ডিলিউচন – বৰ্ণালী ফুকন
ক্ষীণ দীঘল বৈ পৰা চুলিৰে তাহানিৰ বিস্মিতাজনী যেন হঠাৎ তাৰ কাষেদি পাৰ হৈ ডনবস্ক’ স্কুলৰ বাছখনত উঠিলগৈ। ডিঙি মেলি চাবলৈ যাওঁতেই ল’ৰাটোৱে ভাস্কৰৰ হাতখন ধৰি টানিলে, “দেতা বাছ আহিল।”
সেইটো সময়তে ষ্টিফেন্সৰ বাছখনো ৰ’লহি! আৰু তাৰ চকুৰ সন্মুখেদি ডনবস্ক’ৰ বাছখন পাৰ হৈ গ’ল। ল’ৰাক বাছত উঠাই দি লাহে লাহে সি ঘৰমুৱা হ’ল।
যোৱা কালি বেদান্তৰ বিয়াত কইনা আনিবলৈ গৈ তাৰ গোটেই ৰাতি টোপনি নাহিল৷ আজি সেইবাবে অফিচ ছুটী লৈছে সি৷ ল’ৰাক পুৱা বাছত উঠাই দিয়াটো তাৰ ডিউটি৷ ঘৈণীয়েকে ল’ৰাক স্কুললৈ বুলি উলিয়াই দি সদায় অলপ বিচনাখনতে বাগৰে৷ সিও অফিচলৈ দেৰিকৈ যায় বাবে সেইকণ সুবিধা আৰু৷
দীঘল বৈ পৰা একোচা কিচকিচিয়া কলা চুলিৰে জে বি কলেজৰ বাৰান্দাৰে তাহাঁতৰ সন্মুখেৰে পাৰ হৈ যোৱা বিস্মিতাজনী চকুৰ আগত ভাঁহি আহিল। ক্ষীণমীন ছোৱালীজনীৰ ছবিখন তাৰ মনত আজিও সজীৱ হৈ আছে। তাইৰ গুলপীয়া গালৰ দুইফালে দুটা ডিম্পল আৰু বাওঁ গালৰ ক’লা তিলটোৱে তাক এবাৰ তাইলৈ চাবলৈ বাধ্য কৰায়। মুগা মেখেলা, বগা চাদৰৰ সৈতে তাই তাৰ চকুত অপুৰ্ব সুন্দৰী হৈ ধৰা দিয়ে। সি সদায় বাট চাই তাই স্কুল অহাৰ সময়লৈ, বেণীডাল লৰাই লৰাই তালৈ মিঁচিকিয়া হাঁহি মাৰি পাৰ হৈ যায় তাই। আৰু সেয়াই যেন চৰম প্ৰাপ্তি তাৰ বাবে, দিনটোৰ বাবে চালিকা শক্তি। বসেই বিস্মিতাজনীয়ে তাহাঁতৰ লগৰ বিবেকক ভালপায় বুলি কাৰোবাৰ কাৰোবাৰ মুখেৰে শুনিছিল সি, কিন্তু তাইক আলেঙে আলেঙে চাবলৈ এৰা নাছিল। উদ্দেশ্য একো নাছিল, মাথোঁ ভাল লাগে তাৰ মনটো, তাইক এবাৰ দেখিলে। হঠাত এদিন প্ৰেকটিকেলৰ পৰীক্ষাত বিস্মিতাই কেঁচু এটা ট্ৰেত লৈ তাৰ কাষৰ টুলখন টানি বহি লৈ কৈছিল, -“প্লিজ ভাস্কৰ, হেল্প! কেনেকৈ এইটোক ধৰোঁ, ইমান চফট। তাই কাষত বহাৰ লগে লগে তাৰ নাকত লাগিছিলহি পাৰ্ক এভিনিউৰ মিঠা গোন্ধ এটা। এক মুহূৰ্তৰ বাবে মন মতলীয়া কৰি পেলাইছিল গোন্ধটোৱে।সি তাৰ কেঁচুটো ইতিমধ্যে ডিচেকসন্ কৰি উঠিছিল। ৱকি কৰিম নকৰিম কৈ ব্যস্ত হৈ থকা দেখুৱাইছিল তাইক।ৱতাই তাৰ হাতখনত ধৰি জোঁকাৰি দিছিল, -“প্লিজ হেল্প ভাস্কৰ৷
বিদ্যুত এসোঁতা পাৰ হৈ গৈছিল হাতেদি তাৰ আৰু গাল দুখন ৰঙা হৈ উঠিছিল। একো নকৈ তাইৰ হাতৰ পৰা প্লেটখন লৈ ব্লেডখন হাতত লৈ কঁপা কঁপা হাতেৰে কেঁচুটো কাটিবলৈ লৈ ৰৈ গৈছিল। সাৱধানে ডিচেকসন্ কৰিব লাগিব, নহ’লে কেনেবাকৈ অইন ক’ৰবাত কাটি দিব লাগিলে, তাইৰ কি হ’ব, ইফালে বৰদলৈ চাৰো কম কাঢ়া নেকি! তাৰ বাবে তাই মিছাতে লাজ পাব লাগিব, লগতে প্ৰেকটিকেলত কম নম্বৰ আহিব। সি লাহেকৈ তাৰ ট্ৰেখন তাইলৈ আগবঢ়াই দি কৈছিল, “এইটো তুমি লৈ যোৱা।তুমি দিয়াটো মই কৰি ল’ম।”
তাই আচৰিত হৈ তালৈ চাইছিল, তাৰ পিচ মুহূৰ্ততে তাই চিঞৰি উঠিছিল, “তোমাৰ কি হ’ব?
“মই কৰি ল’ম, তুমি যোৱা এতিয়া। চাৰ আহি যাব”, সি কৈছিল।
তাৰ হাতখনত সাৱটি ধৰি কৈছিল তাই, “তুমি মোক ডাঙৰ বিপদৰ পৰা বচালা ভাস্কু, ধন্যবাদ দি তোমাক সৰু নকৰোঁ।”, এইবুলি তাই লৰালৰিকৈ তাৰ কাষৰ পৰা আঁতৰি গৈছিল।
সেইজনী বিস্মিতাৰ কথা কলেজ এৰাৰ পিছত সি পাহৰি পেলাইছিল জানো? ওহোঁ, সি তাইক পাহৰা নাছিল, ৰৈ গৈছিল তাই তাৰ হৃদয়ৰ একোণত মিঠা স্মৃতি হৈ! কিমান বছৰ হ’ল বাৰু তাইক নেদেখা, চাগে ত্ৰিশ বছৰ মান হ’ল। আজিও তাৰ নাকত লাগি ৰ’ল পাৰ্ক এভিনিউৰ মিঠা সুবাস। স্কুল এৰাৰ পিছত সি ইঞ্জিনিয়াৰিং পঢ়িবলৈ গ’লগৈ। বিছিন্ন হৈ গ’ল লগবোৰ ইফালে সিফালে। বিস্মিতা হেৰাই গ’ল ক’ৰবাত! আচলতে বিস্মিতা হেৰুৱা নাছিল, তাই তাতে ৰৈ গৈছিল, সেই সৰু মফচলীয় চহৰখনত। আৰু সি চহৰ এৰি চিটিত ভৰি দিছিলগৈ। এটা বেলেগ পৰিবেশ আৰু পঢ়াৰ বোজাই তাক হেঁচা মাৰি ধৰিছিল। জীৱনত কিবা এটা হোৱাৰ নিচাই বলিয়া কৰিছিল তাক। দ্বিতীয় ষান্মাসিক পৰীক্ষা চলি আছিল তাহাঁতৰ।
পেপাৰখনৰ বিষয়ে কিবা এটা আলোচনা কৰি আহি আছে ৰুমমেটৰ সৈতে। তেনেতে এটা চিনাকি চিনাকি মাত তাৰ কাণত ভাঁহি আহিল। কোনোবাই তাক ভাস্কু ভাস্কু বুলি চিঞৰিছে, পিছফালৰ পৰা। ঘূৰি চালে সি। হয় বিস্মিতা সৌজনী। হাঁহিটো নোলালে তাৰ মুখৰ পৰা, ডাঙৰ ডাঙৰকৈ চকু মেলি চাই থাকিল। এসোঁতা বিদ্যুৎ প্ৰবাহিত হৈ গ’ল। তাইৰ কাষলৈ আগবাঢ়ি যাবলৈ লৈ ভৰিটো যেন জথৰ হৈ ঠাইতে লাগি ধৰিল। যন্ত্ৰৱৎ হাতখন মাথোঁ উঠি আহিল। সি যেতিয়া হাতখন উঠাই তাইক মাতিবলৈ লৈছিল তেতিয়ালৈ তাই মুখ ফিৰাই লৈছিল- তাই ভাবি লৈছিল সি হয় তাইক চিনি নাপালে নহ’লে লগৰবোৰৰ আগত তাইক মাতিবলৈ সংকোচবোধ কৰিলে। তাৰ পিছত আৰু কোনো দিনে তাইক দেখা নাই। তাই ক’ত হেৰাই গ’ল একো গম নাপালে সি। মাত্ৰ বহুত দিনৰ পিছত খবৰ পালে তাৰ লগৰ বিবেকৰ সৈতে তাইৰ বিয়া নহ’ল। তাৰ পিছত, তাৰ পিছত, ভাৱত কিবা যেন খেলিমেলি লাগিল৷ সকলোবোৰ যেন জোঁটপোট লাগিব ধৰিলে৷ আজি হঠাতে বিস্মিতাৰ দৰে কাৰোবাক দেখি মনটো উৰি গ’ল অতীতলৈ। অতীতবোৰ বৰ মিঠা মিঠা লাগিল আজি। মন গল অতীতলৈ ঘূৰি যাবলৈ, কৰি অহা সাধাৰণ ভুলবোৰ শুধৰাই জীৱনটোক নতুন এটা সংজ্ঞা দিবলৈ। সদায় দেখাৰ দৰে সি সপোন দেখিলে – আজিও সি এপ্ৰনটো পিন্ধি ৰুমমেটৰ সৈতে গৈ আছে পৰীক্ষা হলৰ পৰা।সন্মুখত বিস্মিতাই তালৈ হাতখন উঠাই চিঞৰিছে, –”ভাস্কু ভাস্কু, শুনা।” সিও কাল বিলম্ব নকৰি চিঞৰি উঠিছে – “ৰ’বা মিতা, গৈ আছোঁ।”
কিহে পাইছে, কিহে পাইছে এই পুৱাতে চিঞৰিবলৈ বুলি কাষৰ পৰা অহা কৰ্কশ চিঞৰতহে তাৰ সম্বিত ঘূৰি আহিল। মানে অতদেৰি সি স্বপ্নৰাজ্যতহে ঘূৰি আছিল।
সি এতিয়াও বিচনাত৷ কাষত তাক চিঞৰি পুনৰ বাগৰ সলাই নাকেৰে গাহৰিৰ দৰে আৱাজ কৰি শুই আছে একালৰ ক্ষীণমিন অথচ বিয়াৰ পিছতে হাতী এজনীৰ আকাৰ লোৱা তাৰেই শকত-আৱত পত্নী বিস্মিতা।
☆★☆★☆
11:16 am
Terrific
5:44 pm
পঢ়ি ভাল লাগিল। নিজকে উভতি চাবলৈ এয়া এক প্ৰয়াস যেনো অনুভৱ হ’ল।
5:54 pm
পঢ়ি অলপ nostalgic হৈ পৰিলো কিন্তু finishing scene টো মজা লাগিল।
7:10 pm
সবল ভাষাৰে ধুনীয়া উপস্হাপন।
4:36 pm
বৰ ভাল লাগিল।