বুলি ভাবিছিলোঁ”,

মায়ে দিদৌক জোৰেৰে টেপামাৰি ধৰিলে, আইতাক তেনেকৈ কোৱা বাবে।
আইতাই তাৰ কথা শুনি ওপৰলৈ মূৰ তুলি ধেক্ ধেকাই হাঁহি উঠিল।

:”ধেত মইনা, তেনেকৈ ক’ব নাপায়, সেই চেকচেকীজনীও আমাৰেই জাতৰ, আকাৰটোহে ডাঙৰ! ময়ো তহঁতৰ দৰে জগতখন ঘূৰি ভাল পাইছিলোঁ বাবেই চাগে ‘জুগুণি’ নাম পালোঁ।” আইতাই আকৌ জোৰেৰে হাঁহি উঠিল।
সকলোকে মাত লগাই আহিবলৈ ওলাওঁতে গুণ্টিলৌক অলপ মনটো মৰা যেন দেখি মায়ে কি হৈছে জানিব বিচাৰিলে। সি আঁতৰত থকা সোণালী ৰঙৰ লচপচী জনীলৈ দেখুৱাই তাইকো আমাৰ লগতে লৈ যাবলৈ মাক জোৰ কৰিলে। মায়ে তাৰ মনৰ কথা বুজি হাঁহি মাৰি আইতাৰ ওচৰলৈ গৈ কথাটো কাণ চোৱালে। আইতাই কথাটো শুনি বৰ ভাল পালে, ঘাট মাউৰা ছোৱালীটিক পচন্দ কৰাত একেষাৰতে বিয়াত সন্মতি জনালে। পাছত পিতাৰ লগত সকলো আহি লৈ যাবলৈ তেওঁ মত দিলে।

আমিও আমাৰ ঘৰলৈ নতুন কইনা অনাৰ ফূৰ্তিতে হাঁহিমুখে ঘৰলৈ বুলি বাট ল’লোঁ। এই তিনিদিনতে আমি যেন পৰিপক্ক হৈ উঠিলোঁ বহুত। ঘৰলৈ ওভটাৰ বাটত আমি এটা মৰা পঁইতাচোৰা পৰি থকা দেখিলোঁ। মায়ে আমাক অলপ ৰ’বলৈ কৈ পঁইতাচোৰাটোৰ ওচৰলৈ গৈ শুঙি চাই আমাক কাষলৈ মাতিলে। আমিও মাৰ ওচৰ পালোঁগৈ। মায়ে পঁইতাচোৰাটো ঘৰলৈ লৈ যোৱাৰ কথা ক’লে। ইমান ডাঙৰ পঁইতাচোৰাটো কেনেকৈ নিম ভাবি থাকোঁতেই আইতাই শিকোৱা কথালৈ মনত পৰিল। মায়ে মুখৰ ফালে, গুণ্টিলৌৱে পাছৰফালে আৰু মই মাজত সোমাই কামুৰি তাক দাঙিবলৈ চেষ্টা কৰিলোঁ। এনেতে জিজৌ আৰু দিদৌৱেও আমাৰ মাজত সোমাই দঙাত সহায় কৰিলে, ফফৌৱেও মাৰ ওচৰলৈ গৈ সহায় কৰিবলৈ চেষ্টা কৰিলে। দেখাত সৰু হ’লেও ছজনৰ সহযোগিতাত আমি হেলাৰঙে পঁইতাচোৰাটো দাঙি ঘৰমূৱা হ’লোঁ। গুণ্টিলৌৰ বিয়া ঠিক হোৱাৰ আনন্দত ঘৰত ইয়াক আমি সকলোৱে এসাঁজ ভালকৈ খাব পাৰিম! মনটো ভাল লাগি গ’ল ভাবি!

এনেকৈ সকলো লগ হৈ আমি বহুত ডাঙৰ কামো সমাধা কৰিব পাৰিম। পৰুৱা হ’লেও আজি গৰ্বত বুকুখন ফুলি উঠিল মোৰ।

☆★☆★☆

14 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *